জীৱন পাশা (৩০) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(৩০)

অনাকাংক্ষিত খবৰ এইয়া।
মানি লব নিবিচৰা এটা সঁচা কথা।
অবিশ্বাস্য অম্লানৰ বাবে।
হেৰুৱাৰ আশংকাত থৰ থৰকৈ কঁপি উঠে, অম্লান।
কেনেকৈ মানি লব পাৰে ডাঃ জনে এই মাত্ৰ কৈ যোৱা কথাটো।

“দ্বিতীয়টো চাৰ্জাৰীৰ বাবে আমি ৰেডি হৈছোঁ, কাৰণ ৰক্তক্ষৰণ কমা নাই,বৰঞ্চ বাঢ়িছেহে।।কিন্তু তাৰ পিছতো ইম্প্ৰুভমেন্ত হোৱাৰ চান্স বহুত কম প্ৰীতম বৰুৱাৰ।খুব কম দিন বাছি ৰৈছে তেওঁৰ হাতত।তেওঁৰ লগত পৰিয়ালৰ কাৰোবাৰ দেখা কৰিব থাকিলে কৰি লোৱা ভাল। নিশ্চয়তা নাই তেওঁ আৰু কিমান সময় আমাৰ মাজত থাকিব। মই মিছা আশা নিদিওঁ তোক বন্ধু বুলি সঁচা কথা কৈ দিছো ,তই এবাৰ মোৰ কেবিনলৈ আহিবিচোন আগৰ ফাইলটো অলপ দিছকাছ কৰিব আছে”

পিছৰ কথা কেইটা ঋষিকাৰ দেউতাকক উদ্দেশ্যি কৈ আঁতৰি গৈছিল ডাঃ জন।

যদিওবা এই প্ৰীতম বৰুৱা মানুহজনেই মাকৰ মৰমৰ পৰা বঞ্চিত কৰিলে তাক,এই মানুহজনৰ বাবেই হেৰাই গৈছিল তাৰ অতি মৰমৰ আইতাকজনী।দেউতাক হোৱাৰ দায়িত্ব কোনো দিন পূৰণ নকৰিলে তাৰ শৈশৱৰ কালছোৱাত তেওঁ,তথাপিও নিজ মুখে তাৰ ওচৰত নিজৰ ভুলবোৰ স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰাৰ পাছত ভাল এটা বন্ধুত্বপূৰ্ণ সম্পৰ্কই গঢ়ি উঠিছিল সিহঁতৰ ।অতীতৰ ভুলবোৰৰ বাবে আগন্তুক সময়বোৰ নষ্ট নকৰিবলৈ বুলিয়ে ধৰি ৰখা নাছিল সি দেউতাক নামৰ মানুহজনৰ কৰ্ম কাণ্ডবোৰ। সি মাককো ক্ষমা কৰিব মনেৰে,মাথোঁ তেওঁ স্বইচ্ছাই এবাৰ তাক পুতেক বুলি মানি লওঁক। কিন্তু মাক আগুৱাই অহা নাছিল, সি নাজানে কিয়?

কিন্তু দেউতাকে আগুৱাই আহিছিল তাৰ ওচৰলৈ, সি দেউতাকক আদৰ আৰু সন্মান দিয়াত কোনো কৃপনালী কৰা নাছিল।কাৰণ সি জানিছিল মানসিক ভাৰসাম্য সঠিক ৰূপত নথকা মানুহজনক মৰম আৰু আদৰৰ প্ৰয়োজন আছে। তেওঁক সুস্থ কৰি তোলাৰ প্ৰস্তুতি আৰম্ভ হৈছিলহে এতিয়া এনেকৈ তেওঁ অন্তিম মুহূৰ্তত আহি পোৱা কথাটো মানি লব পৰা নাই।

অম্লানৰ হাতখন হাতৰ মুঠিত তুলিলৈ খুব কোমলকৈ ঋষিকাই কৈ যায়,

“তুমি ধৈৰ্য ধৰিব লাগিব, তুমি সাহস হেৰুৱাই পেলালে কেনেকৈ হ’ব,কিছুমান কথা কেৱল ভগৱানৰ সিদ্ধান্ত মতেই হয়।ভূঞা অংকল পাপাৰ খুব ভাল ফ্রেণ্ড।তেওঁ যিমান সম্ভৱ চেষ্টা কৰিছে। তুমি প্ৰেক্টিকেল হৈ চিন্তা কৰা কথাবোৰ। ভাইটিৰ দায়িত্ব থাকিব তোমাৰ ওপৰত।তুমি ভাঙি পৰিলে কেনেকৈ হ’ব কোৱা”

কান্দোন এটা চেপি ৰাখি তাৰ চকুযোৰে পকা অঙঠা হৈ পৰিছে। ঋষিকাই পিঠিখন মোহাৰি দিছে তাৰ।

“অম্লান তোমাৰ মাক এবাৰ জনোৱা, তেওঁ যদি শেষ বাৰৰ বাবে দেউতাৰ সৈতে কথা পতাৰ ইচ্ছা আছে,তেওঁ ইয়ালৈ আহিব লাগিব। আৰু তেওঁ আহিবলৈ হ’লে পাৰ্মিচন ওলিয়াব লাগিব,আৰু তাত সময় লাগিব।দেউতাৰ হাতত সময় কম আছে যিহেতু, মাক সঁচা খবৰটো জনোৱা উচিত হ’ব অতি সোনকালে”

সি সন্মতি সূচক ৰূপত সামান্য মূৰটো দুপিয়াই দিয়ে।

অম্লানক কথাষাৰ কৈয়ে ঋষিকাৰ দেউতাক ডাঃ ভূঞাক লগ কৰিবলৈ যায়।

ঋষিকাৰ হাতখন জোৰেৰে খামুচি ধৰে সি।ঋষিকাই তাক বুকুৰ মাজলৈ চপাই আনি তাৰ চুলিবোৰৰ মাজত মুখখন গুজি দিয়ে।

এটা অবুজন শিশুৰ দৰেই ফেঁকুৰি উঠে অম্লানে।

জীৱনটোৰ প্ৰতিটো বাজিত সি মুখ ঠেকেছা খাইছে।
দেউতাক বুলি মানুহজনক, অথবা দেউতাকৰ মৰমবোৰ পোৱা কেইদিননো হৈছে তাৰ। দেউতাকক এতিয়া নিয়তিয়ে কাঢ়ি নিব ওলাইছে।

মাক দেউতাকৰ মৰমত আলাসৰ লাৰুটো হৈ ডাঙৰ হোৱা ঋষিকাই বুজে অম্লানৰ বেথা।তাই নিজকে সাজু কৰে, অব্যক্ত প্ৰেমৰ আৰু ভালপোৱাৰ নৈখনত তাক সিক্ত কৰি ৰখাৰ যি ইচ্ছা বহু দিনৰ পৰাই নিজৰ মাজতে সামৰি ৰাখিছে সেই অনুৰাগ আজি প্ৰকাশ্যে অম্লানক জনাব তাই।এই মুহূৰ্তত তাক যে মৰমী হৃদয়ৰ আশ্রয়ৰ প্ৰয়োজন ।

“অম্লান”

বিৰাট আকুলতাৰে মাতষাৰ দিয়ে ঋষিকাই

“উম”

এসোপা বিষাদে হেঁচি ধৰা তাৰ মাতটো গভীৰ সাগৰ পৃষ্ঠৰ পৰা ভাঁহি অহা যেন শুনে তাই……

তাই কৈ যায়,

“অম্লান এই যে তোমাৰ হাতৰ মুঠিত আছে মোৰ হাতখন সেই হাতখন সদায় তোমাৰ সৈতে ৰ’ব, দুখত, সুখত।

হাজাৰ ব্যস্ততাৰ অজুহাত উপেক্ষা কৰি তোমাৰ প্ৰতিটো স্পন্দন অনুভৱ কৰিবলৈ প্ৰতিটো মহঙা আবেলিত তোমাৰ মূৰটো মোহাৰি দি বুকুত তোমাক সামৰি লবলৈ , ভাগৰুৱা মনটোৰ জিৰণি দিবলৈ প্ৰতিটো পল তোমাৰ সৈতে থকাৰ এটা হেঁপাহ বহু দিনৰ পৰা আছে বুকুত।

দুখ সুখবোৰ ভগাই লৱৰ জোখাৰে ।

মোক যদি তুমি তোমাৰ উপযুক্ত বুলি ভবা,তোমাৰ ভালপোৱাৰ নাওখন মোৰ নামত বান্ধি প্ৰেমৰ নৈখনত যদি সাঁতুৰিব খোজা ,মই তোমাৰ বাবে সেই নৈখন হ’ম…..তৰা ভৰা আকাশ,আৰু মেঘমল্লিকাৰ নাচোন দুয়োটা বসন্ত তোমাৰ সৈতে কটাব খোজো ।

কিন্তু তাৰ বাবেও তুমি মুক্ত !তোমাৰ ইচ্ছাই নিৰ্ধাৰণ কৰিব সম্বন্ধ ।

মাথোঁ মই তোমাক জনাইছোঁ মোৰ অনুভৱ।তুমি যদি এজনী বান্ধৱী ৰূপতে মোক সীমাবদ্ধ কৰি থব খোজা তেন্তেও মোৰ আপত্তি নাই।কাৰণ এটা সম্পৰ্কৰ বাবে দুয়ো জনৰ অনুভৱবোৰ সমানুপাতিক হোৱা উচিত।”

তাইৰ কথা শেষ হোৱাৰ উমান পাই সি।বুকুত শুই থকা ভালপোৱাবোৰ তাইক জনাবলৈ সিও ব্যাকুল হৈ পৰে,

চকুযোৰ তাইৰ চকুত থাপি অম্লানে কৈ যায়,

“মই যদি কওঁ এই দৰেই তোমাৰ বুকুত সোমাই মই হাজাৰ সমস্যাৰ সৈতে যুঁজিবলৈ খোজো তুমি বিশ্বাস কৰিবানে?

অথবা

মই যদি কওঁ এই বিশ্বাসৰ হাতখন মোক আমৰণ নিজৰ ৰূপত লাগে দিবানে?

তোমাৰ মৰমত ডুবিব খোজো মই ঋষিকা আৰু তোমাৰ বাবে আজীৱন সেউজীয়া কৰি ৰাখিব খোজো বুকুৰ মৰমবোৰ।মোক জীপাল কৰি ৰখা তুমি তাৰ বিপৰীতে মই তোমাৰ বাবে এজোপা বৃক্ষ হম আৰু তুমি লতা হৈ মেৰিয়াই থাকিবা মোক,হবনে কোৱা ঋষিকা?”

তাইৰ চকুত দুটোপাল চকুলো ওলমি ৰয়হি,সুখৰ চকুলো।
অম্লানৰ চকুযোৰ জলমলাই উঠে,তাইৰ চকুৰ সুখৰ হাঁহিবোৰ তাৰচকুত যেন পতিবিম্ব হৈ জিলিকিছে।

নতুনকৈ জীপাল হৈছে অম্লান ।ঠন ধৰি উঠিবলৈ তাৰ এতিয়া যে এটা কাৰণ আছে। ঋষিকাই লাজ লাজ হাঁহি এটাৰে তালৈ চাই ৰৈছে। ভালপোৱা বুজিব পৰাকৈ,প্ৰকাশ কৰিব পৰাকৈ তাইৰ মনৰ মানুহজন আজি পুৰঠ। ।প্ৰশান্তিৰ কোমল ছায়াত আজি দুখন প্ৰেমাকুল হৃদয় জিৰণি লৈছে।

এনে এটা পৰিস্থিতিত ভালপোৱা প্ৰকাশ কৰিম বুলি এটাও প্ৰস্তুত নাছিল। তথাপি দুয়ো সুখী ,অনিশ্চয়তা নতুবা পাই হেৰুৱাৰ ভয় এটা কৰবাত নহয় কৰবাত লুকাই আছিল। আজি দুয়ো সেই ভয়ৰ পৰা অব্যাহতি পাইছে। ঋষিকাৰ চকুৰে দুগালেৰে চকুলো বাগৰি আহিছে।প্ৰাপ্তিৰ চকুলো সেইয়া। অম্লানে অকুলতাৰে সামৰি লয় তাইক। অকণমানি এজনীৰ দৰে তাৰ বুকুত কুচিমুচি সুমাই যায় তাই।

***************
কালিলৈ লগ পাম বুলি গুচি যোৱা উকিলজন খৰ খোজেৰে তাই দিশে অহাত মনালিছাৰ চিন্তাৰ সাগৰত উৰ্মিমালা উঠে। বৰ বিশেষ পাতনি নেমেলি তেওঁ কৈ উঠে,

“মিছেছ বৰুৱা এইখিনিতে আপুনি চহী এটা কৰক, এইখন লেটাৰ আজি যদি গ্ৰাণ্ট হয় আপুনি গুৱাহাটীলৈ যাবলৈ পাব, মিঃ প্ৰীতমৰ অৱস্থা তেনেই সংকটজনক ,তেওঁৰ মগজুৰ ৰক্তক্ষৰণ খুব বাঢ়ি গৈ আছে। দ্বিতীয়টো অপাৰেচন কৰিবলৈ তেওঁক নিছে ,কিন্তু হলেও খুবেই আশা কম ।তেওঁ আপোনাৰ সতে এবাৰ কথা হব বিচাৰিছে।হয়তো শেষ দেখা। তেওঁৰ হাতত সময় বেছি নাই গতিকে কর্টৰ পাৰ্মিচন আজি উলিয়াই আনিব পাৰিলে সুবিধা হ’ব…….”

এডভোকেট শইকীয়াৰ পিছৰ কথাবোৰ তাইৰ কাণত নোসোমাই। তাইৰ কাণত মাথোঁ এটি কথাই বাজি থাকে ,

“হয়তো শেষ দেখা”

কিয় ?কিয়?
প্ৰীতম কিয় যাবগৈ?
তাইতো ভাবিছিল তাইৰ পাপৰ পায়শ্চিত কৰি আহি তাৰ সৈতে অপৰাহ্নত অস্তাচলৰ হেঙুলীয়া একেলগে উপভোগ কৰাৰ কথা।
বাৰ্ধক্যত সংগী হোৱাৰ কথা।
আধৰুৱা জীৱনৰ গানবোৰ একেলগে গোৱাৰ কথা।

কিন্তু এনেকৈ কিয়?

“প্ৰীতম এনেকৈ গুচি যাব নোৱাৰে এডভোকেট শইকীয়া। তাক কৈ দিব , মই হস্পিতেলত গৈ তাক লগ নকৰো। ইমানবোৰ কথা স্পষ্ট কৰিবলৈ আছে, হস্পিতেলত সেই পৰিৱেশ নাই। আৰু মোক দেখি সি বেছি দুর্বল হে হৈ যাব , মোৰ উপস্থিতি এই সময়ত তাৰ বাবে বেছি কষ্টকৰ হব পাৰে , মই নাযাও বুজিছে।”

ভোৰভোৰাই উঠে মনালিছাই।বিপাঙত পৰে এডভোকেটজন।

মনালিছাই বৈ অহা অবাধ্য চকুলোবোৰ লুকুৱাই ৰাখিবলৈ ব্যৰ্থ চেষ্টা এটা কৰে।

নাই নাই আৰু বান্ধি ৰাখিব পৰা নাযায়।

ৰাউচি জুৰি কান্দি উঠে তাই।

নিজৰ দুগালত চৰিয়াই তাই উপৰ্যুপৰি।

অসংযত হৈ পৰে মনালিছা বৰুৱা।

এই মুহূৰ্তত তেওঁক দেখি তেনেই সাধাৰণ এজনী নাৰী যেনেই লাগে, স্বামীক হেৰুৱাৰ আশংকাই বাউলি কৰা তেনেই এজনী সাধাৰণ নাৰী। প্ৰীতম বৰুৱা বোলা মানুহজনৰ প্ৰতি কোনো ক্ষোভ অথবা অভিমান ফুটি উঠা নাই। বৰঞ্চ বুকু ভৰি থকা ভালপোৱাৰ বহেমীয়ান ধাৰা এটাত উঠি ভাঁহি গৈছে মনালিছা বৰুৱা। উপায়হীন হৈ ৰৈ থাকে এডভোকেটজন, কিংকৰ্তব্যবিমূঢ় হৈ…..

(আগলৈ)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *