……© ৰুণজুন বৰুৱা……
(৩১)
সময় পাখি লগা কাঁড়ৰ পিঠিত বহি উৰন্ত গতিত ধাৱমান আৰু মনালিছালৈ এৰি দিছে মুঠি মুঠি তাচ্ছিল্য।কোৱাল সোঁতত ককবকাই ফুৰা মানুহজনী পাৰ পাবলৈ লওঁতেই গড়াখহনীয়াত যোৱা পাৰৰ মাটিবোৰে তাইক যেন হেঁচি ধৰিলে। পুনৰ তাই উটি গ’ল সোঁতৰ সৈতে, আৰু এইবাৰ ঘুলী এটাত আবদ্ধ তাই,এই যেন নিচিহ্ন কৰি দিব মনালিছা বৰুৱা নামৰ এটা অস্তিত্ব।
বন্ধ গাড়ীখনৰ ভিতৰত শ্বাসৰুদ্ধ অৱস্থা হৈছে তাইৰ। যোৰাবাটৰ অকোৱা পকোৱা ৰাস্তাটো যেন শেষেই নহয়। সেইখনহে সাতমাইল, অথচ গাড়ীখন যেন আগেই নাবাঢ়ে। তেনে এটা অস্বস্তি হয় মনালিছাৰ।হয় তাই আজি প্ৰীতমক লগ পাবৰ বাবে অধীৰ হৈ পৰিছে, এটা চেকেণ্ডো যেন অপব্যয় কৰিব নোৱাৰি এতিয়া।
“আপুনি অলপ বেগাই চলাব পৰা নাই নেকি, “
ড্ৰাইভাৰজনৰ ওপৰত ৰুষ্ট হয় মনালিছা।
কাষতে বহি থকা অনিমেশে তাইৰ কান্ধত হাতখন ৰাখি সাহস দিয়ে।
“ধৈর্য ধৰ ভন্টি, এই মুহূৰ্তত ধৈৰ্য হেৰুৱাই পেলালে নহব।”
হাতৰ তলুৱাৰে কপালখন হেঁচি ধৰে তাই। উফ ফাটি যাব যেন মূৰটো তাইৰ।
কৰ্টৰ পাৰ্মিচন কেনেকৈ ওলাল, কেতিয়া তাই আহি গাড়ীখনত বহিল তাই নাজানে ,একো মনত নাই। মাথোঁ এটাই কথাই ৰৈ ৰৈ বুকুত ঘূৰি আছে….
তাইৰ প্ৰীতম হেৰাই যাব নোৱাৰে।
তাইৰ শিৰৰ বাটটো উকা কৰি তাইৰ জীৱনৰ বিয়লিৰ আশাবোৰ ধূলিসাৎ কৰি সি জীৱনৰ পৰা মেলানি মাগিব আৰু তাইক সংগিহীন কৰি থৈ যাব ?
অন্য এটা অন্যায় কৰিব সি তাইৰ সৈতে?
সংগী আছিল জানো দুয়ো দুয়োৰে?
বুকুত প্ৰশ্নটোৱে খুন্দিয়াই মনালিছাৰ।
বুকুৰ বিষাদবোৰ, সুখৰ হাঁহিবোৰ ভগোৱা হৈছিল জানো সিহঁতৰ ,বিবাহ নামৰ বন্ধন এটাত বান্ধ খাই থকা সুদীৰ্ঘ বাইশটা বসন্ত পাৰ হ’ল যদিও।
প্ৰেম তাৰ পিছত বিবাহ তাৰ পিছত এখন ভৰা সংসাৰ। ভাল বেয়া প্ৰতি মুহূৰ্ততে এজনে আনজনৰ সাহহৈ আৱৰি ৰাখে এজনে আনজনক,সেইয়াই এখন গতানুগতিক সংসাৰ।
কিন্তু তেনে আছিল জানো সিহঁতৰ সংসাৰখন? সুখে দুখে হাতত হাত ধৰি দুখবোৰ তৰিব পৰাকৈ জানো সিহঁতৰ মাজত আত্মিক কিবা এটা সম্বন্ধ আছিল ?
