…….পুনম নাথ……
ঐ বন্যা তেতিয়াৰে পৰা মাতি আছোঁ শুনা নাই নে কি…?
কেতিয়া আহি পালি তই?
কাপোৰ জোৰো সলনি কৰিব নোৱাৰনে?
কিমান সময় তাই তেনেকৈ চকুলোৰ সৈতে শুই আছিল গম নাপায়। তেনেকৈয়ে টোপনি আহি গৈছিল তাইৰ।
চকুটো মেলি চালে নৈৠৰ মুখত খংৰ ভাৱ। কিবা হৈছে চাগে?
কি হ’লনো তোৰ? খংত আছ’ যে..?
মোৰ বাদ দে, তই নিজক চাচোন কিমান আৰু এনেকৈ কান্দি থাকিবি….কিছুমান কথা পাহৰাতো ভাল।নহ’লে ঠিক কৰ সকলো এতিয়াওঁ সময় আছে।
মই নাই কন্দা অ… শুই গৈছিলোঁ..।
বন্যা মোক ফাঁকি দিব পাৰিবি তই নিজক কিমান দিবি? এনেকৈ নহ’বতো..
তই ঘৰলৈ যা কেইদিনমানৰ বাবে। নহ’লে ক’ৰবাত ফুৰিবলৈ যা.
কিয়, কি হ’লনো মই ঠিকেই আছোঁতো।
একো ঠিকেই নাই। আৰু দেৱৰাজৰ লগত কি নতুন গল্প আৰম্ভ হৈছে। মইচোন একো গমেই নাপাওঁ।
বন্যাই এতিয়াহে বুজিলে নৈৠতাৰ খং ক’ত। আচলতে ৰুমমেটবোৰ হয়েই possessive..তাতে নৈৠতা খঙাল ছোৱালী। একেটা ৰুমতে প্ৰতিদিনেই একেলগে থকাৰ পিছত এক অজান বান্ধোনেৰে বান্ধ খাই পৰে।হৈ পৰে দুয়ো দুয়োৰে অভিভাৱক।
একোয়ে নাই অ’ নৈৠ বিশ্বাস ক’ৰ না। মই ওলাই যাওঁতেই দেখিলোঁ তাক।ৰৈ আছিল গেটতে। তাৰ পিছত জোৰকৈ মোৰ লগতে গ’ল ষ্টুডিঅ’লৈ.. ।
আৰু তই কি সৰু ছোৱালী সি নিলেই যে যাবি।
চা মোৰ একদম ভাল নালাগে ল’ৰা জনক।তোৰ দৰে একদম নহয় সি। টকাৰ গৰমত থাকে। বাপেক যে, এম এল এ জান নে নাজান।
চাৰিওফালে ছোৱালীৰ লগত লেটি পেটি তাৰ । RCC 5 ৰ এজনীৰ লগতো প্ৰায়ে দেখিছিলো আৰ্টচ কেন্টিনত কেইদিনমান আগতে। এইবাৰ তোৰ পিছত পৰিছে। ফাল্টু চব। নিজকে একেবাৰে চলমান খান বুলি ভাৱে।
আৰে, তই ভুল ভাবিছ নৈৠ। মোৰ তাৰ প্ৰতি তেনে একো ভাৱ নাই। আৰু ইমান বেয়া ল’ৰা নহয় কিন্তু যিমানদিন মই লগ পালোঁ। মনটো বেয়া নহয়। বাহাদুৰী এটা আছে বাৰু কিন্তু মোক এতিয়ালৈ একোয়েই বেয়া কোৱা নাই।
থ’ একেবাৰে নতুন নতুন দেখাইছেহে ভাল। আৰু শুন জীৱনত দুখ আৰু গোটাই নলবি। পুৰণি কথাবোৰ কিমান ভাবিবি? অভিলাষৰ লগত সোনকালে হেস্তনেস্ত এটা কৰ। he is the perfect person for you.নহ’লে মইয়ে তাক ফোন কৰোঁ।।
নৈঋৃ please stop it… I need space…
Omg space লাগে এইবাৰ দিৱালীত ৰকেট কিনি দিম দে তোক গুচি যাবি space ত।
হঠাৎ সিহঁতৰ ৰুমত বিৰিণাৰ আৱিৰ্ভাৱ।
নৈৠ আৰু বিৰিণা দুয়ো হাহিঁবলৈ ললে।। নৈৠতাৰ খং যেন মূহুৰ্ততে নাইকিয়া হৈ গ’ল।
এনেকৈয়ে খং হাহিঁৰে চলি যায় দিনবোৰ ৰাতিবোৰ।
কুচ্ ভী বকৱাছ কৰতে হো দোনো। বহচোন বিৰিণা.. কি
হ’ ল আজি কচোন শুনোঁ।
বিৰিণাৰ মুখমণ্ডলত ফুটি উঠিছে বহু কাহিনী। এতিয়াও ধুনীয়া হৈয়ে আছে। মুখত ঘঁহি যোৱা প্ৰসাধন অলপো সলনি নাই।
প্ৰথম চকলেট খাই ল। বহুত চকলেট দিছে বে মোক । ডেইৰী মিল্ক চকলেট এটা আগবঢ়াই দিলে তাই বন্যালৈ ।আন এটা নৈৠলৈ আগবঢ়ালে।
ক’ত গৈছিলি তই ডেটত নে? চকলেটতো টেবুলত থৈ
মুখত মিচিকিয়া হাঁহি এটা লৈ নৈৠতাই সুধিলে তাইক।।।
বিৰিণাই নকলেওঁ যেন আজিকালি ইঁহতে গম পোৱা হৈছে।তাই ক’ৰ পৰা আহে। তাইক কেতিয়াও কন্দা দেখা নাই ইহঁতে নাইবা মুখমণ্ডলত কেতিয়াও দেখা নাই খং। সদায় হাহিঁ ফুৰ্তিত থকা ছোৱালী।
অ’ বে ইমান Handsome হয় ৰে ল’ৰা জন। ইমান ধুনীয়া। কি ষ্টাইলত কথা কয়। ইয়াতে থাকে মাউণ্টেইন শ্বেড’ত… উফ্ মই বয়ফ্ৰেণ্ড বনাম এইজনক।
Airforce ষ্টেচনটোতে নে? ক’ৰ হয়নো ল’ৰাজন, নজনা নুশুনাকৈ আগাবাঢ়িবি দেই।
বন্যাৰ চিন্তা লাগি গ’ল বিৰিণালৈ । আগতে কেতিয়াও তাইক বয়ফ্ৰেণ্ড বনাব বুলি কোৱা শুনা নাই।
কাপোৰ খুলি খুলি এইবাৰ নৈৠৰ মাত।। কি ক’ৰেনো?
Airforce pilot.. Tider ত পাইছে। বন্যাই মাত লগালে।
mountain shadow মানে এইখন নে। তাৰ কেন্দ্ৰীয় বিদ্যালয় খনত মইও কৰিছিলোঁ নহয় এবছৰ। কাম নাই দেই সেইবোৰৰ তিনিবছৰৰ বাবে আহে এই অফিচাৰবোৰ, আহি ইয়াতে ছোৱালী পতাব।তাৰ পাছত তা তা বাই বাই। You know they are like seasonable flower.
মোৰ লগৰ এজনীৰো কম খন কাহিনী হৈছিলনে? তোক কৈছিলোঁ নহয় বন্যা।।
হমমমমম.. ডেইৰীমিল্ক চকলেটত কামোৰ এটা মাৰি বন্যাই মুৰটো লৰালে।
খিংখিঙিয়া স্বভাৱৰ নৈৠক প্ৰথম লগ পোৱা মানুহ এজনে কোনোপধ্যেই ভাল নাপাব.। নৈৠতাই যেন বহু ঠেকিছে জীৱনৰ পৰা, কেতিয়াও নকয় মাথোঁ তাই নিজৰ কথা। মাথোঁ অভিভাৱক হৈ থিয় দিয়ে তাই সকলোৰে সন্মুখত।
ৰ’চোন মোক ক’বলৈ দিবি নে তহঁতে নিজেই কৈ থাকিবি…
আৰু নৈৠ তই মানে আগতেই নিগেটিভ। সকলোবোৰ তেনে নহয়তো। এইজন পাঞ্জাৱৰ হয়। গৌতম মহাজন কিবা scoden leader বুলি ক’লে।
scoden leader সেইটো কি হয় আকৌ…
এইবাৰ দুয়োজনীয়ে বন্যাৰ ফালে চালে। বন্যাৰ হাহিঁ উঠিল ফৌজৰ কথা দুয়োজনীয়ে একেবাৰে নাজানে।সাধ্যৰ বাহিৰত। কিন্তু তাই জনা হৈ গৈছিল প্লাৱনৰ লগত ইমান বছৰে থাকি। চিনাকি হৈ গৈছিল প্ৰতিটো শব্দ। মেজৰ প্লাৱন বৰুৱা..
মানে মেজৰ ৰেংক হয়.. আৰ্মীৰ যেনে মেজৰ airforce ৰ
স্কডেন লীডাৰ।।
পুনৰ বিৰিণাৰ কথালৈ মন দুয়োৰে..
ইমান ভদ্ৰ জান কথা-বতৰা।মোৰ বৰ ভাল লাগিলে।।
থ হেৰৌ সিহঁতবোৰ ট্ৰেইনিংতে ভদ্ৰ হৈ যায়। বাহিৰত বেলেগ ভিতৰত বেলেগ।
না না মই আৰু বেলেগ ডেটত নাযাওঁ জান। এৱেই মোৰ শেষ প্ৰেম।
ইচ্ দুদিনমান পিছত আকৌ সলনি হয় হে তোৰ। এইবাৰ আকৌ কোনোবা বেলেগ আহিব। নৈৠৰ তৰ্ক এইবাৰ তাইৰ লগত..
Who knows honey..life is too short so change your boyfriend frequently..
কিন্তু ক’লে কোনে এই কথাষাৰ… প্ৰেমদেৱী বিৰিণাই?
হা হা হা হা হা বুলি নৈৠতাৰ গাৰ পৰা টাৱেল খন টান মাৰি দৌৰ মাৰিলে তাই নিজৰ ৰুমলৈ।
বন্যা এই মোৰ বস্ত্ৰ হৰণ কৰিলে। গামোচা খন দেছোন। হাতদুখনেৰে নিজক ঢাকিবলৈ বৃথা চেষ্টা তাইৰ..
নৈৠতাৰ এই ৰূপটো দেখি বন্যা পৰি গ’ল হাহিঁ হাহিঁ বিচনাত।
ঐ বান্দৰী তই আজিৰ পৰা আমাৰ ৰুমলৈ নাহিবি।
পাগলী জনী।। ভোৰভোৰাই বাথৰুমলৈ গুচি গল নৈৠ। গামোচাখন মেৰিয়াই।।
বাহিৰৰ কৰিদৰত প্ৰতিধ্বনিত হৈ উঠিছে বিৰিণাৰ হাঁহিৰ খিলখিলনি লগতে দৌৰৰ শব্দ .. যেন সচাকৈয়ে বতাহত হালি জালি থকা বিৰিণা বন।
বিৰিণাৰ এদিনত প্ৰেম হ’লনে। উফ্ কেনেকৈ। কেনেকৈ ইমান সুখী তাই। বন্যাই কিয় নোৱাৰে।
মনলৈ আহিল প্লাৱন মুখখন। গহীন মুখ। ইউনিফৰ্ম নিপিন্ধিলেই অইন এজন মানুহ।
______________
বন্যা এইজন মোৰ মাহীৰ ল’ৰা প্লাৱন দা আৰু এইয়া বন্যা মোৰ লগত একেলগেই পঢ়ে কলেজত..
হাই বন্যা..how are you..
I am good…you?
I am also happy… তোমাৰ চুলিখিনি ইমান ধুনীয়া।দীঘল চুলি ভাল লাগে মোৰ.
চক্ খাই উঠিল তাই। প্ৰথম চিনাকিত কোনে এনেকৈ কয় বাৰু।
লাহে লাহে চকুতো ওপৰলৈ নি চালে ল’ৰাজনক… ল’ৰাজন ওখ। হাহিঁ থকা দুচকু। কিন্তু সাংঘাটিক গম্ভীৰ মুখমণ্ডল। নাকটো জোঙা। আকাশী ৰঙৰ স্পোৰ্টচ টি চাৰ্ট এটা পিন্ধিছে, তলত ক’লা ট্ৰেক পেন্ট। চুলিখিনি চুটি চুটিকৈ কটা।
তাইৰ ফালে চাই হাঁহি আছে মাথোঁ।
তাই আকৌ কাটো কাটো কৰিয়েই আছে চুলিখিনি।
বৰ্ষাই তপকৈ মাত লগালে… একে কলেজৰ ছাত্ৰী বৰ্ষা।একে বিষয়তে অনাৰ্চ দুয়োৰে। সাংঘাটিক কথা চহকী তাই। বন্যাৰ একদম বিপৰীত।
ধেৎ, কি কোৱা নাকাটিবা দেই। বৰ বেয়া পাম কাটিলে।
তাইৰ বৰ লাজ লাগিল। ৰঙা পৰি গৈছে তাই। এনেকৈ বাৰু কোনোবাই কয়নে প্ৰথম লগ পাওঁতে।একোয়েই ক’ব পৰা নাই তাই। মুখত পৰা চুটি চুলিখিনি পিছফালে লাহেকৈ কাণৰ কাষলৈ নিলে।
লাজ কৰিছা নেকি?
বৰ্ষা তোৰ ফ্ৰেণ্ডজনীচোন বৰ লাজুকী। ফটোবোৰত আকৌ বৰ পাউট কৰি আছিল।
লাজ কৰা নাই দেই মই।.মিছাকৈ কৈ নাথাকিব
হা হা হা Bravo ….
দাদা তই যাচোন তাইক কিবা এটা খাই লবলৈ দে।
বাৰু বাই বন্যা… See you soon.. বেয়া নাপাবা ধেমালি কৰিলোঁ।
কি ফটো দেখালি তই?
ধেৎ মোৰ ফোনত আগতেই দেখিছিল তোক। লৈয়ো গৈছে তোৰ ফটো। তাকেই কৈছে সি।দাদাই তোক যোৱাবাৰ পুজাতে দেখিছিল।
তেতিয়াৰ পৰাই কৈ আছিল চিনাকি কৰাই দিবলৈ।
সিওঁ নাথাকে নহয় ইয়াত পুনেত হে থাকে। National defence academy ত পঢ়ি আছে । আজি কিমান দিনৰ পাছত আহিছে। সেয়ে মাতিলোঁ তোক আমাৰ ঘৰত।
তোৰ কেনে লাগিছে তাক?
তোৰ কথা সুধি এ থাকে সি। মই আকৌ লগ কৰাই দিব বিছাৰিছিলোঁ তোক প্ৰথমে। তোৰ ভাল লাগিছে নে দাদাক?
ধেৎ ইম্মান সোনকালে কাৰোবাক ভাললাগে নিকি? কিবা খাবলৈ দে না বৰ ভোক লাগিছে।
এইয়া লোৱা গৰম গৰম লুচি ভাজি। বন্যা খোৱা তোমাৰ যিমান মন যায়।
বন্যা এইয়া মোৰ মাহী মানে প্লাৱন দাৰ মাক।।
নমস্কাৰ কৰাৰ ভংগীমাত হাতযোৰ কৰিলে তাই।
বগা মানুহজনী। চুলিকেইডাল খোপা এটা মাৰি থৈছে।
এডাল দুডাল বগা চুলি, কিন্তু বয়সৰ নহয়। পিন্ধনত এখন সৰু সৰু ফুলৰ কটনৰ ফুলাম শাৰী। ৰঙা সেন্দুৰৰ ফোঁটটো দগমগকৈ জিলিকি উঠিছে কপালত । হাহিঁ মুখীয়া মানুহজনীৰ মুখখনৰ লগত বহু সামঞ্জস্য আছে পুতেকৰ।
হ’ব হ’ ব এইবোৰ ফৰমেলিটি নালাগে আগতে খাই লোৱা তুমি। কিবা লাগিলে মাত লগাবা মোক মই পাকঘৰতে আছোঁ। বাহিৰতেই দিলোঁ দেই মই তোমাক।
একো নহয় মাহী ঘৰৰে মানুহ মই।
অ অ একেবাৰে ঘৰৰে ছোৱালী। হাহিঁ মাৰিলে বৰ্ষাই।
ঐ তই খা মই সাউতকৈ আহি আছোঁ।
বৰ্ষা নাযাবি না…
নাই নুশুনিলেই তাই গ’লেই।
একান্ত মনে খাবলৈ ল’লে বন্যাই।
May I help you mam?
বুকুখন চিৰিংকৈ মাৰিলে। বৰ্ষাই জানি বুজি গুচি গৈছে।
প্লাষ্টিকৰ চকীখন টান মাৰি আনি বহিল সি তাইৰ ওচৰত।
মৃদু বতাহে কোবাই গ’ল তাইক।
ইমান ভোক লাগিছিল কিয়নো আহিল এইজন। খাবই নোৱাৰিব তাই এতিয়া।
ফুলা লুচি এখন হাতত ল’লে সি তাইৰ প্লেটৰ পৰা । তাইলৈ চালে সি । ভয়ে ভয়ে চাইছে বন্যাই প্লাৱনলৈ।।
তাইৰ চকুৰ মণিত বাহিৰৰ আকাশৰ অলপ নীলা ৰঙ অস্পষ্টকৈ দেখিছে প্লাৱনে। তাইৰ ওঁঠত লুচিৰ তেল জিলিকিছে। বাহিৰৰ পৃথিৱীখনৰ ভু ভা নোপোৱা এজনী কলেজীয়া সৰু ছোৱালী। যোৱাবাৰতকৈ অলপ ডাঙৰ হৈছে তাই । পিন্ধনত দীঘল আকাশী ফ্ৰক এটা। দীঘল মেলি থোৱা চুলিকোছাৰ পৰা ফুৰফুৰীয়াকৈ ওলাইছে ছানছিল্ক চেম্পুৰ গোন্ধ। চকুজুৰিয়ে আজি বৰ লাজ কৰিছে। গভীৰ চকুহালিত কিবা যেন বহু সোমাই আছে।
আহ্ এবছৰে তাক আমনি কৰি থকা এই চকুহাল। আকাশৰ নীলাবোৰ যেন থুপ খাইছে তাইৰ দুচকুত…
তোমাৰ দুচকুত নীলিমাৰ এচামুচ নীলা
মই যেন এচিকুট মেঘ….
তোমাৰ বুকুত এসাগৰ হুমুনিয়াহ
মইও তাৰ এটোপাল আৱেগ…
প্লাৱনৰ মুখেৰে আপোনা আপুনি ওলাই আহিল ভাৱনাবোৰ শব্দ হৈ।…..
অবাক অবাক চাৱনি লৈ মাথোঁ চাই আছে বন্যাই প্লাৱনৰ ফালে। হাতত এখন আধাখোৱা লুচি।
_______
ঐ বন্যা কি লিখি আছ্নো তই। যা আকৌ সোনকালে মুখ হাত ধুই ল । মই গা ধুই আহিলোয়ে। ভাতো বনাব আছে।
নৈৠতাৰ মাতত স্তব্ধ হৈ ৰ’ল বন্যাৰ কলম। স্মৃতিবোৰ আবদ্ধ কৰি ৰাখিব বিচাৰিছে তাই ডায়েৰীৰ পাতত। তাইক প্লাৱনক য’ত আছে অভিলাষো….
শব্দবোৰে কেতিয়াবা বৰ সুখ দিয়ে আৰু কেতিয়াবা দুখ । কিছু জনা কিছু নজানা সেইবোৰেইতো হেজাৰ হাহিঁৰ আঁৰৰ কথা…
কি লিখিছ শুনাচোন মোক ….
ভগা কলিজাত কোনে বিনাই
কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকাজাঁই……
বন্যাৰ মুখেৰে আপোনা আপুনি ওলাই আহিল হীৰুদাৰ কবিতা……. তাই নজনাকৈয়ে…..
…….পৰৱৰ্তী নৱম খণ্ডত…….