….নিতুমণি নাথ…..গুৱাহাটী বিশ্ববিদ্যালয়……
টক্ টক্ টক্
:অ’ মা কোন আহিছে?
:মহাজনৰ টেকেলা
আধি খোৱা মাটিৰ ধান নিবলৈ…
টক্ টক্ টক্
:অ’ মা কোন আহিছে?
:মহাজনৰ টেকেলা
ঘৰটো ভাল কৰিবলৈ যে টকা লৈছিলো
তাৰে সুত নিবলৈ….
টক্ টক্ টক্
:অ’ মা কোন আহিছে?
:মহাজনৰ টেকেলা
ঘৰটো ক্ৰোক কৰিবলৈ….
টক্ টক্ টক্
:অ’ মা কোন আহিছে?
:মহাজন আহিছে
সুতৰ বাবত তাৰ পুতেকৰ বাবে
তোক নিবলৈ
:মা???