final episode

“ককটেইল The life” (তেইশ) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (তেইশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

লতাই মৌমিতালৈ ফোণ কৰি জনালে যে ৰোমাই পাছৰতো দেওবাৰলৈ তেওঁলোকক সকলোকে মাতিব বিচাৰিছে। লতাই কথাতো কোৱাৰ পাছতেই মৌমিতাই হাঁ‌হি হাঁ‌হি কৈয়ে পেলালে ৰোমা বৌৱেও তোমাকেই adjust কৰিবলৈ লগালে নেকি? লতাই ক’লে ৰ’ব ৰ’ব মই আপোনাৰ তালৈ গৈ আছো ১০ মিনিট ৰ’ওক,ক’ম বাৰু কথাবোৰ। কিছু সময়ৰ পাছতেই লতা মৌমিতাৰ ঘৰত আহি উপস্থিত হ’ল।
ঃমৌমিতাই ক’লে তুমি আহিয়ে গ’লা যে মই হাঁ‌হি দিয়াত বেয়া পাইছা যেন পাইছো।
ঃ লতাই উত্তৰ দিলে এনেয়ে এপাক ওলাই আহিলো। ৰোমা বাই পাপৰি বৌক ফোণ কৰি সুধিছিল দেওবাৰলৈ সকলোৱে পাৰিব নে নাই। পাপৰি বৌৱে আকৌ মোক ফোণ কৰি সুধিলে। মন্তি বৌৱেতো পাৰিব গীতা বৌৱেও মন্তি বৌক পাৰিব বুলি ক’লে।
ঃ হ’ব হ’ব মিলাম আৰু দিয়া। কিবা কাৰণত সিদিনা নহ’লে মই বেলেগ এদিন গুছি যাম।
ঃ ওম আপুনি মানে বেলেগকৈ যোৱাৰ plane কৰিছে।
ঃ নহয় ও ! যদি by chance যাব নোৱাৰো, তুমিতো যাবাই ক’বাগৈ যে বেলেগ এদিন হ’লেও মই ওলামগৈ। নহ’লে আকৌ তেওঁ বেয়াও পাব পাৰেতো।
ঃ ওলাব আকৌ! গোটেই কেইগৰাকী একেলগে গ’লেহে ভাল লাগিব।
ঃ হ’ব বাৰু কিন্ত উপামণি, ছায়াৰূপা হ’ত?
ঃ পাৰিব চাগে! date টো almost fix এ হৈ গৈছেতো।
ঃ মানে মই হে concent দিবলৈ বাকী আছে নেকি?
ঃ নহয় মই ভাবিছো, মন্তি বৌ হ’তে মিলাইছে যেতিয়া আমিও একেটা দিনতে agree হ’লে ভাল হয়।
ঃ হ’ব হ’ব মই এতিয়া ok বুলিয়ে ক’লো তুমি ক’বাগৈ।

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

লতাই মৌমিতাক মাত লগাই যাবলৈ উঠিল।
ঃ ইমান লৰালৰি যে লতা ?
ঃ মন্তি বৌৰ ঘৰতো এপাক সোমাই যাওঁ‌। তেওঁ বোলে এইবাৰ ঢেৰ নতুন নতুন কাপোৰ আনিছে। মানে শাৰী, মেখেলা চাদৰ সকলো। whole sale rate ত হে দিব হেনো। চাই আহোগৈ এবাৰ।
ঃ অ’ হয় নেকি? তেওঁ কাপোৰৰ collection ও ৰাখে মানে?
ঃ কাপোৰ বুলিয়ে নহয় আপুনি সকলো বস্তুৱেই তেওঁৰ পৰা order ক ৰিব পাৰে। কাপোৰ তেওঁ বছৰত দুবাৰ মান হে আনে। মানে নিজে design দি শালত বোৱাই আনে। একেলগে বেছিকৈ লৈ আহে।
ঃ থিক আছে, তুমি ল’লে গ’ম পামেই নহয় collection কেনেকোৱা!
লতা যোৱাৰ পাছত মৌমিতাই ভাবিলে বাঃ মানুহবোৰে ইমান ব্যৱসায়ত ধৰিছে। লাভ লোকচানৰ কথাতো পাছত আহিব কিন্ত এনেদৰে ব্যস্ত হ’ব পৰাতোও ভালেই কথা। কিছু সময়ৰ পাছত উৰ্ব্বশীয়ে ফোণ কৰাত মৌমিতা অলপ আচৰিত হ’ল।উৰ্ব্বশী বৌৱে খুব কমহে সেইটো সময়ত ফোণ কৰে। মৌমিতাই খৰ খেদাকৈ ফোণটো উঠালেগৈ। উৰ্ব্বশীয়ে সিটো মূৰৰ পৰা মাত দিলে, তোমাক এইটো সময়ত genwrally phone কৰা নহয়য়েই, তুমি চাগে আচৰিত হৈছা ন!
ঃ মৌমিতাই ক’লে, নাই নাই বৌ, plane কৰিবলৈ কিবা বিশেষ সময় থাকেনে? কওঁ‌কচোন বাৰু।
ঃ সিটোমূৰৰ পৰা উৰ্ব্বশীয়ে ক’লে ৰোমাৰ তালৈ যাবা নহয় তুমি, নে কিবা আসুবিধা হ’ব? problem হ’লে তাইক বেলেগ এদিন programe কৰিবলৈ ক’ম ৰ’বা।
ঃ আপোনালোক কেইগৰাকীয়ে time মিলাইছে যেতিয়া ময়ো মিলাই ল’ম দিয়ক।
ঃ Problem থাকিলে ক’বা দেই। এগৰাকী বা দুগৰাকীৰ problem নাথাকিলে বাকী বোৰৰো নাথাকিব পাৰে বুলি ভাবিলেই নহ’ব নহয়।
ঃ হ’ব দিয়ক ঠিকে আছে। আপুনি কৈ দিব আমি যাব পাৰিম বুলি। আচলতে group ত থাকিলে সকলোৰে concent ল’লে ভাল হয়। মই আচলতে এইটো কথালৈয়ে কোৱা নাই দেই বৌ।
ঃ সেইটোৱইটো। কথাবোৰত সকলোকে involve কৰালে ভাল লাগে। বাৰু হ’ব তেন্তে নহয় জানো।
ফোণটো থৈ মৌমিতাই মনতে ভাবিলে উৰ্ব্বশী বৌৱে মানে তাই ভবাৰ দৰেই ভাবিছে কথাতো। লতা হ’তে কথাবোৰ যিদৰে হৈ যাব বুলি ভাবে, সেইদৰেতো সকলোৱে ভাল নাপাবও পাৰে। At least সমজুৱা জৰিত থকা যিকোনো কথাতে প্ৰতি গৰাকীৰ মতামতৰ গুৰুত্ব থাকিলেহে সকলোবোৰ গোট খাই থাকিব। নহ’লে লাহে লাহে মানুহ বোৰ আঁ‌তৰি গ’লে পাছত বিচাৰি থকাৰ একো যুক্তিও আচলতে থাকিব নোৱাৰে।

……(আগলৈ)……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *