…….পুনম নাথ……
কোৱা কি লাগে…. চেষ্টা কৰিম মই….
সঁচাইতো? আকৌ এবাৰ ভাবি লোৱা… এবাৰ ক’লে কিন্তু দিব লাগিব।।
নহলে জোৰকৈ হলেও লম মই।
আৰে এনেকৈ ভয় কিয় খুৱাই আছা।
চিধা চিধি কৈ দিয়ানা?
তোমাৰ…..
বহি থকাৰ পৰাই সামান্য আগুৱাই আহিল সি…. তাইৰ হাতত সামান্য চুই গৈছে তাৰ হাতৰ বতাহ।
তাইৰ নাকত লাগিছে দেৱৰাজ শৰীৰৰ পৰা অহা জিন্ পাউল পাৰফিউমৰ গোন্ধ। তাইৰ বুকুখন এইবাৰ ধপ-ধপাই উঠিল বেছিকৈ…
মোৰ কি দেৱ….. তথাপি যেন তাইৰ ভাৱলেশহীন মুখমণ্ডল।
তোমাৰ সময় লাগে মোক বন্যা….
হা হা হা হা হা কৈ হাঁহি এইবাৰ পিছুৱাই গল সি…. বেৰীয়া দাঁতটো আকৌ জিলিকিল।
কি ? মইচোন তোমাক দিছোঁয়েই সময়।
তোমাৰ প্ৰতিটো আবেলি মোক লাগে ,
লাগে তোমাৰ প্ৰতিটো ৰাতিপুৱা…
দুপৰীয়া বাৰু তোমাৰ নিজৰ….
আচ্ছা… আৰু যদি মই কওঁ মোৰ নিজৰ বুলিবলৈ কোনো আবেলি নাই, নাই কোনো ৰাতিপুৱা…. তচনচ কৰি গ’ল সময়ে সকলোবোৰ ৰাতি কৰি, এন্ধাৰ কৰি…
দেৱৰাজৰ মুখত অলপ বুজা অলপ নুবুজা…কিবা গভীৰ ভাবিছে সি…
বন্যা…
“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে ?”
শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে |”
উফ্ হীৰুদা, তুমি পঢ়া মানে দেৱ ? আচৰিত হৈ উঠিল তাই .. ভুতৰ মুখত যেন ৰামনামহে শুনিলে।।
কি হ’লনো়… ৰাজনীতি বিজ্ঞানত অনাৰ্চ ল’লে মানে মই হীৰুদাক নপঢ়িম নিকি…
নাই মানে মই ভবা নাছিলো তুমি…. অলপ লাজো পালে তাই ..
একো নাই বাৰু মোক দেখিলে পঢ়া মানুহ যেন নালাগে ন..তোমাৰ ভুল নহয়। মোৰ মা সাংঘাটিক ফেন তোমাৰ হীৰুদাৰ..
কেইদিনমান আগতে কিতাপ এখন বাস্তৱৰ তাত দেখিলোঁ..মোৰ ৰুমমেট যে। এটা এটাকৈ যেতিয়া পঢ়িব ললোঁ মোৰো ভাল লাগিল….
হীৰুদাৰ কবিতাৰ বাহাদুৰীয়েই সেইটো। নপঢ়া মানুহকো পঢ়িবলৈ শিকাই…..
কথাটো নোহোৱা নহয়। পিছে কিন্তু কিছুমানক আকৌ কাৰোবাৰ বাবেও পঢ়িবলৈ শিকাই… চকুটিপ এটা মাৰিলে সি…
আচ্ছা, দেৱ তুমি পাৱলো নেৰুদাক পঢ়িছা নে ?শুনিছানে পল ৰব চনৰ গান….. মেক্সিম গৰ্কীক পঢ়িছা?
এইবাৰ যেন নুসুধিব লগীয়া সুধিছে তাই… না ৰে বাবা না… ইমান পঢ়া মানুহ নহয় মই। কিয় প্ৰেমৰ কবিতা লিখে নে ?
পঢ়িবা পাৰিলে।। প্ৰেম নহয় ভোকৰ ভৱিষ্যতৰ ইতিকথা শিকিব পাৰিবা..জানিব পাৰিবা ইতিহাস সাক্ষী কৰি যোৱা বহু যুগৰ কথা । প্ৰেমৰ বাহিৰেও বহুত আছে নহয় জীৱনত। যিবোৰে জীয়াবলৈ শিকাই …. বুজিলা?
কৈছা যদি চেষ্টা কৰিম, কিন্তু সময় লাগিব মোক … সময় কওঁতে মনত পৰিল তোমাক যে সুধিলো মই সময়…..
দেৱ দেৰী হল যাওঁ বলা , সন্ধিয়া হ’লে জাৰ্ম লাগিব… জানি বুজি ফালৰি কাটিছে….
এইয়া চোৱা, সময় দিম বুলি কোৱা তথাপি নিদিয়া…. ।
এইবাৰ সঁচাকৈয়ে হাহিঁ উঠিল তাইৰ……
ব’লা….
______________
আবেলিৰ গুৱাহাটী বৰ ব্যস্ত…. সিহঁতৰ গাড়ীখনো আগবাঢ়িছে ব্যস্ততাৰে….দেৱৰাজ চকু এইবাৰো পথত নিৱদ্ধ,দুচকুত প্ৰাপ্তি…..কিন্তু কিহৰ তাইতো এতিয়াও তাৰ নহয় ।
সি সুখী তাইৰ লগত। এনেকৈয়ে থাকিব বিচাৰে। বুজিব বিচাৰে তাইক। বন্যাই বাৰু কিয় নুবুজে তাক নে তাই বুজিবই নিবিচাৰে।
লাহেকৈ চকুহাল বন্যাৰ ফালে গ’ল তাৰ। মিঠা বৰণীয়া মুখখন…. বৈ পৰা কেকোঁৰা চুলিখিনি। মুৰৰ ওপৰত চানগ্লাছজোৰ। । এডাল দুডাল চুলি ডিঙিৰ পৰা তাইৰ শৰীৰৰ তললৈ বৈ গৈছে….বগা কুৰ্তাতোত স্পষ্টকৈ জিলিকিছে ক’লা চুলিবোৰ।
খিৰিকীৰে বাহিৰলৈ চাই কিবা বিচাৰি আছে তাই। তাই বাৰু কিয় নিবিচাৰে তাক। তাই বিচাৰা বোৰ নাই নেকি তাৰ তাত…।
পিছফালৰ পৰা অহা গাড়ীৰ হৰ্ণে তন্দ্ৰা ভাগিলে দেৱৰ..
ঘুৰি চালে বন্যাই তাৰ ফালে হাহিঁ এটা মাৰি ..
গহীন ক’লা চকুদুটি.. হাহিঁতো ধুনীয়া। সৰু ওঁঠ দুটিত পাতল ৰঙৰ লিপষ্টিক। ওঁঠৰ ওপৰত অস্পষ্ট এটি তিল। যি কোনো ল’ৰাক আকৰ্ষণ কৰিব পৰাকৈ ইমান বেছি ধুনীয়া নহয় তাই। কিন্তু তথাপিও তাৰ ভাল লাগিছে বন্যাক। তাইৰ সান্নিধ্যই তাক যেন আৰু বেছি পৰিপক্ক কৰি তুলিছে।
সি সঁচাকৈয়ে ভালপায় তাইক । তাৰ ভাললগাবোৰ ভালপোৱা হৈছে.. মাথোঁ বুজাব নোৱাৰে সি তাইৰ ভাষাৰে। বহু ছোৱালীৰ হৃদয় আগতে জয় কৰিছে সি কিন্তু বন্যাক আঁতৰিব নিদিয়ে সি তাৰ জীৱনৰ পৰা। কেতিয়াওঁ নিদিয়ে।
বন্যাই বাৰু কিয় নুবুজে তাক। নে তাইৰ অইন কোনোবা আছে। অইন বয়ফ্ৰেণ্ড? নাহ সি আঁতৰিব নিদিয়ে তাইক।
তাইতো তাৰ লগতে আছে কাষৰ ছিটত বহি । তথাপিও কিয় এনে লাগিল তাৰ যেন তাই বহু দুৰৈত। সি ঢুকি নোপোৱা দুৰৈত।।।
বন্যা……. উচপিচাই উঠিল দেৱৰাজ।।
কি হ’ল দেৱ।।
একো নাই এনেই মাত লগালোঁ…
তুমিও মানে কি যে নহয়।।
বাহিৰৰ আকাশত হেঙুলীয়া ৰঙ.. এতিয়া বেলিয়ে আকাশত ৰঙ আকিব। নদীয়ে জানোঁ ওন্দোলাব মুখ.. ?
পুনৰ যেন উপায়ন্তৰ নদী।
বন্যাৰ নাকত লাগিল দেৱৰাজৰ পাৰফিউমৰ মৃদু গোন্ধ।…
মনত পৰিল সি আধৰুৱাকৈ এৰা হীৰুদাৰ কবিতা ফাঁকি…
“কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে
ল’বলৈ শিকালে |”
উফ্ হীৰুদা…… প্ৰিয় মোৰ…… প্ৰিয় আছিল প্লাৱনৰো………….
_____________
দেৱৰাজক বিদায় দি ততাতৈয়াকৈ হোষ্টেলৰ ভিতৰলৈ সোমাই গল তাই।
হাই ক’ৰ পৰা আহিলি?
বিৰিণাই মাত লগালে। সাজি কাচি ক’ৰবালে যাব ওলাইছে তাই। . হোষ্টেলৰ একে ফ্লোৰৰ ছোৱালী… বিশ্ববিদ্যালয়ৰে ছাত্ৰী। এইটো আচলতে নামতহে প্ৰাইভেট হোষ্টেল। সৰহ সংখ্যক ছোৱালীয়ে ইউনিভাৰ্চিটিৰ।
কাম আছিল ওলাই গৈছিলো..ক’লৈ যাৱনো ।
ডেট আছে।
কৈয়ে হাতখন নিজৰ মুখত সোপা মাৰি দিলে তাই।মিচিককৈ ওলাই আহিব খোজা হাহিঁটো সামৰি।
নতুন বয়ফ্ৰেণ্ড নেকি ? পাৰ্টি দিবি হা…
নহয় বে tinder ডেট… নতুন মাল…
হা হা হা হা হা হা হা মাহত এনেই কিমান ডেটত যাৱ তই..
মনেই নিমিলে চো়ন অ … কি কৰিম মক্কেল বোৰ হে পাওঁ।
আজিৰজন ক’ৰ নো…
আজিৰ জনে উৰি ফুৰে আকৌ ..।
মানে় বাবাটো বেছিকৈ দিয়ে নেকি? জানি বুজি বিৰিণাক জোকালে তাই।
বিৰিণা ইমান ধুনীয়া ছোৱালী। নীলা পেঞ্চিল স্কাৰ্ট পিন্ধিছে তাই, বগা টপ এটাৰে। ষ্ট্ৰেইট চুলিখিনি কান্ধলৈ পৰা।মাজে মাজে ব্ৰাউন ৰঙৰ হাইলাইট। চকুত পাতলকৈ লগোৱা নীলা ৰঙৰ আইশ্বেড’। চকুকেইটা বৰ ধুনীয়া তাইৰ।চকুৰে পাগল কৰিব পৰা ছোৱালী.. ওঁঠত গুলপীয়া ৰঙৰ লিপষ্টিক।
হাহিঁ এটা মাৰি ক’লে তাই, “ধেৎ নহয় বে এয়াৰফৰ্চ পাইলট।”
ইচ্ তামামচোন ।চাবি আকৌ ক’ৰবালে উৰাই লৈ যাব।
হা হা হা হা হা হা হা.
ল’ৰাৰ লগত ডেটত যোৱাটো তাইৰ হবি বুলিয়েই ক’ব পাৰি। অৱশ্যে ল’ৰা পাগল ছোৱালী নহয়।ল’ৰাহে তাইৰ বাবে পাগল। পঢ়া শুনাতো় চোকা। ইংৰাজী বিষয়ত স্নাতকোত্তৰ কৰি আছে তাই। মনটো বৰ ভাল। বেছ ৰঙীয়াল। হোষ্টেলৰ আদ্দা সদায় জীপাল তাইৰ tinder ডেটৰ কাহিনীৰে।।
হাহিঁছিলহে দুয়োটাই, কাৰেন্টোৱে গুচি গ’ল।
উই মা বন্যা…… মোবাইল টৰ্চটো মাৰ না। কাম বন নাই এই ফাল্টু লাইটতো়ৰ মানে.. যাবলৈ ওলোৱা টাইমটোত হে
গ’ল…
পোহৰ আহিব আকৌ তোৰ জীৱনত.. উৰি উৰি।
ধেৎ… হ’ব দেউ। পোহৰে পোহৰ জীৱনত। তোৰতো বৰ ভালেই শুনিছোঁ তামাম মালটো পতালি যে। মইও লাইন দিছিলোঁ জান পাত্তাই নিদিলে।
কাৰ কথা কৈছ নো…
দেৱ মাইনা আকৌ RCC2.. Am I right honey..
No you are not . Yaaa I know him but we are just friend..
হ’ব আৰু কাৰোবাক ভাল নাপালে এঘন্টা হোষ্টেলৰ গেটত নৰয় কোনেও…।দেখিছিলো মই ৰাতিপুৱা।বেয়া নহয় ল’ৰাটো। ভাবিব পাৰ।
বাৰু তই যা মই ৰুমলৈ যাওঁ।বৰ ভাগৰুৱা চাগে। মুখত দুষ্ট হাহিঁ বিৰিণাৰ।
ধেৎ তেনে একো নাই। নাভাবিবিও.. I am not interested.
IIT ৰ বোৰতকৈ ইউনিভাৰ্ছিটি সোৱাদ ভাল পাবি। বাকী তোৰ কথা । IIT ৰ মখাৰ লেৱতেই জীৱন যৌৱন শেষ হৈ যায়।
তোকো পিছত ক’ব বেবী ছালফাৰ ডাই অক্সাইড নে কাৰ্বন মন অক্সাইড….
ধেৎ যাহ এতিয়া ইয়াৰ পৰা আহি কবি আকৌ কি হল। পাৰিলে এইজনৰ লগতে ৰাহি যোৰা মিলাই ৰ’ ।
Oh come on baby .. tinder is not for marriage . But let’s see what will happen…
OKie.. best of luck….
মোবাইলৰ টৰ্চটো মাৰি ৰুমৰ তলা খুলিলে বন্যাই । নৈৠতা নাই। কৰবালৈ ওলাই গৈছে চাগে ।
সিফালে পেঞ্চিল হিলৰ খটখটনি তুলি চিৰি বগাই তললৈ নামি গ’ল বিৰিণা।
উফ্ ভাগৰি নপৰে নে এই ছোৱালীজনী ….. সদায় প্ৰেম কৰি। বন্যাই কিয় নোৱাৰে। কেনেকৈ ইমান সোনকালে পাহৰিব প্লাৱনক । কেনেকৈ বাৰু দেৱৰাজ মৰমত উমলিব তাই।
অভিলাষৰ আবদাৰবোৰ। সকলো জানে সি। বন্ধু হিচাপে সকলো কৰিছে সি কৰিব লগীয়া । চিৰদিন কৃতজ্ঞ তাই তাৰ ওচৰত। নাম নোহোৱা হৈ আছে মাথোঁ অনুভৱ বোৰ। কাৰণ সি সকলো জানে। সি বুজে এতিয়াও প্লাৱনৰ স্মৃতিত মুৰগুজি শুই তাই প্ৰতিনিশা…
প্লাৱনৰ বন্ধ হৈ থকা হোৱাটচ্এপত প্ৰতিদিনেই পঠিয়াই থোৱা মেছেজ। তাই জানে এইটো নাম্বাৰত কাহানিও নোখোলে সি হোৱাটচ্এপ।। কেতিয়াওঁ সিহঁত দুয়ো খালী ভৰিৰে দুবৰি নগছেনে? নহয় চাগে আৰু পাহাৰৰ সেউজীয়াত বিলীন। নহয়। নাচাই দুয়ো আকাশৰ তৰা..।চাগে কেতিয়াও দৌৰি নুফুৰে দুয়ো পাইন গছৰ মাজে মাজে। চাগে।
“মোৰ কেতিয়াবা এটি তৰা হ’ব বৰ মন যায় জানা বন্যা..
না প্লাৱন তুমি তৰা নহ’বা বিলীন হৈ যাবা আকাশত
তাতকৈ তুমি আকাশ হ’বা আৰু মই মেঘ হৈ তোমাৰ বুকুত বাস কৰিম ..
না নালাগে বন্যা তুমি মেঘ হ’ব মেঘবোৰ অশান্ত যাযাবৰ আৰু বৰ উতনুৱা..
কিয় মই আঁতৰি যাম বুলি তুমি ভয় কৰা ন প্লাৱন।
প্লাৱন……. ফেঁকুৰি উঠিল তাই। বৰকৈ মনত পৰিছে তালৈ। ক’ত আছে সি।মনলৈ আহিছে হাহিঁ থকা তাৰ মুখখন। বাৰে বাৰে তাই ফোনটো লগাইছে তালৈ..এবছৰে switch off দেখুৱাই থকা মোবাইলটোত। সেই অচিনাকি নাৰীৰ কণ্ঠস্বৰেও যেন সান্ত্বনা দিয়ে তাইক … The number you have dial is switch off.. তাই জানে কেতিয়াওঁ অন নহয় এই নাম্বাৰটো.. তথাপি যেন মনটোক সান্তনা দিয়া এটি বৃথা চেষ্টা।
কিমান কথা ক’বলৈ আছিল তাক। নকৰে আৰু অভিমান তাই। খং নকৰে। গালি নাপাৰে।গৰম লোতকে তিয়াই নিলে তাইৰ দুগাল.. কপি উঠিল ওঁঠ দুটি।
চিঞৰি চিঞৰি কান্দিব মন গৈছে তাইৰ… ফোনটো লগালে প্লাৱনৰ মাকলৈ.. তেওঁৰো ফোনটো লগা নাই ।
মানুহজনীলৈ মনত পৰি তাইৰ বিষোৱা বুকুখন।
তাইৰ বাবেই সম্পৰ্ক বোৰ শেষ হ’ল নেকি? আত্মগ্লানিত ভোগা বন্যাৰ বিনিদ্ৰ ৰজনীবোৰ…
ৰুমটো অন্ধকাৰে ছানি ধৰিছে…. মম ডাল জ্বলাব জানো?
বুকু বিষোৱা বিৰহৰ ভৰে যেন তাইক কৈছে হিৰুদাৰ কবিতাৰ ভাষাৰে…
“মম ডাল গলি যোৱা দেখিলে মোৰ
বৰ দুখলাগে
তাতকৈ ব’লা আন্ধাৰতে বহোঁ…”
গাৰুটো টানি আনি মুখত সোপা মাৰি ধৰিলে তাই। তাইৰ কান্দোনৰ চিঞৰ বেলেগে শুনিব নালাগে।
……..পৰৱৰ্তী অষ্টম খণ্ডত……..