…..ড°নয়না পাঠক শইকীয়া……
………ৰচনা কাল-৬।৯।২০২২……..
যোৱা এসপ্তাহে মিনাৰ্ভাই ভালদৰে শুব পৰা নাই। যোৱা বছৰ এনে সময়তে তাই ৰাষ্টাৰ কাষৰ পৰা ছোৱালী জনী তুলি আনিছিল। মূখেৰে কথাবোৰ ভালদৰে ক’ব পৰা হৈ মিনাৰ্ভাই বুজি উঠালৈ আজি এবছৰ পুৰ হ’ল। ছোৱালী জনী ৰাষ্টাৰ কাষৰ পৰা আনোতে প্ৰতিবেষী সকলে তাইলৈ বৰ ভাল দৃষ্টিৰে চোৱা নাছিল। বিভিন্ন জনৰ বু বা বোৰ তাইৰ কানলৈ উফৰি আহিছিল তেতিয়া…………..। অলাগতিয়াল, অপ্ৰয়োজনীয়, অদৰকাৰী ইত্যাদি বিভিন্ন শব্দৰ বৰষুণ পৰিছিল সেই সময়ত। মিনাৰ্ভাই কালৈকো চাবলৈ মন নকৰিছিল। প্ৰতিবেষিয়ে তাইক আঁতৰৰ পৰা নজৰত ৰাখিছিল বুলি মিনাৰ্ভায়ো গ’ম নপোৱাকৈও থকা নাছিল। সম্পূৰ্ণ এবছৰ বাটৰ কাষত পৰি থকা ছোৱালী এজনীক শুশ্ৰূষা কৰিবলৈ মিনাৰ্ভা উঠি পৰি লাগিছিল। তাই জানিবলৈ বিচাৰিছিল ইমান বোৰ মানুহৰ মাজত ৰাষ্টাৰ কাষত পৰি থকা ছোৱালী জনী কিয় কাৰো দৃষ্টি গোচৰ হোৱা নাছিল।
ছোৱালীজনী আজি এবছৰৰ পাছত ভালদৰে সুস্থ হৈ উঠিছে, মিনাৰ্ভাই আনন্দত বাট হেৰুৱাব লাগিছিল কিন্ত মিনাৰ্ভা যেন বধিৰ হৈ গৈছে। মিনাৰ্ভাই এতিয়া ভাবিছে ছোৱালী জনীয়ে একো ক’ব নোৱাৰাকৈ থকা হ’লেই ভাল আছিল কিজানি! কাৰণ তাইৰ মূখত বিভিন্ন প্ৰশ্ন, বিভিন্ন উত্তৰবিহীন প্ৰশ্নৰ মহাসাগৰ। তাইৰ সেই প্ৰশ্নৰ মহাসাগৰত মিনাৰ্ভা সাতুৰিব লাগিলে বাট হেৰুৱাব। মিনাৰ্ভাৰ অকণো মন যোৱা নাছিল প্ৰশ্নৰ মহাসাগৰত দিক বিদিক হেৰুৱাৰ। মিনাৰ্ভাই মাত্ৰ বিচাৰিছিল ছোৱালী জনী সুস্থ হৈ উঠক, যাতে তাই নিজকে কৈফিয়ৎ দিব লগা নহয়, দেখিও নেদেখা বাবে। বাকী সকলো মানুহ তাইক দেখি আঁতৰিব পাৰিলেও মিনাৰ্ভাই পৰা নাছিল। তাইৰ বাবে সেই এটা দিনেই তাইলৈ মানবীয় প্ৰমূল্যবোধ ধাৰণাতো বেছি স্পষ্টতাৰে উদঙাই দিছিল। সেই প্ৰমূল্যবোধৰ ধাৰণাত বন্দী মিনাৰ্ভাই আজি ছোৱালী জনীৰ পৰা পলাই ফুৰিব বিচাৰিছে।
“আপুনি মোক কেলেই উঠাই আনিছিল। সেয়া মোৰ নিজচ্চ সিদ্ধান্ত আছিল। মই স্বইচ্ছাই মৃত্যু কামনা কৰিছিলো। কাৰো প্ৰৰোচনাত অথবা বঞ্চনাত, মই পৰি ৰোৱা নাছিলো। সেয়া মোৰ একান্তই ব্যক্তিগত সিদ্ধান্ত আছিল। একপ্ৰকাৰ মোৰ প্ৰতিবাদী মনৰ কন্ঠ আছিল। বহু দিন নিৰাহাৰে অকলশৰীয়া জীৱন কটাই অ’ত ত’ত পৰি থাকিছিলো মাত্ৰ নিজৰ বাবেই। কিন্ত আপুনি আপোনাৰ মানবীয়তাৰে মোক নে আনক কিবা বুজাব বিচাৰিছিল? আপুনি আচলতে মোৰ ব্যক্তিগত ইচ্ছাক আঘাত দিলে। কঁওক কঁওক এতিয়া মই আপোনাক মানবদৰদী বুলি ক’ম নে মানবীয়তাৰ মূখাধাৰী প্ৰতিক বুলি ক’ম। মোৰ ইচ্ছাক মই নিজে সন্মান জনাব জানো বাবেই মই মোৰ সিদ্ধান্ত লৈছিলো। আপুনি এতিয়া কঁওক আপোনাৰ নিজৰ আশা বা প্ৰত্যাশাক আপুনি হত্যা কৰিব পাৰেনে? যদি পাৰে আপুনি সঁচাই মূখাধাৰী আৰু যদি নোৱাৰেই আপুনি মোৰ প্ৰত্যাশাক অথবা আশাক হত্যা কৰাৰ কিয় চেষ্টা কৰিলে?’
মিনাৰ্ভাৰ ওচৰত এইবোৰ প্ৰশ্নৰ উত্তৰ নাই। তাই মাত্ৰ ছোৱালী জনীৰ সমূখৰ পৰা নিজক আঁতৰাই ৰখাৰ চেষ্টা কৰিছে। ইমানবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি জনা হ’লেতো তাইয়ো সকলো দেখিও নেদেখা হৈ থাকিলেহেতেঁন। কিয় যে তাইৰ সমাজৰ বাবে কিবা অলপ কৰাৰ মন গৈছিল। আচলতে দোষ তাইৰ বা ছোৱালী জনীৰ কাৰোৱে নহয়। দোষ মাত্ৰ আমি অকল নিজক বেছিকৈ প্ৰশ্চয় দিয়াৰ। আন বহুতে নকৰাৰ দৰে মিনাৰ্ভায়ো নিজক সমাজৰ হিচাপত গঢ় দিয়া উচিত বুলি তাই ভাবিলে। আনহাতে ছোৱালী জনীক আত্মকেন্দ্ৰীয়তাৰ পৰা মুক্ত হৈ ওচৰৰ পাজৰৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰাব পাৰিলেই তাই নিজৰ প্ৰশ্নবোৰৰ উত্তৰ পোৱাৰ সম্ভাৱনা অধিক বুলি মিনাৰ্ভা পতিয়ন গ’ল।
কিন্ত ছোৱালী জনী যে ইতেমধ্যে মিনাৰ্ভাকে দোষী সজাই যাবলৈ ধৰিছে, সেই কথা মিনাৰ্ভাই বাৰুকৈয়ে উপলব্ধি কৰিব পাৰিছে। তেনে পৰিস্থিতিত মিনাৰ্ভাৰ একমাত্ৰ এটা চিন্তাই মনলৈ আহিবলৈ ধৰিলে, কি দৰে তাইক নতুনকৈ গঢ় দিব পৰা যায়! সম্পূৰ্ণ দহটা দিনৰ পাছত মিনাৰ্ভা সাজু হৈ উঠিল ছোৱালী জনীক নতুন কিছু চিন্তাৰে উদ্ধুদ্ধ কৰিবলৈ।
“আইজনী তই ইমান বোৰ প্ৰশ্ন কৰিছ, কিন্ত মই এতিয়ালৈ নাজানো তোৰ নামটোনো কি? নালাগে তই তোৰ আগৰ নামলৈ একেজনী মানুহ হৈ থকাৰ চেষ্টা কৰিবলৈ। বয়স অনুমান কৰিলে তই মোৰ জি যেনহে হ’বি। তোৰ বিষয়ে মোৰ একো জানিবলৈ এতিয়া আৰু প্ৰয়োজন নাই। তই প্ৰথমে তোৰ নিজৰ বাবেই তোক উপযুক্ত বুলি ভাব। প্ৰতিবাদৰ ভাষাত তই নিজে হেৰাই যোৱাৰ আশা কিয় কৰিবি। সকলো নঞৰ্থক চিন্তা এৰাই সাকাৰাত্মক ভাবধাৰাৰে শুদ্ধতা আৰু বিশ্বাস মনত জগাই ল। শিথিলতা বজাই ৰখাৰ শক্তি তই ধাৰণ কৰিব লাগিব। চাৰিওফালৰ প্ৰতিটো মহিষাসুৰক তই অচল কৰাৰ পণ লৈ ল! কাৰোবাৰ আশা অথবা প্ৰত্যাশা নিজে ধ্বংশ হোৱাতো কেতিয়াও হ’ব নোৱাৰে, আইজনী। তোৰ ব্যক্তিগত সিদ্ধান্তৰে সমাজত পোহৰ আনিবলৈ আজিৰ পৰা তইয়েই মহিষমৰ্দিনী হৈ ল।”
মিনাৰ্ভাই এইবাৰ ছোৱালী জনীক উদ্ভাসিত কৰাৰ চেষ্টাত কেইবাবাৰো চিঞৰি মাতি বাহিৰলৈ ওলাই আহিল মহিষমৰ্দিনী …………………..
মহিষমৰ্দিনী, তই আজিৰ পৰা মহিষমৰ্দিনী।।
সমাপ্ত