………ড° নয়না পাঠক শইকীয়া……….
আজিকালি দেখিছো মোতকৈ তুমিহে বেছি ব্যস্ত হৈ গ’লা, পৰাগমণিয়ে মৌমিতালৈ চাই ক’লে।
ঃ ওম অকল তুমিহে ব্যস্ত হ’ব লাগে নে?
ঃ নহয় মই ঠিক সেইটো কোৱা নাই।
ঃ বুজি পাইছো। পিছে সদায় একেখন ৰুটিনত থাকিলে, সকলোবোৰ কথাই বেছি সহজ হৈ পৰে। মাজে মাজে দিনপঞ্জী সলনি কৰিলে সলোক ধোলোক উদ্যম পুনৰুজ্জীৱিত হৈ পৰে।
ঃ অ’ তোমাৰ নিজৰ বাবে যদি দিনপঞ্জী সলনি কৰিছা, মই বেয়া পোৱা নাই কিন্ত সেয়া ন’হলে মোৰ কিন্ত ভাল নালাগিব।
ঃ ভাল নালাগিব মানে কি বুজাইছা?
ঃ তুমি যি বুজাইছা সেয়াই আৰু। ভাল নালাগিব বুলি কোৱাৰ সলনি তুমি বেয়া লাগিব বুলিও ক’ব পাৰা।
ঃ আচলতে দুয়োটাই। মোৰ দিণপঞ্জী সলনি হ’লেই তোমাৰো হ’ব। মানে পৰিপুৰক চিন্তা।
ঃ কিন্ত তেনে ব্যস্ততা জানো তোমাৰ ভাল লাগে?
ঃ ঠিক ভাল লাগে বুলিও ক’ব নোৱাৰা। কিন্ত সেই অলপ আগতে কোৱা কথাখিনি ইয়াতেই প্ৰযোজ্য, It’s just for change.
ঃ চাবা আকৌ লতা, লতিকা, মন্তি হ’তৰ নিচাই তোমাকো নাপালে হ’ল।
ঃ হা….হা….হা…..ভয়তো তাৰমানে ক’ৰবাতহে, ওচৰে পাজৰে আছো যেতিয়া সময়ত তেওঁলোকৰ দুই এটা বাতৰিও লৈ থাকিব লগীয়া হয়।
ঃ সেইটোতো হয়য়েই, মই মাত্ৰ কৈছোহে। মানে ময়ো যে মন কৰিছো, কথাতো তেতিয়াহে তুমি গ’ম পাবা।
ঃ ও এতিয়া সেইটোহে হ’ল নে? মইতো গ’ম পোৱাকৈয়ে কৰিছো।
ঃ হ’ব হ’ব চব বুজিছো! পিছে আজিনো কোনফালে প্ৰ’গ্ৰাম আছিল?
ঃ কেলেই মইতো আহিয়েই ক’লো তোমাক, মনেই নিদিলা তাৰমানে! আজি পাপৰি হঁতৰ তাতে গোটেই কেইগৰাকীক মাতিছিল। লতিকা বাইদেউ আচলতে মূখ্য উপলক্ষ আছিল।
ঃ অ’ তুমি কৈছিলা যে এদিন, সঁচাকৈ যাবলৈ ওলাইছে নে কি?
ঃ অ’ সঁচাই আকৌ।
ঃ বাৰু বুজিলো! কিন্ত তোমালোককো নিমন্ত্ৰণ দিলে নে এনেয়ে গৈছিলা।
ঃ কি যে কোৱা বাকী বোৰৰ কথা নাযানো, মোৰতো তুমি আচলতে জানাই নিমন্ত্ৰণ অবিহনে যেতিয়াই তেতিয়াই সাধাৰণতে মই পদাৰ্পণ নকৰোৱেই।
ঃ নহয় অ’ ওচৰৰ আটাইকেইগৰাকীকে মাতিছিল।
আজি Evening tea party হে, অহা সপ্তাহত ২ দিন আছে নিমন্ত্ৰণ।
ঃ ভালেই দিয়া নিমন্ত্ৰণ ৰক্ষা কৰি থাকা আৰু মোক পিছে খানা দিবলৈ পাহৰি নাথাকিবা!
ঃ তোমাৰ খোৱা বোৱা শেষ কৰিহে ওলাম মানে Breakfast ৰ নিমন্ত্ৰণ, গতিকে মই ঘৰত নাখাও আৰু।
ঃ বাৰু বুজিলো, এদিন Breakfast, এদিন Evening tea alternate কৈ।
ঃ হ’ব আৰু ইমান কামুৰ দি নাথাকিবা। লতিকা বাইদেউ shift হোৱালৈ এনেদৰে চলিয়েই থাকিব।
ঃ আমিও এদিন মাতিব লাগিব নে কি?
ঃ একদম ঠিক কথাকে ক’লা। মাতিবতো লাগিবই! মই তোমাৰ লগত কথাতো পাতিম বুলি ভাবিয়েই আছিলো।
ঃ মোৰ লগত পাতিবলৈ কি আছে! তুমিহে বনাবা।
ঃ মইতো বনামেই! আচলতে লতিকা বাইদেউক অকলে মাতিম নে দাদাকো মাতিম সেইটোহে চিন্তা কৰিছো। এতিয়া বিমানো তেওঁলোকৰ লগতে আছে।
ঃ যি কৰা কৰা আৰু মই বাৰু বজাৰ খিনি আনি দিম, লিষ্ট খন দিবা। অ’ বিমান মানে তেওঁলোকৰ ল’ৰাটো নেকি? সি বোলে আকৌ ইউক্ৰেইনত আছিলে!
ঃ ও সেই হুলস্থূল খন খুব বেছি হোৱাৰ আগতেই সি হেনো ঘৰলৈ আহিছিল। মানে covid বুলি বহু দিন আহিবও পৰা নাছিল যে covid সাম কটাৰ পাছতেই অহাৰ কথা আছিল তাৰ।
ঃ তেনেহ’লে যুদ্ধ খন নাপালে সি? পোৱা হ’লে ভালে আছিল।
ঃ কিজে কোৱা! আচল যুদ্ধৰ সময় খিনিত থকা হ’লে, ঘৰত লতিকা বাইদেউৰ কি অৱস্থা হ’লহেঁতেন ভাবি চোৱাচোন। মই অৱশ্যে details গ’ম পোৱা নাই।
ঃ সেইটো মই ক’বলৈ বিচৰা নাই। কিন্ত থকা হ’লে যুদ্ধৰ সময় খিনিত তাত মানুহ বোৰে কেনেদৰে কটাইছিল live চোৱা যেন লাগিলহেঁতেন।
ঃ তুমিও যে আৰু, তোমাৰ Live report ৰ বাবে কাৰোবাৰ লাইফ risk ত পৰাৰ দৰে কথা হ’ব দেখোন সেইটো।
ঃ কিছুমান সাংবাদিকৰ দ্বাৰা সৃষ্ট কাহিনী শুনাতকৈ নিজে ভুগি অহা মানুহ এজনৰ কথাতহে প্ৰকৃত তথ্য থাকে।
ঃ ঠিকেই, কিন্ত বাকী ঘৰৰ মানুহৰ কথাহে মই কৈছো।
ঃ এতিয়ানো সি কি কৰিছে? কলেজ, class বোৰ কৰাৰ কিবা বেলেগ policy আছে নে কি? মাজতে দেখোন আমাৰ চৰকাৰৰ ফালৰ পৰাই তেওঁলোকৰ পঢ়াৰ বাবে বেলেগ ব্যৱস্থা ল’ব বুলি শুনিছিলো!
ঃ সি বোলে ঘৰৰ পৰাই online কৰি আছে। এতিয়া সেই fascility ইউক্ৰেইন চৰকাৰেই কৰি দিছে বোলে সিহঁতক।
ঃ তুমি তাক লগ পালা নে কি?
ঃ নাই সিদিনা মানে আমি যোৱাৰ দিনা সি ঘৰত নাছিল। কৰবাত ওলাই গৈছিল চাগে, আগতেই এদিন লতিকা বাইদেৱে কৈছিল। কেতিয়াবা ভালদৰে সুধিব লাগিব যুদ্ধৰ সময়ৰ কথাবোৰ জানিবলৈ।
ঃ তাৰ আগতনো তুমি তেওঁক কেতিয়া লগ কৰিলা।
ঃ অ’হ কৰিলো আৰু ইমান মনত নাই মোৰ কিন্ত জানো আৰু!
ঃ জানো আৰু মানে, তোমালোক আটাইবোৰ লগ হ’লে জানো তেনে কথা ওলায়? নে তুমি অকলেই লগ পাইছিলা?
ঃ মোৰ মনত নাই দেই এতিয়া। মুঠতে কথাখিনিত সত্যতা আছে বুলি তুমি নিচিন্ত হ’ব পাৰা।
ঃ কেনেকৈনো নিচিন্ত হওঁ? লতাই হ’বপাই তেনেবোৰ কথা পাতিব, নে মন্তিয়ে পাতিব? অৱশ্যে লতিকাই যদি অলপ নিজকে exposure দি নিজৰ পৰিয়ালটোৰ বিষয়ে চিন্তা কৰাৰ টেনচন দেখুৱাই সেই কথা উলিয়াই উলিয়াব পাৰে। গীতা অথবা উপামণি বৌৱেও যে তেনে দৰকাৰী কথা তোমালোকৰ পাৰ্টী বোৰত উলিয়াব সেয়া মই কোনোপধ্যেই বিশ্বাস নকৰো।
ঃ ছায়াৰূপা আৰু পাপৰিৰ কথা নক’লা যে?
ঃ সিহঁতেতো নুলিয়াই বুলি জানোৱেই ল’ৰা, ছোৱালী সৰু যেতিয়া তেনে কথা নোলায়েই।
ঃ কৰা এতিয়া তুমি investigate কৰা! কৰ পৰানো কথাবোৰ ওলাব পাৰে ইত্যাদি ইত্যাদি। কিন্ত চাবা আকৌ মনে সজা কাহিনী নবনাবা, আমাৰ local journalist বোৰৰ দৰে।
ঃ ওলোটা মোকেই এতিয়া কামুৰ নিদিবা।
ঃ হ’ব দিয়া কামুৰ অকল তুমিহে দিব পৰা, আমিনো কামুৰ দিব পৰা মানুহ নে?
ঃ অ’তো তোমাৰ নিচিনা to the point মানুহ কামুৰ হ’ব পাৰেনে? নে মোৰ লগত থাকি তুমিও মোৰ শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব বিচাৰিছা।
ঃ তোমাৰ শ্ৰেণীত তুমিয়ে থকা মই আকৌ কেলেই সোমাম। কিন্ত কিছুমান বিশেষ লক্ষণ অকল বিশেষ পৰিবেশতহে প্ৰকট হয়। মোৰো তেনে এটা লক্ষণ আছে বুলি তুমি এতিয়া গ’ম পালা নহয় জানো।
ঃ ওম পালো পালো তুমি গ’ম পোৱাই দিলা।
ঃ বাৰু এতিয়া আচল point লৈ আহো, মানে লতিকা বাইদেউ হঁতক আমি নিমন্ত্ৰণ দিম নহয় জানো!
ঃ নিশ্বয়, কেতিয়ালৈ ঠিক কৰিছা।
ঃ আমি একেবাৰে শেষৰ ফালে দিম দিয়া, সকলোৱে দি লঁওক নে কি?
ঃ একেবাৰে শেষত নহয়, অলপ মাজৰ ফালে কৰা। নহ’লে তোমাৰ মহিলা সংগঠনে ভাবিব নিমন্ত্ৰণ নিদিও বুলিয়ে ভাবি আছিল ছাগে, সকলোৱে দিয়াই শেষত মাতিলে আৰু!
ঃ ঠিক আছে আৰু দুসপ্তাহমান পাছতে মাতিম।
ঃ পিছে অকল তেওঁলোকৰ পৰিয়ালতো নে, বাকী সকলোকো?
ঃ তাকেই ময়ো চিন্তা কৰিছো! তেওঁলোকৰ পৰিয়ালটোকেই মতাতো ভাল হ’ব যেন লাগে।
ঃ তুমি চাই লোৱা চোন বাকীবোৰে কেনেদৰে কৰিছে সেইমতেই কৰিবা আৰু। বেলেগ এটা কৰিবলৈ গ’লে বাকী কেইগৰাকীয়ে বেয়াও পাব পাৰে।
ঃ ওম সেইতোকে কৰা ভাল হ’ব। তেতিয়া কাৰো একো বেয়া পাবলৈও নাথাকিব।
…….(আগলৈ)……