অনুসূচনা

…..আশীষ প্ৰিয়ম……

তোমাৰ অহংকাৰ
আৰু জিদবোৰক যদি
মোৰ ভালপোৱাৰ ওৰণিখনেৰে
ঢাকিব পাৰিলোঁ হয়
মোৰ বিষাদৰ কবিতাবোৰৰ
জন্মই নহ’ল হয় ।

তোমাৰ ভুল বুজাবুজি বোৰ
যদি প্ৰেমৰ বগা কাপোৰখনেৰে
মুচিব পাৰিলোঁ হয়
শিতানৰ গাৰুটোৱে
মোৰ অশ্ৰুৰ টুপালেৰে
নিতৌ গা নুধুলে হয় ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *