ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (পছিশ)
Assamese Novel cocktail
………ড° নয়না পাঠক শইকীয়া……….
ঘৰ পায়েই বাহিৰৰ দুৱাৰ খন মেল খাই থকা দেখি মৌমিতা অলপ আচৰিত হ’ল। তাতকৈও আচৰিত হ’ল যেতিয়া ভিতৰলৈ সোমাই কাকো নেদেখি ফোণটো হাতত লৈ পৰাগমণিক লগাও বুলি ভাবোতেই তাইৰ ফোণটো বাজি উঠিল। ‘মৌমিতা মই দুৱাৰখন খুলি থৈ আহিছো। ২ মিনিটত পাই যাম ঘৰ, তুমি mind নকৰিবা হা’, ফোণটো কাট খাই গ’ল। মৌমিতাৰ মূৰটো গৰম গৰম লাগিল। তাই ভাবিলে mind কৰিবলৈ কিতো আছে কোনোবা ভিতৰত সোমাই থকা হ’লে! মৌমিতা ঘৰুৱা কামত লাগিবলৈ ভিতৰলৈ সোমাল। তেনেতে পৰাগমণিয়ে মৌমিতাক মাতি মাতি ভিতৰলৈ সোমাই আহিল।
ঃ দুৱাৰ খুলি থৈ যোৱাৰ বাবে লৰালৰিকৈ আহিছো জানা!
ঃ পিছে দুৱাৰ ঘৰ খুলি যাবলৈ কি ইমান urgency আহিল!
ঃ এহ নহয় ৰ’বা ওপৰৰ পৰাই কথা পাতি আছিলো তলৰ ফ্লোৰৰ oner ৰ লগত। আমাৰ oner ৰ বন্ধু হেনো। তেওঁ বোলে আহক তললৈ নামি আহক। মোৰ এইফালে চাবলৈকে নহ’ল। তললৈ নামি গৈ মনত পৰাত তোমালৈ ফোণ কৰি দিলো।
ঃ বৰ আচৰিত দেই। মোৰ দেৰী হোৱা হ’লে কি কৰিলাহেঁতেন।
ঃগুছি আহিলো হেঁতেন। জানোৱেইতো তুমি time ত পাই যাবাহি বুলি।
ঃ নিজৰ ভুলতো যে নেদেখা তুমি?
Follow us on Instagram (ধাৰাবাহিক উপন্যাস)
ঃ ভুলতো দেখা কাৰণেইতো তোমাক ফোণ কৰি দিলো। বাৰু বাদ দিয়া কেনে লাগিল আজি নতুন member ৰ ঘৰত।
ঃ ভাল লাগিল একেআষাৰে। এইবাৰ কিবা এটা change আহিব যেন লাগি আছে।
ঃ কি change, ধুমুহা, চুমুহা কিবা আহিব পাৰে নেকি তোমালোকৰ নেতৃত্বত।
ঃ কি নেতৃত্ব, একোৱে নাই নেতৃত্ব বা সাংগঠনিক কাম কাজ বুলি ক’বলৈ! অৱশ্যে খাদ্য আৰু নৃত্য perfectly চলি আছে।
ঃ অকলে এগৰাকীয়ে কেনেকৈ কৰিব? তুমি জানো পাৰিবা?
ঃ মইতো চেষ্টাও কৰা নাই। আচলতে কিবা এটা কৰিবলৈ উৎসাহ এটাওতো পাব লাগিব।
ঃ হয় বাৰু কথাতো। দুদিন পাছত দেখিবা সকলো ফুটুকাৰ ফেন যেন হৈছে।
ঃ মই পিছে কথা বতৰা পাতি আহিছো আজি! সকলোকে দেখি ধনাত্মকেই হ’ব যেন লাগিছে।
ঃ দুদিন পাছত অৱশ্যে সকলোবোৰ একেখন নাৱৰে যাত্ৰী যেনেই হ’বগৈ।
ঃ বাৰু বাদ দিয়া সেইবোৰ, দেখা যাওঁক কি হয়!
মৌমিতা কামত লাগি থাকোতেই কিছুমান কথা ভাবি থাকিল। কেনেকৈনো এটা গঠনমূলক কাম কৰিবলৈ সকলোবোৰ উদ্ধুদ্ধ হ’ব? কোনেওতো তেনে কোনো আশা বা আকাঙ্ক্ষা ৰখা নাই। মাত্ৰ সময়বোৰ পাৰ হৈ গৈছে। আচলতে কোনেও একো বিচৰা নাই যাৰ দ্বাৰা সামান্য হ’লেও মানসিক প্ৰয়াস কৰিবলগীয়া হয়। তাইৰেইনো কি প্ৰয়োজন নিজক এইবোৰৰ মাজত সোমোৱাই ৰখাৰ! আচলতে মৌমিতাই বিচাৰে সময়বোৰ সঠিক ৰূপে পাৰ হোৱাতো। অৱশ্যে তাই ভবা সঠিক ৰূপটো অইনৰ বাবে হয়তো সঠিক ন’হবও পাৰে।
….(আগলৈ)…..