final episode

“ককটেইল The life” (ছয়) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

হেল্লো বৌ, মৌমিতাক ফোণৰ সিটো মূৰৰ পৰা লতাই মাত লগালে।
ঃ অ’ কোৱা লতা!
ঃ আজি আবেলী free থাকিবনে? মন্তি বায়ে তেওঁলোকৰ ঘৰত আজি ল’গ হোৱাৰ কথা কৈছে। আপোনাক ফোণ কৰিব চাগে! ওলাব একেলগে যাম।
ঃ কিবা পাতিছে নে কি?
ঃ নাই নাই, মানে কিবা এটা কোম্পানীৰ দেমো দিবলৈ মানুহ এজন আহিব। গ’ম পাব আপুনি, ফোণ কৰিলে আপোনাক ক’বই নহয় তেওঁ।
ঃ বাৰু, যাব নোৱাৰিলে মই তোমাক ফোণ কৰিম! নহ’লেতো যামেই!
ঃ ঠিক আছে।
ঃ ফোণতো কাট খাই যোৱাৰ পাছত মৌমিতা পাকঘৰলৈ সোমাব ধৰোতেই ফোণটো আকৌ বাজি উঠিল।
ঃ হেল্লো মৌমিতা, মন্তিয়ে সিতো মূৰৰ পৰা মাত লগালে।
ঃঅ’ মন্তি বা, লতাই ক’লে মোক, ফোণ কৰিছিল তাই।
ঃ আহিবা কিন্ত, বেছি সময় নহয়। তেওঁলোকে তেওঁলোকৰ Business policy ৰ কথা অলপ ক’ব। ভাল লাগিলে তোমালোকেও join কৰি ল’ব পাৰিবা। মোৰ কিন্ত profit খুব ভালেই হৈছে! চাব পাৰা তোমালোকেও।
ঃ মৌমিতাই ফোণটো থৈ ভাবিলে join কৰা নকৰাতো পাছত চিন্তা কৰা হ’ব। প্ৰথমে তাই meeting খন atleast attend কৰিব লাগিব। নহ’লে ওচৰৰ আটাই কেইঘৰৰ মহিলাই attend কৰাৰ পাছত মৌমিতা তেওঁলোকৰ পৰা আঁ‌তৰি অহা বুলি ভাবিব পাৰে।কাৰ ক’ত ego ত লাগিব পাছত তাই নিজে হয়তো একো বুজিয়ে নাপাব।
সন্ধিয়া মৌমিতা মন্তিৰ তালৈ গৈ পোৱাৰ আগতেই লতা, গীতা, লতিকা আৰু পাপৰি হ’ত বহি থকা দেখিবলৈ পালে। ইতিমধ্যে দুগৰাকী মহিলা আৰু এগৰাকী পুৰুষ কোম্পানিৰ ফালৰ পৰা আহি তাত উপস্থিত হৈছিল। তেওঁলোকে লতা হঁ‌তক উদ্দেশ্যি তেওঁলোকৰ কোম্পেনীৰ কিছু উৎপাদিত সামগ্ৰী দেখুৱাই সেইবোৰৰ ব্যৱহাৰৰ ফলত কেনেদৰে লাভাম্বিত হ’ব পাৰি এফালৰ পৰা বুজাই যোৱা দেখিবলৈ পালে। মৌমিতাৰ অলপ দেৰী হ’ল যদিও তাই তেওঁলোকে ক’ব বিচৰা সকলোবোৰ কথা প্ৰায় বুজি উঠিল। মৌমিতাই ধৰিব পাৰিলে এইদৰে মহিলা সকলে যদি প্ৰত্যেকেই অন্তত আৰু এগৰাকীও যদি ক্ৰেতা বঢ়াব পাৰে তেন্তে সেইয়াই হ’ব কোম্পেনীৰ লাভ। আনহাতে মহিলা সকলে নিজেও সেই কোম্পেনীৰ এগৰাকী সদস্য হৈ উঠিলেও কোম্পেনীৰ সক্ৰীয় সদস্য সংখ্যা লিখিত ভাবে বাঢ়ি যায়। কথা সমূহ বুজি উঠাৰ পাছতো মৌমিতাই তেওঁলোকৰ পৰা বিদায় ল’বলৈ অলপ সময় হাতত ল’লে। কিয়নো দেৰিকৈ সভালৈ আহি সোণকালে উভতিব বিচৰা সকলক বাকীবোৰে যে বৰ ভাল ভাবেৰে ন’লব তাই গ’ম পায়। অৱশ্যে মৌমিতাক দেখিয়ে মন্তিয়ে ধৰিব পাৰিলে যে তাই ইতিমধ্যে প্ৰায় উভতিবলৈ সাজু হৈছে। মন্তিৰ সুচতুৰ দৃষ্টিত মৌমিতাই সেইবাবে নিজেই মন্তিৰ ওচৰলৈ উঠি গ’ল। মন্তি বা মই আহিম এদিন দুটামান ল’বলগীয়া সামগ্ৰী আপোনাৰ পৰাই ল’ম
ঃ হ’ব হ’ব মৌমিতা তুমি আহিবা এদিন। পিছে চাহ খাই যোৱা, মই আনিছোৱেই ৰ’বা সকলোলৈ!
ঃ মৌমিতা আকৌ নিজৰ ঠাইলৈ গৈ বহি ল’লে।
লতা ভিতৰলৈ সোমাই গৈ চাহৰ লগত খাবলৈ প্লেট এখনত কেইবাবিধো সামগ্ৰী লৈ centre Table খনত থ’লে। মন্তিয়ে tea pot আৰু চাহৰ কাপবোৰ লৈ আহিল।
সকলোৱে চাহৰ কাপবোৰ হাতত লৈ নিজৰ মাজত কথা পাতি যাব ধৰিলে। তাকে দেখি কোম্পেনীৰ ফালৰ পৰা অহা সকলৰ ভিতৰত আটাইটকৈ অভিজ্ঞ ব্যক্তি গৰাকীয়ে হাত যোৰ কৰি সকলোলৈ নমষ্কাৰ জনাই ক’লে আৰু মাত্ৰ অলপ সময় আপোনালোকৰ পৰা বিচাৰিছো। মন্তিয়ে হাতেৰে ইঙ্গিত দিলে সকলোৱে যেন অলপ সময় ধৰ্য্য সহকাৰে কথা খিনি শুনে। মৌমিতালৈ চাই মন্তিয়ে চকুৰে ইঙ্গিত দিলে পাৰা যদি আৰু অলপ বহি যোৱা!
মন্তিৰ চকুৰ ইঙ্গিতত মৌমিতাই কিছু সময় বহি সকলোলৈ চাই মুৰ জোকাৰি যাবলৈ উঠিল। মন্তিয়ে তেওঁৰ বিশেষ অতিথি কেইগৰাকী লৈ চাই ক’লে ‘মেডাম জি মেৰে চাথ contact কৰেঙ্গে’। মৌমিতাই নমষ্কাৰ জনাই বাহিৰলৈ ওলাল।
একেটা চুবুৰীৰে হোৱা বাবে তাই মন্তিৰ নিমন্ত্ৰণ ৰক্ষা কৰিব লগীয়া হ’ল। অলপ আঁ‌তৰত থকা হ’লে হয়তো তাই কিবা এটা অজুহাত দেখুৱাই নযোৱাকৈও থাকিব পাৰিলেহেঁতেন। কিছুমান কাম অকল সমাজ এখনৰ মাজত থকা বাবেহে কৰাৰ প্ৰয়োজন আহি পৰে। মৌমিতাৰো তেনে হ’ল।চুবুৰীটোত মন্তি,লতা হঁ‌তৰ উপৰিও আৰু কিছু মানুহ আছে যদিও তেওঁলোকে লতা হঁ‌তৰ এনে অনুস্থানত আগতে ২-৩ বাৰ মান যোগ নিদিয়া বাবে তেঁ‌ওলোকক লতা হ’তে কোনো ধৰণৰ অনুস্থানতে নিমন্ত্ৰণ নকৰে। গীতা, লতা, মন্তি, পাপৰি, লতিকা হঁ‌তৰ সপ্তাহৰ প্ৰায় প্ৰতিটো দিনতে কিবা কিবি অনুস্থান চলি থাকে। মৌমিতাই এই সকলোবোৰ অনুস্থানত যোগ দিয়াৰ বিশেষ প্ৰয়োজন আছে বুলি নাভাবে। কিন্ত তথাপিও মাহত ২-৩ বাৰ যোগ নিদিলে সিহঁতে তাই একেবাৰে আঁ‌তৰি যোৱা যেন অনুভৱ নকৰিবৰ বাবে যোগ দিয়াৰ সুৰুঙা বিচাৰি লয়। আজি হৈ যোৱা মন্তিৰ নিমন্ত্ৰণো তেনে এক নিমন্ত্ৰণৰে অংশ আছিল। মন্তি হঁ‌তেও জানে মৌমিতাক সকলো অনুস্থানলৈ নিমন্ত্ৰণ কৰি লাভ নাই। তথাপিও মাজে মাজে তাইলৈ ৩-৪ টা মান নিমন্ত্ৰণ আহি থাকে। সেই কেইটাৰ ভিতৰত খুব বেছি এটা বা দুটা তাই আঁ‌ওকাণ কৰি বাকী ২-৩ টা মানত যিকোনো ধৰণে যোগ দিয়াৰ চেষ্টা কৰে। আচলতে সেই ২-৩ টাৰ ভিতৰত খুব বেছি এটা মান অনুস্থান হে বেছি দৰকাৰী হয় তথাপিও ২টাৰো কেতিয়াবা প্ৰয়োজন নহোৱা নহয়। বাকী এটা বা দুটা অকল মাত্ৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ হে তাই উপস্থিত থাকে। মুঠতে মন্তি, লতা,হঁ‌তৰ হাতত তেনে অনানুস্থানিক ব্যস্ততাৰ অন্ত নাথাকে। তেনে ব্যস্ততাই সিহঁতক আমুৱাব নোৱাৰে। সকলো সময়ত তেনে ব্যস্তুতাৰ আমেজ ল’বলৈ, মৌমিতাহে প্ৰস্তুত নাথাকে

…….(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *