জীৱন পাশা (৩২) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(৩২)

সময়ৰ হেনো পাষাণ হৃদয়। হাজাৰ আকুটি উপেক্ষা কৰি সৃষ্টিৰ ধাৰা চলাই নিবলৈ সময় দৃঢ় প্ৰতিজ্ঞাবদ্ধ,সেইবাবেই হয়তো।হেৰফেৰ নকৰাকৈ প্ৰতিনিয়ত নিজৰ পথত চলা সময়কলৈ ক’ত যে অভিযোগ।কিন্তু খুব খেয়ালী সময়।

কঠোৰ হৈয়ো দায়িত্বশীল অথবা দায়িত্বশীল হবৰ বাবেই যে কঠোৰ। তাত আবেগ এক আন্তঃসাৰশূন্য ধাৰণা কেৱল।

“মোক দেখি প্ৰীতমে কি বা ভাবে, মোক ক্ষমা কৰিবনে সি……
মোক আঁতৰি যাবলৈ কলেও আজি নাযাওঁ,মোক সি কথা দিব লাগিব, সি ভাল হৈ উঠিব আৰু মই জেলৰ পৰা ওলাই আহি আধৰুৱা আমাৰ সংসাৰখন পূৰ্ণ কৰিম।
মোলৈ সি অপেক্ষা কৰিবই লাগিব। তাক মই কম নহয় সি বুজিব লাগিব।”
নিজৰ মনটোৰ সৈতে কথা পাতি থাকে মনালিছাই।

নাৰ্চিংহোম খনলৈ ধুমুহাৰ গতিত প্ৰৱেশ কৰা মানুহজনীৰ সেউজীয়া ৰঙৰ আইচিউ’ৰ ভিজিটৰ্চ গ্ৰাউনটো পিন্ধি লোৱাৰ পিছত খোজবোৰে শামুকীয়া গতি লয়।

অনুতাপ, লাজ ,উৎকণ্ঠা, আবেগ,ভয় সকলোবোৰে একেলগে হেঁচি ধৰিছেহি মনালিছাক।

বুকুৰ প্ৰাৰ্থনাটো খৰকৈ আওৰাইছে তাই,

“প্ৰীতম তই সুস্থ হ’ সোনকালে”

মনালিছাক প্ৰীতমৰ বেডখন দেখুৱাই দিয়ে নাৰ্ছ এগৰাকীয়ে।

তাই কাষ চাপি যায় ক্ৰমশঃ।

কেনোলা লাগি থকা হাতখনৰ সৈতে চেলাইন এটা ফিট কৰা আছে।

ধীৰ গতিত টোপালবোৰ প্ৰবাহিত হৈ আছে তাৰ শৰীৰলৈ। মূৰৰ ফালে থকা মনিটৰটোৰ বুকুৰ সাংকেতিক চিহ্নবোৰে প্ৰীতম নামৰ মানুহজন জী থকাৰ বতৰা দি নিৰ্দিষ্ট গতিত অহা যোৱা কৰি আছে। মুখখনত অৱসাদৰ ভাব এটা ফুটি উঠিছে প্ৰীতমৰ , চকুহাল মুদি খুব শান্তিৰে নিদ্ৰাগত হবলৈ অপেক্ষা কৰি আছে যেন সি।

তাই তাৰ বেডখনৰ কাষতে থকা টুলখনত বহি লৈ, তাৰ হাতখন হাতত তুলি লয়।

তাইৰ স্পৰ্শই তাক চেতনা জগাই।
বন্ধ চকুৰ পতা মেলি খুব উৎসুকতাৰে তাইৰ দিশে চাই সি।

অধীৰ আগ্ৰহেৰে কাৰোবলৈ বাট চাই ৰোৱা চকুহালত জিলিকনি এটা স্পষ্ট হয়।

চকলেট বিচাৰি কান্দি থকা কেঁচুৱা এটাই চকলেটটো পালে যি এটা তৃপ্তি ভৰা হাঁহি চকুলো ভৰপক চকুহালত আঁৰি লয়, ঠিক তেনে এটা তৃপ্তি ফুটি উঠে প্ৰীতমৰ চকুযোৰত।

“মনা”

বুকুৰ গভীৰৰ পৰা ওলাই অহা প্ৰীতমৰ মাতষাৰ তেনেই অস্পষ্ট। কিন্তু প্ৰীতমৰ মাতটো এটা প্ৰেমৰ কবিতা যেন লাগে তাইৰ।

“তই মোক ক্ষমা কৰি দে’ আৰু সোনকালে সুস্থ হৈ উঠ।”

অধিকাৰ সাব্যস্ত কৰি কথাষাৰ কয় মনালিছাই।

এটা কৰুণ অনুনয়ৰ সুৰ প্ৰকট হৈ থাকে কথাষাৰত।

পুতেকক নাকান্দো বুলি কৈ আহিও মনালিছাই উচুপি উঠে। তাইৰ চকুলোৰ টোপাল দুটামান প্ৰীতমৰ হাতখনত বাগৰি পৰে। তাইৰ হাতৰ মুঠিত সুমুৱাই ৰখা তাৰ হাতখনত।

“তোমাক মই বেয়া পায় থকা নাই মনা, তোমাক মই কেতিয়াবাই দেৱীৰ স্থান দিছোঁ।তোমাক বেয়া পাই থকাৰ কথাও মই ভাবিব নোৱাৰো। মোৰ পাপৰ প্ৰতিফলিত ৰাস্তাত তুমি আগুৱাই যোৱা কথাটোত মই তোমাক দোষ কেনেকৈ দিওঁ কোৱা মনা? সেই ৰাস্তা মই নিজে গঢ়া। তোমাক সেই পথে পৰিচালিত হোৱাৰ প্ৰেৰণাও ময়েই দিয়া; পৰোক্ষভাৱেই নহওক কিয়।

কিন্তু তোমাৰ এই ব্যৱসায় ভুল আছিল, তুমি এতিয়া শাস্তিৰ বাবে সাজু হৈছা যেতিয়া এই ভুলৰ শুদ্ধিকৰণ হৈ যাব সময়ত।

তুমি মোৰ ওচৰত দোষী নহয় মনা, তোমাক বুকুত কঢ়িয়াই ফুৰিব নোৱাৰা বাবে মইহে তোমাৰ অপৰাধী, তোমাৰ বাবে ভুল পথ তৈয়াৰ কৰি তোমাক বিপদত পেলালোঁ। তুমি মোক ক্ষমা কৰা মনা, মোক ক্ষমা কৰি মুক্তি লাভৰ সুযোগ দিয়া মনা।”

অস্পষ্ট প্ৰীতমৰ মুখৰ শব্দবোৰ মনাই কিন্তু ঠিকেই বুজিছে। আজি যে সিহঁতৰ বাক্য বিনিময়ৰ বাবে শব্দবোৰ এটা প্ৰতীকী মাথোন!হৃদয়ৰ পৰা হৃদয়লৈ বাট কাটি বহিছে দুয়ো। অস্পষ্ট শব্দ মনৰ ভাৱ বুজাত বাধা হৈ থিয় হ’ব নোৱাৰে আজি।

মনালিছাৰ কান্দোনবোৰ ডাঙৰ হৈ আহিছে,

“নাকান্দিবা মনা ,এনেকৈ সৰু ছোৱালীজনী নিচিনাকৈ কান্দে নেকি,নাকটো ৰঙা পৰি গ’লে মানুহে হাঁহিব তোমাক”

প্ৰীতমে সাহস দিয়ে ,বহু বছৰৰ মূৰত জোকাই তাৰ প্ৰিয়তমা পত্নীক।

অবাধ্য হৈ পৰে চকুলোবোৰ, তাৰ কথাত আৰু বেছি খৰ হে হয় কান্দোন, ফেঁকুৰি উঠে তাই।

“বাইদেউ অন্য ৰোগীৰ অসুবিধা হ’ব”

নাৰ্ছগৰাকীৰ কথাত নিজকে কিছু সম্বৰণ কৰে মনালিছাই।

“এতিয়া লাজ পালা”

প্ৰীতমে জোকাই তাইক।

উচুপনিবোৰৰ সৈতে এটা সলাজ হাঁহি এৰে তাই।

প্ৰীতমে হঠাৎ তাৰ বনফৰিং জনীক বিচাৰি পায়।
তাৰ বুকুৰ শুই থকা মনাৰ চঞ্চল হৰিণীজনীৰ ৰূপটো কল্পনা কৰে সি, নাই এই নাৰী এতিয়া চঞ্চল নহয়।

মনা এতিয়া প্ৰজ্ঞা নাৰী……
সুস্থিৰ।
চপলতা এতিয়া তাইৰ স্বভাৱ বিৰোধী কথা।

“প্ৰীতম”

উফ কি মায়াসনা এই মাতষাৰ।

এই মাতষাৰত পমি যায় সমস্ত কলুষিতা। সৃষ্টিৰ কঠিয়া আছে এইষাৰ মাতৰ গৰ্ভত।

চকুপানী বোৱাই বোৱাই ৰঙা পৰি উখহি থকা মনাৰ চকুত চকুযুৰি থাপি লয় প্ৰীতমে।

চকুৰ বাটেৰে মনাৰ বুকুৰ পুৰণি ঘৰখনত প্ৰৱেশৰ এটা প্ৰচেষ্টা কৰে প্ৰীতমে।

অযত্নত মামৰে ধৰা হৃদয়ৰ দুৱাৰখন খুলিবলৈ সহায় কৰে মনালিছাই।

এটা বাঙ্ময় মুহূৰ্ত।

শব্দহীন ,
অথচ
ভৰপুৰ।

কলিজাৰ ধপঢপনীবোৰ আৰু অবাধ্য চকুলোবোৰ প্ৰাপ্তিৰ আধাৰ হৈ বুকুৰ বাটটো পোহৰাই তুলিছে।

একেই আছে সকলো, অনুভৱ কৰে দুয়োটাই।

বিনাবাক্যে সম্পাদন হয় বছৰজুৰি লুকাই থকা অনুৰাগ।
অনুভৱৰ ভৰুণ নৈদুখন দুয়োৰে হৃদয়ৰ পৰা বৈ আহি সমুদ্ৰ যাত্ৰাৰ বাবে মিলি পৰে তৎক্ষণাত।

তাৰ হাতখনৰ মুঠিটো টানকৈ ধৰে মনালিছাই।

“তোৰ ওপৰত মোৰ খং ৰাগ,অভিযোগ বিষাদ একো নাই,মইয়ো কেতিয়াবাই পাহৰি গৈছোঁ কাৰ ক’ত কি ভুল আছিল। মাত্ৰ কথা দে’ সোনকালে সুস্থ হৈ উঠিবি তই আৰু মোৰ উভতি অহালৈ অপেক্ষা কৰিবি।”

প্ৰীতমৰ চকুযোৰে হাঁহি উঠে।
সুখৰ হাঁহি।

“হাঁহিছ কিয়… মোক কথা দে’,নহলে মই তোক সাংঘাতিক বেয়া পাম”

“ঠোঁহ নাপাতিবাচোন,মোৰ হাতত সময় খুব কম মনা, তুমি আহিবা, কথা পাতিম বুলি কিমান কষ্টত বাট চাই আছিলোঁ মই হে জানো। তেনে এটা প্ৰতিশ্ৰুতি কেনেকৈ দিম মনা, কাৰণ মই জানো মোৰ সময় শেষ হবৰ উপক্ৰম হৈছে।তুমি বেয়া পায় থাকিলে মই শান্তিৰে যাব নোৱাৰিম মনা, তোমাৰ মনত দুখ লগায় মই শান্তিত মৰিব নোৱাৰিম। তুমি বেয়াপাম বুলি কলেই আধৰুৱা হৈয়ে থাকি যাব মোৰ জীৱন নাট মনা,

মই মাত্ৰ কথা দিম তোমাৰ বাবে মই মৃত্যুৰ সিপাৰে ধুনীয়া এখন ঘৰ বনামগৈ।তুমি এইখন সংসাৰৰ দায়িত্ব সামৰি অহালৈ তাত মই সকলো আয়োজন সম্পূৰ্ণ কৰিম,তুমি ইয়াৰ দৰে কষ্ট পোৱাকৈ একোৱে বাকী নথম। তুমি মাথোঁ দায়িত্ববোৰ সম্পূৰ্ণ কৰি আহিবা মোৰ ভাগৰ দায়িত্বখিনিও!”

ক্ৰমাৎ আৰু অস্পষ্ট হৈ আহে প্ৰীতমৰ কথাবোৰ। ইঙ্গিতেৰে মনে মনে ৰবলৈ কয় তাই প্ৰীতমক।

তাৰ বুকুতে মূৰটো থৈ মনালিছাই কৈ উঠে

“তোক ভালপাওঁ বহুত ভালপাওঁ অ’……প্ৰীতম”

তাৰ হাতখন নিজৰ বুকুত হেঁচি ধৰে আৰু
হাতৰ মুঠিটোত এটা চুমা আঁকি দিয়ে তাই।

তাইৰ ওঁঠৰ স্পৰ্শ পাপমোচক হৈ বিয়পি পৰে তাৰ প্ৰতি ৰন্ধ্ৰে ৰন্ধ্ৰে।

মোক্ষ লাভৰ জোখাৰে সি যেন পবিত্ৰ হৈ উঠে।

“কাষলৈ অহাচোন”

বৰ আকুলতাৰে মাতে প্ৰীতমে তাইক।

তাই টুলখনৰ পৰা উঠি তাৰ বিচনাখনৰ কাষতে বহি লৈ প্ৰীতমৰ চুলিবোৰৰ মাজেৰে আঙুলি বুলাই দিয়ে ,তাৰ দিশে হাউলি অহাৰ বাবেই তাৰ ঘন নিশাহবোৰে মনাৰ গাল আৰু ডিঙিত স্পৰ্শ কৰে। মিঠা আবেশ এটাই মেৰিয়াই ধৰে দুয়োকে।চকুৰ জিলিকনিত প্ৰকট হয় হৃদয়ৰ শান্তি।

মনালিছাৰ বুকুৰ প্ৰাৰ্থনাৰ সুৰটো হঠাৎ ইমানেই খৰকৈ গতি কৰে যে তাইৰ বুকুতে খুন্দা মাৰে বাৰে বাৰে। ভয় এটাই ডিঙিত সোপা মাৰি ধৰেহি তাইক।

সকলো আওকাণ কৰি প্ৰীতমৰ চকুত চকুহাল থৈ তাৰ মুখলৈ চাই ৰয় তাই।

নৈখনৰ পাৰত ছোৱালী জনীৰ কোলাত মূৰ থৈ কথাত মগন প্রেমিক প্ৰেমিকা এহাল ভাঁহি উঠে প্ৰীতমৰ দুচকুত।

লাহেকৈ মনালিছাৰ শিৰৰ ৰঙা আলিটো আৰু কপালৰ উজ্জল সূৰ্যটোৰ মাজৰ ঠাইকণত সি তাৰ ওঁঠযোৰ গুজি দিয়ে।

ভাললগা অনুভৱ এটাই বুৰাই তোলে তাইক।

কিন্তু এইয়া কি???

তাইৰ বুকুৰ প্ৰাৰ্থনাটো ৰৈ যায়।

মিনিটৰটোৰ বুকুত উঠা নমা কৰি থকা ৰেখাবোৰে সৰল ৰেখাৰ ৰূপ লয় দেখোন।

নাৰ্ছ গৰাকী দৌৰি আহি কিবা কিবি চাই
ডাঃ জনক মাতে আৰু তাইক বাহিৰলৈ যাবলৈ কয়।
তাই ধীৰ গতিৰে ওলাই আহে। তাইৰ কাষৰেই বিজুলী গতিত প্ৰীতমৰ কাষ চাপি যোৱা ডাঃ জনৰ কপালত চিন্তাৰ ৰেখাডাল তাই ঠিকেই দেখা পায়।আইচিইউৰ দুৱাৰমুখৰ পৰা।
তাই আঁতৰি আহে। খোজৰ গতি সম্পূৰ্ণ স্থিৰ তাইৰ। প্ৰীতমে তাইক যে দায়িত্বৰ কথা কৈছে।
………

……..(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *