……পুনম নাথ…..
অই ছোৱালী তই নুঠ নেকি আজি..
দহ বাজি গল ক্লাছ নাযাৱ নেকি তই..?
গুড মৰ্নিং.. কোনোমতে আধাফুটা মাতটোৰে বন্যাই মাত লগালে..
অই শুন মই দাইল বনাই থৈছোঁ, তইতো ভাত নেখাৱ ৰুটি বনাই দাইলৰ লগত খাবি.. মোক গাইডে মাতিছে মই যাওঁগে.. বুলি গুছি গ’ল নৈৠতা…
বুঢ়া আঙুলিৰে থামচ আপ এটা দেখুৱাই বন্যাই বাগৰ সলালে…..আইনাৰ খিৰিকীৰে বাহিৰলৈ চাই দেখিলে ….ৰ’দ ওলোৱা নাই বতৰটো গোমা সম্ভৱ বৰষুণ দিব..
চকুটো মুদিছিল হে, মাৰি থোৱা দৰ্জাখন দৌৰাদৌৰিকৈ খুলি নৈৠতায়ে চিঞৰিলে..
অই শুনচোন খুচুৰা আছে যদি দেচোন..
মোৰ গোটেই ৫০০ টকীয়া..
উঠিব মন যোৱা নাই তাইৰ কিন্তু এতিয়া আৰু উপায় নাই.. বেগৰ পৰা ৫০ টকা উলিয়াই নৈৠতাক দি ক’লে..
মোক দিবি কিন্তু হাতত ৪০০ টকায়ে আছে মোৰ..
দিম দে.. সুত লাগে যদি ক’ আকৌ…
অই তই চানমাৰিৰ ফালে যোৱা কথা নাছিল জানোঁ আজি… গৈ কেতিয়া আহিবি..?
অ, এতিয়াহে মনত পৰিল তাইৰ চানমাৰি যাবলৈ আছে..মানে আজিও ক্লাছ যোৱা নহব,
কেতিয়া আহো জানোঁ, মই গৈ তাত …
ঘুৰি দেখিলে নৈৠতা গ’ল..
দুৱাৰ খন মাৰিব বুলি আগবাঢ়োতেই বিকট চিঞৰ কৰি ফোনটো বাজি উঠিল…
এই ৰিংটনটোক লৈ সকলোৰে অসুবিধা.. ৰুমমেট ৱালমেট, হোষ্টেলৰ প্ৰায় ছোৱালীয়ে কয় .. প্লীজ তুমি ৰিংটনটো সলনি কৰা…
ঘৰতো যদি কেতিয়াবা বাজি উঠে ভন্টিয়ে চিঞৰে..তই এইটো সলনি কৰিবি নে মোবাইলটো ভাঙিম..
তাই হাঁহে মাত্ৰ…নাই ৰিংটনটো সলনি নকৰে তাই।
পুনৰ বাজি উঠিল ফোনটো… অচিনাকি নম্বৰ ।
হেল্ল কোনে কৈছা.. ?
বাইদেউ মই গৌৰৱ, ধেমাজিৰ, বাইদেউ মই গুৱাহাটীত আছো, ৰেকৰ্ডিঙৰ কথা কৈছিলো যে.. আপুনি কেতিয়া কৰিব…?
কোনোমতে মুখখন মিলাব পৰা নাই তাই..
কোন গৌৰব বাৰু?
তথাপি হাঁহি এটা মাৰি তাই কলে অ’ গৌৰৱ.. কোনটো ষ্টুডিঅত কৰিবা… মই আজি আৰু কালি নোৱাৰিম.. তুমি কেতিয়ালৈকে আছা..
বাইদেউ মই এসপ্তাহ আছোঁ.. আজি চিনাকি দাদা এজন আছে তাৰ লগত আলোচনা কৰি লওঁ..
ঠিক আছে দিয়া.. তুমি মোক হোৱাটছএপ কৰি সময়, ষ্টুডিঅৰ নাম আৰু কবিতাটো পঠিয়াই দিয়া…
পাৰিলে ৰাতিলৈ এবাৰ ফোন কৰিবাচোন…
হ’ব বাইদেউ, আপোনাৰ নতুন কাম কি আহি আছে, মই আপোনাৰ সকলো কবিতা পঢ়িছো আৰু শুনো,কবিতাবোৰ বহুত ভাল লাগে…. পৰহিলৈ লগ পামনে বাইদেউ..?
একে উশাহতে কথাখিনি কৈ শেষ কৰিলে ল’ৰাজনে.. বৰ কথা চহকী লৰা..
সকলো চলি আছে তোমালোকৰ কৃপাত.নতুন কিবা থাকিলে জনাম বাৰু দেই…. তুমি মোক পঠিয়াই দিবা হা কবিতাটি ..লগ পাম বাৰু দিয়া এতিয়া ৰাখিছোঁ.. ভালকৈ থাকিবা…
হাহিঁ এটা মাৰি ফোনটো ৰাখিলে তাই.
এনেদৰেই আৰম্ভণি হয় দিন.. সদায় সলনিও হয়… পুৰণি ডায়েৰীৰ পাত লুটিয়াই চালে হয়তো দিনপঞ্জী এটাই দেখা যাব সূৰ্য উদয়ৰ লগে লগে দিন আৰু অপৰাহ্নৰ পিছত ৰাতি আৰু মাজৰ খিনি চকুপানী…
মনত পৰিল চানমাৰি যাব আছে..সোনকালে যাব লাগিব যিহে জাম গুৱাহাটীখনত.
——————————————————————
নুনমাটি নাৰেংগী চানমাৰি..
অ বাইদেউ ক’ত যাব আহক…
ছাটিটো জপাই ততাতৈয়াকৈ বাছখনত উঠি ললে তাই.. ইমান মানুহ তাত আকৌ প্ৰচণ্ড গৰম.মেঘাচ্ছন্ন আকাশ কিন্তু গৰম কমা নাই ..ইমান মানুহ ক’ত যায় জানোঁ..?
বাইদেউ ভাড়া..
টিঙিচকৈ খংটো উঠি আহিল…
ৰ’বাহে গাটো ঘুৰাবয়ে ঠাই নাই তোমাক আকৌ ভাড়া লাগেই… দিম ৰবা উঠিছোঁহে বহি লওঁ আগেয়ে ..
এক প্ৰকাৰ খঙেৰে ক’লে তাই।
ইউনিভাৰ্ছিটি গেট , ইউনিভাৰ্ছিটি গেট..
বাছখনৰ আধামানুহ নামি গল.. উফ এতিয়া হে স্বস্তিৰ নিশ্বাস এৰিলে তাই..
খিৰিকীৰ ফালে বহি কাণত হেডফোনডাল লগাই ললে.. মিউজিক প্লে কৰিব ওলাইছেহে …
বন্যা অই বন্যা…
চিনাকি চিনাকি লগা নাৰী কন্ঠ এটি বাছৰ বাহিৰত শুনিলে তাই… বাছৰ বাহিৰলৈ মুৰটো উলিয়াওতেই এটা থাপ্পৰ গাত পৰিল…
অই ছোৱালী, গুৱাহাটী কেতিয়া আহিলি, মোক এবাৰো কোৱা নাই যে, এতিয়া ক’ত আছ তই..?
তইচোন শকত হলি অলপ..চুলি কেতিয়া কাৰ্ল কৰিলি.. . ইম্মান ফোন কৰিছোঁ আগৰ নম্বৰত নালাগে যে.. তইতো ফোন কৰিব পাৰ.. জানাই মোৰ ফেচবুকো নাই.. বুধন দায়ে তোক সেইদিনা দেখা বুলি ক’লে তই হেনো নেদেখিলি..গৈয়ে কৈছে হোষ্টেলৰ সকলোকে..
কাষৰ চিটটোত বহি দুবৰিয়ে একেলগেই ইমান প্ৰশ্ন কৰিলে যে মোৰ কি কম কি নকম লাগি গ’ল..
এৰা নুসুধিবওনো কিয় প্ৰায় ডেৰ বছৰৰ মুৰত লগ পাইছোঁ তাইক। দুবৰি মোৰ আগৰ হোষ্টেলৰ ছোৱালী..মোৰ ৱালমেট প্ৰায় একেলগেই দুবছৰ থকা .. সঁচাই সাংঘাটিক ভাৱে আপোন হৈ যায় হোষ্টেলৰ ছোৱালী বোৰ…
অই, তই কি কৰি আছ এতিয়া.. সকলো ঠিকেই চলিছে নে…
আকৌ মাষ্টাৰ্চত এডমিশ্যন লৈছোঁ.. চলি আছে সব.. তোৰ নম্বৰটো দে মই কথা পাতিম..
মোৰ ৰুমটোত কোন আছে অ’ আজিকালি..?
তোৰ ৰুমটোত নে বাব্ লী আছে.. বগা ধুনীয়া ছোৱালী জনী যে.তলৰ যে মনত আছে নে সদায় সোনকালে ভাত খাবলৈ গৈছিল যে।
হা হা হা হা হা অ অ মনত পৰিছে..বৰ মৰমলগা আছিল ন।
মই অকাঁ পেইণ্টিংখন আছেনে..আৰু ফটোবোৰ..
পেইণ্টিংখন আছে..ফটোবোৰ নাই …
তইচোন যাব পাৰ বেলেগ ৰুম খালী আছে তাত.
না না বেলেগ ৰুমত নাযাওঁ.. সেইটো ৰুম যদি খালী হয় কবি যাম মই..
কিবা ক’চোন ইমান দিনৰ মুৰত লগ পাইছো..তই ঠিকে আছ নহয় এতিয়া…?
আছো অ ঠিকেই..
তই বহুত সলনি হৈছ অ বন্যা .. আগৰ উশৃংখল বন্যা জনী নাই.. .মোৰ আচৰিত লাগিছে কথা ক’বৰ বাবে মই তোক কব লগা হৈছে.তই অহাৰ পৰা হোষ্টেলটোৱো বহুত সলনি হ’ল….নতুন ছোৱালী আহিল বহু ঘটনাও ঘটিছে….
নাৰ্চাৰী কামাখ্যা নাৰ্চাৰী…
বাইদেউ ভাড়াটো দিব..
অই শুন
মোৰ নামিব হ’ল নম্বৰটো ল.. 9957….
বাছৰ পৰা নামিয়েই দুবৰিয়ে চিঞৰিলে অই সকলোবোৰ ঠিক হ’লনে এতিয়া…
খিৰিকীৰে মুৰটো উলিয়াই পিছলৈ ঘুৰি চাই ৰৈ থকা দুবৰিজনীলৈ বন্যাই মাথোঁ – মুৰ জোকাৰিলে..
যাব দিয়ক. যাব দিয়ক .
ধমধমাই গাড়ী খনত মাৰি হেন্দিমেন জনে চিঞৰিলে.
দুবৰিৰ জোৰত চিঞৰ – move on… Please…
সেমেকা হাঁহি এটাৰে হাতজোঁকাৰি ৰাওনা হ’লো চানমাৰি অভিমুখে…..চকুহাল মুদ খাই গ’ল…..পেইণ্টিং খন ভাহিঁ আহিল মনত. আৰু খিৰিকী খনৰ কাষত প্ৰায়ে ৰৈ থকা যুৰীয়া কপৌ দুটি….. আজিকালি বা আহে নে নাই..
এৰা কথা কমকৈ কোৱা হলোঁ নেকি মই..
তুমি অলপ মনে মনে থাকাচোন বন্যা.,…ইম্মান কথা কোৱা নহয়….
কিয় মই কথা ক’লে তুমি বেয়া পোৱা নেকি ?
ধেৎ কিয় বেয়া পাম…
কিন্তু এতিয়া মনে মনে থাকা.. কোমল ওঁঠ যুৰিত ছুই কৈছিল সি.. চাওঁ এৰা কৈছোঁ নহয়..এৰা..
বুকুখন ঢমঢমাই মাৰিলে..
ভৰলু ভৰলু নামা আছে….
ছিটটোৰ তলতে বাছৰ বাহিৰত ঢমঢমাই গাড়ীত মাৰিলে..কোবটো যেন আকৌ বুকুতে পৰিল…
মনত পৰিছে বৰকৈ…
ছি:.. বৰ বিকৃতভাৱে ওলাল শব্দটো মুখেৰে..
তাই নিজেই বুজি নাপালে ভৰলুৰ নৰ্দমাৰ গোন্ধক লৈ ছি: বুলি ওলাল নে মনলৈ অহা কথাবোৰক লৈ…
গাটো অৱশ অৱশ লাগিছে….
আকাশখন গোমাকৈ আহিছে.. চাগে ডাঙৰকৈ বৰষুণ এজাক দিব এই বৰষুণ জাকেই সকলোবোৰ ধুৱাই নিয়া হ’লে…বহুত পাতল লাগিল হয় সকলো….
(……পৰৱৰ্তী তৃতীয় খণ্ড ত ……) ( প্ৰকাশ পাব 9 PM…. 9 April/2020)