অন্য প্ৰেম…….(পঞ্চম খণ্ড)

…..পুনম নাথ…….

অই নৈৠ মই যাওঁ।

ক’ত যাৱ বন্যা এই ৰ’দখনত।?

আহো ক্লাছৰ পৰা..আইডলৰ ক্লাছ চলি আছে। তই নাযাৱ নেকি

নাযাওঁ আজি গাইডে নালাগে ক’লে। বাৰ বাজিলেই চোন তই কি কৰিবি নো গৈ।

এহ এটা ক্লাছ কৰিম আৰু শুন আহোঁতে দেৰি হব পাৰে মোৰ কাম আছে..

বন্যা তই নামতহে এডমিশ্যন লৈছ নে কি। পঢ়াতো মন কাণ নিদিয়।

এহ মন নাযায় অ, এবাৰ মাষ্টাৰ্ছ কৰাৰ পিছত ধৈৰ্য্য নাথাকে আৰু পঢ়িবলৈ।

তইহে জান আৰু কি কৰিব খুজিছ। এনেওতো কাৰো কথা নুশুনই। মই নকওঁ আৰু ফেইল কৰিলে গম পাবি।

নকৰোঁ দে ফেইল মই। চকুত ছানগ্লাচ পিন্ধি মুখ ভেঙুচাই কলে তাই

আৰে চাওঁ চাওঁ নতুনকৈ চানগ্লাচ ললি..?

Yes, ভাল লাগিল লৈ ললোঁ..

তোৰ মানে কৈছোঁ নহয় পইচাৰ অসুবিধা হৈ থকা নাছিল জানোঁ আকৌ ল’লি যে দহযোৰ মান চানগ্লাচ আছেই দেখোন..

ইহ্ মই আকৌ অলংকাৰ নিপিন্ধো নহয় তোৰ নিচিনাকৈ..

পিন্ধিব লাগে অলংকাৰ, তইও পিন্ধিবিচোন ছোৱালী মানুহৰ শুৱনি হয়..

ইচ্ মোৰ চোন লাজ আছেই ইমান, লাজেই ছোৱালীৰ অলংকাৰ আইতাই নকয় জানোঁ হা হা হা ।

পিছে হীৰাৰ আঙুঠি এটা পিন্ধিব মন নথকা নহয়।

আই ও, হয়নে এইজনী চানগ্লাচ আৰু কাপোৰ, পাৰফিউমতে যিমান টকা শেষ হয় তোৰ.. এটা কিনিবই পাৰিলিহেঁতেন…

হা হা হা হা হা

বাৰু যাওঁ মই.. দেৰি হ’ব ।

ধুনীয়া লাগিছে কিন্তু দেই,.. আজি কোনোবাই উঠাই নিবহে কিন্তু.. অই অভিলাষ আহিব নিকি..তাকেই ক’বিচোন হীৰাৰ আঙঠি এটা অনামিকা আঙুলিত পিন্ধাবলে ?

তই মোক অভি অভি কৰি নাথাক দেই.. খং উঠিলে কিন্তু চাবি.. একো নাই সেইবোৰ আমাৰ..

জানোঁ জানোঁ মইও জানোঁ তোমাৰ হিয়া মইও চিনো (নৈঋতাই জুবিন গাৰ্গৰ গান চিঞৰিব ল’লে)

ধুৰ পাগল জনী চিঞৰি থাক, মই যাওঁ…কাম বন নাই মানে যা তা আৰু…

ভাবক যি ভাবি থাকে, মানুহৰ ভাবনাবোৰ জানোঁ সলনি কৰিব পাৰি..?

___________

গেটখন খুলিয়েই থমকি ৰ’ল বন্যা..দেৱৰাজ…

সি ইয়াত মানে তাইৰ হোষ্টেলৰ সমুখত যে.. মুৰত আকাশী সৰগ ভাগি পৰিল যেন লাগিল তাইৰ..

