………পুনম নাথ……..
নৈৠ মই ক্লাচত যাওঁ বাই।
বাহ্, আজি ইমান ৰাতিপুৱাই উঠিলি যে।
অ’ আকৌ নতুন চেমিষ্টাৰ ন একো আওভাও পোৱা নাই মই। ক্লাছকেইটা কৰিব লাগিব..ভাত বনাই থৈছোঁ মই খাবি।
বাপ্ ৰে কেতিয়া বনালি মই একো গমেই নাপালোঁ যে।
উঠিলোঁ আকৌ ৰাতিপুৱাই।
ৰুমৰ দুৱাৰখন এনেই জপাই ক্লাছলৈ ওলাই গ’ল তাই।
বন্যা মইওঁ যাম ৰ’ বিৰিণাৰ চিঞৰ পিছফালৰ পৰা। খোজকাঢ়ি আহি আছে তাই।
ব’ল আকৌ।
তই ছাতি নানিলি যে বন্যা?
এহ্ পাহৰিলোঁ। সহ্য কৰিব পাৰিম দে ।
এগাল ল’ৰা ছোৱালীৰ থেলা-হেচাঁৰ মাজত দুয়োজনীয়ে বাছত উঠিল…
ইউনিভাৰ্চিটিলৈ এই ভিৰ নকমে। ভাড়াটো দি কোনোমতে দুয়ো নামিল দুয়ো মেইন গেটখনত।
বন্যা ক্লাচ চলি আছে নেকি তঁহতৰ?
অ’ চলি আছে।
ভাল পাৰিছ্ তই আকৌ এডমিশ্যন ল’ব।
তাকেই অ মনেই নাযায় ৰে ক্লাছ কৰিব। ফেইলে কৰোঁ নেকি এইবাৰ। first semester টোৱো বহুত বেয়া হৈছে।
বেক হে লাগিব, লাগিলে । বেক নালাগিলে কিহৰ ছাত্ৰী তই।
হা হা হা হা হা হা…
বিৰিণাক এই কাৰণে ভাল লাগে always positive ছোৱালী ।চিন্তা শব্দটো যেন তাইৰ অভিধানতেই নাই।
হাই বিৰিণা, কি খবৰ ?।
হেল্লো হেনচাম।
বাইকখন ব্ৰেক মাৰি ৰৈ দিলে বাস্তৱে। বিৰিণাৰ লগত একেই ডিপাৰ্টমেন্ট, ইংৰাজী। বাস্তৱ দেৱৰাজৰ ৰুমমেট।দেৱো নাইতো আশে পাশে। লাহেকৈ চাৰিওফালে চকু ফুৰালে তাই চাৰিওফালে।
বন্যা ক্লাছলৈ যোৱা নেকি তুমি ? ভালনে খবৰ?
ভালে আছোঁ দিয়া… ক্লাছত মুখখন দেখুৱাই আহো ৰ’বা।
খবৰ পাই থাকোঁ বাৰু মই তোমাৰ।।
কেনেকৈ পোৱা। আচৰিত হৈ উঠিল তাই?
তোমাৰ খবৰ আমাৰ ৰুমৰ ৱালেও জনা হৈ গৈছে। কি যাদু কৰি দিলা বাৰু মোৰ ৰুমমেটক।
যোৱাৰাতি বাৰ্থডে পাৰ্টি তোমাৰ নামতহে হ’ল… কিমান দুৰ আগবাঢ়িছে পিছে।
আৰে নাই নাই মই বাস্তৱ, তেনে একো নাই।
আৰে লাজ কৰিছা তুমি… একপক্ষীয় হলেওঁতো প্ৰেম। নে কি কোৱা….
ঐ তই এনেকৈ বন্যাৰ ক্লাছ লৈ থাকিলে পৰীক্ষাত পাছ কৰিবি জানোঁ। ব’ল ক্লাছত।
বিৰিণাই যেন জানি বুজি বচাইছে তাইক বাস্তৱৰ পৰা।
বাইকখনত বহি চকুটো টিপিয়াই দিলে বিৰিণাই বন্যাৰ ফালে চাই।
বাই বাই বন্যা। দুয়ো গুচি গ’ল বাইকেৰে পথৰ ধুলি উৰুৱাই।
উফ্ ৰক্ষা।।।।
তাইৰ ওচৰেৰে পাৰ হৈ গৈছে এজাক জাকৰুৱা ছোৱালী হাহিঁৰ খিলখিলনি তুলি।
ইহঁতৰ হাহিঁবোৰেৰে যেন মুখৰিত কৃষ্ণচূড়াৰ দেশ খন।
গেটখনলৈ চকু গল তাইৰ,
লুইতৰ পাৰ জিলিকাই তোলা কিমান যৌৱনৰ সাক্ষী এই গেটখন। কিমান জনৰ জীৱন গঢ়া এই বিশ্ববিদ্যালয় খন। কিমান কলেজৰ গৌৰৱ। কিমানটা যুগৰ সাক্ষী গৌহাটী বিশ্ববিদ্যালয়। হেজাৰ বিজাৰ গোপন কাহিনী লৈ বহি আছে বিশ্ববিদ্যালয়ৰ ৱালবোৰে।
সংস্কৃতি বোৰ বুকুতে সামৰি যেন বহি আছে B. K. B, /PD হল । বয়চ হোষ্টেল, গাৰ্লচ হোষ্টেলবোৰে পাৰ কৰিছে কিমানটা বসন্ত। কিমান আহে কিমান যায়। প্ৰতিবছৰে দি যায় মাথোঁ অনন্য সুৱাস ।
স্মৃতিৰ মানস পটত হৈ ৰৈ যায় মাথোঁ সকলো। নহ’লে ডায়েৰীৰ পাতত । আৱেগত ৰৈ যায় মাথোঁ মেঘালীৰ চাহ,ৰবীন দাৰ ধেমালি, আৰ্টচ কেন্টিনৰ চাওমিন , নাইবা বিহাৰী কেন্টিনৰ পৰঠা । সাক্ষী হৈ ৰৈ যায় বৈশ্য দা ভিন্ন জনৰ মুখৰ লগত ।
প্ৰতি সন্ধিয়াৰ চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীবোৰ, কিমান প্ৰেমিকৰ বিৰহৰ আক-বাক। হোষ্টেলৰ ছাদবোৰৰ আদ্দা, কিমান হাহিঁ কিমান কান্দোন। উফ্ কিমান উশাহ নিশাহৰ সাক্ষী এই বিশ্ববিদ্যালয়। বয়সে কাহানিও চুই যাব নোৱাৰা গৌহাটী বিশ্ববিদ্যালয়। চিৰ সেউজীয়া…
এদিন সিহঁতেও লৈ গুচি যাব এগাল স্মৃতি, এবস্তা কাহিনী লৈ। ৰৈ যাব তাইৰ ডায়েৰীৰ পৃষ্ঠাত বিৰিণাৰ হাহিঁৰ খিলখিলনি, নৈৠতাৰ শাসন, অভিলাষ আৰু তাইৰ কাজিয়া হাহিঁ আৰু হেজাৰ জন। কিছু চিনাকি মুখ কিছু অচিনাকি । ৰৈ যাব প্লাৱন আৰু তাইৰ জালুকবাৰীৰ মাতাল সন্ধিয়াবোৰ।
প্ৰেমিক চৰাই দেৱৰাজো ৰৈ যাব আখৰ হৈ।
স্মৃতিৰ কিতাপত থাকি যাব মাথোঁ সেইবোৰ সাধু হৈ…… জীয়া সাধু। কৃষ্ণচূড়াৰ দেশৰ সাধু….
আখৰেৰে বান্ধিব নোৱাৰি
কৃষ্ণচূড়াৰ দেশৰ কথা
লক্ষ লক্ষ হৃদয়ৰ
ই আৱেগৰ গাথাঁ…..
হুমুনিয়াহ এটাৰে ক্লাচলৈ খোজ ললে বন্যাই……….
______________
ফোনটোৰ বিকট শব্দত খকমককৈ সাৰ পাই উঠিল বন্যা..
ক্লাচৰ পৰা আহি কেতিয়া শুই গৈছিল তাই।
অভিলাষৰ ফোন…
হেল্ল ক’ কি হ’ল?
মই ৰৈ আছোঁ হোষ্টেলৰ সমুখত ওলাই আহ।
কি ফাল্টু খবৰ নিদিয়াকৈ আহিলি যে।।
আৰে, মোৰ কাম এটা আছিল ইউনিভাৰ্ছিটিৰ.. ভাবিলো তোকো লগ কৰি যাওঁ। তই নাহ যদি নালাগে দে থাক। মই যাওঁ।
ৰ ৰ ক’লৈ যাৱ। মই গৈ আছো তললৈ। কিন্তু অলপ ৰ’বি হা মই কাপোৰ সলাব লাগিব।
বেছি ষ্টাইল কৰিব নালাগে দেই । তহঁত ছোৱালী বোৰৰ বৰ দেৰী লাগে।
হৈ যাব মোৰ, তোক লগ কৰিব মই একো ষ্টাইল নকৰোঁ।
ততাতৈয়াকৈ জীনচটো পিন্ধি ল’লে তাই, ওপৰত পাতল হালধীয়া বৰণৰ লং টি ছাৰ্ট।
লিপষ্টিক… বাদ দে নলওঁ। ওঁঠত বেবী লিপ বাম অকন ঘঁহি। হাতত মোবাইলটো লৈ ওলাই গ’ল তাই।
বুলেটখনত আউজী ৰৈ আছে অভিলাষ।
অভি ক’লৈ যাবি ক।
চাহ একাপ একাপ খাওঁ ব’ল. দীপৰ বিলৰ ফালে যাবি?
ব’ল মোৰ নো কি তই হে চলাবি। বহি ললে তাই বাইকত।
ওজন বহুত বাঢ়িছে দেই তোৰ বন্যা, লৰি গৈছে চা বাইক খন।
যা তা কথা কিয় কৈ থাকনো।
জানি বুজি জোঁকাই লোৱাটো যেন তাৰ স্বভাৱ।
চলি গল সিহঁতৰ বাইকখন।
আজি অভিয়ে হেলমেট পিন্ধিছে। সেয়ে বেছি বকিব পাৰা নাই সি….
বতাহে কোবাই গৈছে তাইৰ কাণত।ঠাণ্ডা লাগি গ’ল তাইৰ। দুয়োখন হাত আনি মুঠি মাৰি ধৰিলে তাই নিজৰ মাজত গৰম চাহ একাপৰ প্ৰয়োজন অনুভৱ কৰিছে তাই বৰকৈ।
দিপৰ বিল পাই ৰখাই দিলে অভিয়ে বাইকখন। তাইৰ চকু নিমগ্ন হল সেউজীয়া বোৰত।
মানুহৰ ভিৰ আছে। কাষতে বিক্ৰী কৰি আছে বাইদেউ এজনীয়ে নাৰিকলৰ পানী আৰু তিয়হ। তিয়হৰ ওপৰত দিয়া নিমখ জলকীয়াৰ গুড়ি। কিবা এটা ভাল লাগিছে তাইৰ সেউজীয়াত অলপ অলপ ৰঙা।
অই মই লৈ আহো নে তালৈ গৈ খাবি। সমুখৰ দোকান খনলৈ আঙুলিয়াই দিলে সি।
মানুহৰ যথেষ্ট ভিৰ তাত।মনেই নগল তাইৰ যাবলৈ । নাহ ইয়াতে খাম লৈ আহ।
থিয়ই আউজী দিলে তাই বাইকত…. গৰমৰ দিন কিন্তু ফেৰফেৰীয়া বতাহ।।। ভাল লাগি গ’ল তাইৰ।
হাতত চাহ দুকাপ লৈ লাহে লাহে খোজ দিছে সি। অলপ ইফাল সিফাল হ’লেই যেন চাহ পিয়লাটোৰ বাহিৰত পৰি নষ্ট হ’ব তাৰ বগা ৰঙৰ টি চাৰ্টটো। জপৰা চুলি কেইডাল দীঘল হৈ কপালত পৰিছে তাৰ। চকুত একেযোৰেই চচমা ডাঠ ফ্ৰেমৰ। যিমানেই এচৰলৈ আহিছে স্পষ্ট হৈ আহিছে চকুৰ ক’লাবোৰ। ৰাতি নুশুৱা চকু। তাৰ পঢ়াৰ জোৰ বাঢ়িছে।
ল চাহ…বন্যা কচোন কিবা এটা
উহ গৰম। চাহৰ কাপটোত শোহা মাৰি চিঞৰ মাৰি উঠিল তাই।
লাহে লাহে খাচোন। বকাসুৰৰ দৰে কিয় খাইছ।
ঘোপাকৈ তাই চাই পঠিয়ালে তালৈ। তাৰ কোনো গুৰুত্ব নাই।
দেৱৰাজৰ কি খবৰ?
আৰে তোক কোনে ক’লে। নৈৠতাই?
মই জানিছিলোয়েই তাই যে ক’ব তো়ক..
তো়ৰ কথা মই বেলেগৰ পৰা কিয় জানিব লাগে কচোন?
আৰে একোয়েই নাই অ’
গম পালোঁ মই বাৰু নৈৠতাৰ পৰা সকলো। বেছি দিগদাৰ দি আছে নেকি তোক?
নাই অ’ ইমান বেয়া লৰা নহয়। ভিলেইন ইমেজ এটা আছে। মনটো বেয়া নহয়।
মানে তোৰ পক্ষৰ পৰাওঁ আছে নিকি? সন্দিহান চকু অভিলাষৰ।
নাই নাই বিশ্বাস কৰিলে কৰিবি নকৰিলে নাই। খং উঠি গ’ল তাইৰ। য’তে ততে এই দেৱৰাজতোৱে অশান্তি দিবলৈ আৰম্ভ কৰিছে তাইক । দেৱৰাজৰ নামটো কোনোপধ্যেই সাঙুৰ খাব নোৱাৰে তাইৰ লগত। কিয় হ’ব তাই দেৱৰাজৰ। .
বন্যা বৰ্ষাই তোক ফোন কৰেনে?
মাজে মাজে কৰে। বহুদিন হল কথা হোৱা নাই তাইৰ লগত। কিয় তোক নকৰে নিকি?
নাই বহুদিন হ’ল ফোন নকৰে। নামতহে দদায়েক বনাই ল’লে। বিপদৰ সময়ত লাগিছিল মাত্ৰ।তোকো তেনেকৈয়ে………………. স্বাৰ্থপৰ হয় একদম।
বাদ দে না যি হ’ল হ’ল।
কিন্তু সকলোবোৰ শেষ হ’ল…. অভিলাষৰ মুখত বিতৃষ্ণাৰ হাহিঁ।
মোৰ ভুল আছিল অভি।
ক’ত আছে তাই এতিয়া।
দিল্লীত আছে। গিৰিয়েকৰ তাতেই পোষ্টিং।
আৰু প্লাৱন?
নাজানোঁ।
মুখখন ঘুৰাই দিলে তাই সেউজীয়া বোৰৰ ফালে।
তাৰ হাতৰ চাহকাপ কেতিয়াবাই শেষ হৈছে.. তথাপি অভিলাষে খালী কাপটো লৈ ঘুৰাই আছে। মুখত তাৰ চিন্তাৰ বলিৰেখা।ভ্ৰু সামান্য কোঁচ খাইছে। তাৰ চকু কিছু সময়ৰ বাবে নিৱদ্ধ হ’ল তাইৰ মুখত। এইবাৰ সিওঁ মগ্ন হৈ ৰ’ল সমুখৰ সেউজীয়াত।
ইমান ধুনীয়া ৰং সেউজীয়া…. ই প্ৰেমৰ ৰঙ কিয় নহয়।
তাই বলিয়া হয় ধাননিৰ সেউজীয়া ৰঙত… এখন যেন দলিচা। ওপৰত শুই দিব তাই।
আৰু পাহাৰৰ সেউজীয়া বোৰ উফ্। ভালপোৱাবোৰ কিয় নহয় সেউজীয়া..
তাইৰ হৃদয়ৰ ঠিকনা প্লাৱন। কিন্ত প্লাৱন জানোঁ এতিয়াও তাইৰে হৈ আছে। কোনো বেলেগ আহি সংগোপনে ঘৰ সজা নাইতো তাৰ বুকুত তাইৰ অজ্ঞাতে। ভাবিয়েই ভয় লাগি গ’ল তাইৰ।।
তাৰ ভালপোৱা বাৰু কিমান সেউজীয়া….
নীৰৱ নিশাই জানে মোৰ নিসংগতা..?
মোবাইলটো জ্বলি উঠিল দেৱৰাজৰ মেছেজ
I wanna Meet you Banya.. Right now.
উফ্ অশান্তি….
……..পৰৱৰ্তী দশম খণ্ডত……