“ ককটেইল (cocktail) The life ” (একৈশ)
Assamese Novel cocktail
………ড° নয়না পাঠক শইকীয়া……….
বহু দিনৰ মূৰত মৌমিতাই উৰ্ব্বশী, গীতা আৰু লতাক একেলগে বাহিৰত লগ পাই অলপ আচৰিত হ’ল।
মৌমিতাঃ আৰে ক’ত যায় আপোনালোক।
উৰ্ব্বশীঃ মই আচলতে বেলেগ এটা কামত ওলাইছিলো। দূৰৈৰ পৰা ইহঁতক আহি থকা দেখি মই ৰৈ দিলো। মানে দাদায়ো নমাই থৈ গ’ল, বোলে যোৱা তোমালোকৰ কিবা কথা আছে কিজানি!
মৌমিতাঃ তাকেইতো আটাই কেইগৰাকীক দেখি ময়ো তললৈ নামি দিলো।
উৰ্ব্বশীঃ আচলতে মোৰ তেনে বিশেষ একো কথা নাই।
লতাঃ ভালেই হ’ল আকৌ। গীতা বৌৱে মোক কেইবাদিনো কৈ আছিল লতিকা বাইদেউলৈ মনত পৰি আছে বুলি। তাকেই plane কৰিলো আজি। এদিন লতিকা বাইদেউৰ ঘৰলৈকেই যাওঁ নেকি?
গীতাঃ মই আচলতে বেলেগ এটা খবৰ লৈহে আহিছো। লতিকা বাইদেউৰ ঘৰটো কোনোবা প্ৰতীক বৰঠাকুৰ বোলা এগৰাকীয়ে লৈছে। সিদিনা চিনাকি হ’লো তেখেতৰ mrs. ৰ লগত। আমাক মাতিছে এদিন তেওঁলোকৰ তালৈ।
লতাঃ লতিকা বাইদেৱে চাগে আমাৰ কথা কৈছে তেওঁক।
গীতাঃ অ’ লতিকায়ে কৈছে বোলে আমাৰ এই লেডিজ গ্ৰুপটোৰ কথা।
লতাঃ বঢ়িয়া হ’ব আমাৰ লগত মিলি গ’লে খুব enjoy কৰিব পাৰিম।
মৌ মিতাঃ ব’লক নহ’লে আটাইকেইগৰাকী আমাৰ ঘৰতেই বহকহি!
গীতাঃ হ’ব দিয়া নহ’লে এতিয়া মুকলিতে কথা পাতি লওঁ।
উৰ্বশীঃ ঠিক আছে! কথা পতা শেষ হ’লে আটাইকেইগৰাকী মৌমিতাৰ তালৈ গৈ চাহ একোকাপ খাই আহিমগৈ।
লতাঃ ঠিক আছে তেন্তে। উৰ্ব্বশী বৌৰ চাগে খুব চাহ খাবলৈ মন গৈছে। মন্তি বৌৱে গ’ম পাই নে নাই বা কথাতো।
গীতাঃ পায় পায় কেলেই নাপাব! লতিকা বৌৱে নিজেই কৈছে তেওঁক।
লতাঃ মন্তি বৌৰ লগত সিদিনা মই লতিকা বৌৰ ঘৰলৈ গ’লো ভালেই হ’ল। এতিয়া মই আপোনালোকক guide কৰিব পাৰিম।
উৰ্ব্বশীঃ বাৰু সেইবোৰ হৈ থাকিব। মই এটা কথা ভাবিছো নতুনকৈ অহা পৰিয়ালটোৰ ঘৰলৈ আটাইবোৰ গৈ ওলাই দিয়াতকৈ অইন এটা কামহে কৰো দিয়া।
গীতাঃ কি ভাবিছা উৰ্ব্বশী?
উৰ্ব্বশীঃ মই মোৰ ঘৰলৈকে তোমালোক
আটাইকেইগৰাকীৰ লগতে তেওঁকো নিমন্ত্ৰণ দি দিওঁ।
Follow us on Instagram (cocktail)
মৌমিতাঃ ঠিক আছে সেইটোকে কৰক। এতিয়া আহক আমাৰ তালৈ। চাহ অলপ খাই লঁও।
উৰ্ব্বশীঃ বাৰু ব’লা ব’লা তুমি মানে চাহ খোৱাবাই।
লতাঃ উৰ্ব্বশী বৌ আপুনি আকৌ এতিয়া কিয় লাজ কৰিছে। নিজেই চাহ খাম বুলি কোৱা মানুহজনী কেনেকৈ এতিয়া লাজ কৰিছে চাওঁক।
গীতাঃ ধেৎ কিয় লাজ কৰিব বাৰু। কৈছে আৰু এনেয়ে।
মৌমিতাঃ বলক বলক সেইবোৰ বাদ দিয়ক
এতিয়া। আটাইকেইগৰাকী গৈ মৌমিতা হতঁৰ ড্ৰইং ৰূমত সোমাল।গীতা ড্ৰইং ৰূমত সোমায়েই চিধাই সজাই থোৱা ফুলৰ টাব কেইটাৰ ওচৰ পালেগৈ। আইঔ ইমান ধুনীয়া লাগিছে। ফুল দুজোপা ধুনীয়াকৈ ফুলিছে।
উৰ্ব্বশীঃ মৌমিতা আমাক আজি মাতি ভালেই কৰিলা। পাছত আহিলে ফুলি থকা ফুল কেইপাহ নেদেখিলাহেঁতেন।
লতাঃ আজি বৌৱে আমাৰ আটাইকেইগৰাকীৰ এই ফুল পাহৰ সঁচ সকলোকে একোটাকৈ উপহাৰ দিব।
উৰ্ব্বশীঃ এইদৰে গোটেইকেইগৰাকীক মাতি আনি ফুলৰ সঁচ যোগান ধৰিবলৈ হ’লে মৌমিতাই আৰু আমাক কেতিয়াও নামাতিব।
মৌমিতাঃ পুলি ওলালে নিব পাৰিব। পিছে এতিয়ানো মই ক’ৰ পৰা দিম। খুব বেছি বজাৰলৈ গ’লে বিচাৰি চাম বুলি ক’ব পাৰো।
গীতাঃ হ’ব হ’ব। পুলি ওলালে দিব আকৌ।
উৰ্ব্বশীঃ কুকুৰ ভাল পোৱা মানুহে যিদৰে ভাল লগা মাইকী কুকুৰ পোৱালী থকা গৰাকীৰ ঘৰত বুক কৰি থৈ যায়। ফুল ভাল পালেও সেই একেই অৱস্থা হয় গৰাকীৰ।
মৌমিতাঃ পুলি ওলালে মই খবৰ দি দিম আপোনালোক আহি যাব।
লতাঃ প্ৰথম পুলিতো পিছে মোক দিব লাগিব।
উৰ্ব্বশীঃ লতা একেবাৰে সৰু ছোৱালীয়ে হৈ আছে। হ’ব দিয়া মাজনী তুমিয়ে লৈ যাবা।
লতাঃ মোৰ তাত থকা কেইবিধ মান ফুল মই যে কিমানক বিলালো। আপোনালোকক লাগিলেও লৈ যাব পাই। মই দিবলৈ নাহো।
মৌমিতাঃ তুমি আকৌ পাছফালে এনেকৈ থৈ দিছা যাতে আলহীৰ চকুতে নপৰে। মোৰ চোৱা একেবাৰে দেখা দেখিকৈ উলিয়াই ৰাখিছো।
গীতাঃ মৌমিতাই এইবাৰ পুৰা ধৰিছে। ঠিক কৰিছা মৌমিতা। লতাই ইমান demand ৰাখিছে যেতিয়া আমি তাইৰ ভুলতো ক’বই লাগিব।
উৰ্ব্বশীঃ হ’ব বলক, ৰাইজ উঠক এতিয়া। চাহৰ সোৱাদ ল’লো যেতিয়া উঠিব পৰা হৈ গ’লো।
(আগলৈ)