কলা স্ক’ৰপিঅ খনত আউজি ৰৈ আছে সি..বগা কটনৰ দীঘল কামিজ, হাতটো কোঁচাই লৈছে,বুকুৰ ওপৰৰ দুটা বুটাম খোলা, ৰ’দৰ পোহৰত তিৰবিৰাই উঠিছে ডিঙিৰ সোণৰ চেইনডাল, ডেনিম ৰঙৰ জীনচ্, চকুত ৰাইবানৰ ছানগ্লাছ,হাতত চাবিটো লৈ ঘুৰাই আছে,
কপালত এটি তিলক।

খুব সম্ভৱ সি মন্দিৰৰ পৰা আহিছে..ওখ পাখ পাহুৱাল সুদৰ্শন যুৱক.আজি একদম ৰাজনৈতিক নেতা নিচিনা লাগিছে. নাইবা কোনো চিনেমাৰ হিৰো, ছোৱালীবোৰ পাগল কিয় নহব সচাঁই সুন্দৰ ব্যক্তিত্ব..তাইক দেখিয়ে হাহিঁ মাৰি দিলে সি।

তুমি ইয়ালৈ কিয় আহিছা দেৱ… স্বাভাৱিকতে অস্বাভাৱিক হ’ল বন্যা।

ছাপ্ৰাইজ.. মিচিকিয়াই হাঁহি এটা মাৰিলে..

এৰা ছাপ্ৰাইজ নোপোৱা বহুদিন হ’ল তাইৰ.. তাতে আকৌ দেৱে কলা স্ক’ৰপিঅ খন লৈ আহিছে..
মানুহ বেলেগ কামবোৰ একেই, গাড়ীৰ ৰং একেই নাম্বাৰ প্লেটখন বেলেগ..
আকৌ একেই নহয়তো..

হৈছে কি তোমাৰ বন্যা.. দহদিনৰ বেছি হল খবৰ নাই.. ফোন কৰিলেও ৰিচিভ নকৰা, হোৱাটচএপত মেছেজ নোচোৱা.. ফেচবুকৰ একাউণ্ট বন্ধ.. এনেকৈ পলাইছা কিয় মোৰ পৰা..ভালপাওঁ বুলি কওঁতেই এনেকৈ পলাইছা যে.ভুল কৰিলোঁ নেকি কিবা .। ভালহে পাওঁ।

মই অলপ ব্যস্ত আছিলোঁ অ দেৱ,

ঠিতাতে মিছা কথাষাৰ ক’ব মন যোৱা নাই. কিন্তু তাই ফালৰি কাটিব বিচাৰিছে তাৰ কথাষাৰৰ পৰা।

ফোন ৰিচিভ নকৰা যে ক্লাছতো পোৱা নাই তোমাক..
তোমাৰ কোনো বন্ধু-বান্ধৱ নাই নে কি ক্লাছত।কি আচৰিত ছোৱালী ডিপাৰ্টমেন্টৰ কোনেও খবৰ নাজানে তোমাৰ।
আচৰিত ছোৱালী তুমি কাকো নাম্বাৰও় নিদিয়া নে।
না ক্লাছ কৰিছা কি কৰিব এডমিশ্যন লৈছা তুমি। আইডলত হলেওতো় ক্লাছ কৰিব লাগে ন।
তাতে তুমি সাংবাদিকতাৰ ছাত্ৰী।

কৈছোঁ নহয় অলপ ব্যস্ত হৈ আছিলোঁ.. কিয় লাগে তোমাক ইমান। মো়ৰ ব্যক্তিগত কথা.পঢ়ি আছোঁ নহয় মই. মই ছিনিয়ৰ তোমাতকৈ বুইছা দেৱ। অলপ বিৰক্তিৰে কৈ উঠিল বন্যাই।

হাৰে, খং কিয় কৰিছা.ছিনিয়ৰ গিৰি দেখুৱাইছা হা হা হা খবৰ পোৱা নাই ইমান দিন, দেখা নাই তোমাক.. চিন্তা হৈছিল ন সেইবাবেহে।
I care for you.. Any problem মোক ক’বা না়। just one call.

নকৰিবা চিন্তা মো়ৰ কাৰণে। কিয় কৰিবা তুমি

“কোনোমতে কথা কেইটা ক’লে় তাই। কি হৈছে এই লৰাজনৰ। কিয় এই বলিয়ালি। পাগল হৈ যাব তাই।”

তুমি ইয়ালৈ কিয় আহিছা দেৱ..কোনে ক’লে তোমাক মই ইয়াত থাকো বুলি..

অন্তৰেৰে বিচাৰিলে হেনো ভগৱানকো পায়.. তোমাৰ ঠিকনা নাপামনে…?
ভগৱানৰ ওচৰৰ পৰায়ে আহিলোঁ ঠিকনাও কৈ দিলে..

খুব কম মানুহে জানে তাই ইয়াত থাকে বুলি। তই ইয়াত প্ৰাইভেট হোষ্টেলত থকা বুলি । অৱশ্যে দেৱৰ দৰে হাত দীঘল ছাত্ৰ নেতা জনে ঠিকনা উলিওৱাতো বাৰু একো ডাঙৰ কথা নহয়..

মই বেয়া পাইছোঁ তোমাক দেৱ …

ভালতো নোপোৱাই বেয়াই পোৱা..কিন্তু প্লীজ আজি মোৰ ওপজা দিনটোত গালি নিদিবা না মোক.. বন্যা today is my birthday..

অহ হো, কি কোৱা.. I am extremely sorry. Many many happy returns of the day..পাৰ্যমানে কোমলকৈ কব চেষ্টা কৰিলে তাই।

বন্যা, বলা যাওঁ ফুৰিবলৈ .. না নকবা না
আজি বহুত বেয়া লাগিব .পাপা মা দুয়ো দিল্লীত আছে..সেইবাবেই তোমাৰ ওচৰলৈ আহিছোঁ। ৰাতিৰ পাৰ্টিলৈ তোমাক নামাতো নোযোৱা বুলি মই জানোঁ, সেয়ে এতিয়া ব’লা ..

এহ্ তুমি আগতেই না নকবা বুলি বনাই লোৱা চুক্তি খনত emotional কৰি মোৰ চহী লৈয়ে লোৱা। কিন্তু আজি নহব
মোৰ ক্লাছ আছে পিছত মই ষ্টুডিঅ যাব লাগিব .. দেৱ মই নোৱাৰিম..

হাৰে ক্লাছত এদিন নগলে একো মহাভাৰত অশুদ্ধ নহয় দিয়া.. ষ্টুডিঅলৈ মই লৈ যাম.. মোৰো চোৱা হব, এইবোৰ লাইভ মইওঁ চাই পোৱা নাই।

না মই ক্লাছত যাম, পৰীক্ষাতে বহিব নিদিব মোক attendance নাথাকিলে।

কোনে ক’লে তোমাক ন’ উল্লু বনায়িং।
বন্যা I know It’s distance education .আৰু যদি নিদিয়েও মো়ক কবা.. it’s under gauhati university মইতো আছোঁৱেই।

পাৱাৰ দেখাইছা মানে বিশ্ববিদ্যালয় খন কি তোমাৰ ঘৰৰ নেকি..

ঘৰৰ নহয় কিন্তু আপোন..

এৰা গৌহাটী বিশ্ববিদ্যালয় সকলোৰে আপোন… কৃষ্ণচূড়াৰ দেশৰ সুবাস এবাৰ পালে পাহৰিব নোৱাৰে কোনেও..

বন্যা ইমান দিন চোন যোৱাই নাই ক্লাছত তুমি আৰু এদিন নগলে মানে কি হব।

বন্যা এতিয়াহে ফচিল। কি কৰিব তাই এই লৰাজনক। তাই কিয় না কব নোৱাৰে তাক।তাই ভাললগা একো গুনৰে অধিকাৰী নহয় সি তথাপি যেন ওচৰ পালেই তাইক যাদু মাৰি বশ কৰি লয়। মায়াঙৰ যাদু।
হে প্ৰভূ .. কি কৰোঁ এতিয়া!

সচাঁ কথা কবলৈ গলে তাই পলাব খোজে তাৰ পৰা.. কিন্তু দেৱ নাচোৰবান্দা..

কি ভাবি আছা চিন্তামণি।

ধেৎ বৰ লাজ পালে তাই। যেতিয়াই তেতিয়াই ভাৱনাত বুৰ যায় তাই।

ক’ত যাম সেইটো তুমিয়ে কোৱা দেৱ …

ইউনিভাৰ্চিটিটে বহোঁ ব’লা আৰ্টছ কেন্টিনত.. নে চেনীপুলত বহিবা বন্যা হা হা হা হা হা হা হা

নবহোঁ দেই এতিয়া ইউনিভাৰ্চিটিত তাতে চেনীপুল..গোটেই ইউনিভাৰ্চিটি ৰজনজনাই যাব এনেয়ে তুমি মাইনা সমাজত সাংঘাটিক ফেমাছ। তাতে RCC 2 তোমাৰ হোষ্টেলও ওচৰত..

উফ্ কোনোপধ্যেই তাই নবহে তাৰ লগত..

হা হা হা হা হা হা হা হা হা তুমি ইমান কিয় ভাবা

ব’লা ষ্টুডিঅলৈ যাওঁ। কিন্তু মই কাপোৰ….

ধুনীয়া লাগিছে বহুত.. কাপোৰৰ ৰঙো মিলিছে চোৱা দুয়োজনৰে.. বগা – বগা (একোকো়বে মুখৰ কথা কাঢ়ি ক’লে সি)

ধেৎতেৰি, কি যে মানে..

বলা বলা উঠা, গাড়ীৰ দৰ্জাখন খুলি দিলে দেৱৰাজে়।

কিবা আচহুৱা লাগিছে তাইৰ কথাবোৰ., উঠো নে নুঠো, পিছফালে চাই দেখিলে খিৰিকীৰে হোষ্টেলৰ ছোৱালীবোৰে চাই আছে..উফ্ কিবা আচহুৱা লাগিছে তাইৰ..
পুনৰাবৃত্তি নিবিচাৰে আৰু কিছুমান বস্তুৰ.. ততাতৈয়াকৈ গাড়ীৰ আগচিটত বহি ললে তাই।।
________________

তুমি মোক ইমান বেয়া কিয় পোৱা বন্যা.. কেতিয়াবা কিবা বেয়াকৈ কৈছো জানোঁ মই

কিয় বেয়া পাম..

ভালতো নোপোৱা..

হাৰে, হাহিঁ উঠি গল তাইৰ..

ফোঁটটোত লৈ যে ক’ত মন্দিৰত গৈছিলা কোৱাচোন..

লংকেশ্বৰ মন্দিৰত.. তুমিতো প্ৰতি সোমবাৰে যোৱা ন..

আচৰিত হৈ গল তাই,

ইমানবোৰ খবৰ ৰাখিছা যে, কত যাওঁ কি খাওঁ, ক’ত থাকোঁ .. অপহৰণ কৰাৰ মতলব নিকি..?

হা হা হা হা হা.. বিচৰাজনৰ খবৰ ৰাখিব লাগে..

উফ্ ইমান ফ্লাৰ্ট কৰে ও এইজনে।।

কাৰ গাড়ী এইখন..

মোৰ কিয়..?

তোমালোকৰ ঘৰৰ নে তোমাৰ..

মোৰ মানে মোৰ..

তুমি ক’ত পালাহে ইম্মান টকা..তুমিওতো ছাত্ৰয়ে হয় ন? বয়সো মোৰ সমানে মোতকৈ সৰুহে হবা চাগে এবছৰ মান..কিবা নকৰিব লগীয়া কাম কৰি থকা নাইতো..

তোমাতকৈ সৰু নহয় আৰু.বয়সৰ কথা শুনিয়েই ভেকাহি মাৰি উঠিল সি।

আৰু গাড়ী লবলৈ কিমানো টকা লাগে..
(যেন নকবলগীয়া কথাহে কলে তাই)

তাইৰো খুবেই প্ৰয়োজন গাড়ী এখন কামবোৰত অহা যোৱা কৰোঁতে আধা সময় চিঠিবাছতে পাৰ হয়..মনটোৱে বিচাৰিলেও পকেটে অনুমতি নিদিয়ে. বেয়া লাগে তেতিয়া যেতিয়া লোকৰ টকা খোৱা দালাল বোৰে সদায় পদুলিৰ ধুলি উৰোৱাই যায় ন ন ৰঙৰ বাহনেৰে.. দেৱকো ইমান সহজ লগা নাই তাইৰ..ভাল পথেৰে কোনো ছাত্ৰ এজনে ইমান উপাৰ্জন কৰিব নোৱাৰে..।

কি ভাবত বিভোৰ হৈ আছা বন্যা ৰাজকুমাৰী ..

ভাবিছোঁ আলাউদ্দিনৰ চাকিটো পোৱা হলে..

হা হা হা, কি বিচাৰিলা হয়..?

মোৰ বাবে পাখি দুখনি একদম maleficent চিনেমাৰ এঞ্জেলিনা জলিৰ দৰে আৰু মেঘৰ মাজত এটি ঘৰ.. যাৰ ৰঙ প্ৰতিদিনেই বেলেগ হব সুৰুযৰ কিৰণৰ লগত.. আৰু মই ওপৰৰ পৰা সকলোকে চাম .

হেহ.. কিনো কোৱাহে..

কি হ’ল ইমান আচৰিত হৈ চাইছা যে নকবলগীয়া কিবা ক’লো নে কি…?

নাই নাই… বেলেগ ছোৱালীয়ে হলে চাগৈ শ্বপিং মল এটা বিচাৰিলে হয় আৰু মোৰ দৰে এটা বয়ফ্ৰেণ্ড..

ইচ্ ইচ্ আৰু তুমি কি বিচৰিলা হয় দেৱ

মই আমেৰিকাৰ ৰাষ্ট্ৰপতি হব বিচাৰিলো হয়..প্ৰেচিডেণ্ট অৱ ইউনাইটেড ষ্টেটছ।
আৰু বন্যা ৰাজকুমাৰীৰ ৰাজকুমাৰ হবলৈ..বেঁকাকৈ হাহিঁ মাৰি দিলে বেৰীয়া দাতঁটো উলিয়াই..

উফ্ ৰাম.. দেৱ হব আৰু দেই..
প্ৰেমৰ প্ৰস্তাৱ ৰখাৰ এটা সুযোগ এৰি নিদিয়ে ই.

হা হা হা হা, কি হ’লনো.. ইমান খংত চাইছা যে..

মোক পাখি কিয় লাগে জানা যাতে তুমি ভালপোৱাৰ কথা কলেই যাতে মই উৰি গুচি যাব পাৰোঁ..

আৰে ভালপাওঁ মানে ভালপাওঁ। বচ্ আৰু একো নাজানোঁ,
দেৱে চাই ৰল তাইৰ ফালে..

হ’ব হ’ব গাড়ী চলোৱা ভালকৈ..মোৰ দেৰী হব ৰেকৰ্ডিং আছে..

একদম সহ্য হোৱা নাই তাইৰ.. নিবিচাৰে এনেকৈ কোনোবাই চোৱাটো. এইবোৰ ক্ষন্তেকীয়া ভাললগা, .. কালিলৈ হয়তো অন্য বন্যাক চাব.. অন্য কাৰোবাৰ প্ৰেমত মতলীয়া হ’ব, অন্য কোনো বন্যাৰ দুচকুৰ নীলাত বুৰ যাব.. তাই জানে বস্তু নোপোৱালৈ হে সকলোৰে হাবিয়াস থাকে.

বাহিৰলৈ চালে তাই, ব্ৰহ্মপুত্ৰ খন বৈ আছে শান্ত সৌম্য হৈ
আৰু তাৰ ওপৰত প্ৰখৰ ৰ’দ বিয়পাই বেলিটো। যেন এই মুহূৰ্তত পি পেলাব নৈৰ গোটেইখিনি পানী হেঁপাহ পলুৱাই..
আৰু উপায়ন্তৰ হৈ মাথোঁ নিজৰ গতিৰে বৈ গৈছে নৈ খনে।আৰু নৈক কিৰণবোৰেৰে খেদি আছে মাথোঁ বেলিটোয়ে .. উফ্ কি নিৰ্লজ্জ ৰ’দ।

ইফালে আকাশ ফালি গৈ আছে বিজুলীৰ তাঁৰ বোৰ, গৈ আছে আৰু গৈ আছে মাথোঁ তাইৰ লগে লগে…
যেন এক প্ৰতিদ্বন্দিতা চলিছে কোনে আগত পাব…

বন্যাই মাথোঁ উপভোগ কৰি গৈ আছে.. নদী আৰু ৰ’দৰ লুকাভাকু লগতে বিজুলীৰ তাৰেঁ তাইৰ লগত খেলা দৌৰা দৌৰিৰ খেল..

ৰ’দে তাইকো় চুমিচে ।বেয়া লগা নাই তাইৰ ৰদৰ চুমা।

মুখত ৰ’দ পৰিছে তোমাৰ বন্যা। ছাল পুৰিব। sun visor খন তললৈ হাওলাই দি ক’লে সি।

যেন এই মুহূৰ্তত সি ৰ’দকো় স্পৰ্শ কৰিব নিদিয়ে তাইক।কোনোপধ্যেই সহ্য নকৰে সি অইন কাৰোবাৰ উপস্থিতি দুয়োৰে মাজত। কিয় এনেকুৱা দেবৰাজ?
জো়ৰকৈ কিয় লাগে তাক বন্যাৰ ভালপোৱা। মোৰ মানে মোৰ, ভালপাওঁ মানে ভালপাওঁ ।
ভালপোৱা জেদ জানোঁ।
নে সি মৰম আকলুৱা. নে সচাকৈ ভালপায় তাইক ..

দেৱলৈ চালে তাই..

তাৰ চকু নিবদ্ধ সমুখৰ পথত। মাজে মাজে দুচকু আবদ্ধ তাইৰ মুখমণ্ডলত .আজি যেন তাৰ ভালপোৱাৰ দিকচৌ বাটতো তাইৰ হৃদয়ৰ কেকুৰিটোৰ পিনেই পোনাইছে।

সুখ আৰু হাহিঁ সন্মিলিত মুখমণ্ডল। তিৰবিৰাই থকা মাজে মাজে সৰু হৈ যোৱা চকু দুটাৰে যেন বহু কথাই ক’ব বিচাৰিছে সি তাই শুনিব নিবিচাৰা..

ঠিক সেই মুহূৰ্তত গাড়ীত এফ ম বজি উঠিল কোনোবা ৰেডিঅ জকিৰ সুৰীয়া মাত –
মই আপোনাক শুনাম মনৰ কথা.. শুনি থাকক মাত্ৰ মোৰ চেনেলত –

আৰু বাজি উঠিল ed sheeran জনপ্ৰিয় গীত-

I’m in love with the shape of you
We push and pull like a magnet do
Although my heart is falling too
I’m in love with your body…
Oh—I—oh—I—oh—I—oh—I
I’m in love with your body

ইফালে দেৱৰাজৰ হাতৰ অবাধ বিচৰণ গাড়ীৰ ষ্টিয়াৰিংত.. আৰু লগে লগেই গানৰ সুৰত সুৰ মিলাই আঙুলিৰ টোকৰ..

গানটোৱে সঁচাই তাৰ মনৰ কথাবোৰে কৈছে নিকি বাৰু…দেৱৰাজৰ প্ৰেম তাই ভবাৰ দৰেই নে বেলেগ।
হঠাৎ যেন অনুসন্ধিৎসু হৈ পৰিল তাইৰ মন দেৱৰাজ বৰকটকী নামৰ যুৱকজনৰ প্ৰতি।মনত নানান ভাৱ আহি গ’ল তাইৰ…এসোপা মান শব্দ ঘুৰিব ললে চকুৰ আগত

প্ৰেম, ভালপোৱা, নিচা,
আশা, হেঁপাহ, সপোন – সব বনৰীয়া.. উফ্

তাইৰ চকুগ’ল দেৱৰ মুখমণ্ডলত। মুখত ৰহস্যময় হাহিঁ আৰু চকুৰ চাৱনিয়ে যেন কৈছে –

আৰু কিমান ভালপালে তুমি মোৰ হ়’বা?
আৰু কিমান উজাগৰী ৰাতি
উপহাৰ দিলে তুমি মোৰেই হবা?
মাথোঁ মোৰ…

বুকুখন হঠাৎ চিৰিংকৈ উঠিল তাইৰ, কথাবোৰ বহুত একেই তাৰ লগত। সেইবাবেই না নকয় নেকি তাই দেৱৰাজক। একেই জেদ।

সুধি দিব নেকি তাই দেৱক,

প্ৰেমৰ গভীৰতা কিমান গভীৰ।
তাৰ ভালপোৱাৰ চহৰত কি কি আছে বাৰু তাই নেদেখা।
তাৰ প্ৰেমৰ সংজ্ঞা তাইৰ দৰেই নে বেলেগ …..
নে তাৰ ভালপোৱাত কোনো সংজ্ঞাই নাই… ভালপোৱা মানে ভালপোৱা….. প্ৰেম মানে প্ৰেম

তাইৰ বাবেনো প্ৰেম কি ভালপোৱা কি…
সৃষ্টি নে পোৱা নোপোৱাৰ মাদকতা.. দুখ বিৰহ নে হুমুনিয়াহ ….

নে বহুমাহৰ বাবে তাইৰ আকাশ বিষন্ন কৰা এটি অতীত
য’ত আছে মাথোঁ বহু ৰাতিৰ নেদেখা দুখ, বহু সুৰুযৰ ধুসৰ পোহৰ..বহু হেৰুৱা আশা . তাইৰ প্ৰেম মানে কি সচাকৈ প্লাৱন বৰুৱা।
আকৌ মনত আহিল নামতো… প্লাৱন যাৰ বাবেই তাই জীয়াইছিল যাৰ বাবেই তাইৰ পৰিচয় হৈছিল ভালপোৱা নামৰ শব্দটোৰ সৈতে। প্লাৱন ক’ত আছে বাৰু সি এতিয়া..

প্ৰেম মানে বাৰু তাইৰ দুখৰ ৰাতিৰ কলা বোৰক বহু কষ্টেৰে বগা কৰিব খোজা অভিলাষ নেকি? যিয়ে তাইৰ শূন্যতাত আকৌ আশাৰ সংখ্যাবোৰ আনিছিল। তাইৰ ক্লান্ত ৰাতিবোৰক হেজাৰ আশাৰ সপোনেৰে অক্লান্ত কৰি ৰখা অভিলাষ জন। সেইবোৰ বাৰু তাৰ প্ৰে়ম আছিল জানোঁ?

হ’ব জানোঁ তেনে প্ৰেম দেৱৰাজৰ ….?দেৱৰাজ .
আপোনা আপুনি ওলাই আহিল তাইৰ মুখেৰে দেৱৰাজৰ নাম

কোৱা বন্যা ……………………

ধেৎতেৰি কি সুধিব তাই এতিয়া দেৱক…..

হঠাৎ মোবাইল স্ক্ৰীণৰ notification ত
জিলিকি উঠিল অভিলাষৰ মেছেজ…..
____________

…….(পৰৱৰ্তী ষষ্ঠ খণ্ডত)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *