….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
যৌৱনৰ বা গাত লগা দিনৰে পৰা
ময়ো কথাতো ভাবি চাইছিলো,
দুবাহুৰ ক্ষমতাৰে আঁকিছিলো
সেইজীয়াৰ ধৰাখন
আৰু আঁকিছিলো
মোৰ ভাগ্যৰ বতৰা।
নিলিখাকৈয়ে লিখিলো
মোৰ -ঠিকনা।
ধৰাৰ বুকু ফলি কৰি
স্নায়ূবোৰ কলম কৰি,
দূৰ্বাৰ সাহসক মূল ধন কৰি
লিখি গলো মোৰ দস্তাবেজ,
আৰু লিপিদিলো নষ্টালজিক,
বাটৰুৱাই ঠিকনা সুধিলে
বিনাদিধাই কব পাৰো
এইটোয়ে মোৰ গুৰু নোহোৱা জীৱনৰ “পাঠশালা”
অথবা=’আধাৰ শীলা ।’