অন্য প্ৰেম……(ত্ৰয়োদশ খণ্ড)

……পুনম নাথ…..

তোৰ প্ৰেম হৈছেনে কেতিয়াবা বিৰিণা?

কিয় সুধিলি? কাটি হৈ বন্যাৰ ফালে ঘুৰি সুধিলে তাই।
সৰু বিচনাখনত দুয়ো কিবাকৈ শুইছে।

নাই এনেই মন গ’ল। ইমান ল’ৰাৰ লগত ফুৰ এবাৰো কাৰো সৈতে মন মিলা নাই নে?

হঠাৎ যেন ভাবিব ল’লে বিৰিণাই। হাহিঁ এটা মাৰি ক’লে, মিলিছিল অ’ এজনৰ লগত কিন্তু কি কৰিবি cast problem.মই হেনো নৰ্থ ইষ্টৰ ছোৱালী সেয়ে।

হা হা হা হা হা সেইটো কি কথা আৰু। হাহিঁ উঠি গ’ল বন্যাৰ।

মোৰ লাষ্ট বয়ফ্ৰেণ্ড জন কৰ্নাটকৰ আছিল। প্ৰথম সকলো ঠিক কিন্তু পিছত ক’লে ঘৰত নামানিব কাৰণ সি হ’ল চাউথৰ আৰু মই নৰ্থ ইষ্টৰ।কথাবোৰ লাহে লাহে কাজিয়া হ’ব ধৰিলে পিছত দুৰত্ব বাঢ়ি গ’ল। হাহিঁ মাৰি দিলে বিৰিণাই।

প্ৰেম আছিল জানো সেয়া বিৰিণা যিয়ে ভাৰতখনৰ বিভাগক প্ৰেমৰ মাজলৈ আনে? সেইবোৰ আহে জানো প্ৰেমৰ মাজত।

নাজানো বুইছ বন্যা, সৰুতে মায়ে পঢ়াইছিল আমি সকলো ভাৰতীয়। আমি একেই। কিন্তু যেতিয়া ডাঙৰ হ’লো তেতিয়া গম পালো চাল্লা নৰ্থ ইষ্ট, নৰ্থ ইণ্ডিয়া, চাউথ ইণ্ডিয়া কিমান যে কি আছে। আৰু প্ৰেম কৰিবলৈও প্ৰথমে জাতি মিলাই ল’ব লাগিব বুইছ।

কিমান প্ৰেমৰ কাহিনী ওলাল, একবিংশ শতিকা চলিল কিন্তু জাতি জনজাতি বৰ্ণ ভাষা লৈ আজিও প্ৰেম হয়।

এক ছেকেণ্ড মৌন বন্যা। কি কথা কৈ দিলে বিৰিণাই। সঁচাকৈয়ে এইয়াই চলি আছে। প্ৰেমৰ সঁচাকৈয়ে বাৰু জাতি বৰ্ণ আছেনে?

জান বন্যা তাৰ মাজত কিছু বেলেগো আছে ভাল মানসিকতাৰ মানুহ পিছে ৰাহি জোৰা মিলিবও লাগিব।

ভগৱানে জানে আৰু বন্যা আমাৰ ক’ত মিলাই থৈছে।

হাহিঁ দিলে দুয়োটাই ।

ঐ তঁহতৰ কি হৈছে বাৰু। এনেকৈ হাহিঁছ যে? নৈৠতাই চিঞৰি উঠিল নিজৰ বিচনাৰ পৰা।

তোৰ কি ৰাশি অ নৈৠ? বৃশ্চিকৰাশি চাগে ন ? সেইকাৰণে চাগে তই ইমান খিংখিঙিয়া।

এই ৰাতিখন কি হ’ল তোৰ ৰাশি সুধিছ যে?
নহয় মোৰ বৃশ্চিকৰাশি। খঙতে ক’ব ধৰিলে নৈৠতাই।

আৰে নৈৠতা ন মানে বৃশ্চিকে হ’ব।

বিৰিণা তই কেতিয়াৰ পৰা ইমান জনা হ’লি এইবোৰ, বন্যাৰ হাহিঁ গ’ল তাইৰ কথাত।

আৰে জানো মই অলপ অচৰপ।

মোৰ শুৱনি নাম বেলেগ হে। ৰিতুস্মিতা। মোৰ তুলা ৰাশি। মামাই আহি মোৰ নাম নৈৠতা ৰাখিলে।

অ আচ্চা কিন্তু ভাল লাগিছে এইটো নাম। ন বন্যা….

তাই হমমম বুলি মুৰ জোকাৰিলে।

অই দেৱৰ লগত কেনে চলিছে প্ৰেম। অহ গড সেইবাবেই মোক প্ৰেমৰ কথা সোধা নাইতো? বিৰিণাৰ যেন এক ছেকেণ্ডত মনত পৰিল সকলো।

ধেৎ নাই বিৰিণা। দেৱ ভাল ল’ৰা। কিন্তু মই এতিয়াও প্লাৱনৰ প্ৰতি থকা আৱেগবোৰ মচিব পৰা নাই।

বহুদিন হ’ল বন্যা। ইমান ভালপালে তোক সি ফোন কৰিলে হয়।

কেনেকৈ কৰিব ফোন মই নতুন নাম্বাৰ লৈছিলোঁ। চাগে ফোন কৰিছিল। আৰু এইটো নাম্বাৰ সি নাজানে। তাৰ নতুন নাম্বাৰ মই নাজানোঁ।চাগে সি ফোন কৰিছিল।

দেৱৰাজে জানে প্লাৱনৰ কথা?

হমম জানে বাস্তৱে কৈছে চাগে।

জান বিৰিণা মই আজিকালি দুৰ্বল হৈ যাওঁ দেৱৰ ওচৰত। তাৰ চকুপানীবোৰৰ ওচৰত। সি অস্হিৰ হৈ থাকে আজিকালি। ভয় হয় মোৰ তালৈ। অদ্ভুত ল’ৰাজন।

তই কি ভাবিছ প্লাৱনকে ৰৈ থাকিবিনে? মানে এক লক্ষহীন যাত্ৰাৰ দৰে তহঁতৰ সম্পৰ্ক। তই সুখী জানোঁ..

মই নাজানোঁ বিৰিণা। কিন্তু এইটো জানোঁ যে কাৰোবাৰ ওচৰত আধা হৈ থকাতকৈ নথকাই ভাল। কিন্তু মই আজিৰ পৰা দেৱৰাজক লগ নকৰোঁ।

অভিলাষ কি বেয়া অ বন্যা? নৈৠতাই মাত লগালে।

নৈৠ প্লীছ ষ্টপ। বন্যাই মুখ খোলাৰ আগতে বিৰিণাই মাত লগালে।

Whyshould I stop বিৰিণা?
এইয়া মই বন্যাক কৈছো so please you shut your mouth.

অভিলাষ আজি ইমান দিনৰ পৰা তোৰ লগত আছে। প্লাৱনে এৰি যোৱাৰ পিছতো কোন আছে তোৰ লগত। দেৱৰাজৰ চকুপানী তোৰ চকুত পৰে কিন্তু অভিলাষৰ মৌনতা তই নেদেখ। যথেষ্ট খঙত ক’লে নৈৠতাই।

মৌন বন্যা আৰু বিৰিণা। তাইৰ একো ক’ব মন যোৱা নাই। কৈ থাকক নৈৠতাই যি কয়।।
বাৰে বন্যা দেৱী বাহ তুমি মহান। প্ৰেম অকল তইয়ে কৰিছ। তই আজিলৈ অভিলাষক নুবুজিলি?কিন্তু অতদিনে নাইকিয়া হৈ থকা প্লাৱনৰ বাবে প্ৰতি দিনেই উচুপ। চাৰিমাহ আগত লগ পোৱা দেৱৰাজৰ বাবে তোৰ দুখ লাগে। বহু কথা নকওঁ মই কাৰণ অভিলাষে ক’ব নিদিয়ে।

বাদ দে তই নুবুজিবি। কাৰণ তই কাকোৱেই নুবুজ। আনকি নিজকো। শুই থাক এতিয়া। গুড নাইট।

একেলগেই ইমানবোৰ কথাকৈ যেন ভাগৰি পৰিল নৈৠতা।
আন্ধাৰত তাইৰ মুখৰ অভিব্যক্তি বুজা নাযায়।

কাষতে বাগৰি থকা বিৰিণাই হাতেৰে তাইৰ চুলিখিনি চুই দিছে। সেইয়া সান্তনা তাই বুজে। চকুৱে যেন কৈছে শুই যা মনে মনে। সকলো ঠিক হৈ যাব।

ওপৰ ফালে মুখ কৰি শুই দিলে তাই। নীলা ডীম লাইটটো জ্বলি আছে ওপৰত। গোটেই খন নীলা নীলা…. ফেনখন ঘুৰি আছে ফুল স্পীডত। তাইৰ চকুদুটা ফেনখনৰ লগে লগেই ঘুৰি আছে। আজিৰ পৰা আৰু লগ নকৰে তাই দেৱৰাজক।তাইৰ জীৱনৰ পৰা আঁতৰাব তাই দেৱক। তাইৰ বাবে নহয় তাৰ বাবে।

ঘপকৈ কিবা মনত পৰাৰ দৰে উঠি বহিল বন্যা …
বিৰিণাই উঠিব লওঁতেই হাতখনেৰে বাধা দি ক’লে,
শুই যা। আমনি নকৰিবি। বহুত ভাগৰুৱা মই তই নেদেখাকৈয়ে

গাৰু শিতানত থকা ডায়েৰীৰ পাতত তাই লিখিব ধৰিলে। বাওঁহাতেৰে ধৰি ল’লে মোবাইলটো টৰ্চটো লৈ।

ইকাটি সিকাটি নিশা
তুমি অহাৰ আশা
চোৱা আহি এবাৰ মোলৈ।
ভাৱনাবোৰ উকা।
_______________

মাজনী চাহ একাপ বনাচোন।

দেউতাকৰ মাতত দৌৰি ওলাই আহিল বন্যা। আবেলি সময়ত চাহকাপৰ প্ৰয়োজন অনুভৱ সকলোয়ে কৰে। দেউতাকো বিপৰীত নহয়।

বনাও বাৰু। কিবা খাবা নে আৰু।
বনা যি বনাব মন কৰ।

হালি জালি পাকঘৰত সোমাল তাই। মাক নাই ঘৰত ওলাই গৈছে । ভনীয়েক টিউচনত গৈছে । ঘৰৰ ডাঙৰ ছোৱালী বন্যা। সেইবাবে আলসুৱা আৰু অভিমানী। গেছটো জ্বলাই পানী বহাই দিলে ল’লে তাই।

মাজনী চাহ বেছিকৈ বনা আলহী আহিছে।

কোন আহিল বাৰু এইসময়ত। মাক নাই তাইয়েই এতিয়া কৰিব লাগিব গোটেই কাম। খং উঠি গ’ল তাইৰ।

বন্যা ক’ত আছ। বৰ্ষাই চিঞৰিলে।
মানে বৰ্ষা আহিছে। কিন্তু হঠাৎ আচৰিত হৈ গ’ল তাই। দৌৰ মাৰি ওলাই আহিল পাকঘৰৰ পৰা।
কিন্তু এইয়া কি। দেউতাকৰ কাষত মুঢ়াত বহি আছে প্লাৱন।

তাইলৈ চাই হাহিঁ মাৰি দিলে। লাজত মুচকচ যোৱাৰ দৰে হ’ল বন্যা। ছুটি ফ্ৰক এটা পিন্ধি আছে তাই। ধেৎ তেৰী।আগতেই ক’ব নোৱাৰিলে নে যদি আহেই।

বহাচোন মই চাহ বনাও। ভিতৰলৈ সোমাই আহিল বন্যা। পিছে পিছে বৰ্ষা।

তই কিয় ক’ব নোৱাৰিলি প্লাৱন অাহিব বুলি।

মই কি জানো তোৰহে প্ৰেমিক। তোক কৈ অহা বুলি ভাবিছিলো।

নাই কোৱা অ’ মোক কেতিয়া আহিছে?

আজি অলপ আগত আহি পাইছে। আহিয়েই বাহিৰে বাহিৰে তহঁতৰ তাত আহিল। এতিয়া ব’ল আমাৰ ঘৰলৈ যাবি। থাকিবি আমাৰ তাত।

দেউতাক ক’বি যাবলৈ দিলেহে। কাইলৈ কলেজো আছে চোন।

থ থ কলেজ যাবলৈ আমাৰ ঘৰৰ পৰাও পথ আছেতো। প্লেটত ভুজিয়া বিস্কুট সজাই সজাই ক’লে বৰ্ষাই।

দে হ’ব দে। তই চাহ খিনি বাক মই কাপোৰ সলনি কৰি আহো। ফ্ৰীজত মিঠাই আছে উলিয়াই দে।

বগা জীনচ আৰু পাতল গোলপীয়া ৰঙৰ কুৰ্তা এটা পিন্ধি ল’লে তাই। চুলিখিনি পনিটেইল কৰি বান্ধি ল’লে তাই। আজি কিমান মাহৰ মুৰত দেখিছে প্লাৱনক। উফ্। মৰমবোৰ উঠলি উঠিছে তাইৰ। এতিয়াই যেন জোৰত সাৱতি ধৰিব তাক। ধেৎ ভাবিয়েই লাজ লাগি গ’ল তাইৰ।

মাজনী এইয়া প্লাৱন। পঢ়া শুনাত বৰ চোকা।

মই জানোঁ দেউতা। আগতে লগ পাইছোঁ।
চাহত চুমুক দিয়াৰ চলেৰে তাইৰ ফালে আলেঙে আলেঙে চাই আছে সি।বগা টি চাৰ্ট এটা পিন্ধিছে লগত ডেনিম জীন্স ।ভৰিত উডলেণ্ডৰ জোটা।গৰম ঠাণ্ডা প্ৰতি সময়ত তাৰ জোতা থাকিবই। অলপ খিনাইছ্ আগতকৈ। চুলিখিনি একেই আগৰদৰেই চুটি চুটি। চকুৰে বহুত বুজাইছে সি….তাই বুজিছে।

খুড়া আজি বন্যা আমাৰ ঘৰলৈ যাব। মায়ে মাতিছে। কালি কলেজ আমাৰ ঘৰৰ পৰা যাব। কিতাপ মই বেগত ভৰালোয়ে, কাপোৰো। গতিকে আপুনি বাধা নিদিব। খুড়ীদেউক লগ নাপাম গতিকে আপুনিয়েই ক’ব।
আগতেই যেন বাধা দিয়াৰ পথটো নাইকিয়া কৰিলে তাই।

ঠিক আছে বাৰু পিছে আগতে চাহকাপ খোৱা।

পিছে ডেকাল’ৰা এতিয়া কি কৰিবা।

খুড়া NDA ৰ ট্ৰেইনিং শেষ হ’ল মোৰ।ছুটী পাইছোঁ ২১ দিন। দহ দিন গ’লেই। এতিয়া pre commissioning training ৰ বাবে ডেৰাডুন IMA ত যাম মই। এবছৰ আহিব নোৱাৰোঁ তাৰ পাছত। পষ্টিং হ’ব।

মানে তাৰ পাছত আৰ্মি অফিচাৰ হৈ আহিবা। এনেও ওখ পাখ বৰ ধুনীয়া ল’ৰা তুমি, বৰ ভাল লাগিব ড্ৰেছত। বৰ ভাল দেই। আমাৰ এইজনীয়েহে কি কৰে জানো। পঢ়াশুনাত মন কাণেই নিদিয়ে কেৱল মোবাইলতো খুচৰি থাকিব। বুৰঞ্জী ইমান পঢ়িব লাগে। তাতে 2nd ইয়েৰ পাইছে। এনেকৈয়ে হ’লে বিশ্ববিদ্যালয়ত কেনেকৈ ছীট পাব বাৰু।

হা হা হা মোবাইলতো লৈ ল’ব আপুনি তেতিয়া পঢ়াত মন দিব। আমাৰ বৰ্ষাও একেই নপঢ়ে।

প্লাৱনে যেন খুব ভাল পাইছে। দেউতাকৰ লগত সিহঁতৰ কথা পাতি।

হ’ব হব মোৰ বদনাম গাব নালাগে। সোনকালে চাহ খোৱা আমি যাব লাগে। আৰু মোৰ মাৰ্কচ ভালেই আছে যোৱা।ঘোপাকৈ চালে তাই প্লাৱনলৈ।

আমাৰ সৰুজনীয়েও তোমাৰ দৰে NDA ত যাব পাৰিলেই হয়।

নাই খুড়া ছোৱালীয়ে তাত যাব নোৱাৰে। অকল ল’ৰাৰ হে। তাইক কিবা সহায় লাগিলে মই কৰিম দিয়ক।

বহু কথাবতৰাৰ অন্তত দেউতাকৰ পৰা বিদায় লৈ ওলাই আহিল তিনিওটা বৰ্ষাৰ ঘৰলৈ বুলি । গাড়ী প্লাৱনে চলাইছে। পিছফালে দুয়োজনী হাহিঁ হাহিঁ কথা পাতি আছে।

মোক ড্ৰাইভাৰ পাইছ নেকি তহঁতে।

বন্যাই একো মাত মতা নাই। তাইৰ অভিমান তাৰ ওপৰত। কিয় নোকোৱাকৈ আহিছে।

মোক নমাই দিবি আঁহতৰ তলত। তহঁতে য’ত ঘুৰ ঘুৰিবি।কিন্তু সোনকালে ঘৰ আহিবি।

মোৰ কৰ্চমেট আছে দেই এজন ইয়াত, আগৰ গাঁৱত ৰিয়ান বুলি। বৰ্ষাই চিনি পাৱনে?

না নাপাওঁ মই। মোক মাত্ৰ আঁহতৰ তলত নমাবি তাৰ পাছত তহঁতে যলৈ যাৱ যাবি।

যা নাম।

ৰখাই দিলে প্লাৱনে গাড়ীখন আঁহতৰ তলত । বৰ্ষা নামি গ’ল বন্যা আগত বহিল।

কিয় ফোনকৰা নাছিলা? বহুসময় মৌনতাৰ অন্তত প্ৰথমবাৰৰ বাবে মাত লগালে তাই।

আৰে মই কালি আহি পাইছোহে। বাকী দহদিন মই solo trip কৰিলো হিমাচলৰ ফালে। ইমান ভাল লাগিল জানা। ফটো দেখুৱাম তোমাক। ছাৰপ্ৰাইজ দিম ভাবি কোৱা নাছিলোঁ। খং কিয় কৰানো?

গাড়ীৰ বাহিৰত আউজি আছে দুয়ো। সমুখত ডাঙৰ পুখুৰীটো। আশে পাশে ফৰেষ্টৰ লাইন লাইন গছ – গছনি। মানুহৰ জনবসতি নাই। গোটেই সেউজীয়া। আকাশৰ ৰঙ কি বৰ্তমান সঠিককৈ কোৱা টান। নানা ৰঙৰ সংমিশ্ৰণ।

বন্যা মোক খং নকৰিবা কেতিয়াওঁ, বেয়া লাগে মোৰ।

খং নহয় অভিমানহে। হাহিঁ মাৰিলে তাই।

অভিমান কৰিলে তোমাক বেয়া দেখি।

আৰু এবছৰ লগ নাপাওঁ তোমাক।

মই যাম ডেৰাডুনলৈ।

আৰে অকলে গুৱাহাটী গৈ পাইছা তুমি? যদি হেৰাই যোৱা। মোৰ কি হ’ব।

নাযাওঁ নহয় হেৰাই। তুমি বিচাৰিবা আকৌ হেৰাই গ’লে । মোৰ ভাল নালাগে অকলে থাকি। মনত পৰে তোমালৈ।

ফেকুৰিছে তাই। হেৰুৱাৰ ভয়। কিজানি আৰু প্লাৱন নাহে। ছমাহৰ মুৰত লগ পাইছে তাই তাক। অন্য প্ৰেমিকাৰ দৰে কেতিয়াও লগ নাপায় তাক নিতৌ। সিতো আগতেই কৈছিল তাইক। থাকিব নোৱাৰে তাইৰ লগত।

একো নকয় জোৰত সাৱতি ধৰিলে তাইক প্লাৱনে । তাইৰ পিঠিত প্লাৱনৰ হাতেৰে চুই গ’ল সি।

অস্বাভাৱিক বন্যাৰ বাবে পুৰুষৰ স্পৰ্শ। তথাপি বেয়া লগা নাই তাইৰ। তাই অৱশ হৈ পৰিছে। মৌনতাই চুমিচে তাইক। মন- মগজু, শৰীৰ সকলোতে যেন প্লাৱনে মেৰিয়াই লৈছে।

মোক কেতিয়াও এৰি নাযাবা। মই যদিহে সময় দিব নোৱাৰো বুজিবা মোক তুমি।

নিৰ্ভয়ে কৈ গৈছে সি। বন্যাৰ ওঁঠৰ সমুখত প্লাৱনৰ ওঁঠ।

তাইৰ ওঁঠ দুটি কপিছে। লাজ, ভয়, আৱেগত। দুহাতৰ আঙুলিৰে পিঠিত জোৰত খামুচি ধৰিলে তাই তাক।

তাৰ বাবেও নতুন এইয়া। প্লাৱনৰ চকুত নিচা। বন্যাৰ নিচা।
সি চাই ৰ’ল তাইলৈ – বন্যাৰ চকু দুটা সৰু হৈ গৈছে। চকুৱে বহুত কৈছে।কুৰ্তাৰ গুলপীয়া ৰঙ যেন দুগালত। জ্বৰ ঘমাদি ঘামিছে তাই। তাৰ আঙুলিৰ পৰশত।

প্লাৱনৰ আঙুলিৰ অবাধ বিচৰণ বন্যাৰ ওঠ কাণ ডিঙিত। তাইৰ ঘন ঘন উশাহত ডুব গৈছে প্লাৱন।

বন্যা প্ৰেম কি?

চকুৰে বুজি পোৱা ভাষা
উশাহত কথা
নিশাহত আশা।
চাগে প্ৰেম এনেকুৱা…

কপা কপা ওঁঠেৰে উত্তৰ দিলে তাই।
তোমাৰ উশাহত মই বিলীন হওঁ বন্যা তুমি বুজানে নুবুজা?

আৰু মই তোমাৰ……..

তাইৰ কথা সম্পুৰ্ণভাৱে ক’বলৈ সুযোগ নিদি ওঁঠ দুটি গুজি দিলে সি তাইৰ ওঁঠত।

সম্পুৰ্ণ নতুন ভাল লগা সকলো। মিঠা মিঠা… এক অন্য অনুভূতি।

মৰম বাৰু এইয়াই নেকি?…………..

বহু সময় হৈ গ’ল চাব পৰা নাই তাই প্লাৱনৰ ফালে। লাজে বেৰি ধৰিছে তাইক। সমুখৰ পুখুৰীত এতিয়াও চকু নিবদ্ধ।

বন্যাই লাহে লাহে চকু নিলে তালৈ। তিৰবিৰাই থকা চকুহালেৰে যেন কৈছে, –

জানোঁ তোমাৰ লাজবোৰে লাজ কৰে
কিন্তু কি কৰিবা মই নিলাজ…….

পৰৱৰ্তী চতুৰ্দ্দশ খণ্ডত।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *