…..অৰুপজ্যোতি কাকতি…..
আজি সকলো অভিমানৰ বাণ কাটিম,
অলপ বিহ আনি দিয়া
আজি সকলো অভিযোগ সামৰিম,
তুমিটো স্বাভিমানী নিশাৰ জোন,
আধা ফুটা কপালত কেনেকৈ
চন্দনৰ ফোঁট আঁকিম?
নিচাৰো এতিয়া নিচা হ’ল,
মোহভংগ দিবলৈ
মোহিত হ’ব বুলি বসন্তৰ চাকি
নুমোৱাই ৰাখিছোঁ।
এধানি এলানি উপদেশ আৰু
মূৰ্ছনাৰ মূকাভিনয়,
কলঙৰ পাৰ ভাঙি
তোমাৰ চোতালত এদিন হ’লেও
(সপোন কাজলৰ)
বানপানীৰ মহাসমৰ হ’ব,
মৰমৰ চুক্তিত
প্ৰেমৰ মৃত্যু নোহোৱাকৈ
পদূলিত বান্ধিবা ঘৃণাৰ মথাউৰী।
আকৌ আহিম
শৰতৰ ৰাতি,
শেৱালিৰ সুবাসত
তুমি দহিবা,
প্ৰতাৰণাৰ উমত
প্ৰেমৰ বিজয় সাব্যস্ত কৰিম।।