……কংকন বড়ো…..
……নৱম শ্রেণী…..
সাপ্তাহিক বজাৰত কেতিয়াও মানুহৰ ভিৰ নাই । বজাৰৰ বেপাৰীবোৰে বিক্ৰী কৰিবলৈ অনা বয়বস্তুবোৰ গ্ৰাহকৰ চকুত লগাকৈ যতনাই লোৱাত ব্যস্ত । হৰিধনে বজাৰত ভৰি দিয়ে পূৱ দিশৰ গৰু বজাৰৰ ফালে চকু ফুৰালে । বজাৰৰ বেপাৰীবোৰে গৰু-ছাগলী বিক্ৰীৰ বাবে গ্ৰাহকৰ বাবে পৰ দি আছে । হৰিধনে আজি যিকোনো প্ৰকাৰে সাপ্তাহিক বজাৰত গৰুহাল বিক্ৰী কৰিবই লাগিব নহ’লে বিয়ালৈ মাজতে কেইটা দিন বাকী আছে । বিয়াত মানুহ মাতা, বজাৰ কৰা, কইনাৰ বাবে আ-অলংকাৰ তৈয়াৰ কৰা, কাপোৰ কানি, বাচন-বৰ্তন আৰু ফাৰ্নিচাৰ আদি আছেই । লাহে লাহে বজাৰত ক্ৰেতা আৰু বিক্ৰেতাৰ এক খদমদম পৰিৱেশ । অহা আহিছে আৰু যোৱাবোৰে বজাৰ সমাৰ কৰি ঘৰমুৱা হৈছে । ওচৰতে আদবয়সীয়া মানুহ এজনক দেখি হৰিধনে সুধিলে,খুড়া এতিয়া কেইটা বাজিল ? ঘড়ীটো চাই মানুহজনে পোনে বাৰ বাজিছে বুলি কৈ জনতাৰ মাজত অন্তৰ্দ্ধান হ’ল । পোনে বাৰ বাজিছে ? আজিও গৰুহাল বিক্ৰীৰ আশা নাই । আজিলৈ একেৰাহে তিনিটা বজাৰ বাৰ পাৰ হ’ল । এই তিনিটা বজাৰত দুজন গ্ৰাহকে গৰুহাল পচন্দ কৰিছিল যদিও দাঁত চাই কিনাৰ আগ্ৰহ নকৰিলে ।
বিয়াখনৰ একমাত্র সম্বল গৰুহাল তাকো যদি বিক্ৰী কৰিব নোৱাৰো তেনেহলে বাইদেউৰ বিয়াখন কেনেকৈনো পাতো । বিয়াখনৰ চিন্তাই হৰিধনক বিবুধিত পেলাইছে । পুৱাৰ পৰা ভৰদুপৰীয়ালৈ তাৰ পেটত খুদকনটো বাদেই ৰঙা চাহ একাপো পৰা নাই । চ’তৰ পচোৱা বতাহত হৰিধনৰ অন্ত-কণ্ঠ শুকাই গ’ল । চাওতে চাওতে বজাৰত মানুহৰ ভিৰ কমিবলৈ ধৰিলে । হৰিধনে গৰুহালৰ বিক্ৰীৰ আশা পৰিত্যাগ কৰি বেলি ডুবাৰ আগতেই ঘৰলৈ খোজ দিয়াৰ কথা চিন্তা কৰিলে । ধৰাৰ বুকুলৈ আন্ধাৰ নমাৰ আগতে হৰিধনে গৰুহাল গোহালিত বান্ধিলে । হঠাৎ হৰিধনৰ মাত শুনি বায়েক যশোদাই তাৰ ওচৰত থিয় দিলে । হৰিধনে কোনো কথা নোকোৱাকৈ ঘৰৰ পিছফলে থকা দমকলটোৰ পাৰত গাটো শাঁত পৰাকৈ মূৰৰ পৰা ভৰিলৈকে তিয়াই ল’লে । দেহটো শীতল পৰাত দিনটোৰ ভাগৰে তাক হেচাঁ মাৰি ধৰিলে । চাহ-জলপান খাই সি অলপ সময়ৰ বাবে বিশ্ৰাম ল’লে । নিশা ভাত খাই থাকোতেই যশোদাই হৰিধনক সুধিলে, হৰি, গৰুহাল আজিও বিক্ৰী নহ’ল নেকি ? বিয়াৰ যা-যোগাৰ বিশেষ একো কৰিবই পৰা নাই । আজি দুপৰীয়া দৰাঘৰৰ পৰা দুজন মানুহ আহিছিল । বিয়াৰ খবৰ লবলৈ । বিয়া সম্পৰ্কে মই বিশেষ একো উত্তৰ দিব নোৱাৰিলো । মই তেওঁলোকক জনালো যে সময়ত সকলো ঠিক হ’ব, তাৰিখৰ বিয়া তাৰিখতে হব ।
খা-খবৰ লৈ দৰা ঘৰৰ মানুহ কেইজন ঘৰমুৱা হবৰ সময়ত যশোদাই ভাবিবলৈ ধৰিলে । আজি যদি মোৰ মা-দেউতা থাকিলহেঁতেন; তেতিয়া হয়টো আমি বিয়াখনৰ কথা চিন্তাই কৰিব নালাগিলহেঁতেন । চিন্তাত বহু নিশালৈকে তাইৰ টোপনি নাহিল । শৈশৱৰ বহু চিন্তাই তাইৰ কোমল মনটোত শিলে বিন্ধা দি বিন্ধিলে । লগে লগে তাইৰ বান্ধৱী তৰাৰ বিয়াখনৰ যি ধৰণৰ আয়োজন সেইবোৰ ভাবিলে তাইৰ বুকুখন কপি উঠে ।
এইখন গাঁওৰে কৃষ্ণ উকীলৰ ঘৰ বুলিলে নিচিনা মানুহ নাই । তেওঁৰ একমাত্র ছোৱালী তৰাৰ বিয়াখন ঠিক হৈছে । দৰাৰ ঘৰ চহৰত, আঢ্যৱন্ত ঘৰৰ ল’ৰা । কলিকতাত বৰ ডাঙৰ ব্যৱসায় কৰে । তৰাক প্ৰথম চাৱৰ দিনাখন বাৰখন মান নতুন মডেলৰ বিলাসী গাড়ী, বহুতো মানুহৰ খোৱা বোৱাৰ আয়োজন ।
গাঁৱৰ মানুহে প্ৰথমে ধৰিবই পৰা নাছিল উকীলৰ ঘৰত আজি কিহৰ আয়োজন । বিলাসী গাড়ী লৈ চুট-পেণ্ট, নেক-টাই পৰিধান কৰা বিলাতী চাহাববোৰকে চাবা নে শুৱালকুছিৰ মুগা পাটৰ আটক ধুনীয়া কাপোৰ পিন্ধা চুটি চুলিৰ মহিলাবোৰকে চাবা । খাদ্যৰ তালিকাখন দেখিলে ভাৱ হয় কোনো দেশৰ ৰাজকুমাৰীৰ সয়ম্বৰৰ আয়োজন । প্ৰথমে আৰম্ভ কৰিলে বিধে বিধে সজাই থোৱা ফল-মূলৰ ভিতৰত আপেল, আঙুৰ, মালভোগ কল, কাজুবাদাম, খিচ্মিচ্ আৰু যে কিমানবোৰ ফলমূল আছিল মোৰ মনতে নাথাকে ।
ফলবোৰ খোৱাৰ পিছতে আৰম্ভ হ’ল চাহ, কফি লগতে গুৱাহাটিৰ নামী দামী মিঠাই দোকানৰ পৰা অনা অনেক ৰকমৰ মিঠাই । চাহৰ পিছতে আকৌ লুচি, পুৰী, জহা চাউলৰ পোলাও, বাতিয়ে বাতিয়ে মাংসৰ জোল । খোৱা বোৱাৰ যা-যোগাৰ দেখি যশোদাৰ চকু কপালত উঠিল । তৰাৰ দেউতাক অতি চহকী মানুহ । উকীল মানুহ; পুৱাৰ পৰা নিশালৈ তেওঁৰ চেয়াৰত মক্কেল গিজ্গিজাই থাকে । খোৱাবোৱাৰ পিছতে যশোদাক দেখি দুজনমানে আলোচনা কৰিলে । এইজনী হ’বলা উকীল ডাঙৰীয়াৰ ছোৱালী । বৰ মৰম লগা দেই । আমাৰ দৰাৰ লগত বৰ লায়কৰ হ’ব । মানুহকেইজনৰ কথাবোৰ শুনি যশোদাৰ বুকুখন চিৰিংকৈ উঠিল ।
আলহী আপ্যায়নৰ অন্তত উকীলে দৰাঘৰৰ মানুহৰ সৈতে চা-চিনাকি হ’ল । তৰাই হাতত পাণ তামোলৰ বটাখন লৈ সকলোকে নমস্কাৰ জনালে । উকীলৰ ঘৰৰ একমাত্র ছোৱালী অপচন্দৰ কাৰণ নাই । এজনে তাইৰ নামটো জানিব বিচৰাত তাই উত্তৰ দি ক’লে তৰালি বৰুৱা, ঘৰত তৰা বুলিয়ে মাতে । বৰ মৰম লগা নাম । আমিও তোমাক তৰা বুলিয়ে মাতিম । এনেতে সম্বন্ধত দৰাৰ মোমায়েক এজনে তৰাক সুধিলে আমাক যে চাহ-জলপান দিছিল সেইজনী তোমাৰ ভনীয়েৰা নেকি ? নহয়, তাই মোৰ বান্ধৱী । এই বছৰতে দুইজনীয়ে বি.এ পাছ কৰিছো । অৱশ্য গাঁওৰ মানুহে আমি দুইজনী বান্ধৱী বুলি নাভাৱে; বায়েক ভনীয়েক বুলিহে ভাৱে । আপোনাৰ ধাৰণাটো বাস্তৱত ঠিকেই আছে । তৰাৰ সকলোবোৰ কথা যশোদাই দুৱাৰৰ ফাকেৰে শুনি আছিল । কথাৰ মাজতে দৰাঘৰৰ মানুহে তৰাক মৰমৰ চিনস্বৰূপে দিয়া পাটৰ জোৰা আৰু টকাৰে তাইৰ হাতৰ শৰাইখন উপচি পৰিল । ঘৰখনৰ সমস্ত কাম সামৰি ঘৰলৈ আহিবৰ সময়ত তৰাই যশোদাক কিবা কবৰ ইচ্ছা প্ৰকাশ কৰিলেও মাক-দেউতাক থকাৰ বাবে একো ক’ব নোৱাৰিলে ।
বিয়াখনৰ কথা ভাবি নিশা তৰাৰ টোপনি নাহিল । ইমান সোনকালে তাইৰ বিয়া ঠিক হ’ব সেই কথা তাই সপোনতো ভবা নাছিল । মনৰ আশা সামৰিব লগা হোৱাত তাইৰ মূৰত সৰগ ভাঙি পৰা যেন লাগিল । তৰা পঢ়া-শুনাত বৰ চোকা ছোৱালী । এই বছৰ তাই ইংৰাজীত অনাৰ্ছ লৈ মহাবিদ্যালয়ৰ ভিতৰত প্ৰথম হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে । জন্ম, মৃত্যু আৰু বিবাহ বিধাতাৰ লিখন কোনেও খন্দাব নোৱাৰে । ঘৰখনৰ একমাত্র সন্তান হিচাপে তৰা মাক-দেউতাকৰ আলাসৰ লাড়ু । তৰাৰ কিন্তু সমূলি বিয়াত বহাৰ মন নাই । কিন্তু বিয়াত নবহাৰ কথাটো তাই কোনটো সাহসত মাক-দেউতাকৰ আগত প্ৰকাশ কৰে ? তাইৰ দেউতাক একাচেকা মানুহ । উপায়ন্তৰ হৈ তৰাই বিয়াত নবহা সিদ্ধান্তৰ উপনীত হ’ল । তাইৰ এনে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো সময় সুবিধা বুজি যশোদাক ক’ব । কাৰণ যশোদা তাইৰ অতি বিশ্বাসী বান্ধৱী । কথাবোৰ ভাবি থাকোতে তৰাৰ কেতিয়া টোপনি আহিল ক’ব নোৱাৰিলে ।
পিছ দিনাখন তৰাই মাকক ক’লে যে তাইৰ আজি এটা বিশেষ কাম আছে । যশোদাক লগত লৈ কেইপদমান তাইৰ প্ৰয়োজনীয় বস্তু কিনিবলগীয়া আছে । ঘৰলৈ উভতি অহাত মোৰ পলম হ’ব, তুমি চিন্তা নকৰিবা । মাকে তৰাক কোনো কামতে কেতিয়াও বাধা আৰোপ নকৰে । তৰাই যশোদাৰ ঘৰলৈ আহি হৰিধনক সুধিলে, যশোদা ঘৰত আছেনে ? হৰিধনে উত্তৰ দিয়াৰ আগতেই যশোদাই মাত লগালে । অ’ তৰা আহা ভিতৰলৈ । দুয়ো একেলগে বহি ল’লে । হৰিধনে তৰাৰ ওচৰলৈ আহি ক’লে তৰা বাইদেউ, তোমাৰ হেনো বিয়া ?কথাটো জানি মোৰ মনটো বৰ ভাল লাগিছে । দুয়োজনীৰ একেটা মাহতে বিয়া, বিধাতাৰ কি অপাৰ মহিমা । সৰুৰে পৰা তোমালোক একেলগে ডাঙৰ দীঘল হৈ একেলগে লিখা-পঢ়া শিকি একেটা মাহতে বিয়াও ঠিক কৰিলা । তৰা বাইদেউ পাৰা যদি বিয়াখনৰ তাৰিখটো একেদিনাখন ঠিক কৰি লোৱানা ? হৰিধনৰ কথা শুনি যশোদাই মিচিকীয়া হাঁহি এটা মাৰি ক’লে – আমাৰ দুয়োজনীৰ একেটা তাৰিখতে বিয়া হ’লে কোনে কাৰ বিয়া খাব । তৰাৰ বিয়াখন আগধৰি হওঁক আৰু পিছত মোৰ খন । অৱশ্যে তৰাৰ বিয়াখন আমাৰ গাঁৱৰ ভিতৰত এখন ডাঙৰ বিয়া হ’ব ।
হৰিধন আৰু যশোদাৰ কথাবোৰ শুনি তৰাই কোনো উত্তৰ নিদি নীৰৱে বহি আছিল । তৰাই যশোদাক ক’লে তোমাৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা আছে । কথাটো কিন্তু মই এতিয়াই নকওঁ । তুমি মোক আজি এটা ডাঙৰ সহায় কৰিব লাগিব । মোক গুৱাহাটী বিমান ঘাটিত থৈ আহিব লাগিব । মই বিয়াৰ অলংকাৰ কিনিবলৈ আজি কলিকতালৈ যাম । মোৰ দৰাজনে আমাৰ দুয়োৰে প্ৰয়োজনীয় বিয়াৰ সামগ্ৰীবোৰ কিনি মোক গুৱাহাটিলৈ পঠাই দিব । যশোদাই তৰাৰ কথামতে তাইক বিমান ঘাটিত নমাই আহিল । অলপ দূৰত তৰাৰ বিমানখনে বিকট শব্দ কৰি দিগন্তৰ বিশাল আকাশৰ বুকুত প্ৰৱেশ কৰিলে ।
ইফালে যশোদাৰ বিয়াৰ প্ৰস্তুতিৰ বাবে হৰিধনৰ তৎ নাই । বিয়াৰ কাম প্ৰায় শেষ হওঁ হওঁ অৱস্থা । দৰাঘৰৰ আদবয়সীয়া মানুহ এজনে হৰিধনক কৈ গ’ল যে তোমাৰ বাইদেউৰ হ’ব লগা বিয়াখন ভাঙিল । যশোদাৰ লগত বিয়া ঠিক হোৱা ল’ৰাজনে গুৱাহাটীৰে ধনী মানুহৰ ছোৱালী এজনীৰ লগত বিয়াৰ ঠিক কৰিছে । যৌতুক হিচাপে ছোৱালীৰ লগত সোণৰ অলংকাৰ বাদেই, কইনাৰ লগত এখন বিলাসী নতুন মডেলৰ গাড়ী আৰু চহৰৰ মাজ-মজিয়াত দুই কঠা মাটি । বহু লক্ষ টকা ইতিমধ্যে বিয়াৰ বাবে গ্ৰহণ কৰিছেই । কথাটো শুনি হৰিধন চিন্তাত বজ্ৰাহত হ’ল । পিছদিনাখন যশোদাৰ বিয়া ভঙা কথাটো গাঁওত বনজুইৰ দৰে বিয়পি পৰিল ।
উকীলৰ ঘৰৰ বিয়াৰ ৰভাসজাৰ পৰা আৰম্ভ কৰি বয়বস্তুৰ যা-যোগাৰ কৰা মানুহৰ লানি নিচিগা সোঁত । বিয়াৰ ৰভাখন দেখিলে ভাৱ হয় কোনো ৰজা মহাৰজাৰ ৰাজকুমাৰীৰ যেন সয়ম্বৰৰ আয়োজন । কামকৰা মানুহবোৰে বিধে বিধে ৰভাৰ তলত বিয়াৰ বয়বস্তুবোৰ সজাই পৰাই কোনো মতে শেষ কৰিছে । কিছু সময় পিছতে জোৰণ আহি পাবহি । ঘৰখনত অনন্দৰ মাজতে এক শোকাকুল পৰিৱেশ । তৰাই কলিকতাৰ পৰা বজাৰ কৰি ঘৰলৈ অহাই নাই । যশোদা আহি তৰাৰ দেউতাক কৃষ্ণ উকীলক চিঠি এখন দি ক’লে, তাই হেনো কলিকতাৰ পৰা উভতি আহিব নোৱাৰি । তাই আপোনাক সৰু কালতে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিহে বিয়াত সন্মতি দিব । বৰ্তমানে তাই কলিকতাৰ আইনৰ কলেজত নামভৰ্তি কৰিছে । লগে লগে দেউতাকৰ অতীতৰ কথাবোৰ মনত পৰি ভাৱৰ আউল লাগিল । তাই সৰুতে কৈছিল যে তাই মোতকৈও ডাঙৰ উকীল হ’ব কিন্তু … ।
কিছু সময়ৰ পিছতে জোৰণ আহি ৰভাতল পাব, কইনা নহলে কাক জোৰণ পিন্ধাব । কইনা… । কইনা মোৰ হাততে আছে । বৰুৱাই যশোদাৰ ভায়েক হৰিধনক মতাই আনি ক’লে হৰিধন, তোমাৰ বায়েৰাৰ বিয়াখন যে ভাঙিল তাৰ বিকল্প হিচাপে এটা কথা ভাবিছো । মোৰ ধাৰণা স্পষ্ট যে তৰাই বিয়াৰ বাবে ঘৰলৈ উভতি নাহে । মই ভবাই নাছিলো তাই যে উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰতিজ্ঞাৱদ্ধ । আজি মোৰ এটা অনুৰোধ তুমি ৰক্ষা কৰিব লাগিব । যশোদাক এই মুহূৰ্তত মাতিছো বুলি কোৱা । তোমালোক দুয়োজনৰ আগতে কথাটো আলোচনা কৰা ভাল হ’ব । খবৰটো পোৱা মাত্রকে যশোদা আহি উপস্থিত হ’ল । যশোদা মাজনী, তুমি মোক আজি এটা ডাঙৰ উপকাৰ কৰি মান সন্মান ৰক্ষা কৰিব লাগিব । তৰাই তোমালৈ লিখা চিঠিখনৰ পৰা মই আৰু বুজিবলৈ অকণো বাকী নাই । তাইৰ সৰুকালৰ প্ৰতিশ্ৰুতি পাহৰি উপযুক্ত পাত্র পোৱাত মই তাইৰ বিয়াৰ দিন বাৰ ঠিক কৰিছিলো । বিয়াৰ যা-যোগাৰ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া জোৰণৰ আগমুহূৰ্তত পোৱা সেই চিঠিখনৰ পৰাহে মই খাটাংকৈ বুজিলো যে তৰাই এতিয়া বিয়াত নবহে । অলপ আগতে দৰা ঘৰৰ মানুহে মোক ফোন কৰি জনালে যে তেওঁলোক আহি আমাৰ গাঁৱত প্ৰৱেশ কৰিছে । গতিকে তৰা আৰু তুমি নলে-গলে লগা বান্ধৱী । তোমালোকৰ বন্ধুত্বৰ এনাজৰীডাল আৰু বেছি সুদঢ় হওক । আজিৰ পৰা তোমাক ডাঙৰ ছোৱালী হিচাপে গ্ৰহণ কৰিলো । বৰুৱা উকীলৰ কথা শুনি হৰিধন আৰু যশোদাই তেওঁক সেৱা কৰি কান্দি কান্দি ক’লে – দেউতা আমি ঘাট-মাউৰা । আপোনাৰ মৰম আৰু দয়াই আমাক নতুন জীৱন দান কৰিলে । আনন্দত দুয়োজনৰ চকুপানী বাগৰি পৰিল । দুয়োজনকে প্ৰাণভৰি আশীৰ্বাদ দি উকীলে ক’লে যে যশোদা যোৱা খন্তেক পিছতে তোমাৰ বিয়াৰ জোৰণ আহি মোৰ ৰভাতলীৰ সৌন্দৰ্য বঢ়াব । তুমি এতিয়া ন-কইনাৰ বাবে সাজু হোৱা । তোমাৰ আজি জোৰণ । কাইলৈ বিয়া । কইনাঘৰৰ আয়তীসকলে উৰুলী আৰু মংগলবাদ্য বজাই পদূলি মুখৰ পৰাই জোৰণ আগবঢ়াই উকীলৰ ঘৰৰ ৰভাৰ তলত থাপনা কৰিলে । হৰিধনে বায়েকৰ বিয়াৰ আনন্দত আত্মহাৰা হৈ চিঞৰি ক’লে মোৰ বাইদেউৰ বিয়া ।
কংকন বড়ো
নৱম শ্রেণী
বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ফোন নং – ৯১০১৯৪২২৫০