……© ৰুণজুন বৰুৱা……
(৩৫) (অন্তিম খণ্ড)
প্ৰগলভা সময়।
নিষ্ঠুৰ নে খুব শক্তিশালী?
কোৱা নাযায়।
কিন্তু ধৈর্যৰ পৰিণতি খুব ধুনীয়া!
প্ৰতিটো কথাৰ বাবে এটা উচিত সময় থাকে। তাৰ লগত ছন্দ মিলাই খোজ দিব জনা জনেই জীৱনৰ বাজী জিকি যায়।
“দেখিলা সুন্দৰীজনীক নিজৰ কৰিলোঁ,কথা দিছিলোঁ যে মনত আছে, কৈ দিয়া আকৌ তাইক”
গাড়ীৰ লুকিং মিৰৰখনত বান্ধি থোৱা পুতলাটোক কয় অম্লানে।
আচৰিত হৈ ভেবা লাগি তাক চাই থাকে ঋষিকাক সোধে অম্লানে,
“কি চাইছা”
“এইটো পুতলা মোৰ কলেজ বেগটোত লগাই থোৱা আছিল ইঞ্জিনিয়াৰিং কলেজত থাকোতে,পুপু নাম দিছিল অৰ্ণৱে।তুমি সেইটো চুৰি কৰিছিলা, কিন্তু কি কথা দিছিলা পুপুক তুমি কোৱাচোন,ময়ো শুনো?”
ঋষিকাৰ প্ৰশ্নৰ উত্তৰত তাইৰ হাতখন বুকুৰ ওপৰত হেঁচি ধৰি অম্লানে কয়,
“উচিত সময়ত তোমাক নিজৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ নিজক। তোমাৰ পুপু সাক্ষী আছিল সেই আত্মপ্ৰতিজ্ঞাৰ ।”
তাৰ চকুযোৰে তিৰবিৰাই উঠে।
ঋষিকাৰ এসোপা মৰম উথলি উঠে তালৈ বুলি ।
সামান্য চাপি গৈ তাৰ কপালত চুমা এটা আঁকি দিয়ে তাই।
পিছ মুহূৰ্ততে নিজেই লাজ পাই আঁতৰি আহি নিজৰ চিটটোত বহি লয়হি তাই। লাজ লগা কাম এটা কিয় যে কৰি দিলি তই ঋষিকা, চকু মুদি বহি থাকি নিজকে গালি দিয়ে তাই।
এইয়া কি তাইৰ ওঁঠযোৰত এটা উষ্ম পৰশ ।
হয় , তাই সপোন দেখা নাই ,অম্লানে তাইৰ ফালে হাউলি আহি তাইৰ ওঁঠযোৰ নিজৰ ওঁঠযোৰৰ মাজত আবদ্ধ কৰি লৈছে।
তৎক্ষণাত তাক ঠেলি আঁতৰাই দিয়ে তাই,
“লাজ নাই , মানুহে দেখিলে কি কব?”
“দস্তুৰমত মই মোৰ পত্নীক চুমা খাইছোঁ কোনে কি কৰিব মোক”
তাইৰ গাল খন টিপি দিয়ে সি।
নাই নাই ইয়াৰ লগত যুক্তি তৰ্ক কৰি লাভ নাই।
ফোনটো উলিয়াই লয় তাই , গোটেই কেইজন থকা ফটো এখন আৰু সিহঁত দুটাৰ ফটোএখন ফেচবুকত আপলোড কৰিবলৈ।
অনুষ্টুপিয়া আয়োজনৰ মাজৰে নিজৰ সম্পৰ্কটোক এটা সমাজ স্বীকৃত নাম দিয়ে আজি ঋষিকা আৰু অম্লানে। দুয়ো নিজৰ নিজৰ চাকৰি জইন কৰা সাত মাহ পাৰ হৈছে ইতিমধ্যে।
নগাঁওৰ পৰা অহা মোমায়েক আৰু শান্তনু লান্স কৰি ঘৰমুৱা হ’ল….তাইৰ মাক দেউতাক আৰু সিহঁতৰ একদম নিকট বন্ধু কেইজন সকলোৰে পৰা বিদায় লৈ আহি এইয়া সিহঁত দুটা চক্ৰেশ্বৰ মন্দিৰৰ নিৰিবিলি ঠাইখনত বেঞ্চখনত বহি লৈছেহি।
সিহঁতৰ প্রিয় বন্ধু কেইজন,অম্লানৰ মোমায়েক, ঋষিকাৰ মাক দেউতাক আৰু শান্তনুৰ উপস্থিতিত আজি দুয়ো কোৰ্টত সিহঁতৰ বিয়াখন ৰেজিষ্ট্রাৰ কৰিলে।ডাঙৰকৈ বিয়াখন পাতিব সিহঁতে কিছু দেৰিকৈ।
শান্তনুক মিছনেৰী স্কুলখনৰ পৰা নি অম্লানে পঢ়া স্কুলখনতে নাম লগাই দিছে অনিমেশে। আজিকালি শান্তনু মোমায়েকৰ সৈতে থাকে।
ভালেই হৈছে, অৱসৰপ্ৰাপ্ত অনিমেশৰ একাকীত্ব আৰু খালি ঘৰখন সম্পূৰ্ণ হৈছে অলপকৈ হলেও আৰু শৈশৱৰ পৰাই আপোনত্বৰ লগতে অভিভাৱকত্ব উম নোপোৱা লৰাটো এতিয়া মোমায়েকৰ মৰমত আশ্ৰয় পাব।
সিহঁতৰ ঘৰটো ক্লাৱৰ লৰাবোৰক কলা সাধনা কেন্দ্ৰ ৰূপত ব্যৱহাৰ কৰিবলৈ দি দিয়া হৈছে আইতাকৰ স্মৃতিত।
মানুহ আশাবাদী। আশাৰ আঁত ধৰিয়ে মানুহৰ জীৱনলৈ মোহ জাগে, নিজলৈ অপাৰ ভালপোৱা জন্ম হয়।মানুহ হিচাপে জীয়াই থাকিবলৈ নিজৰ বাবে ভালপোৱা থকা নিতান্তই প্ৰয়োজনীয়।
দিনটোৰ বিদায় বেলাটো ৰোমাঞ্চকৰ কৰি সদায়ৰ দৰে আজিও অস্তাচলৰ বুকুত ৰঙা বেলিটো বিলীন হৈ গৈছে। মনোমোহা এই ক্ষণ, প্ৰেমৰ ৰাগী দেখা পাই ঋষিকাই এই সমস্ত প্ৰক্ৰিয়াটোত।
আকাশৰ বুকুত অৰুণটোৰ যি নিৰাপত্তা তেনে এটাই নিৰাপত্তা বিচাৰে প্ৰতিজন মানুহে নিজৰ প্ৰেমাস্পদৰ মাজত। প্ৰতিনিয়ত মৰম আৰু প্ৰেৰণাৰে এজনে আনজনক সাঙুৰি ৰাখিবলৈ যেন খুব সুন্দৰ এটা নিদৰ্শন দিয়ে আকাশখন আৰু সূৰ্য্যটোৱে। আস্থাৰ গান এটা শব্দহীন ভাবে প্ৰতিপল আওৰাই থাকে এই প্ৰকৃতিয়ে। সেই বাবেই খুব ধুনীয়া প্ৰকৃতি,তুলনাবিহীন।
ব্ৰহ্মপুত্ৰৰ জলৰাশিত ৰান্ধনী বেলিৰ পোহৰে এটা বিতোপন জিলিকনি তুলিছে, সেই জিলিকনিত এটা নতুন দিনৰ প্ৰতিশ্ৰুতি।মহাবাহুৰ বুকুত থকা লক্ষ্মী নাৰায়ণৰ মূৰ্তিটোত সেই জিলিকনিৰ এক নিৰ্মল প্ৰতিফলন।
ঋষিকাৰ মুখেৰে আপোনা আপুনি সৰি পৰে
“ইমান ধুনীয়া।”
“উম,একদম মোৰ জানজনীৰ দৰেই”
তাৰ হাতখন মেৰিয়াইলৈ বাহুতে মূৰটো পেলাই ব্ৰহ্মপুত্ৰৰ বুকুত দৃষ্টি থাপি ৰখা ঋষিকাৰ নাকটো ধৰি টানি দিয়ে অম্লানে।
“হ’ব হ’ব ধুনীয়া নহলেও এতিয়া তোমাৰ পত্নী হলোঁ, হজম কৰিবই লাগিব আৰু মোক বুজিলা”
ঋষিকাই জোকাই তাক।
“তাকেই ক’ত যে ফচি গ’লো মই, কপাল বেয়া আৰু মোৰ”
অম্লানৰ প্ৰত্যুত্তৰত অভিমানত মুখখন ফুলি উঠে ঋষিকাৰ।
তাৰ বাহুটোৰ পৰা মূৰ তুলি তাই পোন হৈ বহি লয়,
“এতিয়াও সময় আছে ,ভাবি চাব পৰা”
ঋষিকাই পোন্দোৱাকৈ তালৈ চাই কৈ উঠে।
হাঁহি এটা মুখত আঁৰি লৈ অম্লানে ঋষিকাক বুকুলৈ চপাই আনে,
“তোমাক নিজৰ কৰি পোৱাৰ, তোমাৰ কাষত থকাৰ , তোমাৰ হোৱাৰ আৰু তোমাক ভালপোৱাৰ ভুল মই আজীৱন কৰিম ঋষিকা, এই ভুলতে মোৰ জীৱনৰ সুখ আছে, মোৰ জীৱনৰ লক্ষ্য আছে আৰু জীয়াই থকাৰ মাদকতা আছে!”
ৰঙা হৈ পৰিছে ঋষিকাৰ গাল, নাক, কাণ।
মন যায় খুবেই মন যায় অম্লানৰ মুখত ভালপোৱাৰ কথা শুনিবলৈ। কিন্তু কিয় জানো এটা অনামী লাজে তাইক বেৰি ধৰে সদায়ে, সি এনেকৈ কথা কলে।
মৃদু বতাহজাকত মুখলৈ অহা চুলিবোৰ কাণৰ কাষত গুজি থবা খোজে তাই । লাজটোৰ পৰা মুক্তি পোৱাৰ এটা নিষ্ফল প্ৰয়াস। তাইৰ নাৰ্ভছনেচত চুলিবোৰ পৰিপাটি হওক চাই আৰু খেলি মেলি হৈ পৰে।
অম্লানে উপভোগ কৰে তাইৰ অৱস্থাটো।
দুগুণ মৰম চৰি যায় তাইলৈ বুলি প্ৰতি বাৰেই তাৰ ,যেতিয়াই তাৰ পৰিপক্ক ঋষিকাজনীয়ে অভিমানত এনেকৈ মুখখন ফুলাই। যেতিয়া সি প্ৰেমৰ কথা কয় তাই এনেকৈ অপ্ৰস্তুত হৈ পৰে। লাজ আৰু অভিমানত সেন্দূৰীয়া বৰণ লোৱা ঋষিকা জনীক খুব মৰম লাগে তাৰ। ক’ত থওঁ ক’ত নথও হয় অনুৰাগবোৰ।
মোৰ দেহলাওজনী।
স্বগতোক্তি কৰাৰ দৰে কৰে সি।
নামনজনা শিহৰণ এটা তাৰ বুকুৰেও বাগৰি যায়।
উফ কি মায়াসনা।
আবেগবোৰ প্ৰকাশ কৰিবলৈ মন যায় তাৰ, তাৰো প্ৰেমিক মন এটা আছে।
“অ’ মোৰ ৰঙা আপেলটোৰ মুখখন পাচি হ’ল দেখোন…….”
আকৌ জোকাই সি ।
“বেছি কৰি নাথাকিবা যোৱা”
তাৰ চুলি খিনি ধৰি ঘটালি দিয়ে ঋষিকাই।
সি গাড়ী চলাই থাকিলেও তাৰ চুলিবোৰ এনেকৈ ঘটালি দিয়ে তাই, “গাড়ী চলাই আছোঁ ৰে মই ছোৱালী “বুলি তাইলৈ চাই চকু পকাই ধৰে অম্লানে,তাই পুনৰ জোৰেৰে ঘটালি দিয়ে চুলি খিনি তাৰ।
কথাটো মনত পৰি হাঁহি এটা ঢৌ খেলি উঠে তাইৰ ওঁঠত।
অন্য এটা সুযোগ পায় আকৌ তাইক জোকাই অম্লানে,
“সেইয়া গিৰিয়েকটোৰ লগত বহি আছে কিন্তু কোন বয় ফ্রেণ্ডৰ কথা মনত পেলাই হাঁহি আছে অকলে অকলে নাজানো আৰু মই”
হাতখন মুঠি মাৰি অম্লানৰ পিঠিত ভুকু এটা দিয়ে তাই
“বাহুবলী জনীয়ে মোক এনেকৈ অত্যাচাৰ কৰিবলৈকে বিয়া পাতি ললে দেখিছা প্ৰভু,লেৰেলা লৰাটোক এনেকৈয়ে অত্যাচাৰ কৰি মাৰে ঐ”
ওচৰতে থকা হনুমানৰ মূৰ্তিটোলৈ চাই চাই অম্লানে কৰা অভিনয় দেখি ঋষিকাই হাঁহি হাঁহি সাৱটি ধৰে তাক ।
উচ্ছল হাঁহি এটা দুয়ো সমানে ভগাই লয়।
মন্দিৰৰ ভিতৰচৰাৰ পৰা শঙ্খ, ঘণ্টাৰ শব্দ আৰু মন্ত্ৰোচ্চাৰণ ভাঁহি আহে,সন্ধিয়া আৰতি আৰম্ভ হয়,প্ৰশান্তি আৰু ভালপোৱাৰ চাদৰ এখন মেৰিয়াই লয় সিহঁতে।
সমাপ্ত
◆◆◆◆◆◆◆◆◆
©ৰুণজুন বৰুৱা
(মোৰ প্ৰতিজন সহৃদ পাঠকৰ ওচৰত মোৰ আন্তৰিক কৃতজ্ঞতাৰে এই কাহিনীটো অন্ত কৰিলোঁ, প্ৰতি দিনাই মোক সাহ আৰু প্ৰেৰণা যোগাই অহা মোক লিখিবলৈ অনুপ্ৰেৰণা দিয়া প্ৰতিজন মানুহৰ ওচৰত মই কৃতজ্ঞ। ইমান মৰম আৰু ভালপোৱা দিয়াৰ বাবে প্ৰতিজন পাঠকক মোৰ শ্ৰদ্ধা আৰু ভালপোৱা দিলোঁ????। ধন্যবাদ বুলি কৈ দিলে যেন অপমানিত কৰা হব আপোনালোকৰ আপোনত্বৰ সেয়ে সকলোলৈকে মোৰ হিয়া ভৰা মৰম দিলোঁ??????। আগন্তুক সময়ত একেই মৰম আশা কৰিম আপোনালোকৰ পৰা❤️❤️❤️❤️)