অন্য প্ৰেম……(পঞ্চদশ খণ্ড)

……পুনম নাথ……

তুমি ইয়াত…. আচৰিত হৈ উঠিল দেৱৰাজ।

বন্যাৰ উপস্থিতি তাৰ বাবে অকল্পনীয়।তাৰ মুখত চিন্তাৰ বলিৰেখা বিস্তমান। বন্যাক দেখি সুখী দেৱ, বহুত সুখী কিন্তু তাক এনেকৈ দেখিব নালাগিছিল তাই।

ভিতৰলৈ নামাতা? তাইৰ মাততহে যেন সম্ভিদ ঘুৰাই পালে সি ।

আৰে আহাঁ না.. আহা….

ভিতৰ সোমাই গ’ল তাই।

বহা না….. পেগটো থৈ দিলে সি টেবুলখনত।

ৰুমটোত ক’লা ৰঙৰ ডানলৱ.বগা ৱালখনত ষ্টিকাৰ লগোৱা আছে। টি-টেবুলত সিঁচৰিত হৈ পৰি থকা বাতৰি বোৰ। চিগাৰেটৰ টুকুৰাবোৰ পৰি আছে অত তত। ৰুমৰ কোণত ফটো ফ্ৰেমত মাক আৰু তাৰ ফটো কিছুমান। মানুহজনী বৰ ধুনীয়া আছিল মানুহজনী। দেৱৰ দৰেই বেৰীয়া হাহিঁলে ওলোৱা বেৰীয়া দাঁত এটা।

ৰুম চোৱা হ’লনে তোমাৰ বন্যা।

আৰে চাইছোঁহে। তুমি কেনেকৈ থৈছা।

এহ অকলশৰীয়াকৈ থাকো কিনো ৰাখিম।

হোষ্টেল এৰিলা নিকি?

নাই এৰা…. অলপ privacy লাগে সেয়ে এইফালে আহিলো। ইয়ো থাকেতো মোৰ লগতেই। বাস্তৱৰ ফালে চাই ক’লে দেৱে।

হমমম কৈছে সি ।

বাৰু বাদ দিয়া কি খাবা কোৱা?

মই একো নাখাওঁ এইমাত্ৰ বাস্তৱৰ লগত খাই আহিছোঁ।

মিঠাইহে খাইছা অকল। কিবা খাই লোৱা। বাৰু বন্যা মই সাউতকৈ এঠাইৰ পৰা গৈ আহো। তুমি দেৱৰ সৈতে কথা পাতা। বাই ৰুমমেট….

বন্যাৰ উত্তৰলৈ বাট নাচালেই বাস্তৱ গুচি গ’ল।

কোঠালীত এতিয়া সিহঁত দুটা। ভয় লাগিছে নেকি বন্যাৰ ? …….. নাই লগা ।
নাই নকৰে তাই তালৈ ভয়। দেৱৰাজে চাই আছে তাইলৈ। ওচৰৰে চোফাখনত বহী।

তোমাৰ মাৰ খবৰটো শুনি বেয়া লাগিল….

কিয় আহিছা বন্যা ইয়ালৈ?
তাইক আচৰিত কৰি কৈ উঠিল সি অভিমানী মাতেৰে …

তোমাক চাব।বন্যাৰ চিধা চিধি উত্তৰ

মনত পৰিছিল নে পুতৌ?

শুনিছোঁ দেৱ আজিকালি হেনোঁ মোতকৈ বেছি মদ ভালপোৱা…

কিয় তোমাৰ হিংসা হৈছে বন্যা….

নাই হোৱা…. তোমাক ভালপাওঁ নে বেয়া পাওঁ নাজানোঁ কিন্তু তুমি মদ খাই ধংস হোৱাতো মই নিবিচাৰো..

মা আঁতৰি গ’ল, তুমি গ’লা, কোনোবাতো সাৰথি লাগিব..

সেইবুলি এনেকৈ দিন দুপৰতে মদ খাবা?

হাঁহি এটা মাৰি দিলে সি। বেৰীয়া দাঁতটো উলিয়াই।
তুমি কিয় আঁতৰি গৈছিলা মোৰ পৰা বন্যা?

মই নিজক সময় দিছিলোঁ দেৱ… মই থাকিলে তুমি কষ্ট পোৱা আৰু মই দুখ পাওঁ তেনেকৈ।

আৰু তুমি দুৰৈত থাকিলে মই বেছি কষ্ট পাওঁ বন্যা… তুমি নুবুজা… বাদ দিয়া মৰম নুবুজা মানুহক কৈ লাভ নাই..

চোফাখনত বহি এপলক নেপেলোৱাকৈ সি কৈ আছে তাইলৈ চাই কথাবোৰ.দেৱ হঠাৎ উঠি গ’ল ভিতৰলৈ…. একো নোকোৱাকৈ।

বৰ অসহায় লাগিল বন্যাৰ নিজৰে। তাই আহিছিল তাৰ বাবে কিন্তু আগৰ কথাবোৰৰ পুনৰাবৃত্তি কৰিবলৈ নহয়।
তাই নিষ্ঠুৰ নহয় মাথোঁ প্লাৱনক আঁতৰাব পৰা নাই তাই কোনেও কিয় নুবুজে।….

এইয়া খোৱা। আগতে কিয় কোৱা নাই তুমি আহিবা?
মেংগ ৰিয়েল জুচ এগিলাছ আগবঢ়াই দিলে সি আৰু দেৱে লৈ ল’লে তাৰ আধাখোৱা পেগটো…..

বন্যা……

তাৰ দুচকু নিৱদ্ধ বন্যাৰ দুচকুত… হাতখনেৰে ধৰি ল’লে তাইৰ হাতত….

কোৱা দেৱ….

ভাললগাৰ পৰা ভালপোৱালৈ… তোমাৰ দুচকুৰ পৰা বুকুৰ গভীৰতালৈ যোৱাৰ বাটটো কেনি আছে…. মই চোন বিচাৰিয়ে নাপাওঁ বন্যা…

কিনো কৈ আছা এইবোৰ …. খবৰ কোৱা? তাই জানিবুজিয়েই ফালৰি কাটিছে… কিন্তু দেৱে জানো তাই বিচাৰিলেই ফালৰি কাটিব?

মই ভালপোৱাৰ ঠিকনা বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ বন্যা আৰু তোমাক খবৰ লাগে?

ভালপোৱাৰ বাহিৰে বেলেগ একো কথাই নাইনে আমাৰ পাতিবলে দেৱ?

আছে কিন্তু তোমাৰ লগত মোৰ অইন কথা পাতিবলৈ মন নাযায়।

চকু তললৈ নামি গ’ল তাইৰ… আৰু লাহে লাহে গোটেই কোঠাটোত ঘুৰিবলৈ ল’লে পুনৰ।

টেবুলত য’তে ত’তে সিচৰিত হৈ আছে কিতাপবোৰ। তিনিটাকৈ BEAN BAG পৰি আছে ৰুমত । ৰঙা ৰঙৰ।
বগা ৱালত দুখনকৈ পেইন্টিং আৰু আনখনত এটা ঘড়ী। …কাষত এখন টেবুলত Ballantine scotch ৰ বটল এটা। সি খুব পৰিপাটিকৈ ৰখা ড্ৰয়িং ৰুমতো এইকেইদিন অপৰিপাটিকৈ আছে। ভিতৰত চাগে থকা ৰুম।…. 2BHK ঘৰটো এজন মানুহৰ বাবে ডাঙৰ।

বস্তুবোৰ নিৰ্জীৱ বন্যা…. জীৱন্ত মানুহ জনক চোৱা না। লাহেকৈ এখন হাতেৰে পেগটোত চুমুক দিলে সি….

কি চামনো? মদ খোৱা মানুহ মই বেয়া পাওঁ… ভয় লাগে…

মোক ভয় লাগে তোমাৰ নে মদক ?

দুয়োৰে সংমিশ্ৰণক ভয় লাগে মোৰ .।

ঠিক আছে নাখাওঁ আজিৰে পৰা… মোৰ লগত থাকিবানে তুমি? লাহেকৈ এখন হাত বন্যাৰ গালত দিলে সি…

মই নিচা জানোঁ দেৱ? মদিৰা ন’হলে বন্যা?

হয়তো হয়। ভালপোৱা বোৰ নিচা। সেয়ে তুমি মোৰ নিচা।মানে মই তোমাৰ নিচাত…. Love you

তুমি সলনি নহ’লা মানে?

দুমাহ আঁতৰিলেই ভালপোৱা নোহোৱা হৈ নাযায়। দুৰত্বই প্ৰেম বঢ়াই বন্যা আৰু শত্ৰুও।

শত্ৰু মানে কাৰ কথা কৈছা দেৱ?

তোমাৰ অভিলাষ।

সি কৰিলে তোমাক। আৰু সি মোৰ বন্ধু হে দেৱ।

লগ পাইছিলোঁ ইউনিভাৰ্চিটিত।ক’লে তুমি ঘৰত আছা। হিংসা হ’ল জানা তালৈ মোৰ..

দেৱৰ ভ্ৰু কোচ খাইছে। এইবাৰ যেন দেৱ অলপ বেলেগ মৰম নাই তাৰ দুচকুত…

কিয় দেৱ ?

তোমাৰ খবৰ অভিলাষে জানে কিন্তু মই নাজানোঁ?
মোৰ পৰা আঁতৰিবলৈ তুমি নাম্বাৰ সলাইছিলা ন বন্যা…?

মই সকলোৰে পৰা আঁতৰিছিলো অকল তোমাৰ পৰা নহয়। আৰু শুনা অভিলাষৰ লগত তোমাক তুলনা নকৰিবা। তাক নুবুজিবা সি বহুত বেলেগ…

আচ্ছা ইমান বেলেগ যে মোক নোকোৱাকৈ গুচি গৈছা তুমি কিন্তু অভিলাষে সকলো জানে? ক’ত আছা কি খাইছা।

দেৱ মই তোমাৰ খবৰ ল’ব আহিছো আৰু তুমি এইবোৰ কি কৈ আছা?

I love you… Do you love me?

মই তোমাক এতিয়াও প্ৰেমিকৰ দৃষ্টিৰে চোৱা নাই…

ধৰি থকা হাতখনত ধৰি নিজৰ ফালে টানি লৈ আহিল সি তাইক… এক ছেকেণ্ড নালাগিল তাৰ তাইক নিজৰ ইমান ওচৰলৈ লৈ আহিবলৈ।
তাইৰ কান্ধত পুনৰ মুৰটো থৈ দিলে সি আগৰ দৰেই…হাতদুখনেৰে তাইৰ দুয়োখন হাত পিছফালে নি ধৰি আছে। এনেকৈ যেন খুব আমেজ পাইছে সি।

দেৱ মই দুখ পাইছোঁ।
একো নাই অলপ সময়হে, বহুত দুখ তুমি মোক দি আছা – –
কথাকেইটা ইমান ওচৰৰ পৰা ক’লে যে, নিশাহৰ মদৰ গোন্ধই চুইছে তাইৰ গালে মুখে। শ্লিপলেচ চুৰিদাৰৰ কুৰ্তা এটা পিন্ধি আছে তাই। উন্মুক্ত বাহুত অনায়াসে ঘুৰি ফুৰিছে দেৱৰ উশাহ নিশাহ।

বন্যাৰ দুচকুৰে চকুপানী ধাৰাষাৰে বৈ আহিল….

হঠাৎ দেৱে উচুপিব ল’লে সৰু ল’ৰাৰ দৰে…. উচুপনি লাহে লাহেকৈ কান্দোনলৈ ৰূপান্তৰিত হ’ল… বন্যাৰ কান্ধ তিতি গৈছে দেৱৰ চকুলোৰে.. তাই নিশ্চুপ হৈ ৰৈ আছে মাথোঁ…

নাকান্দিবাচোন দেৱ…. মই বেয়া পাম….

মা মোৰ বেষ্ট ফ্ৰেণ্ড আছিল বন্যা..হঠাৎ মানুহ এনেকৈ গুচি যায়নে? তোমাৰ কথাওঁ কৈছিলো মই জানা, লগ পাব বিচাৰিছিল।

পাৰ ভাঙি বৈ যোৱা নদীখনৰ দৰেই বহুদিনৰ আৱদ্ধ চকুপানী বোৰ যেন ওলাই আহিছে তাইৰ আগমনত।।।

দেৱৰ মুখখন তাই এতিয়াও দেখা পোৱা নাই তাই… তাৰ হাতখন এতিয়া শিথিল হৈ গৈছে…
সি মাথোঁ সৰু ল’ৰাৰ দৰে ধৰি আছে তাইক….

তোমাক মোৰ জোৰকৈ ৰাখিব মন যায়। যেন বান্ধি ৰাখিম মই। আৰু অভিলাষকো মাৰি পেলাব মন যায়। i Just hate him I don’t know why কিন্তু তুমি দুখ পাবা বুলি ভয় লাগে। -অস্পষ্ট উচুপনিৰ সৈতে কৈ উঠিল সি।

সময়ক সময় দিয়াচোন দেৱ সকলো ঠিক হৈ যাব।

দেৱ বৰ কোমল অন্তৰৰ ল’ৰা… মাথোঁ জেদী। সি ভালপোৱা বোৰ তাৰ হ’বই লাগিব। নহ’লে তাৰ খং উঠে।…. তথাপি এক অজান আশংকাত বুকুখন কঁপি উঠিল তাইৰ। সুস্থ মানুহ এজনে এনেকৈ কথা কয় জানোঁ?

প্ৰায় দহ মিনিটমান পাৰ হ’ল দেৱ এতিয়াও তেনেকৈয়ে আছে। নিথৰ হৈ আছে বন্যা….

তাই দুৰ্বল হৈ পৰিছে দেৱৰ ওচৰত। পুতৌ নহয় তাৰ ভালপোৱাৰ বৰষুণ জাকত নিবিচৰাকৈ তিতিছে তাই।মন নহলেওঁ যেনেকৈ হঠাৎ অহা বৰষুণ জাকত ছাতি নিনিয়াৰ বাবে তিতে।।

তাইৰ কলেজীয়া টিউচনৰ শিক্ষক এজনৰ কিতাপৰ পাতত লিখা আছিল কেইটামান বাক্য…যি তাইৰ প্ৰিয় আছিল।

তুমি এটি ছাতি হোৱাৰ কথা আছিল..
মোৰ চহৰত এতিয়া তোমাৰ স্মৃতিৰ ধাৰাসাৰ বৰষুণ..
জ্বৰে কাহে শয্যাগত মই…..
মৌনতাৰ ৰোগত……

ছাৰৰো চাগে আছিল সিহঁতক ক’ব নোৱাৰা বিষাদ। সিহঁতে নুবুজা অবসাদ….

মনৰ ভাগৰ বোৰ তেনেকুৱাই বুজাব নোৱাৰি, নাইবা এটা হুমুনিয়াহত নপলায়…… নপলায় এটা গভীৰ ৰাতিৰ শেষত।

তাই জীপাল হৈ আছে এতিয়াও প্লাৱনৰ স্মৃতিৰ বৰষুণত আৰু দুবাহুত সোমাই আছে অইন এজন প্ৰেমিকৰ…… নিবিচৰাকৈয়ে।

এইয়া ভালপোৱা জানোঁ?

__________

কিমান ডাঙৰ চা ইউনিভাৰ্চিটি খন। আচৰিত লাগে ন দুয়ো যে একেলগে পঢ়িব পাইছোঁ।
বৰ্ষাই প্ৰায় চিঞৰি উঠিল।

বন্যা, বৰ্ষা আৰু দুয়ো ৰৈ আছে বিশ্ববিদ্যালয়ৰ চৌহদত..গেট খনৰ ওচৰত। কলেজ পাৰ হৈ দুয়ো স্নাতকোত্তৰ পঢ়িব আহিছে। বুৰঞ্জী বিভাগত।

এমাহ মান হৈ গ’ল গুৱাহাটীলৈ অহা। বিশ্ববিদ্যালয়ৰ হোষ্টেলত নাথাকি দুয়ো একেলগে প্ৰাইভেট হোষ্টেলত থাকিব লৈছে কামাখ্যা নাৰ্ছাৰীৰ ফালে। সপোন যেন বাস্তৱত পৰিণত হৈছে। দুয়ো জনীৰে।

ঐ শাৰী শাৰী কৃষ্ণচূড়াৰ নাই যে ইয়াত?

ফুলাৰ সময় হোৱা নাই নহয়।

ইহ কৃষ্ণচূড়াৰ দেশৰ আমি ৰঙা ফুল ন বন্যা ….

হা হা হা হা হা হা হা হা হা হাহিব ল’লে তিনিওটাই

ঐ বন্যা প্লাৱন দা আহিম বুলি কৈছে নে তোক?

অ ফোন কৰিছিল। পাবই আৰু।

কিমান পাইছে বাৰু?

আদাবাৰী পোৱা বুলি কৈছিল।

আচ্ছা তেতিয়া হ’লে মই আৰু দুবৰি গৈ থাকিম। তই তাৰ লগত আহিবি হ’ব নে?

মই নাযাওঁ দেই, মই বন্যাৰ লগত যাম।
কাষতে দুবৰি আহি মাত লগালে। তাই একেটা হোষ্টেলৰ ছোৱালী। মাছ কমিউকেচন ডিপাৰ্টমেন্ট। ছুটি চুলিৰ হাহিঁ থকা ছোৱালী। থুপুকা মানুহজনী কিবা এটা মৰম লাগে।

কিয় নাযাৱ মোৰ লগত?

এনেই মই প্লাৱন দাৰ লগতহে কথা পাতিব মন। ইমান হেণ্ডচাম। ফটোতহে দেখিছোঁ আজি সঁচাকৈয়ে চাম।

ল ল যিমান পাৰি ল বন্যাৰ, পিছে মোৰ দাদাই বন্যাৰ বাহিৰে বেলেগ চকু তুলিয়েই নাচায়। ন বন্যা।

তিনিওজনী হাহিঁব লাগিল।

অ মাইনা গোটেই সৰিয়হডৰাকে তুলি আনিছা যে? – কেইজনমান ল’ৰাই কমেন্ট কৰি গুচি গ’ল সিহঁতক।

বন্যা টোকেই কৈছে যা। তই হালধীয়া কাপোৰ পিন্ধি আহিছ। মই কিবা কওঁনে। দুবৰিয়ে টপককৈ মাত দিলে।

চুপ থাক দেই একদম। ছিনিয়ৰ হয়। ফেচাৰ্চত অৱস্থা বেয়া কৰিব।

কিয় যে হালধীয়া চুৰিদাৰযোৰ পিন্ধি আহিছিল তাই।

কি হে কি খবৰ দেৱীসকল? হঠাৎ পিছফালৰ পৰা প্লাৱনে মাত লগালে।

অ কেপ্তেইন ছাৰ দেখোন।কোনদিনা আহিলে।হাৰ্লি ডেভিদচন। তামাম চোন।নতুন বাইক ল’লি মোক উঠাবি আজি বাৰু বন্যাক উঠাই ল – বৰ্ষাই মাত লগালে।

দুদিন হ’ল পিছে এইবাৰ ভাগ্য ভাল যে লগ কৰিবলৈ ইমান দুৰ যাব নালাগে। গুৱাহাটীতে থাকিবি উঠি থাকিবি।
মোৰ টো শ্বিলঙতে পষ্টিং। আহিয়ে থাকিম ৰবিবাৰে ৰবিবাৰে।

অ এইয়া আমাৰ হোষ্টেলৰ ৱালমেট দুবৰি।

হাই দুবৰি

হেল্ল প্লাৱন।

প্লাৱনে এতিয়া বন্যা লৈ চালে। তাই এতিয়া ডাঙৰ হৈছে।
এতিয়ালৈ এটা শব্দ কোৱা নাই তাই। চাই আছে মাথোঁ।
বহুমাহৰ মুৰত দেখিছে তাই তাক। শ্বিলংতে আছে যদিও সময় মিলাব পৰা নাছিল সি।আজিকালি ভিডিঅ ক’ল হয় দুয়োৰে কিন্তু সমুখত থকাৰ মাদকতাই সুকীয়া।
তাৰ বেয়া লাগে কেতিয়াবা তাইৰ বাবে। এনেকৈয়ে থাকিলে তাই তাৰ লগত প্ৰায় চাৰিবছৰ। ভাগ্য ভাল
যে এতিয়া তাইক লগ পাই থাকে। ওচৰতে আছে বাবেই।
লাজ আজিও একেই আছে তাইৰ।

কিবা খুৱাবিনে? বৰ্ষাই মাত লগালে

কি খাবি খা।

আমি দুয়ো খাই লম দুহেজাৰ টকা দে আৰু তহঁত দুয়ো যা ফুৰি আহগৈ। তই তো এতিয়া কেপ্টেইন হ’লি পাৰ্টি আৰু .বাইক লোৱাৰ পাৰ্টি লাগে .

কেতিয়াবাই হ’লো চোন পাঁচবাৰ মান পাৰ্টি ল’লিয়েই।আজি বাইকৰ পাৰ্টি।
হো ল…. পাৰ্চৰ পৰা পাঁচশ টকীয়া চাৰিখন উলিয়াই দিলে সি।

বন্যা আমি যাওঁ ৭ বজাৰ আগতে হোষ্টেললৈ আহি যাবি।

বন্যা নাযাই আজি।।

যাম যা মই। প্লাবনে কিবা অসুবিধা কৰিলে তোলৈ ফোন কৰিম। প্ৰথমবাৰৰ বাবে মাত লগালে তাই বাইকত উঠি ল’লে।
আৰু গুচি গ’ল দুয়ো বৰ্ষা হতক তাত এৰি।

বহুৰাতিৰ কথা আছে তাইৰ প্লাৱনৰ লগত পাতিব। বাকী আছে বহুদিন…….

ক’লৈ যাবা…..?

নিলাচল পাহাৰ….

দুয়োৰে যাত্ৰা আৰম্ভ হ’ল কৃষ্ণচূড়াৰ দেশৰ পৰা নিলাচল পাহাৰলৈ যাত্ৰা। তাতেই হেঁপাহ পলুৱাই কথা পাতিব দুয়ো য়ে।
মনৰ কথা ভাললগা……
বাইকৰ শব্দৰ লগে লগে গতি কৰিলে দুয়ো ।
_______

ফোনটো বাজি উঠিল বিকট শব্দ কৰি।।

তেতিয়াহে সম্ভিদ ঘুৰাই আহিল বন্যাৰ। তাই এতিয়াও ছোফাতেই বহি আছে। দেৱ টোপনি গৈছে বন্যাৰ কোঁচত মুৰটোত থৈ। কান্দি কান্দি শুই যোৱা সৰু ল’ৰা এজন।

তাই ফোনটো ৰিচিভ কৰিলেই যেন সি সাৰ পাই উঠিব…

তেতিয়াৰ পৰা এতিয়ালৈকে একোৱেই কোৱা নাই সি। বৰ ভাগৰুৱা হৈ আছে দেৱ। মাকক হেৰুৱা দুখ। সকলোৰে আগত কঠিন দেখুৱাই ঘুৰি ফুৰা ল’ৰা জন ইমান আবেগিক। ভাবিব আচৰিত লাগে তাইৰ…

ফোনটো পুনৰ বাজি উঠিল… অভিলাষৰ ফোন।

-হেল্ল ক,

-ক’ত আছ তই?

-মই বাহিৰত অলপ হোষ্টেলত নাই।

-কাইলৈ free আছ নে? মই যাম সেইফালে।

-হ’ব দে মোক ফোন এটা কৰিবি।

ফোনটো থৈ দিলে তাই। যাব লাগিব হোষ্টেললৈ দেৰী হৈ গ’ল…. কিন্তু তাক জগাব বেয়া লাগিল তাইৰ…

কাৰ ফোন বন্যা…. দেৱে মাত লগালে, মানে সাৰে পালে

অভিলাষৰ….

হঠাৎ উঠাট মাৰি উঠি গ’ল সি…. আকৌ পেগ এটা বাকী ল’লে সি….

খঙ উঠি আহিল তাইৰ। তাইও উঠি গ’ল তাৰ লগে লগে।
গ্লাছটো হাতত লৈ ল’লে।

কি কৰি আছা বন্যা। চাওঁ দিয়া।

নিদিওঁ মই। মদ নাখাবা আজিৰ পৰা..বচ আৰু একো নাজানোঁ।

গোটেই Ballentine ৰ বটলটো বাকী দিলে তাই বেচিনত।
ক’ৰ পৰা জানোঁ শক্তি পালে তাই। আৰু এতিয়া ফ্ৰেছ হৈ আহাঁ।

একদম খঙত একপ্ৰকাৰ অৰ্ডাৰেই দিলে বন্যাই দেৱক।

বকি বকি গোটেই ৰুমত আহি বস্তুবোৰ ঠিক কৰিব ল’লে তাই। সিঁচৰিত হৈ থকা নিউজ পেপাৰ বোৰ চিজিল কৰিব ল’লে। কাৰ ওপৰত তাইৰ খং উঠিছে নাজানে কিন্তু গোটেই বোৰ খং যেন নিউজপেপাৰ বোৰৰ ওপৰতহে উঠাইছে তাই।

ফ্ৰেছ হৈ আহি চুপ চাপ ঘৰৰ কোনত বীণ বেগত বহি আছে দেৱ….
হাতত আগৰ পেগটো।

আকৌ খাইছা তুমি । উচাট মাৰি উঠি গ’ল তাই।
যেন সৰু ল’ৰা আৰু মাকৰ ধেমালি চলিছে। দুয়োৰে মাজত। বাৰে বাৰে বাধা দিয়াৰ পিছতো একেখিনিয়ে বদমাছী কৰি ভালপোৱা জেদী ল’ৰা দেৱ।

সি সাজু হৈ আছিল। হাতখনত টান মাৰি তাইক কাষৰ বীণ বেগটোত পেলাই দিলে সি। খং উঠি গ’ল বন্যাৰ।

ট্ৰেক পেন্ট এটা পিন্ধি আছে সি। ক’লা টি চাৰ্ট এটা।

বন্যা এটা কবিতা শুনা, মই এইমাত্ৰ লিখা….

 

কোঠাৰ এচুকত বহি
মদিৰাত মোৰ চুমুক
আৰু জীপাল হয় তোমাৰ ওঠ দুগাল
মদিৰা তুমি বেয়া পোৱা
তথাপি মোৰ প্ৰিয়।
যিদৰে প্ৰিয় তুমি মোৰ……

হাহিঁ উঠি গ’ল তাইৰ। হাহিঁত যোগ দিলে সিওঁ।

বাহ বেলেগ লিখিছা।

তোমাৰ দৰে নহয়।

বন্যা নাখাওঁ মই মদ আজিৰ পৰা কিন্তু এটা চৰ্তত।
কোৱা ৰাখিবা?

চৰ্ত…….? হতভম্ব হৈ চাই ৰ’ল বন্যাই দেৱৰ ফালে।
হাহিঁ ৰ’ল সি বেৰীয়া দাঁতটো উলিয়াই…..

…..পৰৱৰ্তী ষষ্ঠদশ খণ্ডত…..

Share কৰক:

1 Comment

  1. ষষ্ঠদশ খণ্ডটো কিয় পোৱা নাই?

Leave a Reply

Your email address will not be published. Required fields are marked *