আজিও মৌন মই

……..মাধুৰীমা শইকীয়া………

কিমান যে কথাই অংক হৈ পৰিল তই যোৱাৰ পিছত…এতিয়াও তোৰ এই ভনীয়েৰ জনীয়ে সেইবোৰৰ সমাধান বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে অ’….তোৰ এই মৰমী জনীক সমাজৰ কিছুমান নিৰ্দয়ী,অভদ্ৰ তথা পিশাচৰূপী দানবে পিহি পিহি নিজৰ মন জুৰাইছে অ’ দাদা …
কিয়?
কিয় কৰিলি এইবোৰ?
চেনেহৰ আই–পিতাইৰ চলচলীয়া চকুযুৰিলৈ চালে এতিয়াও মোৰ ভগ্ন হৃদয়ত যেন আকৌ এটি ঘাপ পৰে…

নুবুজিলো তোৰ সেই পাগলী প্ৰেমিকা জনীৰ মন….নিতে তাই পৰিধান কৰা বগা সাজযোৰে যেন মোক বৰ বেয়াকৈ দূৰ্বল কৰি পেলাইছে….
আজিও এটা প্ৰশ্ন সাথঁৰ হৈয়ে থাকিল….
কি ভূল আছিল অ’ দাদা আমাৰ ?
আমাৰ সুৰক্ষাৰ বাবে তই সেই পিশাচৰূপী দানবৰ হাতত কিয় নিজকে গতাই দিলি অ’ দাদা…..
কেনেকৈ দাদা?
কেনেকৈ তোক এতিয়া মই উভতাই আনিম অ’ দাদা…
কিন্তু এতিয়া আৰু নহ’ব….
কথা দিছো তোক দাদা .. আইনে আমাক ন্যায় দিব নোৱাৰিলে তাতে কি হ’ল ? আমি আছো নহয়..
তই মাথো হাৰ নামানিবি…
এনেদৰে মানুহ হ’ম যাতে সেই পিশাচ বোৰক নৰকত স্হান দিব পাৰো…
পাছৰ প্ৰজন্মৰ শৰীৰত তাহাতঁ বোৰৰ ছাঁ টিও পৰিব নিদিও এনেদৰে শিক্ষিত কৰিম নিজক….
নাৰী হয় আমি…নিজকো গঢ়িব পাৰিম আৰু অন্যৰ বাবে সুন্দৰ উদাহৰণো হ’ব পাৰিম….

কিন্তু……..
অ’ দাদা , সকলো কৰিব পাৰিম যদিও কেনেদৰে তোৰ অভাৱ পূৰ কৰিম অ’? তইতো তইয়ে ন দাদা……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *