অন্য প্ৰেম…….(ষষ্ঠ খণ্ড)

……পুনম নাথ……

নদী আৰু নাৰী দুয়োটাই মোৰ প্ৰিয়..
মোক নৈৰ আঁচলৰ বতাহ লাগে …
কিন্তু মই বিচৰা নাৰীগৰাকীৰ জানোঁ সময় হব?
মোক আৰু নদীক দিবলৈ।

হা হা হা হা হা হা হা হা হা হা হা হা হা হাঁহি উঠিল তাইৰ..
শিহৰি উঠে কেতিয়াবা এনেবোৰ কথাত…

আচৰিত এই অভিলাষ, এই অনুভৱী
লৰা জন বিদেশৰ বুকুতে ল’ৰালি পৰা যৌৱন গৰকিলে.. বহু নদীৰ সতে মিতিৰালি কৰিলেও তাৰ আপোন যেন মাথোঁ লুইতখনি….. লুইতৰ পাৰৰ ভটিয়লি পৰ….

হাই হেল্লৰ যুগতো তাৰ চিঠিৰ দৰেই মেছেজ।

কি হ’ল নোকোৱা কিয়? ইমান মনে মনে আছা যে তেতিয়াৰে পৰা .. কি কাৰণত বাৰু মৌনব্ৰত অৱলম্বন কৰিলা.. দেৱে় হাতখন তাইৰ চকুৰ আগত দুবাৰ মান লৰাই দিলে।

টোপনিৰ পৰা খকমকাই সাৰ পাই উঠা মানুহৰ দৰে উঠিলে তাই..

নাই অ এনেই..মানে কথাচোন মই কমেই কওঁ জানাই তুমি..

বন্যাৰ চিলমিল ভাৱনাবোৰত যতি পেলাই দিলে দেৱে.. লুইতখনৰ আগৰ চিকমিকনি এতিয়া আৰু নাই..নাই ৰ’দ আৰু নদীৰ লুকা ভাকু বোৰ. . এফ. এমতো বেলেগ গান বাজি উঠিছে…

বন্যা জু ৰোড পালোঁ.. আগতে ৰেকৰ্ডিং কৰিবা নে কি… সপোন দেখি লোৱা নহ’লে…

ধেৎ নাই অ.. একো সপোন দেখা নাই.. দিনতে কিয় সপোন দেখিমনো…?

দিনত সপোন দেখিব লাগে.. দিনত সপোন দেখা মানুহবোৰ হেনো উচ্চাকাংক্ষী..

ইহ হ’ব আৰু দেই.. কোন মহাপুৰুষে ক’লে এই মহান় কথাফাঁকি..বাবা দেৱৰাজে? ….

হেৰি.. গাড়ী নো পাৰ্কিংত ৰাখিছে যে, কি মানুহহে আপুনি, ফাইন ভৰিব ইম্মান চখ নে..ছাইড কৰক সোনকালে..

পুলিচ জনে খিৰিকীৰ কাষত আহি আচৰিত ভাৱে চালে দেৱলৈ ..লগতে তাইৰ ফালেও..

হঠাৎ যেন নকবলগীয়া কথাহে ক’লে পুলিচজনে..

জাঙুৰ খাই উঠিল দেৱ…

আব্বে কি ইম্মান টকা খোৱা চখ বে তহঁতৰ…মানুহ চিনি পোৱা নাই নিকি..?

হে়ৰি ভুলটো আপুনিয়েই কৰিছে আকৌ মোক কৈছে যে়।
সকলো পুলিচক টকাৰে কিনিব নোৱাৰে বুইছে়।

দাদা বেয়া নাপাব দেই, তাৰ বে়লেগ কিবা খং উঠি আছিল। I am really sorry . আমি ঘুৰাওয়েই গাড়ীখন ৰ’ব। পৰিস্থিতি সম্ভালিবলৈ তপককৈ মাত লগালে তাই।

বাইদেউ এইফালে নহয় আগৰ পৰা ঘুৰাই আনক। যাওঁক যাওঁক সোনকালে।

দেৱ, ষ্টুডিঅ লৈ যাওঁ ব’লা. আগত ডিভাইডাৰ আছে।

গাড়ীৰ ষ্টিয়াৰিংত হাত লগালে সি..

দেৱৰ মুখলৈ চাই ৰ’ল তাই.. কাণখন ৰঙা হৈ গৈছে তাৰ।
কম পৰিমাণে হলেওঁ খং এতিয়াও বিৰাজমান তাৰ মুখত… বাৰে বাৰে চানগ্লাছজোৰ চুইছে.. বগা কু্ৰ্টাটোৰ হাতখনো মাজে মাজে কোচাই গৈছে…

তাক এটি অবুজ শিশুৰ দৰেই লাগিল তাইৰ। সৰু ল’ৰা-ছোৱালীয়ে ককায়েক ভায়েকৰ লগত যেতিয়া কাজিয়া কৰে আৰু মাকে আহি ডাঙৰক একো নকয় সৰুটোক গালি পাৰে। পুলিচটোক একো কৰিব নোৱাৰি হোৱা দেৱ়ৰ ম়ু়খৰ অৱস্থা আৰু এটি শিশুৰ অৱস্থা একেই লাগিল।

ইম্মান খং কিয় তোমাৰ দেৱ..কি হ’ল কোৱাচোন তোমাৰ … আমিয়ে ভুল ঠাইত ৰৈ আছোঁ ন.. …

আৰে চোৱানা তাক কেনেকৈ কথা কয়..তেনেকৈ কথা কয় নেকি? মাক বাপেকৰ বিয়া দেখুৱালো হয় আজি.. তুমি থকা বাবেহে মই মনে মনে থাকিলো।

ভুল হৈছে ন আমাৰ.. তেওঁতো মাত্ৰ কৰ্তব্য পালন কৰিছে তেওঁৰ। এনেকৈয়ে খঙত থাকিবা নে জন্মদিনৰ দিনা.

না়হ খং উঠা নাই মোৰ..

মুখখন ফুলাই আছা কিয় যদি খঙেই উঠা নাই। ন’হলে এটা কাম কৰিব পাৰা।

কি কামনো? চকুৰ ভ্ৰু সামান্য কোঁচাই কলে সি।

WWE খেলিব পাৰা কিন্তু তেখেতৰ লগতৰ মই ৰেফাৰী হম। আপোনা আপুনি সশব্দে হাঁহি উঠি গ’ল তাইৰ হা হা হা হা হা হা হা

যা তা মানে তুমিও। এইবাৰ দেৱৰাজেও হাহিঁত যোগদান দিলে।

বন্যাৰ এনে লাগিল যেন ক্ষমতা আছে বাবেই সি দেখুৱাব বিচাৰে। চাগে অ়তি আলাসত ডাঙৰ হোৱা ল’ৰা। তাই যিমান বুজিছে ল’ৰাজন বেয়া নহয়। মাথোঁ খঙাল, আজি অইন এটা ৰূপ দেখিলে তাৰ। অভিলাষ ইয়াৰ সম্পূৰ্ণ বিপৰীত। তাক জীৱনে শিকাইছে। তাক অভিজ্ঞতাই বুজাইছে।

কোনফালে বন্যা ষ্টুডিঅ তোমাৰ..

আগলৈ ব’লা অপুৰ্ব সিনহা পথটোৰে সোমাই দিবা।

দেৱ…এইফালে বাওঁপিনে ঘুৰাই দিয়া ..পামেই আৰু …
দোকান কেইখন পাৰহৈয়ে ৰৈ দিবা..

মই যামনে তোমাৰ লগত বন্যা..

হাহিঁ উঠি গ’ ল তাইৰ… কি যে কোৱা কিয় নোৱাৰিবা আকৌ… কথা কিছুমান কোৱা আৰু..

নাই মই এইবোৰ ষ্টুডিঅৰ খেল বুজি নাপাওঁ নহয় .. মানে কেতিয়াও সোমাই পোৱা নাই ন.. মানে দেখাও নাই..so allow নাথাকিবও পাৰে।

উফ্ ৰাম কৃষ্ণ এই ল’ৰা টো… আজি দেখিবা আহা.. মই টিভি চেনেলৰ ষ্টুডিঅত নাযাওঁ নহয় অ দেৱ।

এইটো ষ্টুডিঅতে আৰম্ভ হৈছিল জীৱনৰ প্ৰথম ৰেকৰ্ডিং.. প্ৰথম কাম…আগতে একো বুজি পোৱা নাছিল তাই কি এইবোৰ, কাম কেনেকৈ কৰে… কিন্তু এতিয়া অভ্যস্ত হৈ পৰিছে.. বুজি পোৱা হৈ গৈছে কেনেকৈ কাম কৰিব লাগে। জনা হৈ গৈছে কেনেকৈ নিচাক পেছা কৰিব লাগে। শব্দৰে খেল ধেমালি কৰি আজিকালি ভাল লগা হ’ল তাইৰ।বৰ ভাল লাগে সকলো….অনুভৱৰ মাদকতা সুকীয়া। ই শব্দবোৰক এক অনন্য সুখ দিয়ে।লৈ যায় অন্য দেশলৈ। উৰি ফুৰিব পাৰে মনে বিচৰা ধৰণে। য’ত কোনো পাছপোৰ্টৰ প্ৰয়োজন নাই নাইবা ভিছাৰ। আহ কি মজা….

আৰু কিমান ওপৰলৈ যাম অ’ বন্যা। স্বৰ্গই পাম চোন ।।

এই পালোঁ… আহা, জোতাযোৰ খোলা কিন্তু। পিন্ধি থকা বাটাৰ ফ্লেট ছেণ্ডেলযোৰ খুলি তাই ভৰিৰে খেলি কলে…

নুখুলিলে নহ’ব নে?

একদমেই নহ’ব খোলা… আৰু আহা…….

দুৱাৰ খন গাৰ সমস্ত শক্তিৰে থেলি দিলে তাই। আহ্ এই গোন্ধতো.. ষ্টুডিঅৰ ভিতৰত এক অন্য গোন্ধ আছে। যাৰ প্ৰিয় তেওঁৰ বাবে এই গোন্ধ নিচা….. গোন্ধৰ নিচা উফ্…

বাইদেউ আহক আহক , দাদাই কৈ গৈছে আপুনি আহিব বুলি
..
ক্ষীণ মিন সৰু ল’ৰা এটা বহি আছে ডাঙৰ ডাঙৰ মেচিন বোৰৰ সমুখত। কেকোৰা চুলিৰে চকুকেইটা চালেই ধৰিব পাৰি যোৱাৰাতি সি শুৱা নাই। চাগে কামৰ ভৰ।

হাই নতুন নেকি তুমি। কি নাম তোমাৰ?

হয় বাইদেউ. এইবাৰ চাউণ্ড ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ.. বুবু বুলিয়েই মাতিব আপুনিও। বগা দাঁতকেইটা উলিয়াই হাহিঁ দিলে..

মানুহজনৰ তুলনাত দাঁতকেইটা বহুত বেছিকৈ চকচকীয়া।

বাইদেউ সোমাই দিয়ক আপুনি..বেলেগ পাৰ্টি আহিব অলপ পিছতে।

মই সোমাওঁনে বন্যা ।

দেৱৰাজ সোমাই আহিল। কিন্তু যথেষ্ট গহীন। বন্যাৰ লগত থাকিলে হোৱা দেৱৰাজ জন তৃতীয় পুৰুষৰ ওচৰত সম্পূৰ্ণ বেলেগ হৈ যায়। কিন্তু চকুৱে একেখিনি কথাই কয়।

“মোৰ হোৱা মাথোঁ মোৰ আৰু মই তোমাৰ”

আহা মই সোমাই দিওঁ ডাবিংত। তুমি বহা আৰু শুনা।
এইয়া বুবু।

Oh sure sure …..

সেৱা এটা কৰি সোমাই গ’ল তাই ডাবিং ৰুমত ……

দেৱৰাজৰ কাণত বাজি থাকিল বন্যাৰ শব্দ বোৰ….

“দেওঁলগা চৰাই জনীয়ে
নিতৌ জোনাকৰ সাকোঁৰে
সন্ধ্যাক আনে মোৰ পদুলিলৈ…

তেতিয়াই শ্বাসৰ বাবে প্ৰয়োজন হয়
তোমাৰ নিশ্বাসৰ…
অচিনাকি বতাহ জাকতো ম়ই বিচাৰি যাওঁ
তোমাৰ চিনাকি সুবাস

সময়ে সোঁৱৰনিক বোকোচাত বান্ধি লৈ গল
তথাপি মোৰ গাত থাকি গ’ল চোন
তুমি তুমি গোন্ধ… “

_____________

বন্যা কলৈ যাবা CCD নে KFC। দেৰি হোৱা নাই যদি dunkin Oza….ত যাওঁ….

নাহ এতিয়া আৰু GS Road নাযাওঁ নেকি। দেৰী হৈ যাব চোন। CCD তে বহোঁ if you don’t mind…
একাপ একাপ কফি খাওঁ।

আৰে মোৰ কোনো condition নাই তুমি লগত থাকিলে মই নৰকতো সুখী হম … এবাৰ কৈ চোৱা না..

ধেৎ নালাগে দিয়া তুমি নৰকত যাব বৰ্তমান CCD ত ব’লা।
কিন্তু কোনখনত গুৱাহাটী ক্লাৱ নে জু ৰোড..

ব’লা দিঘলীপুখুৰীৰ পাৰৰ খনলৈ.. ৰোমাণ্টিক কফি ডেটলৈ… নে কি কোৱা… কোনে জানে দীঘলী পুখুৰীৰ ৰোমান্টিক বতাহে কিজানি তোমাৰো মন সলনি কৰে। গাড়ীৰ দুৱাৰখন একান্ত বাধ্যৰ দৰে খুলি দিলে সি বিশেষ ভংগীমাৰে। বহা..

আচ্চা বন্যা এই তুমি তুমি গোন্ধ কিনো…..?

সোঁৱৰণী..

মানে নুবুজিলোঁ।

তুমি নুবুজিবা সেইবোৰ নিচা…

আৰে নিচাৰ লগত কলেজৰ পৰায়ে সম্বন্ধ মোৰ.নাম সুধি চোৱা না.. কিমানত কিমান নিচা…তুমিও মানে তাৰমানে
… অ হ’ বন্যা .. .. মানে মোৰ নিচাই তোমাৰো নিচা হয়নে।

মুখত দুষ্ট হাহিঁ তাৰ, যেন খুব আমো়দ পাইছে সি…..

একোয়েই নক’লে তাই….. চকুতো টিপিয়াই দিলে
তাক এইবোৰ কৈ লাভ নাই অনুভৱৰ পৃথিৱীত সোমাব নোখোজা ল’ৰা সি…. সি মাথোঁ বাস্তৱৰ জীৱনতো চিনি পাই।।

“মই পাগল হৈ যাম বন্যা… তুমি তুমি গোন্ধত.. উশাহেৰে ছবি আঁকিছে সি তাইৰ গালত…

মই যদি নাথাকোঁ তুমি কি কৰিবা প্লাৱন …

কেতিয়া আৰু কোনে আঁতৰাব হা তোমাক মোৰ পৰা কোৱা…?

নাজানো.. কিমানটা বসন্ত গৰকিলো দুয়ো একেলগে।
কিন্তু আজিওঁ তোমাক হেৰুৱাৰ প্ৰতিদিনেই মোৰ ভয় হয় জানা প্লাৱন .. তোমাক হেৰুৱাৰ।

তাৰ বুকুত কুচি মুচি সৰু ছোৱালী জনী হৈ পৰিছিল তাই…
তাক সজোৰে সাবতি। যেন সোমাই পৰিব তাৰ মাজত।
কিমান সময় বাৰু তেনেদৰেই আছিল দুয়ো…

তাৰ বুকুত তাইৰ নিশাহৰ ঘৰ.. তাৰ হাতত তাইৰ আঙুলিৰে দুয়োৰে ভৱিষ্যতৰ সপোন আঁকিছে তাই…সিহঁতৰ সমুখৰ পাহাৰখন যেন সাক্ষী হৈ আছে মাথোঁ … সেই ক্ষণৰ ..
দুটা উন্মাদ প্ৰেমিক চৰাই…
মনে বিচৰা ধৰণে দুয়ো মাথোঁ ঘুৰি ফুৰিছে উতনুৱা হৈ… বন্যাত বিলীন হৈ থকা প্লাৱন

তুমি মোৰ বন্যা মাথোঁ মোৰ……..

কিয় নোহোৱা হৈ গ’ল সি তাইৰ জীৱনৰ পৰা . বন্যাক বেলেগৰ হ’বলৈ দি.. এবাৰো কিয় নুসুধিলে কি কৰিব তাই.. কেনেকৈ থাকিব তাৰ অবিহনে.ইমান স্বাৰ্থপৰ কেনেকৈ হ’ব পাৰিলে…

যিজন ল’ৰাই তাইৰ সতে পাৰ কৰিছিল তাৰ যৌৱন..আজিওঁ বুজা নাই তাই, তাইৰ ভুলটো কোনখিনিত হ’ল। আৰু কিমান দিনলৈ তাৰ স্মৃতিয়ে আমনি কৰিব তাইক.।ক’ত আছে বাৰু সি এতিয়া ….

হেই বন্যা পালোঁ নামা?

সেমেকা চকুৰে তাইৰ চকু গ’ল দেৱলৈ……. সি বাৰু নাজানে নেকি একোয়েই। নে জানি বুজি সোমাব আহিছে বন্যাৰ জীৱনত।
হেৰাই যোৱা সপোনবোৰ কিয় নতুনকৈ ফুলাবলৈ খোজে সি।
কিয়?

বন্যা কুল কফি নে হত.মই কিন্তু কুল খাম।

বন্যাৰ চকুৰ কোনত এটোপাল চকুপানী.. দেৱে দেখিব নালাগে।

মইওঁ কুলেই খাম দিয়া…
বিশেষ ভংগীমাৰে চুলি খিনি ঠিক কৰাৰ দৰে কৰি তাই আঙুলিৰে মচি দিলে চকুপানী।
সি তলকিবই নোৱাৰিলে।

দেৱ কি উপহাৰ লাগিব তোমাক কোৱা আজি?

দিবানে যি বিচাৰোঁ….

তাইৰ বুকুখন ধপ-ধপাই গ’ল, কিহে পাইছিল বাৰু তাইক সুধিবলৈ….. যিহে পাগল ল’ৰা কিবা সোধে….

চাওঁ নাচাওঁকৈ তাৰ তীক্ষ্ণ চকু দুটিলৈ চালে তাই তালৈ় । জেদৰ লগতে মৰম ফুটি উঠা দুচকু । সেই গভীৰতা বুজিবলৈ তাইক যেন বহু সময় লাগিব।

সামান্য অভিমানে যেন কৈছে….

“আৰু কিমান দিন এনেকৈয়ে
তোমাৰ হৃদয়ৰ পদুলিৰ পৰাই উভতিম..
আৰু কিমান ৰাতি
তোমাৰ মৰমৰ বাবে উচুপিম”…

বন্যা, কোৱা দিবা নে মই যি বিচাৰোঁ….. আৱেগিক কণ্ঠই ভেদি় গল তাইৰ কাণখন….

তাইৰ গোটেই মুখমণ্ডলত পিয়াপি দি ফুৰা তাৰ চকুজুৰিয়ে তাইৰ ওঁঠদুটিক ফুচফুচাই কব বিচাৰিছে –

“মোক নিশাহ হৈ বলিব দিয়া
তোমাৰ ওঁঠত
নহলে উশাহ হৈ উভতি যাওঁ দিয়া
তোমাৰ হৃদয়ত “

…………. পৰৱৰ্তী সপ্তম খণ্ডত……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *