……..কল্পজ্যোতি বৰ্মন……
……কটন বিশ্ববিদ্যালয়…….
দোলনৰ গতিৰ ছন্দই আপেক্ষিকতাবাদ নুসূচায়
মাধ্যকৰ্ষণৰ সৰ্বাত্মক প্ৰভাৱ ভেদিও কল্পনাৰ পখী অবাধে উৰি যায় ,
কিয় নামি নাহে সাধুকথাৰ কাচি জোন !
স্খলিত পপীয়া তৰাৰে ভৰি পৰে শৈশৱৰ তৃণ।
তল সৰা পাতে আৱৰা নিজান দুপৰীয়াটোত …….
মই বাৰে বাৰে উকিয়াই চাওঁ
আকাশখন খামুচি চোৱাৰ হেঁপাহ দূৰন্ত
ওভতি চালে মোৰ ভূমি হেৰাই যায় ।
ক্ৰমশ…….
তই নাহিলেও তই ৰোৱা আলিবাটত পাঠকে অহা যোৱা কৰে,
তই হাঁহিলে নুফুলা পলাশে ৰাঙলী আভৰণ সানে
ধূলি সানি আবেলিটো ধূসৰ হোৱাৰ পৰত…..
চকুপানীৰ মৰীচিকাই সামৰি লোৱা ৰ’দত….
অদূৰত অবাধ আশাৰ পতাকা উৰে,
আত্মসন্মানৰ লেখে কপি পকি আকাশ ছানি ধৰে
সেই যে,
অদূৰ দূৰত অবাধ বিৰহত বিজুলীয়ে পৃথিৱী সাৱটি লয় ।