final episode

“ককটেইল The life” (দুই) (ধাৰাবাহিক উপন্যাস)

……..ড° নয়না পাঠক শইকীয়া……

দুই

পৰাগমণি অফিছলৈ যাবলৈ সাজু হৈছে। মৌমিতাই ল’ৰালৰি কৈ খোৱাৰ প্লেট খন সজাইছে। দুখন প্লেটত দুয়োৰে বাবে খাদ্য সম্ভাৰ সজাইলৈ ডাইনিং টেবুলট থ’লে। খাবলৈ আৰম্ভ কৰি পৰাগমণিয়ে তাইক ক’লে বজাৰৰ লিষ্ট আছে যদি Whatsapp অ’তে দি দিবা। মৌমিতাই কথা খিনি ভাবিহে আছিল মানে লিষ্টখন এতিয়া দি পঠিয়াব নে ফোণ কৰি ক’ব। পৰাগমণিয়ে কথা খিনি কৈ পেলোৱাৰ পাছত তাই ভাবি থকা প্ৰশ্নৰ উত্তৰ তাইৰ হাতলৈ আহি পৰিল। প্ৰায়ে তেনে হয় সিহঁতৰ, পৰাগ মণিয়ে ভাবি থকা প্ৰশ্নৰ উত্তৰ মৌমিতাৰ মূখেৰে ওলাই
পৰাগমণিয়ে নোসোধাকৈ যি দৰে ওলাই মৌমিতাই ভাবি থকা প্ৰশ্নৰ উত্তৰ পৰাগমণিৰ মূখেৰে। মৌমিতাই কোনো দিনেই উলিয়াব পৰা নাই সেই কথাৰ ৰহস্য। মৌমিতাই ধেমালী কৰি কয় এয়া আচলতে telepathy বা mind reading ৰ নিচিনা কাৰবাৰ। কিন্ত মৌমিতাই সেই সাধাৰণ অথবা দৈনন্দিন জিৱনত ঘটি থকা কথাবোৰত যে mind reading নামৰ অধ্যায় এটাৰ প্ৰয়োজন আছে সেয়া তাই কেতিয়াও ভবা নাই বা কৰা নাই। অৱশ্যে mind reading বোলা কথাটোৰ যে কিবা এটা গুৰুত্ব নথকা নহয় তাই সেই কথা অনুভৱ কৰে। কাৰণ mind reading বোলা কথাটোৰ গুৰুত্ব তেতিয়াই অনুভৱ হয় যেতিয়াই তাইৰ বিপৰীত পক্ষত থকা মানুহজনৰ লগত সদভাৱ ৰখা অথবা নিজে সন্তুষ্ট হৈ থাকিব লগাৰ প্ৰয়োজন তাইৰ ওচৰত আহি পৰে। গতিকে পৰাগমণিৰ লগত যিকোনো সৰু সুৰা কথাত mind reading ৰ একেবাৰেই প্ৰয়োজন নাই বুলি তাই ভাবে। যিহেতু সেয়া mind reading ৰ নিচিনা কথা নহয়েই গতিকে নিশ্বয়কৈ সেয়া telepathy এ হয় বুলি মৌমিতাই মাজে মাজে ভাবে। পৰাগমণি ওলাই যোৱাৰ পাছতেই সিহঁতৰ কি কি বজাৰ কৰিবলগীয়া আছে, লিষ্ট খন Whatsapp ত পঠিয়াই দিলে। তাৰ পাছৰ সময় খিনিত মৌমিতাই দুপৰীয়াৰ সাজৰ বাবে যতনাব লগীয়া সকলোবোৰ মনত এবাৰ জুকিয়াই লৈ দিনটো আগবঢ়াই নিবলৈ সাজু হ’ল। সিহঁত দুটি মানুহৰ একেবাৰে সৰু পৰিয়াল টোত তাইৰ নিজৰ বাবে সময় অফুৰন্ত। অবশ্যে সময় অফুৰন্ত হ’লেও তাই সময় বোৰ নিৰ্দিষ্ট কৰ্ম্মৰাজীৰ বাবে মনতে জুকিয়াই হে কামবোৰ কৰি যায়। দিনটো শেষ হৈ যোৱাৰ পাছত মৌমিতাই কথাবোৰ এবাৰ মনত পেলাই চিন্তা কৰে, যদিহে তাই ভবা ধৰণে কাম বোৰ সময়ত হৈ নুঠেগৈ! সেই কথা বোৰ ভাবি থাকোতে তাইৰ মনত পৰিল পৰাগ মণিৰ লগত এটা দৰকাৰী কথা পাতিবলগীয়া আছে। সিদিনা পাৰ্টিৰ পৰা ঘূৰি অহাত দেৰী হোৱাৰ বাবে টোপনিয়ে হেঁ‌চা মাৰি ধৰাত কথাবোৰ ৰৈ গ’ল। তাৰ পাছত দুটা দিন পৰাগমণিও অফিচৰ কামত বিশেষভাবে ব্যস্ত হৈ পৰাত সিহঁতৰ কথাৰ আদান প্ৰদান সাধাৰণতে হৈ থকাৰ দৰে হোৱা নাই।ব্যস্ততা সাম কটাৰ পাছত পৰাগমণিয়ে নিজেই উলিয়ালে কি হ’ল মৌমিতা, আজিকালি মোৰ কাম বঢ়াৰ বাবে তুমি বেছি কথা নপতা নে মোৰেই কথা পাতিবলৈ মন নযোৱা হৈছে ধৰিবই পৰা নাই হে! মৌমিতাই অলপ হাঁ‌হি ক’লে তুমি অৱশ্যে মোতকৈ বেছি ভাল কৈ জানিবা।
ঃ জানো জানো কিন্ত তুমি কি ভাবা সেইটো জানিবলৈ হে সুধিছো।
ঃ মৌমিতা মনে মনে ৰ’ল যদিও ক্ষন্তেক পাছতেই ক’লে সিদিনাৰ পাৰ্টিতো কেনে লাগিল তোমাৰ?
ঃমইতো সকলোবোৰ ভাল পাওঁ তুমি জানাই!
ঃময়োতো জানো কিছুমান কাম ভাল নাপালেও মানুহে কৰা উচিত নহয় জানো।
ঃমানে তুমি এই পাৰ্টিবোৰ attend কৰাৰ কথা কইছা নে কি?
ঃঅ’ তেনেকুৱাই আৰু। কিন্ত অইনে কিছুমান কাম কৰিছে বুলিয়ে তুমি বা মই কৰিব লাগিব বুলি কিবা আছে বুলি আচলতে মই নাভাবো।
ঃহ’ব দিয়া এদিন যেনিবা পাৰ্টি attend কৰি বাকীবোৰৰ সঙ্গ দি তেওঁলোকে বিচৰা ধৰণে ময়ো থাকিলো কিনো হ’ল।
ঃ একো হোৱা নাই কিন্ত এই এদিন দুদিন হৈ কেতিয়াবা কিছুমানৰ অভ্যাসে হৈ পৰে । সেইটো আচলতে মই নিবিচাৰো। মৌমিতা কিছু সময় মনে মনে ৰ’ল। তাই কথা বহলাব নিবিচাৰে যদিও কিছুমান অধ্যায় সদায় চলি গৈ থকাৰ পৰিপন্থি তাই নহয়। পৰাগমণিয়ে আকৌ আৰম্ভ কৰিলে, মানে মই কি অকলশৰীয়া হৈ থাকিলে তুমি ভাল পোৱা? বাৰু যদি ভাল পোৱা আজিৰ পৰা আমি অকলশৰীয়া কৈ থাকিম হ’বনে? এইবাৰ মৌমিতা আৰু পৰাগমণিৰ কথা দিঘলীয়া কৈ আৰম্ভ হ’ল।
ঃমানুহে বহুতৰ লগত থাকিও নিজে নিজত্ব বজাই ৰাখিব পৰাতোহে আচল।
ঃ বাৰু বাদ দিয়া আমাৰ কথা, মহিলা সকলৰ পিছে কি হ’ব।
ঃ অ’ তাৰ মানে তুমি আগৰ পৰাই জানা সিহঁত বোৰেও drinks লয় বুলি। মৌমিতাৰ খংটো বাঢ়ি গ’ল।
ঃ মই জানো বুলি নকও কিন্ত সিহঁতবোৰক সিদিনা পাৰ্টিত দেখিতো খোৱা যেনেই পালো।
ঃ মিছা নকবা তুমি, আচল কথা কোৱা।
ঃ হু ….. আচলতে আগ দিনাই মোক গগৈয়ে সুধিছিল, মানে estimation টো কৰিব লাগিব যে।
ঃ ইচ ইমান বোৰ কথা তুমি মোক আগতে ন’কলা কিয়?
ঃঅ’ তেতিয়া তাৰমানে তুমি নগ’লা হেঁ‌তেন।
ঃ সেইটো পাছৰ কথা কিন্ত মইতো picture এখন পাই থ’লোহেঁ‌তেন।
ঃহ’ব দিয়া এতিয়াৰ পৰা এই পাৰ্টি চাৰ্টি সকলো বন্ধ। আমি নাযাওঁ।
ঃ মই বাৰে বাৰে বুজাই থকাৰ পাছতো তুমি কথাখিনি ধৰিব নোৱাৰাতোহে আচৰিত হৈছো।
অ’ সেইকাৰণেহে পাপৰিয়ে সোদিনা মোৰ ওচৰত সহজ হ’ব পৰা নাছিল। লাজ লাজ ভাব এটাৰে মাজে মাজে হাঁ‌হি ড্ৰইংৰূমৰ পৰা ভিতৰলৈ সোমাই গৈছিল। ছায়াৰূপাই সিদিনা খাইছিল নে নাই তাই গ’ম নাপালে কিন্ত উপামণিয়ে নোখোৱাতো তাই sure হৈ থাকিল।কাৰণ পাৰ্টিৰ দিনা উপামণিয়ে তাইৰ ওচৰত ইফাল সিফালকৈ বেছি সময় কটাইছিল। বাকী কেইগৰাকীয়ে যেন তাইৰ ওচৰত বহিবলৈ অলপ সংকোচ কৰিছিল, তাই তেনে ভাৱ হৈছিল। সিদিনা তাই প্ৰতি মূহুৰ্ততে অনুভৱ কৰিছিল যেন প্ৰায় প্ৰতিগৰাকী মহিলাই অলপ সংকোচ সংকোচ ভাবেৰে তাইৰ লগত কথা বতৰাত যোগ দিছিল। পাছত পৰাগমণিয়ে তাইক কৈছিল তোমাৰ কি অৱস্থা হৈছে মই গ’ম পাইছো।আচলতে ময়ো ভালকৈ নাজানিছিলো আৰু মইতো directly ও সুধিব নোৱাৰো দিয়াচোন। মৌমিতাই হাঁ‌হি হাঁ‌হি ক’লে ময়ো অৱশ্যে তেনেদৰে সোধাৰ কথা কোৱা নাই।
ঃ হ’ব দিয়া কথা পাতিম বুলি লৈ এতিয়া দেখিছো কাজিয়া এখনৰ হে সুচনা হ’ব।
ঃএইবোৰতো কথাই মানে তোমাক নুসুধিলেনো কাক সুধিব পৰা যাব বুলি তুমি ভাবা?
ঃ বুজিছো, কৈছো আৰু এনেই, ময়োতো ইয়াত তোমাৰ নিছিনাই নতুন। আগৰ পৰাতো এওঁ লোকৰ লগত চিনা পৰিচয় নাই।
ঃ সেইতোৱেইতো, সেইবাবে তুমি কথাবোৰ জানিলে মোক অলপ আভাষ দি থ’বা।
পৰাগমণিয়ে আচলতে গ’ম পাই যে সিদিনা মৌমিতাই কোনোদিনে সোমাই নপৰা পৰিস্থিতি এটাত সোমাই পৰাৰ সম্ভাবনা আছে। কিন্ত পৰাগমণিয়ে এইটোও জানে যে এই গোটেইখিনি কথা মৌমিতাৰ লগত খোলাখোলিকৈ আগতিয়াকৈ পাতিলে হয়তো তাইৰ মূখত গ’ম নোপোৱাকৈয়ে বিৰক্তিপূৰ্ণ ভাৱ এটি ফুটি উঠিলেহেঁ‌তেন! তদুপৰি মৌমিতা যিহেতু তেনেবোৰ কথাৰ পৰিপন্থি, বেয়া পাব বুলিয়েই সিহঁত নযোৱাকৈ থকাতোও যুগুত নহয়। মুঠতে এই গোটেই কথাবোৰ চালি জাৰি চাই পৰাগমণিয়ে সিদিনা জানি বুজিয়ে তাইক এই বিষয়ে অকণো ইংগিত দিয়া নাছিল! কিন্ত এই কথা বতৰা খিনি শেষ হৈ যোৱাৰ পাছত পৰাগমণিৰ মনতোও মুকলি মুকলি লাগিল। সিহঁতে বুজাবুজিৰ মাজতে এইটো সিদ্ধান্ত ল’লে যে সোঁ‌তৰ বিপৰীতে নযোৱাকৈও নিজক পাৰ্যমানে পৰিস্থিতিৰ মোকাবিলা কৰি ৰাখিব পৰাকৈ তাই নিজে প্ৰষ্টুত হোৱাৰ প্ৰয়োজন আছে।

……আগলৈ……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *