final episode

“ককটেইল The life” (সাত) (ধাৰাবাহিক উপন্যাস)

………ড° নয়না পাঠক শইকীয়া…….

পৰাগমণি অফিচৰ পৰা অহাৰ পাছত মৌমিতাই ক’লে ব’লা কিবা এটা gift লৈ আহো।
ঃ কিয় কি আছে আজি?
ঃ কেলেই কালিয়েই কৈছিলো চোন লতা হঁ‌তৰ anniversary, আজি ৰাতি ভাত খাবলৈ মাতিছে।
ঃ অহ gift ৰ কথাতো কোৱা নাছিলা?
ঃ মই ভাবিলো তুমি লৈয়েই আহিবা!
ঃ এতিয়া যে মোৰ একেবাৰে ওলাবলৈ মন যোৱা নাই! এবাৰ যদি মনত পেলাই দিলাহেঁ‌তেন! Msg. এটাওটো কৰি থ’ব পাৰিলা হেঁ‌তেন, মই আহোতেই লৈ আহিলোহেঁ‌তেন তেতিয়া!
ঃ ময়ো পাহৰিছিলো আচলতে। আজি দিনতো অকল interior designing ৰ চিন্তাতেই পাৰ হৈ গ’ল।
ঃ ক’তা ঘৰতো দেখোন একো change হোৱাই নাই! অলপো সাল সলনি হোৱা নাই!
ঃ আৰে হোৱা নাই, হ’বহে! সেইবাবেইতো ইমান চিন্তা চৰ্চাৰে দিনটো পাৰ কৰিলো!
ঃ তোমাৰ ফোণ বাজি আছে হে, চোৱা চোন!
ঃ মৌমিতা পাকঘৰৰ পৰা ওলাই আহিল, exhaust ফেন খন চলি থাকিলে একো শুনা নাপাঁ‌ও, সেইখন ভাল কৰিবলগীয়াও হৈ আছে।
ঃ পৰাগমণিয়ে হাতৰ আঙুলীৰে ডাইনিং টেবুলত ৰিং কৰি থকা ফোণটো দেখুৱাই ক’লে, সেইফালে চোৱা!
ঃ অ’হ মিচ ক’ল হৈ গ’ল। পাপৰিয়ে ফোণ কৰিছিল!
ঃ ৰিং বেছি নাই হোৱা, কৰিব চাগে আকৌ!
ঃ msg. এটা আহিছে ৰ’বা।
ঃ কাৰ?
ঃ গীতা বৌৰ, ভালেই হ’ল দিয়া, gift বোলে একেলগে সকলোৱে মিলি কিনি লৈছে। আমি join কৰিম নে সুধিছে।
ঃ বচাই দিলে, এতিয়া problem solve হৈ গ’ল। আমি কিমান দিব লাগিব সোধা?
ঃ মই ok বুলি msg. send কৰিলো, পাছত সুধিম দিয়া!
ঃ অ’ পাপৰিয়ে ফোণ কৰা বুলি কৈছিলা যে miss call দিছিল চাগে!
ঃ নহয় তেওঁ চাগে গ’ম পালে গীতা বৌয়ে already যে msg. send কৰিলে।
ঃ তুমিয়ে কৰি দিয়া ফোণটো।
ঃ ওম মইতো কৰিমেই! মোক কোনোবাই call back নকৰিলে মই নিজেও বেয়া পাওঁতো! গতিকে অইনেও বেয়া পাব পাৰে বুলি অনুমান কৰো!
ঃ হেল্লো পাপৰি………………
ঃ হৈ যাব ব’লা এতিয়া ওলোৱা, নে কি?
ঃ টাইম আছে অলপ। আধা ঘন্টা মান পাছত ওলালেও হৈ যাব, Dinner হে।
ঃ ভাত খাবলৈ মাতিছে বুলিনো একেবাৰে ভাত খোৱা টাইমত হে ওলামগৈ নে?
ঃ অইনবোৰ গৈ নাপালে ব’ৰ হ’বাগৈ বুলিহে কৈছো! তথাপিও ৯ বজাৰ আগতেতো গৈ পামেই।
ঃ বাৰু তুমি যি ভাল দেখা কৰা!
ঃ মৌমিতা ওলাই মেলি ready হৈ পৰাগমণিলৈ চাই ক’লে খালী হাতেৰে যাবলৈও দেখোন বেয়া লাগিছে। Gift টো গীতাবৌ হঁ‌তেই লৈ যাব। তেওঁলোক গৈ পালেনে নাই phone এটাকে কৰো নেকি?
ঃ হ’ব দিয়াহে একো নহয়! ব’লা দেৰীকৈ গ’লে ভাল নালাগিব। ৰূমত সোমাই দেখিবা গোটেইবোৰ ইতিমধ্যেই বহি আছেগৈ!
ঃ ওম, হয় কথাতো। পিছে সকলোবোৰে যদি আগতে গৈ পায়, এফালৰ পৰা চাবলৈ গ’লে ভালে হ’ব।
ঃমৌমিতাই লতা হঁ‌তৰ ঘৰৰ বাহিৰত ভৰি থৈয়ে গ’ম পালে যে ইতিমধ্যে মানুহ কিছু গোট খাইছে। তাই কিবা এটা কোৱাৰ আগতেই পৰাগমণিয়ে ক’লে তোমাৰ tention কমিল দিয়া মানুহ প্ৰায় সকলো গোট খোৱা যেন লাগিছে।
ঃ ওম ভালেই হ’ল। কিন্ত তুমি চাগে সকলোবোৰ গৈ পোৱাৰ পাছত সোমাই মোৰ সমান ভাল নাপাবা।
ঃ ঠিক সেইটো নহয় কিন্ত বেছি দেৰী হৈ গ’লে ভাল নালাগিলহেঁ‌তেন।
ঃ মৌমিতাই সামান্য মেল খাই থকা দুৱাৰ খন ঠেলি নিজই সোমাই গ’ল।
ঃ তুমি অহালৈকে ৰৈ আছো মৌমিতা, আমি gift টো এতিয়া দি দিম গীতাই তাইলৈ চাই ক’লে।
পাপৰিয়ে পৰাগমণিক ফটো ল’বলৈ মোবাইলটো দিলে। দুখনমান ফটো লৈ পৰাগমণি বহি বহি পুৰুষ সকলৰ লগত কথা পতাত ব্যস্ত হ’ল। পাপৰিয়ে মৌমিতাক ক’লে, পৰাগমণিয়ে ব’ৰ পালে চাগে ন!
ঃ পাপৰি তুমি আচল জনকে ফটো ল’বলৈ দিলা! আচলতে বৰ ভাল নাপায় তেওঁ এই কামতো। ফটো বোৰ অৱশ্যে ভালেই তোলে।
ঃ ওম মই ধৰিব পাৰিলো। যিয়েই নহঁ‌ওক কামতো আমাক কৰি দিলে। ইতিমধ্যে লতাই কেকটো ট্ৰে এখনত লৈ কটাৰ যো-জা আৰম্ভ কৰিলে। মহিলা সকল গোটেইবোৰ কেকৰ ওচৰৰ টেবুলখন সজাই তোলাত ব্যস্ত হৈ পৰিল। কটাৰ পাছতে খোৱাৰ পৰ্ব আৰম্ভ হৈ গ’ল। প্ৰথমে কেকৰ লগত দুই এবিধ স্নেক্সেৰে আৰম্ভ হৈ main course ত বিভিন্ন খাদ্য সামগ্ৰীৰে টেবুল ভৰি পৰিল। দুই এবিধৰ বাহিৰে বাকী গোটেইবোৰ লতাই নিজ হাতেৰে প্ৰস্তুত কৰা বুলি শুনি সকলোৱে লতাৰ প্ৰসংসাত মূখৰ হ’ল। লতিকাই ক’লে এইজনীয়ে মানুহক নিজ বনাই খুৱাই খুব ভাল পায় যেন পাইছো, নহ’লে তাই ইমান বোৰ নিজ হাতে কষ্ট কৰি নবনাই order ও কৰিব পাৰিলেহেঁতেন।
ঃ মন্তিয়ে ক’লে কেতিয়াবা সৰু সুৰা পাৰ্টিত ময়ো বনাবলৈ ভাল ভাল পাওঁ যদি দুই এগৰাকী উৎসাহ দিবলৈ ৰৈ দিয়ে। এতিয়াৰ পৰা মই লতাকে লগত লৈ ল’ব পাৰিম।
ঃ আটাইকেইগৰাকী মহিলাই মন্তিৰ কথাত সন্মতিৰ হাঁ‌হি মাৰিলে।
ঃ খোৱা পৰ্ব সমাপ্ত কৰি আটাইবোৰ ঘৰাঘৰি হ’বৰ সময় সমাগত হ’ল। লতা হঁ‌তৰ ঘৰৰ হুলষ্ঠুলীয়া পৰিবেশ লাহে লাহে কমি আহিল। লতাই ক’লে পৰাগমণি দাদা হ’ত শেষৰ ফালে আহিছে যেতিয়া এতিয়াই যাব নোৱাৰিব! পৰাগমণিয়ে ৰস লগাই ক’লে আচলতে শেষৰ ফালে অহা মানুহক শাস্তি স্বৰূপে ল’ৰালৰি কৈ পঠিয়াই হে দিব লাগে।
ঘূৰি আহোতে ৰাষ্টাত পৰাগমণিয়ে মৌমিতাক জোকাই আহিল।
ঃ আজি পিছে তুমিও যোগ দিলা নেকি মহিলা সকলৰ গ্লাছ পাৰ্টিত।
ঃ কিয় খাই অহাৰ নিচিনা দেখিছা নেকি? তোমালোকলৈ arrange নকৰাকৈ অকল আমাৰ বাবেহে arrange কৰিব নে?
ঃ কৰিবওতো পাৰে। তোমালোকেতো মাজতে ভিতৰতে সোমাই থাকিলা বহু সময় ধৰি।
ঃ অ’হ সেইবাবেহে সুধিছা তাৰমানে! তাতকৈ এবাৰো ভূমুকি মাৰি নললানো কিয়?
ঃ ভাবিছিলো কিন্ত….কিজানিবা বাকীবোৰে বেয়া পায়!
ঃ হুহ, চিন্তা কৰিবলৈ আৰু বেলেগ কথা নাপালা!
ঃ চিন্তা কৰি কৰি সেইটোৱেই পালো আকৌ!
ঃ হ’ব দিয়া পাছত কেতিয়াবা এনে চিন্তা আহিলে ভিতৰলৈ সোমাবলৈ বেয়া পালে ৰিং এটাকে কৰিবা।
ঃ ৰিং কৰিলে জানো মই গ’ম পাই যাম, মানে তোমালোকৰ ছবি খন দেখি যাম।
ঃ নহয় তুমি ৰিং কৰি দিবা মই আহি তোমাক লৈ যাম।
ঃ হ’ব হ’ব মোক লৈ গৈ ভিতৰত বহুৱাব নালাগে। পাৰিলে বাহিৰৰ পাৰ্টিৰ বাবেও অলপ দি থৈ যাবা!
ঃ ইচ ৰাম তাৰমানে তুমি সঁ‌চাকৈয়ে তেনেকে ভাবিছা! কিজে কম তোমাক মই, আজিৰ পৰা আৰু নাহোৱেই মই এনে হ’লে।
ঃ হ’ব হ’ব ব’লা তোমাক আৰু জানিবলৈ বাকী আছে নে ? আচলতে মোৰ presentation ইমান ভাল যে তুমি, মই দিয়া alligation বোৰ সঁ‌চা বুলিয়ে ভাবি ল’লা।
ঃ ময়ো জানো কিন্ত তথাপিও মাজে মাজে তোমাৰ Dialogue delivery ত বিশ্বাস জন্মে আৰু!
ঃ মুঠতে আজি পাৰ্টি enjoy কৰিলা তাৰমানে!
ঃ হ’ব হ’ব আজিলৈ ইমানতে এৰাতো ভাল নেকি বুলি মৌমিতাই দুৱাৰৰ তলা খুলি ঘৰৰ ভিতৰত সোমাল।

….আগলৈ….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *