…..পুনম নাথ…
আকাশ খন চা চোন.. ভিন্ন ৰঙ হৈছে ন..
সৌখন চা তোৰ আই আই টি.. পুৰা নক্সা অংকন কৰিব পাৰিব তাই বিশাল কেম্পাছটোৰ। একদম সৰু সৰু লাগিছে পাহাৰৰ ওপৰৰ পৰা…
বন্যা তলৰ মানুহ বোৰ চা না কি সৰু সৰু লাগিছে… হা হা হা.. মিৰিন্ডা দুটা লৈ আহো ৰ.খাবিনে।
চিপচ লৈ আহিবি চোন..
অই তইচোন জীম গৈ আছ… আকৌ চিপচ্..তোৰ নাম বন্যাৰ পৰা বাহুবলী হব কিন্তু দুদিন পিছত…
মাৰ লাগে তোক হা…তাই হাতখন দাঙিছিল হে এক প্ৰকাৰ দৌৰাৰ নিচিনাকৈ গ’ল সি..
এই ঠাইখিনি খুবেই আপোন তাইৰ.. মন ভাল লাগিলেও আহিব পাৰে আৰু বেয়া লাগিলেও..
আজিকালি খুব কমেই অহা হয় ইয়ালৈ ..বহুতে নাজানেই এই ঠাই খিনিৰ কথা.. দিনত বা ৰাতি ৯ মান বজালৈ ঠাইখিনি ঠিকেই থাকে.. কিন্তু পিছলৈ আচহুৱা হৈ পৰে….বহু উদণ্ড যুৱকৰ আড্ডাৰ থলি। বহু যোজন দুৰলৈ মানুহ নাথাকে। যিমান ৰাতি হয় সিমানেই নিচাসক্ত উতনুৱা যুৱকবোৰৰ আগমন ঘটে.. আৰু গভীৰ নিশা পাহাৰৰ পৰা পশুৰাজো হেনোঁ নামি আহে প্ৰায়ে..
লাইন গাড়ী নচলে ওপৰলৈ.. কামাখ্যা মন্দিৰলৈয়ে যাতায়ত সীমাবদ্ধ … কোনোবা আহিলেও বাইক নাইবা নিজা বাহন লৈ আহিব পাৰি…ওপৰত আৰু এটা মন্দিৰ.. বহু মানুহ আহে পুজা কৰিবলৈ সেয়ে বহা ঠাইখিনিৰ আশে পাশে সীমিত দোকান পোহাৰ আছে…
আগতে প্ৰায় আহিছিল তাই ইয়ালৈ… এবাৰ দুবাৰ… বহুবাৰ
এদিন জোনাক ৰাতি আহিম হা..
কিয়..?
ৰাতিৰ পাহাৰ দেখা নাই সেয়ে.. জোনটো বহু ওচৰৰ পৰা দেখিম…জোনাকী পৰুৱা উৰি ফুৰিব চাৰিওফালে.. ওপৰত ৰাতিৰ আকাশখন তৰাফুলে বুটা বাচিব, অচিনাকি চৰাইৰ কিৰিলি শুনিম..নাইবা জিলিৰ মাত.. পাহাৰত প্ৰতিধ্বনি হৈ আহিব আৰু অইন বহুতো শব্দ..মলয়া বতাহ বোৰে মাজে মাজে চুমা দি যাব আমাক দুয়োজনকে..
তুমি কোনখন পৃথিৱীত থাকা অ বন্যা.. জানা তুমি মোকো অইন গ্ৰহৰ বাসিন্দা সজাই পেলোৱা..
খিলখিলাই হাঁহি উঠিছিল..একদম পাহাৰী বন্যা, যেন এতিয়াই বৈ গৈ গোটেই ভৈয়ামখনকো তিয়াই পেলাব তাই, তাইৰ সপোনবোৰেৰে..
আৰু শুনাচোন.. আৰু বেছি ওচৰ চাপি তাই কৈছিল…
কোৱা..
তুমি আৰু মই সৌ সেইখিনিতে বহি কথা পাতিম.. আৰু তুমি মোৰ কোলাত মূৰ থৈ জোনটো চাবা..
ধেৎ, সোনজনী মোৰ কাৰণে তুমিয়েই মোৰ জোন..
না নহওঁ মই জোন…জোন গাত কলংক দেখা নাই নেকি তুমি.. ভাল নালাগে মোৰ…
হাৰে পাগলী জনী, দাগবোৰৰ বাবেহে জোনজনীক বেছি ভাল লাগে.. মানুহে সেয়ে আৰু বেছি গাঢ় ভাবে চাই…
বুজা নুবুজা ভাবেৰে চাই আছিল তাই… এবাৰ তাৰ ফালে আৰু এবাৰ আকাশৰ ফালে….
অই বাহুবলী খা.. শীতল পানীয়ৰ বতল টো তাইৰ ডিঙিত লগাই দিলে অভিয়ে..
আই অ কি ফাল্টু কৰিছনো…
তোৰ ভাবৰ যতি পেলাবলৈ কৰিব লগীয়া হল.. কি ভাবি আছ কচোন মোক ..
এঢোক মিৰিণ্ডাৰে ডিঙিতো টিয়াই ক’লে তাই, “সৌ চৰাইটোলৈ চা চোন অভি” ..
কিবা অচিন চৰাই এটি উৰি গৈ আছে দুৰৰ পৰা পৰা দুৰলৈ.. ক্ৰমাৎ সৰু হৈ গৈ আছে আছে চৰাইটি…
বন্যা দুৰৰ বস্তু বোৰৰ প্ৰতি কিয়নো ইমান মন দিছনো . ক্ৰমান্বয়ে সি নোহোৱা হৈ গৈ আছে আৰু চাবি অলপ সময় পাছত সেইটো তোৰে চকুৰ পৰা ক্ৰমে নোহোৱা হৈ যাব .. হেৰাই যাব সি আকাশ সীমনাত.. .
সৌ পাৰ চৰাইটো চাচোন .. তোৰ মন নভৰালৈ চাব পাৰিবি..আৰু কি জান বন্যা পাৰচৰাইক বাহ বান্ধি দিলে সি আৰু কেতিয়াওঁ বেলেগলৈ উৰি নাযায়..গ’লেও আহিবয়ে….
এইবাবেই অভিলাষক ভাল লাগে তাইৰ ..সকলো বুজি পাই সি তাই নোকোৱাকৈয়ে.. আৰু নোকোৱাকৈ বুজাব পাৰে সি বহুতো কথা..।
ক্ষন্তেকৰ বাবে মৌন হৈ গ’ল বন্যা.. অভিলৈ চালে তাই, মিঠা বৰণীয়া জপৰা চুলিৰ ল’ৰাটো, চকুত ডাঠ ফ্ৰেমৰ চছমা।মুখত কেইবাদিনো চেভিং নকৰা ডাঢ়ি…পিন্ধনত ইস্ত্ৰি নকৰা ছাৰ্ট আৰু জীনচ।.একপ্ৰকাৰৰ জধলা ল’ৰা… . আখৰৰ ক’লাবোৰ যেন তাৰ চকুৰ গুৰিত ঘৰ বান্ধিছে
ইতিমধ্যেই সাজ লাগিছে .. এটা দুটা তৰা ওলাব লৈছে আকাশত..
গভীৰ চকুহালেৰে কিবা যেন বিচাৰি আছে .. তাৰ হেঁপাহৰ হেঁপাহবোৰ যেন থুপ খাইছে নীলিমাৰ এচুকৰ উত্তৰ পূৱ কোণৰ ধ্ৰুৱ তৰাটোত.. আৰু তাইৰ বোৰ……………………
অই অই অভি কি চাইছ ইমান..
সেই তৰাটো চাইছোঁ সদায় ওলাই ধ্ৰুৱ তৰাটো . সদায়ে দেখোঁ.. তথাপি কেতিয়াওঁ লগত লৈ যাব নোৱাৰোঁ.. ওচৰ যেন লাগিলেও সদায় দুৰৈত.. বন্যাৰ ফালে চাই অবুজ হাহিঁ এটা মাৰিলে সি…
তাই নুবুজে হাহিঁ টোৰ অৰ্থ নে বুজিব নোখোজে..
মাথোঁ ক’লে, “সপোন সকলো.. দিঠকত দেখা.. ন অভি..”
ব’ল ব’ল দেৰি হ’ব, তই হোষ্টেল সোমাব লাগিব..
শীতল বতাহ কাণত লাগিছে তাইৰ. বাইকেৰে গৈ থাকোঁতে ওপৰৰ পৰা গুৱাহাটী খন এনে লাগিছে যেন গোটেই খন ক’লা চাদৰত সোণালী তৰাফুলেৰে বুটা বাচিছে…ঠিক আইতাই তাঁতশালত বচাৰ দৰেই.
চকুহাল মুদি দিব মন গল..সপোন দেখিব মন গৈছে তাইৰ… নানান সপোন..
তল পায় ৰৈ দিলে বাইকখন..
অভি আগতকৈ গহীন. তাইৰো একো কব মন যোৱা নাই..
ওচৰৰ কোনোবা দোকানত মাথোঁ বাজি আছে কোনোবা গায়কৰ গীত…
বানেঢোৱা হিয়াতে নিচুকনি তোমাৰে
অনুভৱে হেতালি খেলে
ৰৈ ৰৈ যায় চিনাকি সপোন
দিঠকত চকুলো আপোন…
(পৰৱৰ্তী পঞ্চম খণ্ডত)