……ডালিমী বৰুৱা, শিক্ষয়িত্ৰী…..
…..জয়মতী কুৱৰী এম ই বিদ্যাপীঠ…..
ইতিহাস মোৰ বাবে
অভিশপ্ত এখিলা পাত-
নুচুও বুলিলেও বাৰে বাৰে ভাহি আহে
ওভতনি সোঁতত,
নকওঁ বুলিলেও বতাহে বতাহে উৰে তাৰ কণ্ঠ,
দুচকুত জোৱাৰ ওঠে
দুখৰ চকুপানীৰ,
বুকু চুৰ্ণ-বিচূৰ্ণ হয় অজানিতে,
ৰোধিব নোৱাৰি সেই নদী-
অলক্ষিতে ভাঙি যোৱা জীৱনৰ মথাউৰি ।
তুমিটো নুবুজা
বাৰিষাৰ নদীৰদৰে খহি যোৱা সেই গৰা,
জীৱনৰ বাটচ’ৰাতেই পিচলি পৰা
এটি-দুটি অবাঞ্চিত ক্ষণৰ বতৰা ।
ক খ লিখিব নাপাওঁতেই
জীৱনে লিখিলে ‘অবুজ কবিতা’
তুমি জানা-
‘সুৰুজে নোৱাৰে জীয়াব
পানীৰ মাছ’
পাৰত পৰি চটফটাই থকা
ৰৌ-বৰালিক দেখি ইতিকিং নকৰিবা
জীৱন বৰ জটিল
কেতিয়াবা অভিশাপ
কেতিয়াবা আশীৰ্বাদ ।।