অন্য প্ৰেম…. (তৃতীয় খণ্ড)

…..পুনম নাথ…..

অই হঠাৎ মাতিলি যে কিয় বা মনত পৰিল এই অভগালৈ.. .আজিকালিতো মোলৈ মনতেই নপৰে. ডাঙৰ মানুহ হৈ গলি..

ফুৰিব যাওঁ ব’ল না..

ক’ত যাবি ক’. ?

বলচোন..অভিলাষক একো ক’বলৈ সুযোগ নিদি বাইক খনত বহি দিলে তাই..

আৰে এনেকৈ বহিছ যে.. পৰি যাম বে মই..
বুলি বাইক খন চলাই নিলে সি..

অভিলাষ কাকতি..
বন্যাৰ কিবা বহুত আপোন যেন লাগে তাক.. গুৱাহাটী’ আই আই টিৰ গৱেষণাৰ ছাত্ৰ..

অই কচোন ক’ত যাবি.. বিহাৰী কেন্টিনত চাহ খাওঁ ব’ল.. খাবিনে?

তোক হবলা চাহ খাবলৈহে মাতিছোঁ মই.. নাখাওঁ মই…নীলাচল পাহাৰৰ ফালে যাওঁ ব’ল..পাহাৰৰ ওপৰৰ শিলত বহি ব্ৰহ্মপুত্ৰত পৰা আকাশ ৰঙ চাম… হ’বনে?

জো হুজুৰ মেৰি আক্কা…

আৰে আৰে আৰে অভি মাৰিবি নেকি অই.. স্পীড বেকাৰ আছে চাবি..

ভালেই হৈছে দে এই স্পীডবেকাৰ বোৰেই বুকুত আৰু বেছিকৈ হেন্দোলনি তোলে, উপলব্ধি কৰো ভুগোল কুল উপকুল…

ধেৎ পাগল

ইউনিভাৰ্ছিটিৰ এই স্পীড বেকাৰ কেইটা যে.
প্ৰায় উৰন্ত গতিৰে গ’ল সি..ধেমালি কৰাৰ স্বভাৱ নগল তাৰ।

হ’বদে মৰিলেও ভাল..লেবত সোমাই থাকি আধা পাগলে হৈ গৈছোঁ মই….তাতে আকৌ এই সুদৰ্শন যুবকজনৰ বাইকৰ পিছফালে তই আছ..ইয়াতকৈ মৰি যোৱাই ভাল..

পিঠিত ভুকু এটা মাৰি তাই ক’লে তই মৰিলেও মৰ মোক নকবি দেই…
আৰু কি বেয়া মই ক.. হা মোক যে উঠাব পাইছ ভাগ্য লাগিব বুইছ..

থ হেৰৌ.. ঐশ্বৰ্য্য ৰায় জনী একেবাৰে..ৰোমান্টিকে নহও মই.. তোৰ ওচৰত থাকিলে…

হাৰে কি ফাল্টু.. কে…… কে… নকওঁ আৰু অভি বিশ্ব ব্ৰহ্মাণ্ডৰ এগাল মান গালি মোৰ চাৰিওফালে ঘুৰি আছে..
কওঁনে..

মুখতেই মাৰিম কিন্তু বন্যা… বেয়া শব্দ বোৰ নবকিবি..

এনেদৰেই লগ পালেই কাজিয়া আৰম্ভ হয় দুয়োজনৰে..
নিজৰ কাজিয়াৰ আলোচনা শেষত গৈ সমাজ, সংস্কৃতি, ৰাজনীতি অন্যান্য বিভিন্ন বস্তুয়ে স্হান পায়…

বুঢ়ী আইৰ সাধুৰ পৰা মাৰ্টিন লুথাৰ, হিৰুদাৰ কবিতা, ভগৎ সিং, কেতিয়াবা মাও – চে – তুংৰ কথা… নহ’লে
কাৰ্ল – মাৰ্ক্স, গান্ধী নাইবা ৰাফেললৈ, শ্বেলী, ডান্টে নাইবা পাৱলো নেৰুদাৰ কথা। সমাজৰ, পুঁজিবাদ ফেচীবাদ নানান কথাৰ যেন শেষেই নাই দুয়োটাৰ..l আৰম্ভণি সৰু ল’ৰা-ছোৱালীৰ দৰে কিন্তু শেষলৈ গৈ দুয়োজনে অইন দহ জনক বুজাব পৰা হৈ যায়..

তাই অৱশ্যে তাই ব’ৰ নোহোৱাও নহয় যেতিয়া সি বিজ্ঞানৰ জটিল জটিল কথাবোৰ তাইৰ আগত কৈ থাকে.. একো মুৰত নোসোমাই সেইবোৰ কিন্তু তথাপিও শুনি থাকে তাই মুৰ লৰাই লৰাই..

অভিলাষ সাংঘাটিক চোকা ল’ৰা, প্ৰচুৰ পৰিমাণে বাহিৰা জ্ঞান আছে তাৰ.. মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পৰাই ইউৰোপত পঢ়া শুনা কৰা .. মাক দেউতাকৰ একমাত্ৰ ল’ৰা.. ছুইডেনত মাষ্টাৰ্চ কৰি থকাৰ সময়তে দেউতাকৰ ব্ৰেইন ষ্ট্ৰোকত মৃত্যু। অকলশৰীয়া মাকক এৰেনো কেনেকৈ আৰু এতিয়া গুৱাহাটী আই আই টিৰ ছাত্ৰ… পৰিয়ালৰ সূত্ৰেই চিনাকি…তাইক ভালকৈ পোৱা বহু বেছি দিন হোৱা নাই,কিন্তু খুব কম দিনৰ ভিতৰতে বহু আপোন হৈ গ’ল দুয়োজন।বন্যাৰ ভাববোৰৰ বহুত মিল আছে তাৰ লগত। তাইৰ বাহিৰে তাৰ বন্ধু বান্ধৱীও নাই তেনেকে….মেজাজী ল’ৰা মিলিবও নোৱাৰে সকলোৰে লগত..
ইজনে সিজনৰ ওচৰত থাকিলেই সৰু স্কুলত পঢ়ি থকা লৰা- ছোৱালীহাল হৈ পৰে দুয়োজনে..

বন্যা… অই পাগলী..মৰিলি নেকি ঐ

ইমান জোৰত চিঞৰিছ যে পাগল হ’লি নেকি তই ..?

কামাখ্যা মন্দিৰৰ সোমাই টাৰ্ণিংটোতে ঘপহকৈ ৰখাই দিলে সি…

অই সমুখত পুলিচ চেকিং আছে চোন ,,,মই হেলমেট অনা নাই নহয় কি কৰোঁ এতিয়া…

অ চোন..কি কৰোঁ এতিয়া। ধেৎ মইও পাহৰিলোঁ নহয় ক’বলৈ.. ইয়াত পুলিচ চেকিং হয়য়ে.. চাৰিচকীয়া বোৰক নাচায়.. দুচকীয়া বাহনবোৰহে ধৰে..

আমাৰ মানে এই পুলিচ বোৰ কৈছোঁ নহয়.. যাক চাব লাগে তাক নাচায়…. গৰৈ চেঙেলী বোৰকে ধৰি বৰ মতা দেখুৱাব আহে….হেৰৌ সন্ত্ৰাসবাদী কেবল বাইকতে যাবনে.. সৌৱা চা হাই প্ৰফাইল ডকাইত কেইটাক আকৌ চালাম দিহে যাব দিছে…. কোনোবা ৰাজনৈতিক নেতাৰ গাড়ী খন দেখুৱাই সি ক’লে… ।

ৰাজনীতি, ৰাজনৈতিক নেতা কিবা শুনিব মন নোযোৱা হৈছে তাইৰ..

ইচ্ হ’বদে অ’ অভি এতিয়া আৰু বিপ্লৱৰ বকলা নেমেলিবি প্লীজ, বল ঘুৰি যাওঁ..

ৰহ কিবা এটা কৰোঁ.. তোৰ চোন যাবলৈ বৰ মন আছিল আবেলিৰ আকাশ ..

নালাগে দে.. পিছত কেতিয়াবা চাম..

তই নামচোন.. আৰু খোজকাঢ়ি গৈ থাক..

পাগল হলি নেকি তই.. হোষ্টেলৰ চিৰি তল ওপৰ কৰোঁতেই মোৰ অৱস্থা কাহিল হয় আৰু তই কৈছ ওপৰলৈ খোজ কাঢ়ি যাব..

ধেৎতেৰি..এইজনী কোনে তোক ওপৰলৈ খোজকাঢ়ি যাব দিলে.. গৈ থাকচোন মই গৈ আছো কিবা এটা কৰি..

চাবি আকৌ যদি তোক এৰি নিদিয়ে.. মই কি কৰিম..

অমুকাৰ ওপৰত বিশ্বাস আছে ন তোৰ .. বুলি কৈয়ে বুলেটখনেৰে বিকট শব্দ কৰি গুচি গ’ল..

খোজকাঢ়ি খোজকাঢ়ি সকলো পাৰ হলোঁ.. কেৰাহীকৈ চাই দেখিলো সাংঘাটিক ভাবে কৰুণ মুখ এখন লৈ কিবা কৈ আছে অভিয়ে পুলিচ কেইজনক আৰু তেওঁলোকেও অতি আগ্ৰহেৰে শুনি আছে… ওলাই আহিব খোজা হাঁহিটো কোনোমতে বন্ধ কৰি.. খোজ আগুৱালো…

৫ মিনিট দহ মিনিট ইয়াৰ চোন খবৰেই নাই….

বিকট শব্দৰে বাইকখন লৈ বীৰদৰ্পে মুখত বিশ্ব জয় কৰা হাহিঁটো লৈ অভিলাষ আহিল….

উঠ উঠ সোনকালে …

হাৰে কি কৰিলি তই…ফাইন ভৰালে নে..

নাই নাই…

তেতিয়া হ’লে ক আকৌ..

তই বুজি নাপাবি দে এইবোৰ সৰু আছ্ … হা হা হা হা হা..

ক না ক না…

পিছত কম দে.. পাহাৰ চা এতিয়া

ইয়াক সুধি আৰু লাভ নাই.বাইকত বহি বন্যাই উপভোগ কৰাত লাগিল.. দুয়োকাষৰ পাহাৰ…..

(……পৰৱৰ্তী চতুৰ্থ খণ্ড ত ……)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *