মুকলি

……….. ড° নয়না পাঠক শইকীয়া…….
……………ৰচনা কাল-২৯।৫।২০২১…….

ফেছবুকত লিখি ভাল লাগে ৰণৰ। বহু দিনৰ পৰাই সি ফেছবুকত লিখে। ৰণে যেতিয়া লিখিব আৰম্ভ কৰিছিল তেতিয়া দুই একেহে সেইখন মঞ্চ লিখিবলৈ ব্যৱহাৰ কৰিছিল। সি লিখা সময়ত ফেছবুকত অকল বিভিন্ন ফটোৰহে সমাহাৰ ঘটিছিল। বিভিন্ন জনে অকল আন সকলৰ ফটোহে উপভোগ কৰিছিল। আচলতে তেতিয়া ফেছবুকৰ ব্যৱহাৰকাৰীও কম আছিল। এতিয়াৰ দৰে পৰিয়ালৰ সকলোটি সদস্যৰ এই একাউন্ট নাছিলেই। প্ৰতিটো পৰিয়ালৰ গঢ় হিচাপত এজনকৈ সদস্যৰো এই একাউন্ট নাছিল। ফেছবুক মাধ্যম তেতিয়া ইমান জনপ্ৰিয় নহোৱাৰ এটা কাৰণ আছিল ইন্টাৰনেটৰ সমস্যা। মানে ইন্টাৰনেট সেই সময়ত ইমান সহজলভ্য নাছিল। নেট পেক এটা ভৰোৱাতো অলপ বিলাশ বহুল আছিল তেতিয়া। অৱশ্যে ৰিচাৰ্জ কাৰ্ড অথবা ভেলিডিটি কাৰ্ড তেতিয়াও দোকানত উপলব্ধ আছিল। গতিকে  এমাহৰ বাবে অথবা ১৫ দিনৰ বাবে অথবা এসপ্তাহৰ বাবে নেট পেক ভৰাই লিখাৰ কথা কোনেও ইমানকৈ ভবা নাছিল। লাহে লাহে ফেচবুক মধ্যম জনপ্ৰিয় হৈছিল যেতিয়াই ইন্টাৰনেট সকলোৰে বাবে সহজলভ্য হৈ পৰিল। বহুত কথা লিখে সি তেতিয়া। ৰাজনৈতিক বিশ্লেষণৰ পৰা আৰম্ভ কৰি নিজৰ ব্যক্তিগত অভিজ্ঞতা লৈকে। সেই সকলোবোৰতেই ৰণে যঠেষ্ট সংখ্যক পাঠক লাভ কৰিছিল। কিন্ত সি আটাইতকৈ বেছি পাঠক লাভ কৰিবলৈ সক্ষম হৈছিল কেৰিয়াৰ সুলভ লিখাবোৰত য’ত সি নিজৰ কেৰিয়াৰ কি দৰে গঢ়িব পাৰিছিল সেয়া কিছুমান লিখাৰ জৰিয়তে জনাইছিল। আনকি কিছুমান প্ৰতিযোগিতা মূলক পৰিক্ষাত কি দৰে সফলতা লাভ কৰিব পাৰি সেইবোৰো সি সুন্দৰকৈ লিখিছিল। অৱশ্যে কেতিয়াবা কিছুমান তেনে শৈলীৰ লিখনি অলপ আমনিদায়কো হৈছিল কিছুমানৰ মতে। কাৰণ লিখনি বোৰত যেন ৰণে নিজক উপস্থাপন কৰোতে পৰিক্ষাত কি দৰে অৱৰ্ত্তীৰ্ণ হ’ব লাগে তাৰ নীতি নিৰ্দেশনা সমূহতকৈ  নিজে কিমান প্ৰতিভাসম্পন্ন সেই কথাই বেছি স্থান পোৱা যেন বহুতৰে অনুভৱ হৈছিল। অৱশ্যে কোনোৱে দেখা দেখিকৈ তাক কমেন্ট বক্সত বেয়াকৈ লিখা নাছিল। যি দুই একে উপস্থাপন শৈলী বৰ সুন্দৰ যেন অনুভৱ নকৰিছিল এটা লাইকেৰেই (like) সেয়া সামৰি থৈছিল। অৱশ্যে বহু লোক উপক্ৰিতও হৈছিল লেখাবোৰ পঢ়ি। তেনেদৰে লেখা বোৰ চলি থাকিল আৰু ইন্টাৰনেটো মানুহৰ ঘৰে ঘৰে গৈ একেবাৰে বুকুৰ আপোন হৈ পৰিল। ঘৰৰ এজন সদস্যৰ পৰা প্ৰায় ঘৰৰ প্ৰতিজন সদস্যলৈ ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িল। লগে লগে ৰণৰ লিখনি সমূহত লাইক কমেন্টৰ সংখ্যা বাঢ়ি গৈ থাকিল। ফেচবুক মাধ্যম তাৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ হৈ পৰিল যে ব্যক্তিগত প্ৰায় প্ৰতিটো মূহুৰ্তই সি হয় লিখনি নহয় ফটোৰ জৰিয়তে সকলোকে জনাই যাবলৈ ধৰিলে। দিন বাগৰিল সময়ো বাগৰিল আৰু এই ক্ষেত্ৰখন বহল হৈ গৈ থাকিল। সূখ, দূখ, হাঁহি সকলোবোৰ ফেচবুকৰ মাধ্যমেৰে জনোৱাতো যি কোনো মানুহৰে নিচা হৈ পৰিল।
          আনহাতে ৰণ যিহেতু এই মাধ্যমৰ এগৰাকী পুৰণি ব্যৱহাৰকাৰী তাৰ বাবে এই মাধ্যম অইনতকৈও বহু বেছি আশক্তিপূৰ্ণ হৈ পৰিল।  মাজে মাজে সি ঘৰুৱা সমস্যাবোৰো ফেচবুকত উপস্থাপন কৰি গৈ থাকিল। ঘৰুৱা সমস্যা মানে যিবোৰ সি নিজে সমাধান কৰাত সাৰ্থক নহয় তেনে ধৰণৰ সমস্যা বোৰ সি অইনক জনাবলৈও সেই মাধ্যম ব্যৱহাৰ কৰি গ’ল। কিন্ত সেই খিনিতে যেন সি তাৰ জনপ্ৰিয়তা হেৰুৱাই গৈ থাকিল। এটা সময়ত পিতৃ, মাতৃ, ভাতৃ, ভগ্নী সকলোৰে সমস্যা সি জনাবলৈ ধৰিলে। এই সম্পৰ্কবোৰৰ প্ৰতিটোৰে লগত থকা সাংসাৰিক খুট খাটৰ নিখুট বৰ্ণনা দি দি এসময়ত সি পাহৰি থাকিল যে এই সকলোবোৰৰ সৈতে তাৰ সম্পৰ্ক ধৰালৈ অহাৰ দিনৰ পৰাই আছিল।
         ফেচবুকৰ বন্ধুবৰ্গ তাৰ বাবে সামাজিক বাৰ্তালাপৰ লগৰী নহৈ জন্ম জন্মান্তৰৰ লগৰী, যিমানে হৈ পৰিবলৈ ধৰিলে সিমানেই সি তাৰ প্ৰকৃতিগত সম্পৰ্কবোৰৰ পৰা আতঁ‌ৰি আহিবলৈ ধৰিলে। এটা সময়ত তাৰ এনে হ’ল,  পিতৃ, ভাতৃ, ভগ্নী সকলো তাৰ শত্ৰু সম যেন সি অনুভৱ কৰিবলৈ ধৰিলে। সম্পৰ্ক বোৰৰ দূৰত্ব ইমানেই বাঢ়িল যে সি কাৰো মূখা মূখি হ’বলৈ নিবিচৰা হ’ল। বহু সংখ্যকে তাৰ লেখনি তেতিয়াও ভাল পায় কাৰণ কাৰোবাৰ পিতৃ, মাতৃ তথা ভাতৃ, ভগ্নীৰ লগত সম্পৰ্ক সুন্দৰ হঁ‌ওক বা অসুন্দৰ হঁ‌ওক সেইসকলৰ বাবে সেইটো ডাঙৰ কথা নাছিল। এই কাহিনীবোৰ আছিল এগৰাকী নিজে ভবা ধৰণে সফল ব্যক্তিৰ অসফলতাৰ কাহিনী। ৰণৰ সেই কাহিনী সমূহ এসময়ত তাৰ পিতৃয়েও পঢ়িবলৈ ল’লে। কাৰণ তেতিয়ালৈ ৰণৰ পিতৃও  এগৰাকী ফেছবুক ব্যৱহাৰকাৰী হৈ পৰিল। সেই পিতৃয়ে এবাৰ এটি কাহিনী লিখিলে চিঠিৰ আকাৰত।

প্ৰিয়
       পুত্ৰ

মই এজন তেনেই সাধাৰণ মানুহ। মোৰ কোনো উৎসুক্ষতা বা উন্মাদনা নাই এগৰাকী লেখক বা সাহিত্যিক হোৱাৰ। ৰণ, তোমাৰ কাহিনী বোৰ মই পঢ়ো আৰু লাহে লাহে বুজি উঠো। হয় ঠিকেই ৰণ তুমি সকলো ফালৰ পৰাই এগৰাকী সফল মানুহ। মোতকৈ উন্নত তোমাৰ শিক্ষা, চাকৰি, ধন ইত্যাদি। আজি কিছু বছৰ ধৰি তোমাৰ লিখনি সমূহেও খ্যাতি লাভ  কৰিছে। পিতৃ হিচাপে এই সকলোবোৰতে মোৰ সুখৰ অন্ত নাই। ৰণ তুমি নিজে ক্ৰয় কৰা মাটি, ঘৰ, সম্পতিৰ তুমিয়েই গৰাকী বাবে মোৰ আনন্দৰ সীমা নাই। মোৰ বিষয়ে বা আমাৰ সম্পৰ্ক বোৰ তুমি ৰাজহুৱাকৈ জনাই কিনো বিজাব বিচাৰিছা সেয়া মোৰ বোধগোম্য। তুমি যে একো বেয়া কৰা নাই সেয়া তুমি সকলোকে জনাব বিচৰাতো একো ভুল নহয়। মই ভালেই পাইছো। কাৰণ সকলোৱে তোমাক এগৰাকী ভাল মানুহ বুলিয়ে জানিব। আমি বেয়া হ’লেও অন্তত তুমি নিজে যে ভাল হ’বলৈ পাৰিলা, সেয়া আমাৰেই ভাগ্য নহয় জানো। আজি এটা কাহিনী লিখিম বুলি ভাবিছো আশাকৰো তুমি পঢ়িলৈ কমেন্ট এটা কৰিবা………….।

          বহু দিনৰ আগত এজন খেতিয়কৰ ঘৰত আনন্দৰ জোৱাৰ উঠিছিল কাৰণ সেইদিনা সিহঁতৰ ঘৰত এটা পুত্ৰ সন্তানৰ জন্ম হৈছিল। সূখৰ বণ্যাত উটি কিছুদিন খেতিয়ক জনে খেতি পথাৰলৈ ন’গল। খেতিয়ক জনে তেখেতৰ পত্নীৰ লগত আলোচনা কৰি স্থিৰ কৰিলে সিহঁতৰ ল’ৰা ডাঙৰ হোৱালৈ তেওঁ খেতি বাতিৰ কাম এৰি পেলাব কাৰণ ল’ৰা ডাঙৰ মানুহ হ’লে দেউতাকৰ বোকা পানী লগা হাত দুখনত ধৰিবলৈ বেয়া পাব পাৰে। গতিকে ল’ৰাৰ পঢ়া শেষ হোৱাৰ আগে আগে সেই কাম এৰি পেলাই ল’ৰাই বিচৰা ধৰণেহে কামবোৰ কৰি যাব। ভবা ধৰণে ল’ৰাটো ডাঙৰ হৈ আহিল। সি পঢ়া শুনাত ভাল হোৱা বাবে খেতিয়ক জন নিচিন্ত হ’ল যে তেওঁৰ দিন ভাললৈ আহিল। খেতিয়ক জনে আৰু তেখেতৰ পৰিবাৰে তেওঁ লোকৰ  ডাঙৰ ল’ৰাটোক বাকী দুটা সন্তানতকৈ বেছিকৈ গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। পাছলৈ প্ৰথম সন্তানৰ গুৰুত্ব ইমানেই বাঢ়িল যে বাকী দুটি সন্তান যে সামান্য হ’লেও উপেক্ষিত হৈ পৰিছে সেই কথা খেতিয়ক দম্পতিয়ে গ’মেই নাপালে। সময়ত সিহঁতে পিতৃ, মাতৃ হালক অৱজ্ঞা কৰি চলিবলৈ ধৰিলে। আনহাতে বৰ পুত্ৰই ভবা ধৰণেই সকলো ফালে আগবঢ়ি নিজক বিচৰা ধৰণে প্ৰতিষ্ঠাপিত কৰি ল’লে। খেতিয়ক জনে আগতে ভবা ধৰণে বৰ পুত্ৰই বিচৰা ধৰণৰ কাম এটা কৰিবলৈ খেতিৰ কাম এৰি দিবলৈকে চিন্তা কৰি আছিল। পিছে বৰ পুত্ৰই তেওঁক সেইকাম এৰাৰ কথা ন’কলে। বৰঞ্চ বৰ পুত্ৰই দেউতাকৰ ভুলটো শুধৰাই দিলে। সি ক’লে “চোৱা দেউতা যিটো কাম কৰি তুমি তোমাৰ পৰিয়ালটো চলাই আহিছা, সেই কামক মই সন্মান জঁ‌নাও, গতিকে তুমি যদি বিচাৰা এই কাম কৰি থাকিলেও মোৰ আপত্তি নাই। আনহাতে মই বিচাৰো তুমি তোমাৰ অইন দুটা সন্তানকো মোৰ দৰেই যত্ন লোৱা। সিহঁতেও এদিন নিজক প্ৰতিষ্ঠাপিত কৰি ল’ব”। খেতিয়ক দেউতাকৰ মনত মহা আনন্দ লাগিল কাৰণ তেওঁৰ ল’ৰা অকল শিক্ষিত আৰু প্ৰতিষ্ঠাপিতএ নহয় এগৰাকী জ্ঞানী পুত্ৰও লগতে মৰমিয়াল জ্যষ্ঠ ভাতৃও। পৰিয়ালতো সদায় সুখ আৰু আনন্দত জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে।
           সাধুতো শেষ কৰি পিতৃ গৰাকীয়ে অকৌ এবাৰ পুত্ৰক উদ্দেশ্যি ক’লে মোৰ প্ৰিয় ৰণ আশাকৰো তুমি আৰু আগুৱাই যোৱা আজিলৈ এৰিছো।

দেউতাকৰ এই ফেছবুক পোষ্টটো দুজন মানে share কৰাত ৰণেও এবাৰ পঢ়ি চাবলৈ মন কৰিলে। পোষ্টটো পঢ়ি শেষ কৰি সি কমেন্ট বক্সত কিবা এটা লিখিব নে নিলিখে চিন্তা কৰি শেষত সি নিজৰ ফেছবুক একাউন্টটো ডিএক্টিভেট কৰি দেউতাকৰ মোবাইললৈ মেচেজ এটাকে পঠিয়ালে “এতিয়াৰ পৰা তোমাৰ সাধুটোৰ সেই বৰ পুত্ৰ জনেই হ’বলৈ চেষ্টা কৰিম”।

 

।। সমাপ্ত।।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *