………পুনম নাথ………
মোবাইলটো অফ্ কৰি দিলে তাই…
নিজৰ বোলা সময়বোৰ মোবাইলে কন্ট্ৰোল কৰিব নালাগে.
বৰ অশান্তি লাগে। তাই আবেলিটো উপভোগ কৰিব বিচাৰে সেউজীয়া বোৰৰ লগত। আকাশখনৰ লগত।
অভিলাষৰ মুখলৈ চালে তাই। সি এতিয়াও কিবা ভাবি আছে। কিবা বেছি গধুৰ। খালী কাপটো এতিয়াও হাততে লৈ ঘুৰাই আছে।
দুৰৈৰ পৰা ভাঁহি আহিছে ৰিণিকি ৰিণিকি বাহীঁৰ সুৰ। সমুখত বিলখন। আহ্ এই সময়।।
কাৰ বাহীঁৰ সুৰত..
মোৰ বুকুখন কৰে ৰাইজাই
হিয়াখন মোৰ
ক’তনো হেৰাই ….
বন্যা তই জাননে প্ৰাচীন গ্ৰীচত বাহীঁক প্ৰধান বাদ্য হিচাপে ব্যৱহাৰ কৰিছিল?
না মই জনা নাছিলো। কিয়নো?
কাৰণ বাহীঁয়ে অনুভূতি প্ৰকাশ কৰিব পাৰে।
প্ৰাচীন গ্ৰীচত নহয় বাহীঁয়ে এতিয়াও অনুভৱ প্ৰকাশ কৰিব পাৰে। আচ্ছা অভি তই গৈ পাইছ নে গ্ৰীচত?
পাইছোঁ দুবাৰ। তথাপি যেন মোৰ মনেই নভৰিল। আৰু যাবলৈ মন।
মইওঁ যাম হা এইবাৰ….
পাইথাগোৰাছ, ছক্ৰেটিছ, মাইকেল এঞ্জেলো, বীৰ আলেকজেণ্ডাৰ, হোমাৰ, এৰিষ্টটল, প্লুটো, এইবোৰ বিশ্ববিখ্যাত মানুহৰ জন্মস্থান গ্ৰীচ ….
উফ্ ভাবিলেই কিবা লাগি যায় তাইৰ।…
বন্যা তই গ্ৰীচ দেশৰ বিখ্যাত ট্ৰয় নগৰৰ কাহিনী জাননে?
কোনে নাজানে হোমাৰৰ মহাকাব্যৰ কথা। বিখ্যাত ট্ৰজান যুদ্ধৰ কথা। ৰাণী হেলেনৰ বাবে যে সকলো ধংস হৈছিল।
কিয় সকলোৱে ধংস মনত ৰাখে বন্যা?
কাৰণ প্ৰায় দহ বছৰ চলিছিল সেই যুদ্ধ, এজনী নাৰীৰ বাবে.. কি আচৰিত।
হেক্টৰ, এখিলেচ কিমান বিখ্যাত বীৰৰ মৃত্যু হৈছিল সেই যুদ্ধত। তেজৰ নৈ বৈছিল ট্ৰয় নগৰত।
হেলেন আৰু ট্ৰয় ৰাজকুমাৰ পেৰিছৰ প্ৰেমৰ কথা কিয় কোনেও নকয় বন্যা?
হেলেন আৰু পেৰিছৰ প্ৰেম আছিল পৰকীয়া।
স্পাৰ্টা সম্ৰাট মেনেলাচৰ পত্নী আছিল।. যি লোকসক্ষুত পাপ।
আহ্ বন্যা প্ৰেমত ক’ত পাপ ক’ত পুণ্য।।
থমকি ৰ’ল বন্যা এক মূৰ্হুতৰ বাবে।
এৰা, প্ৰেমে জানোঁ বুজে পাপ আৰু পূণ্য …
জান, বন্যা হেলেনৰ দৰে ধুনীয়া নাৰী হেনো তেতিয়া পৃথিৱীতে নাছিল। এতিয়াও গ্ৰীচৰ মানুহে নিজকে হেলেনিচ বুলি পৰিচয় দি ভাল পায়।
মই যে এতিয়াও পাগল হওঁ, ইমান ধুনীয়া গ্ৰীক ছোৱালী বোৰ। দুষ্ট চকুহাল সৰু কৰি দিলে সি…
এইবাৰ গ’লে লৈ আহিবি এজনী…. হেলেনিচ..
ধেৎ তাই বাৰু মোক ৰাতিপুৱা কেনেকৈ সান্দহ চিৰা দিব?
ভাপত দিয়া পিঠা বনাব জানিব জানোঁ।
হা হা হা হা হা হা হা হা হা যা তা মানে।
অভি আচৰিত ন, কিমান কাহিনী আছে প্ৰেম ভালপোৱাৰ ওপৰত তথাপি আমি ধংস মনত ৰাখোঁ।
আমাৰ ৰামায়ণত ৰামে সীতাক জানোঁ প্ৰেমৰ বাবেই আনিবলৈ যোৱা নাছিল সাগৰ পাৰ হৈ, তথাপি যেন ৰাম-ৰাৱণৰ যুদ্ধই হে বেছিকৈ প্ৰাধান্য পায়।
লিয়েণ্ডাৰে জানোঁ যোৱা নাছিল হেলিচপট সাগৰ পাৰ হৈ প্ৰেমিকাক আনিব? জানে জানো মানুহে?
বন্যাৰ যেন মনটো উৰি গৈছে প্ৰাচীন কাললৈ….
মনলৈ আহিছে ৰাম-সীতা, পেৰিছ – হেলেন, অডিচিৰ পেনিলোপ আৰু অডিচিয়াচৰ কথা…. কেনেকৈ পথভ্ৰষ্ট হৈ আঁতৰি আছিল দহ বছৰ নিজৰ পত্নীৰ পৰা……. বাৰ্থা আৰু এখিলেচৰ প্ৰেম নাছিল জানোঁ?
আচৰিত এই প্ৰেম গাথাঁবোৰ…আজিকালি বাৰু সলনি হ’ল নেকি প্ৰেমৰ সংজ্ঞাবোৰ……?
আচ্ছা অভি ভগৎ সিংৰ বাৰু প্ৰেমিকা আছিলনে?
আছিলতো..
কোননো, মইচোন পঢ়া নাই……. আচৰিত হৈ উঠিল তাই।
নিজৰ দেশখন আকৌ, প্ৰেম নহলে জানোঁ ২৪ বছৰ বয়সত কোনোবাই ফাঁচীকাঠত ওলমিব?
এৰা উৎকৃষ্ট প্ৰেমৰ নিদৰ্শন ভগৎ সিং……
অভি তই বাৰু বিজ্ঞানৰ ছাত্ৰ কেনেকৈ হলি ক’চো়ন।
গোটেই বোৰ বিষয় যে তোৰ নখ দৰ্পনত থাকে…
হা হা হা বহুত জানিব এতিয়াও বাকী….
বন্যা তোৰ মতে জোনাক কি?
এখন নৈ, এখন পাহাৰ, মুকলি আকাশত জোন… আৰু এটি খেৰী ঘৰ। এই সকলোবোৰৰ মাজত মই অকলে বননিত শুই থকা বন্যা। আৰু তোৰ?
খুড়াহতঁৰ দুডাল শিমলু, খোলা খিৰিকীখন আৰু মই… এটি সৰু ল’ৰা ।
মানে বুজা নাই।
মই বহুদেশৰ জোন দেখিছোঁ জাননে বন্যা … বহু দেশৰ জোনাক। অৰঙে দৰঙে বহু অভিজ্ঞতা গোটাইছো। কিন্তু সৰুকালিৰ মোৰ পঢ়া টেবুলৰ খিৰিকী খনেৰে যে জোনটো দেখিছিলো। শিমলু দুডালৰ মাজেৰে। ফিৰফিৰীয়া বতাহত লৰি থকা শিমলুগছৰ পাতবোৰ। আৰু তাৰ মাজে মাজে লাহে লাহে গৈ থকা জোনটোৰ লগে লগেই যেন মইও গৈ আছিলোঁ মন টোৱে লৈ যোৱা নানান অচিনাকি ঠাইলৈ। ক’তোয়েই যেন তুলনা নহয় সেইটো জোনাকৰ….
শিমলু দুজোপা এতিয়া নাই।
আপোনা আপুনি ওলাই আহিল তাৰ হুমুনিয়াহ। বুৰ গ’ল সি সেই হুমুনিয়াহত। তাৰ চকুৱে যেন এতিয়াও বিচাৰি আছে শিমলু দুজোপা।
_____________
বন্যা, কি হ’ল তই খোৱাই নাই যে… বৰ্ষা আ়হি পালে…
তাই যেন ভগৱান হে দেখিলে। প্লাৱনৰ চকুলৈকে চাব পৰা নাই তাই।
সমুখত এতিয়াও বহি আছে। ভালকৈ খাবলৈও নিদিলে এইজনে
দাদা তই তাইক খাব নিদিলি নে কি?
আৰে মই একো কৰা নাই ভাই। তোৰ ফ্ৰেণ্ড লাজকুৰীয়া মই কি কৰিম। মইতো কবি বনি গ’লো। কাৰোবাৰ চাৱনিত।
খং উঠি গ’ল বন্যাৰ.. কিন্তু ভয় আৰু লাজত একো ক’ব পৰা নাই তাই। লাহেকৈ ঘোপাকৈ চালে প্লাৱনলৈ … দুষ্ট হাহিঁ এটা লৈ় চাই আছে তাইলৈ। হাতৰ লুচিখন কেতিয়াবাই খাই শেষ কৰিলে সি।
তই থাকি দে আজি…. সন্ধিয়া হ’লেই চোন।
না নাথাকোঁ যাব লাগিব মই….
আৰে একো নহয় থাক না….
মই ফোন কৰিম দে খুড়ালৈ…
থাকি যোৱা, ভয় কৰিব নালাগে দিগদাৰ নিদিওঁ দিয়া মই।
মাৰি দিবলৈ মন গ’ল তাইৰ। জানি বুজি কিয় যে লাগি আছে তাইৰ পিছত…..
থাকি দিয়া মাজনী , আজি হাহেঁ কোমোৰাই বনাম। খাই ভাল পাবা।প্লাৱনৰ মাক ওলাই আহিল। হাহিঁ মাৰি।।
হ’ব মাহী আপুনি কৈছে যেতিয়া থাকিম দিয়ক।
ইয়াহু। thanks মাহী। তুমি নকলে তাই নাথাকিলেই হয়।
ইচ্ একো নাই ঘৰৰ ছোৱালী বুলি কোৱা আৰু খাবলৈও লাজ কৰা। নাখালাই চোন একো। খোৱা বাচন বোৰ সামৰি কৈ থাকিল তেওঁ।
বৰ মৰমীয়াল মানুহজনী।
অ, মা বন্যাৰ লাজটো আকৌ বৰ বেছি।প্লাৱনে টপককৈ মাত দিলে।
মুখ টিপি হাঁহিব ললে বৰ্ষাই।
ভালহে ছোৱালী মানুহৰ লাজ থাকিব লাগে। আমাৰ এইজনীৰ আকৌ লাজেই নাই। তোমালোকে কথা পাতা মই আহো দেই।
অই বন্যা ব’ল আমি ফুৰিবলৈ যাওঁ। যাবিনে?
কলৈ যাবিনো?
এনেই গাৱঁতেই ফুৰোঁ। পুখুৰীৰ পাৰত। তই যাবিনে প্লাৱন দা।
ধেৎ কাম নাই নেকি মোৰ নাযাওঁ। তহঁতে যাগৈ।
বন্যা তই কাপোৰ এতিয়াই সলাবিনে পিছত।
মই….
ভাল লাগিছে আকাশী ৰঙত নসলাবা…. তপককৈ মাত লগালে প্লাৱনে।
ঠিক আছে নসলাও মই হ’ল? আহি কি পিন্ধিম সেইটোও আপুনিয়ে থৈ দিব। শান্তি নিদিয়ে মানে। ঐ বৰ্ষা বল যাওঁ ফুৰিবলৈ।বকি বকি ওলাই গ’ল তাই ফুৰিবলৈ।
পিছফালৰ পৰা হো হোৱাই হহাঁ প্লাৱনৰ হাঁহিৰ শব্দ শুনিছে তাই।।
খঙ উঠি গল তাইৰ…. কিন্তু কিবা এটা ভাল লাগিছে তাক তাইৰ। এক নাম নথকা অজান অনুভৱ।
বন্যা অ তই দাদাক বেয়া পাইছ নেকি।
নাই পোৱা অ। কিয় বেয়া পাম।
সি এনেকৈ কাকোৱেই নোজোকাই। তোক সি প্ৰায় এবছৰৰ পৰা পছন্দ কৰে । আৰু কেইমাহমানৰ পিছত সি ওলাবই NDA ৰ পৰা।
প্লাৱন দাক আগতেও কোনো ছোৱালীৰ কথা কোৱা শুনা
নাই। তোৰ কথাই কৈ থাকে সি… তোৰ কেনে লাগিছে নো।
বেয়া লগা নাই এনেই। কিন্তু ইমান সোনকালে কেনেকৈ… ৰাষ্টাৰ শিলগুটি এটা ভৰিৰে লঠিয়াই দিলে তাই।
আৰে সময় ল না।…তোৰ মতেই কৰ যি কৰ। মই ৰিক্স লৈছো। ভাল ল’ৰা।
হমমমমম মুৰটো জোকাৰি দিলে তাই।।
হাহিঁৰ খিলখিলনি তুলি উভতি আহিছে দুয়ো। সন্ধিয়া হৈছেই। আকাশত জোনটো ওলাইছে এটা দুটা তৰা লগত লৈ.. . কাৰেন্ট নাই যদিও জোনাকে পোহৰাইছে।
মই চাকি জ্বলাওঁ দেই বুলি। দৌৰ মাৰি ভিতৰ সোমাল বৰ্ষা।
প্লাৱন বাৰন্দাতে বহি আছে। পিন্ধনত একেই। ট্ৰেক পেন্ট আৰু স্পোৰ্টচ টি ছাৰ্ট। মুখখন গহীন যদিও কিবা এটা মৰমলগা। সুঠাম চেহেৰাৰ ল’ৰা…
হাই বন্যা… আহিলা.. ?
হেল্ল…
বন্যাৰ ফালে চাই ৰ’ল প্লাৱন। মেলি লোৱা চুলিকোচা বতাহত লৰি আছে। এখন হাতৰ আঙুলিৰে অইন খনৰ আঙুলিবোৰ চুই আছে তাই।।জোনাকত জিলিকি আছে মানুহ জনী। উফ্ এনেকৈয়ে থাকক তাই। চাই ৰ’ব সি হেঁপাহ নপলোৱালৈ।
বহোঁনে মই। প্লাৱনৰ তন্দ্ৰা ভাগিল তাইৰ মাতত।
বহা আকৌ
কাষৰ চকীখনতে বহি চাই ৰ’ল তাই জোনটোলৈ।
জোনাক ভালপোৱানে বন্যা… ?
পাওঁ ।
ব’লা তেতিয়া হ’লে,
তুমি নোযোৱা সিপাৰলৈ যাওঁ…
জোনাক নিশা বোৰ কিনি লম
জোন জনী তোমাৰ হ’ব
আৰু পোহৰ বোৰ মোৰ…..
আচৰিত হৈ চালে তাই…. মুখত হাঁহি বিৰিঙি উঠিছে তাইৰ.. একো উত্তৰ নিদিলে তাই। চাই ৰ’ল তাই প্লাৱনলৈ।
তাইৰ লাজটো যেন কিছু কমিছে।।
বন্যা তোমাৰ দেউতা বাৰু ড্ৰাগছ দিলাৰ নেকি।
What the hell.. কিয় সুধিলে?
কাৰণ তোমাক দেখিলেই মোৰ নিচা হ’ব ধৰে।
হো হোৱাই হাঁহি উঠিল তাই….
বন্যা প্ৰেম হৈছে নে আগত ?
নাই।
মোৰ কিন্তু হৈছে ।তোমাৰ উত্তৰ মই নোসোধো। একপক্ষীয় প্ৰেম মোৰ এবছৰ আগৰ পৰাই হৈছে তোমাৰ সৈতে।
বন্যালৈ চালে সি.. তাই চাই আছে তালৈ…মুখখন জোনাকত উজলি উঠিছে নে তাৰ কথাবোৰত.. অবুজন দুচকু কিন্তু সি বুজি পাইছে তাইক। চকুহালিয়ে যেন কৈছে, –
আজি তুমি কৈ যোৱা তোমাৰ কথা
মই পিছেকৈ কৈ যাম মোৰ।
ধূনাৰ গোন্ধ তাৰ নাকত লাগিল…… উফ্ এই সময় মিঠা মিঠা ভাল লগা।।
______________
বন্যা… কি ভাবি আছ?
একো নাই…
যাবিনে কিবা খাবি?
যাওঁ বল সন্ধিয়া হল।নাখাওঁ আৰু একো।
দোকান বোৰ বন্ধ কৰিব লৈছে এখন দুখনকৈ। বেছিকৈ দেৰিলৈ খোলা নাৰাখে। গজৰাজ ওলাই কেতিয়াবা কেতিয়াবা।।
ওচৰৰ নামঘৰৰ পৰা ভাঁহি আহিছে দবা কোবোৱা শব্দ।
একে সময়তে ভাঁহি আহিল কোনো মছজিদৰ পৰা আজানৰ মাত। এটা দুটা জোনাকী পৰুৱা যেন নাচি আছে এই নান্দনিক সংযোজনত।
সাম্প্ৰদায়িক সংঘৰ্ষ কৰা মানুহবোৰে বাৰু এনেকুৱা সময় উপভোগ নকৰে নেকি? ইমান ভাল লগা…
অভিয়ে বাইক ষ্টাৰ্ট দিলে। ইমান ধুনীয়া পৰিবেশ। এৰি যাবৰ মন যোৱা নাই.. কিন্তু উপায় নাই….
কাণত বতাহ লাগিছে তাইৰ এইবাৰো… চকুহাল মুদি দিলে তাই।.. শব্দবোৰ ঘুৰি ফুৰিলে তাইৰ চকুৰ পতাত
তুমি এজাক বতাহ হৈ আহিছিলা …
আৰু মই নজনাকৈয়ে গুচি গ’লো
সেইজাক বতাহত ……
চিৰদিন চিৰকাললৈ….
হোষ্টেলৰ গেট পাইয়ে তাই দেখিলে…
দেৱৰাজ ৰৈ আছে ৰা – ওৱান খনত আউজি……..
…..পৰৱৰ্তী একাদশ খণ্ডত…..