নুমলীগড়ৰ বিষ্ণুপুৰ সেউজীপাৰৰ এগৰাকী কণমানি ছাত্ৰীৰ জীৱন সংগ্ৰাম//

এগৰাকী কণমানি ছাত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিজ বাৰীত হোৱা কেইবিধমান পাচলি লৈ দৈনিক বাট চাই ৰয় গ্ৰাহকলৈ। কাৰণ পাচলি কেইটা বিক্ৰী কৰি যোগাৰ কৰিব লাগিব এমুঠি অন্ন। ৰাজ্যত এতিয়াওঁ অব্যাহত আছে কৰ’ণাৰ ভয়াৱহতা। কৰ’ণা কালৰ তলাবন্ধই দিশহাৰা কৰিছে বহু পৰিয়াল তথা ছাত্ৰ–ছাত্ৰীক। নুমলীগড়ৰ বিষ্ণুপুৰ সেউজীপাৰ অঞ্চলৰ এগৰাকী কণমানি ছাত্ৰীৰ জীৱন সংগ্ৰাম।
কণমানি ছাত্ৰী গৰাকীৰ নাম পৰীস্মিতা শইকীয়া। দেউতাকে কৰে দিন হাজিৰা। দেউতাকৰ নাম দিগন্ত শইকীয়া। কেঁচুৱা অৱস্থাতে ছাত্ৰীগৰাকীয়ে হেৰুৱাইছিল মাতৃক।
কিন্তু কৰ’ণাৰ কালৰূপত, তলাবন্ধৰ বাবে এতিয়া দেউতাকৰো নোহোৱা হ’ল উপাৰ্জনৰ পথ। এসাঁজ ভাতৰ বাবে ৰ’দে–বৰষুণে কণমানিজনীয়ে বাৰীত পোৱা বা ক্ৰয় কৰি অনা পাচলি ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বিক্ৰী কৰি চলাব লগা হৈছে ঘৰ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *