অন্য প্ৰেম…. (প্ৰথম – খণ্ড)

…..পুনম নাথ…..

অই বন্যা ক’চোন সাগৰে আকাশক কিয় ইমান ভাল পায়…?

এখন্তেক নষ্ট নকৰি তাই কৈছিল – কেতিয়াও ইজনে সিজনক নাপায় যে… চাগে সেইবাবেই.

তাকেই অ, যিটো বস্তুৰ প্ৰতি আমাৰ হাবিয়াস থাকে আমি তাৰ পাছতহে বেছি পৰো ন..?

হমমম আৰু ওচৰৰ আপোনবোৰ আমি পাহৰিয়ে যাওঁ..

সেয়ে হয়তো সাগৰৰ অপেক্ষাত
ৰ’দৰ ৰ’দালিৰে সাজি কাচি চিকমিকাই ৰৈ থকা বালিবোৰৰ প্ৰতি সাগৰৰ কোনো হাবিয়াসেই নাই.. মাথোঁ আহে আৰু তিয়াই থৈ গুচি যায়…

একদম হৃদয় হীন সাগৰ ন অভিলাষ …

ধেৎ সাগৰে যে সেইফালে প্ৰেমত পৰিছে …

কাৰ..?

আকাশৰ..

আৰু বালিয়ে সাগৰৰ ন…

হমমমম.. হয়তো হয়

সেই বাবেই চাগে সাগৰে তিয়াই যাবহি বুলি বালিয়ে সদায় ৰৈ থাকে, যাতে অলপ সময়ৰ বাবে হলেওঁ সাগৰক কাষত পায়…

প্ৰেম বুজিছ, এইবোৰ প্ৰেম….. হা হা হা হা হা হা হা ।চকুত বিস্মিত কৰা হাঁহি অভিলাষৰ।

অই বন্যা … বন্যা …
কি ভাবি আছা তেতিয়াৰ পৰা….

দেৱৰ মাততহে তন্দ্ৰা ভাগিল বন্যাৰ …
ইমান সময়ে অভিলাসৰ লগত পতা কথাবোৰেই মনত পাগুলি আছিল তাইৰ..একেই চোন কথাবোৰ, আগতেও শুনিছে এই প্ৰশ্নটো.. কিন্তু তেতিয়া তাইৰ উত্তৰ বহুত বেলেগ আছিল.. এতিয়া জানোঁ কিয় বেলেগ হ’ল…?

বন্যা….. শুনিছানে…?

কথাবোৰে কিবা ভাবুক কৰি পেলাইছে তাইক.. পাহৰিয়ে গৈছিল যে তাই ইউনিভাৰ্চিটিৰ মাৰ্কেট খনত দেৱৰ লগত বহি আছে…

অই বন্যা আকৌ কি হ’লনো.. ? কফি খোৱা…

হা অ খাওঁ…

বন্যা , তোমাক কথা এটা ক’বলৈ আছে কওঁনে…?

সোধা কি… কিবা নতুনকৈ বিপদত পৰিছা নিকি.. নে কিবা সমাধান লাগে..?

মিচিকিয়াই হাঁহি এটা মাৰিলে সি..

দেৱ… দেৱৰাজ বৰকটকী ..
ইউনিভাৰ্চিটিৰ নাম থকা লৰা আৰু ভৱিষ্যত ৰাজনীতিলৈ ঢাপলি মেলাৰ ব্যক্তিত্ব নথকাও নহয়.. গাৰ্লচ হোষ্টেলবোৰতো প্ৰায়ে আবেলি ওলাই তাৰ কথা বহু ছোৱালী পাগল তাৰ বাবে ..সৰু সৰু তীক্ষ্ণ চকুহাল চালেই গম পোৱা যায় যে সাংঘাটিক চতুৰ..কথাৰ মাজতে বেকাঁকৈ হাঁহি এটা মাৰে.. বেৰীয়া দাতঁটোৰে আৰু বেছি ভাল লাগে তাক..

দেৱৰ লগত তাইৰ চিনাকি হোৱা এমাহ মান হৈছে আৰু চিনাকি অনুৰাগী হিচাপে.. কবিতা পাগল ল’ৰা, কিন্তু শুনিবহে পাৰে পঢ়িলে হেনো বুজি নাপায়. বন্যা বন্ধু দেৱৰ ৰুমমেটৰ তাত তাইৰ এটি কবিতা শুনি ইমানেই ভাল পালে মাজৰাতি নগুৰ নাকটি কৰিছিল বন্যা লগত চিনাকি কৰাই দিবৰ বাবে আৰু পিছদিনা চিনাকি হৈছিল আৰম্ভণি সেয়াই..।

প্ৰথম চিনাকিকে ধৰি আজিলৈ তিনিদিন লগ পালে তাক…
দ্বিতীয়দিনা এ. টি. মত.. সৌজন্যতাৰ খাটিৰত তাই হাহিঁ মাৰিছিলহে আৰু সেইদিনাই আচৰিত ভাবেই সি কৈছিল –

তুমি চাহ খোৱা ন..?

অ খাওঁ কিয়..?

নাই মানে কেন্টিনত একাপ চাহ বনাইছে.. ৰৈ আছে চাহকাপে তোমাৰ চুমুক লবলৈ.. না নকবা প্লীজ কান্দি দিব চাহকাপে…

সশব্দে হাহিঁ বন্যাই কৈছিল- ব’লা মই কাকো দুখ দিব নোৱাৰোঁ..

আৰম্ভণি যেন সেইয়াই তাৰ পিছত হঠাৎ কেইদিনমান আগত ফোন কৰিলে দেৱে…

হাই চিনি পাইছানে..? মই দেৱৰাজ..

অ দেৱ কোৱা..

একাপ কফি খাবলৈ সময় হ’ব নেকি আবেলি…?

আৰু সময়ৰ বিনিময়ত মই কি পাম…?

যেন আগতেই সাজু আছিল সি..তপৰাই কৈছিল – কৃষ্ণচুড়াৰ নগৰীত সোণাৰুৰ হালধীয়া দেখুৱাম…

না নকলে তাই… ঠিক আছে হব.. কাম এটা আছে মোৰ পানবজাৰৰ ফালে তুমি ৰৈ থাকিবা..
চিটিবাছৰ পৰা নামি যেতিয়া বন্যাই দেখিছিল..
তজবজীয়া লৰাটো আৰ. ওৱান খনত আওঁজি ৰৈ আছে.. যেন অপেক্ষা মাথোঁ তাইৰ বাবেহে..

কাপত চুমুক এটা দি বন্যাই ক’লে কিবা সুধিব বিচাৰিছিলাচোন নুসুধিলা যে..

তোমাৰ প্ৰেমত পৰিছোঁ মই বন্যা …

কি ক’লা..?

কোনোমতে মুখৰ পৰা ওলাই আহিব সোধা কফিখিনি গিলি পেলালে… একো ওলোৱা নাই তাইৰ মুখৰ পৰা…

মই প্ৰেমত পৰিছোঁ তোমাৰ বন্যা .. ভাল লাগে মোৰ তোমাক..

তোমাৰ এইবোৰ প্ৰেম নহয় দেৱ. এইবোৰ ভাললগাহে তোমাৰ.. প্ৰেমৰ অৰ্থ বুজিব বহুত বাকী আছে তোমাৰ..

নাজানো মই একো, মোৰ তোমাক ভাললাগে.. প্ৰথম মাতৰ প্ৰেমত পৰিছিলো আৰু এতিয়া তোমাৰ..লগপোৱাৰ দিনাৰ পৰাই কেৱল তোমাৰ কথাকে আহে অ’ মনত প্ৰতিটো মুহূৰ্তত … প্লীজ বুজিব চেষ্টা কৰা না ..

মই আহিছোঁ দেৱ ..ভাললগা বোৰক জোৰকৈ প্ৰেম নসজাবা..প্ৰেম কৰা ইমান সহজ নহয়.. পিছত কথা পাতিম তোমাৰ লগত… By

উচাট মাৰি উঠি আহিল তাই..

আৰে ক’ত যোৱা..ৰ’বাচোন..

পিছত কথা পাতিম.. মই আহিছোঁ..

গুচি আহিল তাই ঠাইখিনিৰ পৰা .একদম একো শুনিব মন যোৱা নাই তাইৰ..
যেন দেৱৰ ওচৰৰ পৰা আঁতৰিলেহে ৰক্ষা পৰিব। ৰখাই থোৱা চিটিবাছ খনত উঠি ধহমহাই বহি দিলে..খিৰিকীৰ বাহিৰলৈ চাবলৈ মন নগল তাইৰ.

বন্যাই জানে দেৱক সান্তনা দিব পৰা অবস্থাত নাই তাই নাইবা তাৰ মুখনি চাব পৰা অৱস্থাত..অনুভৱ হৈছে কাণদুখন গৰম হৈ আহিছে নাকৰ পাহি কেইটাও ফুলিছে. অলপ পিছতে যেন ধাৰাসাৰে চকুলো বৈ আহিব তাইৰ…

খং উঠিছে তাইৰ কিন্তু কাৰ ওপৰত প্ৰেম ভালপোৱাবোৰৰ ওপৰত, দেৱৰ ওপৰত, নিজৰ ওপৰত নে অভিলাষৰ সেই সাগৰৰ প্ৰেমৰ ওপৰত…আকাশ আৰু বালিৰ প্ৰেম …নে কিছুমান পাহৰিব নোৱাৰা স্মৃতিৰ ওপৰত..

উফ্,গাড়ীৰ খিৰিকীৰে মুখত পৰা অস্তোদয়ৰ কোমল ৰ’দ খিনিও যেন আজি সহ্য হোৱা নাই।

চানগ্লাছজোৰ পিন্ধি আকাশলৈ চালে তাই , ঘৰমুৱা পখী দুটিমান গৈ আছে বাহলৈ দিনটোৰ অযুত ৰঙ লৈ।

এৰা, তাইওতো গৈ আছে হোষ্টেললৈ..
এবুকু বেদনা আৰু ভাগি যোৱা সপোন কিছুমান লগত লৈ…

(……পৰৱৰ্তী দ্বিতীয় খণ্ড ত ……)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *