মা লক্ষ্মী ৰুষ্ট হয় এই কেইটা কাম ভুলটো নকৰিব :-
আমি জানো যে যত মা লক্ষ্মী বাস কৰে সেই ঠাইত কেতিয়াও দৰিদ্ৰতা নাথাকে । সেয়ে মা লক্ষ্মীৰ খং উঠা কাম কেতিয়াও নকৰিব নহলে আপোনাৰ ঘৰৰ পৰা মা লক্ষ্মী বিদায় লৈ অপাই অমংগল ভৰি পৰিব । সেয়ে এই পাঁচোটা ভুল কেতিয়াও নকৰিব নহলে আপোনাৰ ঘৰৰ পৰা কেতিয়া মা লক্ষ্মী আঁতৰ হব গমেই নাপাব।
১) সন্ধিয়া সূৰ্য্য অষ্ট যোৱাৰ পিছত ঘৰ ঝাড়ু দিব নালাগে কিয়নো এই সময়ত মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰে ।
২) নাৰী ঘৰৰ লক্ষ্মী হয় সেইবাবে নিজৰ স্ত্ৰী , বাই ভনী বা আনৰ মা ভনী এ হওঁক শাৰীৰিক মানসিক অত্যাচাৰ কৰিব নালাগে। এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হয় আৰু সেই ঘৰ খনত কেতিয়াও সুখ শান্তিয়ে দেখা নিদিয়ে।
৩) কাৰোবাৰ খঙতে হওঁক বা খাদ্য বেছি সুস্বাদু নহলেও খাদ্য দলিয়াই পেলাব একেবাৰে নালাগে । এনেকুৱা কৰিলে মা লক্ষ্মী ৰুষ্ট হব। কিয়নো অন্ন বা আহাৰ হল মা লক্ষ্মীৰ অন্য এক ৰূপ।
৪) গধূলি সময়ত কেতিয়াও শুব নাপায় কিয়নো সন্ধিয়া ধূপ ধূনা জ্বলাই মা লক্ষ্মীক সেই সময়খিনি আদৰাৰহে সময় হয়।
৫) জ্বলি থকা জুই ফুঁৱাই নুমাব নালাগে। কিয়নো ফুঁৱাই দিলে কাৰোবাক অপমান কৰা বুজায়। জুই হৈছে অগ্নি দেৱতা আৰু এই জুইত খাদ্য বনাই খাই আমাৰ শক্তি হয় সেয়ে ফুঁৱাই দিলে অগ্নি দেৱতা ৰুষ্ট হয় বাবে মা লক্ষ্মী ও অসন্তুষ্ট হৈ।