অভিমান,ভুল বুজাবুজি, জেদ, ক্ষোভ,প্ৰতিশোধ এইবোৰ উপাদান বিশিষ্ট আছিল সিহঁতৰ সংসাৰখন।
সমাধানবিহীন নাছিল সমস্যাবোৰ, কিন্তু খুলি কথা পাতি, ভাবৰ বিনিময় কৰি ,বুজাপৰাৰ মাজেৰে আগ বাঢ়িবলৈ সিহঁতৰ মাজত সদিচ্ছাৰ অভাৱ আছিল। কথাবোৰ আলোচনা কৰিবলৈ, কথাবোৰ পাতিবলৈ অভিমানে ভৰ কৰা মনটো আছিল সিহঁতৰ মাজৰ প্ৰথমটো হেঙাৰ আৰু সেই অভিমানী মনটোত প্ৰীতমৰ উপেক্ষাবোৰে আনি জমা কৰিছিল জিদ আৰু ইগ’?
এটা কি ভয়াবহ ব্যাধি, কুটি কুটি শেষ কৰিব পাৰে অনুৰাগ।
ক্ৰমাৎ বাঢ়ি অহা দূৰত্বই হৃদয়ৰ ভাষা বুজি পোৱাৰ জোখাৰে বুকুত আবেগ নোহোৱা কৰিছিল দুয়োৰে। আৰু তেনেকৈয়ে মৃত্যু হৈছিল দুখন প্ৰেমিক হৃদয়।
বিবাহ মাথোঁ এটা সম্পৰ্ক হৈ ৰৈ গৈছিল তাৰ পিছত।
“মই তাক যাবলৈ নিদিওঁ, সি জীৱনটোত সব সিদ্ধান্ত নিজৰ মতে লব নোৱাৰে নহয়। হ’ল বুলি তাৰ মৈমতালি বেছি হোৱা নাই নে?”
হঠাৎ চিৎকাৰ কৰি উঠে তাই
অনিমেশ চক খাই উঠে। পিছ মুহূৰ্ততে মৰমত বুজাই ভনীয়েকক,
“চা ভন্টি কিছুমান বস্তু আমি মানুহে একো কৰিব নোৱাৰো, জন্ম, মৃত্যু, বিবাহ এই সকলোবোৰ ভগৱানে নিৰ্ধাৰণ কৰে।জীৱনৰ জটিল সময়বোৰত নিজক বুজাই বঢ়াই ভালে ৰখাটো এটা বিৰাট ডাঙৰ ছেলেঞ্জ আৰু সেই ছেলেঞ্জত জিকিব পৰাকৈ নিজক সাহসী কৰিব জানিব লাগিব ।কাৰণ জীৱনৰ সৈতে হাৰ মানি যোৱা জনক ভীৰু আখ্যা দিয়া হয়।”
“তেন্তে সি যদি মোলৈ অপেক্ষাই নকৰে মই কাৰ বাবে পায়শ্চিত কৰিম দাদা?”
“নিজৰ বাবে “
খুব কোমলকৈ কয় অনিমেশে,
“মই জীৱনটোৰ বেছিখিনি সময় নষ্ট কৰি দিলোঁ, মই যে এতিয়া পাপমোচন কৰিম বুলি ভাবিছোঁ,কিয়! তই জাননে?”
উৎসুক হৈ মনালিছাৰ মুখলৈ চাই ৰয় সি, কি কাৰণ আছে তাই নিজকে শুদ্ধ কৰিব খোজাৰ,
জানিব বিচাৰে অনিমেশে।
” জীৱনৰ বিয়লি বেলাত মই তাক মৰম আৰু ভালপোৱা দিব খোজোঁ, এহাল স্বামী স্ত্ৰীৰ মাজত থকা এটা মৰমৰ সম্পৰ্ক যি আমাৰ জিদ, প্ৰতিশোধ এইবোৰৰ হেঁচাত মোৰ আৰু প্ৰীতমৰ মাজত কেতিয়াও গঢ়ি নুঠিল, সেইবোৰ মই সম্পূৰ্ণ কৰিব খোজো। ভালপোৱাৰ ৰং বুলাব খোজো জীৱনৰ শেষ দিনবোৰত।”
কথাবোৰ কৈ থাকোতে, তাইৰ মাতটো লক্ষণীয় ভাবে কঁপি উঠে।
অনিমেশে ভনীয়েকৰ বুকুৰ কষ্ট অনুভৱ কৰিব পাৰে।
যিটো মানুহলৈ ঘৰৰ অমতত সাহ কৰি পলাই আহিছিল ,সেই মানুহটোৰ সৈতে এটা বছৰো শান্তিৰে কটাবলৈ সক্ষম নোহোৱা ভনীয়েকৰ মনৰ অৱস্থাটো বুজিবলৈ বেছি সময় নালাগে অনিমেশৰ। তাৰ কান্ধত মূৰটো পেলাই প্ৰকৃতস্থ হবলৈ চেষ্টা কৰা ভনীয়েক জনীৰ মূৰত হাত বুলাই দিয়ে সি।
মাক ঢুকোৱাৰ পিছত ৰাতি তাইক টোপনি নিয়াবলৈ যে লৰালিতে তাইৰ মূৰ পিঠি মোহাৰি দিছিল সি।
তেনেকৈ।
চকুহাল জপাই মনালিছাই নিজকে প্ৰশ্ন কৰে।।।
ভালপোৱাবোৰ জানো হেৰাই যায়!
ওহোঁ …….
ভালপোৱা অমৰ সি শেষ নহয় কেতিয়াও।
তেন্তে কেনেকৈ সম্ভৱপৰ হয় ভালপোৱাজনক ঘৃণা কৰা!
ভালপোৱা জনৰ কথাত, কামত, দুচকুত আমি নিজৰ বাবে মৰম ,আব্দাৰ আৰু আকুলতা থকাটো বিচাৰো। সেই মানুহজনৰ চকুত নিজৰ বাবে উপেক্ষা দেখিবলৈ পালেই অভিমানে ভাৰাক্ৰান্ত কৰে হিয়া ।অপেক্ষা কৰা যায় তেওঁ মৰমৰে অভিমানী মনটোক আলমোলাই লৈ অভিমানবোৰ মচি দিব। কিন্তু সেই অপেক্ষা যদি অপেক্ষা হৈয়ে ৰয় অভিমানবোৰ ৰূপান্তৰিত হয় খঙলৈ। তেনেকৈ বাঢ়ি আহে দূৰত্ব।
আৰু ক্ৰমশঃ হৃদয়ৰ অটল গহ্বৰত পোত যায় ভালপোৱা।
খং,ক্ষোভবোৰ গাপ দিওঁতে দিওঁতে হৃদয়খন শিল হৈ। ভালপোৱাবোৰ পুনৰুদ্ধাৰ কৰাৰ মানসিকতা নোহোৱা হয় তেনেকৈযে আঁত হেৰাই দুখন হৃদয়ৰ প্ৰেমৰ বান্ধোনৰ। কিন্তু সেই ভালপোৱাবোৰ জীয়াই থাকে নিজেই নজনাকৈয়ে।
নিজৰ প্ৰশ্নবোৰৰ নিজেই উত্তৰ দিয়ে মনালিছাই নিজকে।
হয়,হয় । প্ৰীতমলৈ বুলি ভালপোৱাবোৰ মৰা নাই তাইৰ।
মনালিছাই কেতিয়াও ভবা নাছিল প্ৰীতম হেৰাই যোৱাৰ আশংকাই তাইক এইদৰে আবেগিক কৰিব বুলি। শিৰৰ সেন্দূৰখিনি তাই মাত্ৰ এটা অলংকাৰ হিচাপে গণ্য কৰে বুলিয়েই মানুহক কয় তাই ,কিন্তু আজি দেখোন সেই সেন্দূৰৰ গৰাকীজন হেৰাই নাযাওঁক বুলি মনে প্ৰাণে কামনা কৰিছে মনালিছাই।
তাৰমানে?
তাৰমানে? এই যে বুকু ভৰা এসোপা খং আছে প্ৰীতমলৈ তাৰ মাজতো কৰবাত নহয় কৰবাত মৰম আছে তালৈ।
গালৰে বৈ অহা চকুপানী খিনি খুব সাৱধানে মোহাৰি থয় তাই। এটা অদ্ভুত অসহজ ভাব এটাই মেৰিয়াই ধৰে তাইক। ককায়েকৰ ওচৰত কান্দিবলৈ দিগদাৰ পায় তাই।
“চকুপানীবোৰ লুকুৱাব নালাগে তই।
কান্দ’ তই, যিমান পাৰ।
যাতে বুকুত জমা হৈ থকা শিলবোৰ গলি শেষ হৈ যায়। যাতে তোৰ বুকুৰ বোজাবোৰ পাতল হয়। কান্দ’ ভন্টি কান্দি ল’ !
বুকুৰ ভাৰ কমাবলৈ সঁচাকৈয়ে কেতিয়াবা চকুপানীবোৰে সহায় কৰে।কান্দি দিয়াতো কিছুমান সময়ত খুব দৰকাৰী।
নাৰ্চিংহোম খনৰ আগত আহি গাড়ীখন ৰখাৰ লগে লগেই মনালিছা গাড়ীৰ দুৱাৰখন খুলি নামি যায়। পিছৰ ফালে বহি অহা পুলিচ কনিষ্টবল দুজন লৰালৰিকৈ নামি আহে।
চিধা আৰু স্পষ্টকৈ তাৰে এজনে মনালিছাক সাৱধান কৰে,
“আপুনি আমাৰ দায়িত্ব ,বহুত কষ্টৰ মূৰত আপোনাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো, আপুনি কোৰ্টৰ অৰ্ডাৰ পাইছে বাবেহে এনেকৈ আহিবলৈ পাৰিছে ।কিন্তু মনত ৰাখিব এনেকুৱা কোনো ধৰণৰ কাম নকৰিব যাতে আমি বাধ্য হওঁ,……”
তেওঁক কথাখিনি সম্পূৰ্ণ কৰিবলৈ নিদি মনালিছাই তেওঁলোকক কথা দিয়ে,
“মই পলাই যাবলৈ চেষ্টা নকৰো, আপোনালোক নিশ্চিত থাকক। “
নাৰ্চিংখনৰ তৃতীয় মহলালৈ বুলি সিহঁতে আগবাঢ়ে।
মনালিছা আৰু অনিমেশক দেখি অম্লান আগুৱাই আহে সিহঁতৰ দিশে।
মাক নামৰ মনালিছা বৰুৱা নামধাৰী মানুহজনীলৈ চাই সি।
ধুমুহাই বিধস্ত কৰা এজোপা গছ কোনো মতেহে যেন বাগৰি নপৰাকৈ আছে, তেনে লাগে তাৰ।
হাতদুখন ক্ষমা খোজাৰ ভঙ্গীত লৈ অম্লানৰ চকুলৈ চাই ৰয় মনালিছাই……..
মানুহজনীৰ চকুযোৰৰ নম্ৰ কাকূটি উপেক্ষা কৰা নাযায়।
হলেও কিবা এটা অদ্ভুত শক্তিয়ে তাক যেন জঠৰ কৰি ৰাখিছে। সি আগুৱাই গৈ মাকৰ বুকুত সোমাব পৰা নাই, অথবা
মুখেৰে কব পৰা নাই “মা মই তোমালৈ সদায় অপেক্ষা কৰি আছিলোঁ। “
“অম্লান মোক এবাৰ মা বুলি কোৱা সোণ, মোক ক্ষমা কৰা”
মনালিছাই ফেঁকুৰি উঠে।
বিজুলী গতিৰে মাকৰ হাতদুখন এহাতে আঁকোৱালি লৈ আনখন হাতেৰে তেওঁক সাৱটি ধৰে সি।
ভেটা ভঙা অশ্রুৰ ঢল এটা, মাক পুতেক দুয়োটাৰ চকু ফালি বৈ আহে, স্থান কাল, সকলো পাহৰি এটা সৰু কেঁচুৱাৰ দৰেই কান্দোনৰ ৰোল তোলে অম্লানে ,
“মা……”
চকুপানীবোৰে উটুৱাই লৈ যায় ইমান দিনে ৰুদ্ধ হৈ থকা অভিমান। মাকজনীক প্ৰথমবাৰৰ বাবে সাৱটি লয় সি।
মনালিছাৰ বুকুত মমতাৰ তুলবুল।
অনিমেশে সোঁৱৰাই দিয়ে তহঁতৰ হাতত কথা হবলৈ দেধাৰ সময় আছে, এতিয়া ভন্টি তই প্ৰীতমৰ সৈতে কথা পাতগৈ যা’, সি যে তোলৈ ক্ষণ গণি গণি অপেক্ষা কৰি আছে।
আইচিউ ৰ ওচৰলৈ অম্লানৰ হাতত ধৰি আগবাঢ়ে মনালিছা। কিবা এটা নামবিহীন ভাল লগাই জোকাৰি তোলে, অনিমেশ, ঋষিকা আৰু তাইৰ মাক বাপেক হালক।
“মা,তুমি কিন্তু দেউতাৰ ওচৰ পায়েই কান্দি নিদিবা”
পুতেকৰ কথাষাৰত মূৰ জোকাৰি সন্মতি দিয়ে মনালিছাই।অম্লানে মাকৰ গাল দুখন মোহাৰি দিয়ে আলফুলে।
হাঁহি হাঁহি কান্দি উঠে দুয়ো মাক পুতেক।
এইয়াও যে এক অনামী সুখ। মায়া লগা ক্ষণ, এক নিৰিবিলি ভাললগা । দুখৰ মাজৰ সুখ।
………
(আগলৈ)