final episode

“ককটেইল The life” (বাইশ) (ধাৰাবাহিক উপন্যাস)

ধাৰাবাহিক উপন্যাস “ ককটেইল (cocktail) The life ” (বাইশ)

Assamese Novel cocktail

………ড° নয়না পাঠক শইকীয়া……….

 

উৰ্ব্বশীৰ ঘৰত আজি প্ৰায় আটাইকেইগৰাকী উপস্থিত হ’ল। উৰ্ব্বশীয়ে ঘৰতে তৈয়াৰ কৰা আইচিং কেক, বিস্কুটৰ পৰা আদি কৰি চাহি পণিৰ, পৰাঠা সকলোবোৰ ঘৰতে তৈয়াৰ কৰা দেখি সিদিনা প্ৰথম অহা ঋতিকাই মাত দিলে, বাঃ চব আপুনি নিজেই কেনেদৰে তৈয়াৰ কৰিলে। ঋতিকাক আগতে কেতিয়াও ল’গ নপোৱা লতাই মাত দিলে অ’ আমাৰ ইয়াত সকলোৱে খোৱা বস্ত বনোৱাত একেবাৰে expert. অৱশ্যে খোৱাতো দেই। উৰ্ব্বশীয়ে হাঁ‌হি হাঁ‌হি ক’লে তোমালোকে ঋতিকাক আগতে লগ পোৱা নাই নহয়। তাই আমাৰ next door ৰৰ মানে মোৰ neighbour. দুমাহ মান আগতে খালী হৈ আছিল যে সেইটো ঘৰৰ আকৌ। মৌমিতাই ক’লে মই অনুমান কৰিছো অলপ। পিছে আমাৰ বৰঠাকুৰ বোলা গৰাকী আজি নাহে নে কি?
উৰ্ব্বশীঃ অলপ আগতে ফোণ কৰিছে তাই। আহিব, আহিব, নামটো মই পাহৰিলো নহয়। ৰ’বা কি আছিল……………। ৰ’মা নে ৰুমাপ্ৰিয়া কি ক’লে আজিহে গ’ম পাম ভালকৈ। ৰোমা হ’ব পাই দেই।
লতাঃ বৰ সমস্যাত পেলালে নহয়। এতিয়া আমি কি বুলি মাতিম!
উৰ্ব্বশীঃ আহি সোমাবলৈ দিয়াচোন আগতে। সেইবোৰ কথাৰ মাজতে manage হৈয়ে যাব চোন।
কিছু সময়ৰ পাছত কলিং বেলটো বাজি উঠাত লতা আগবাঢ়ি গ’ল। ছায়াৰূপাই মাত দিলে আমাৰ নতুন গৰাকী হ’ব পায়। উৰ্ব্বশীও ওলাই আহি দুৱাৰৰ কাষ পালগৈ। অহ আহা আহা ৰুমা সোমাই আহা, উৰ্ব্বশীয়ে ভিতৰলৈ মাতিলে। মই ৰোমাপ্ৰিয়া হে দেই উৰ্ব্বশী, ৰূমত বহি থকা সকলোলৈ চাই ৰোমাপ্ৰিয়াই মাত দিলে। মই নতুন কৈ আহিছো দেই। আপোনালোকৰ নামবোৰ লতিকাৰ মূখত শুনিছো। আজিহে নামে মানুহে দেখিছো। লতা পাছলৈ সোমাই থকা দেখি ৰোমাপ্ৰিয়াই তাইৰ ফালে চালে। তুমি দুৱাৰৰ মূখলৈ আগবাঢ়ি আহি আকৌ এনেদৰে চুকটোত কিয় সোমালাগৈ, আহা আহা সমূখৰ ফালে আহা! লতাই সামান্য হাঁ‌হি মাত দিলে, নহয় মানে আপোনালোকে কথা পতা আৰম্ভ কৰিছে যেতিয়া মই প্ৰথমে নিচিন্ত হৈ ল’ব বিচাৰিলো। মানে আমি ভাবি থকা নতুন member গৰাকী নে অইন কোনোবা। অহ আৎচা মই এনেয়েহে কৈছো দেই। বেয়া নাপাবা আকৌ। এইবাৰ লতা উৎসাহিত হৈ পৰিল। আপুনি মানে আমাতকৈ ডাঙৰ হে হ’ব, বৌ বুলি মাতিম নে বাইদেউ বুলি কওঁ‌ক।
ৰোমাপ্ৰিয়াঃ হ’ব হ’ব তোমালোকৰ যেনেদৰে ভাল লাগে তেনেদৰেই মাতিবা।

Follow us on Instagram  (ধাৰাবাহিক উপন্যাস)

তেনেতে উৰ্ব্বশীয়ে মায় লগালে। ঋতিকাও নতুন আলহী দেই, ঋতিকা এয়া ৰোমা। তোমালোকে কি বুলি মাতা মাতিবা তেওঁক। লতাৰ ফালে চাই উৰ্ব্বশীয়ে ক’লে এতিয়া লতাই অলপ help কৰি দিয়াচোন পাকঘৰত। মৌমিতা সোমাইছেগৈয়ে। ৰোমাই মাত লগালে, মৌমিতা, লতা,ঋতিকা হতঁ‌ক এতিয়া চিনি পালো। উৰ্ব্বশীকতো প্ৰথমেই চিনি পালো, ফোণত মাততো শুনিছিলোৱেই নহয়। বাকী ছায়াৰূপা, উপামণি, পাপৰিক হে ধৰিব পৰা নাই।
উৰ্ব্বশীঃ ৰ’বা মই আটাইকেইগৰাকীক চিনাকি কৰি দিম। তুমি গীতা আৰু মন্তিক চিনি পাইচা নে?
ৰোমাপ্ৰিয়াঃ পাইছো পাইছো লতিকাই মোবাইলত ফটো দেখুওৱাইছিল।
তেনেতে মৌমিতা আৰু লতা পাকঘৰৰ পৰা ওলাই আহিল। লতাই পাপৰিলৈ চাই ক’লে আপুনিও আহিব লাগিছিল। এনেদৰে AC ৰ ওচৰত বহি মোক কিন্ত জলাইছে দেই।
ৰোমাপ্ৰিয়াঃ লতা তুমি আৰু উঠিব নালাগে। চাহ হৈয়ে গ’ল। উৰ্ব্বশীয়েতো বাকী খিনি ধুনীয়াকৈ সজায়ে আছে।
মৌমিতাই ৰোমালৈ চাই ক’লে মোক ধৰিব পাৰিছে নে নাই জানো, মই মৌমিতা।
ৰোমাপ্ৰিয়াঃ এতিয়া আটাইকেইগৰাকীক চিনি পালো, এদিন মাতিম তোমালোক সকলোকে, সুধিয়ে ল’ম বাৰু সুবিধা অসুবিধাবোৰ। তোমালোকে কিন্ত একো excuse দি নহাকৈ নাথাকিবা।
লতাঃ বৌ আমি party attend কৰাত সকলোবোৰই ভাল। পৰাপক্ষত miss নকৰোৱেই। Atleast মোৰ ফালৰ পৰা always Ok. আপুনি মাত্ৰ মাতিব আৰু দেই।

(ধাৰাবাহিক উপন্যাস)

উৰ্ব্বশীঃ আমাৰ ইহঁতকেইজনী এনেকুৱাই ৰোমাপ্ৰিয়া।
মন্তিঃ ইহঁতি মানে লতা আৰু মই। অৱশ্যে লতা is eveready.
উপামণিঃ হয় হয় লতাই সকলোকে সমানে help কৰে। মানে বিচাৰিলে বুলিয়ে নহয় আপুনি সকলো সময়তে তাইক হে পাব।
গীতাঃ অহ আমি তেনেহ’লে নিসিজা চাউল নেকি? আমিওতো সমভাৱ ৰাখো।
উপামণিঃ ইচ ৰাম, নহয় নহয় মই আচলতে সেইটো কোৱা নাই। মানে আমাৰ কেতিয়াবা কিবা problem ত পৰি কিবা অনুস্থান miss হ’লেও লতাৰ যে একেবাৰে তেনে নহয়।
ৰোমাপ্ৰিয়াই মাজতে সোমাই ক’লে ৰ’বা ৰ’বা তোমালোক একদম serious হৈ সকলোৱে গা পাতি লৈছা দেখোন। একেলগে আছা বা থাকিম যেতিয়া আমি সকলো careful, helpful, energetic, possitive হ’ব লাগে। ঘৰুৱা কাম বন সকলোৰে থাকে তাৰ মাজতে Time maintain কৰি গোট খোৱাতো ডাঙৰ কথা। লগতে আৰু এটা কথা কঁ‌ও ৰোমাপ্ৰিয়া নামটো দীঘল যন লাগিলে ৰোমা বুলিও ক’ব পাৰে।
মৌমিতাঃ ঠিকেই কৈছে। গোট খোৱাতোৱেই ডাঙৰ কথা যিটো সকলোৱে adjust কৰি মেলি হ’লেও কৰিয়েই আছে। লগতে আজিৰ পৰা আমি short form টোকে ব্যৱহাৰ কৰিম নহয় জানো।
মৌমিতাই লক্ষ কৰি আছে ঋতিকাই কথাত তেনেকৈ ভাগ লোৱা নাই। মৌমিতা গৈ ঋতিকাৰ ওচৰত বহিল। কোৱা ঋতিকা আমাৰ লগত সময় উলিয়াই আহিব পাৰিবানে?
ঋতিকাঃ আহিম আকৌ। অকণমান Time উলিয়াই ল’ম আৰু। কিন্ত এতিয়া উঠিমহে মই। ঋতিকা যাবলৈ ওলোৱাৰ পাছত লাহে লাহে আটাইবোৰে সিদিনাৰ বাবে বিদায় ল’বলৈ সাজু হ’ল।

……..আগলৈ……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *