জীৱন পাশা (২৯) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৯)

নাৰী পুৰুষৰ মিলনৰ বিভৎস এক আদিম উত্তেজনা, সেই নিশা আপেক্ষিক আছিল ।

কিয়নো নৈশ আহাৰ মাথোঁ এক অজুহাত বুলি মোৰ জ্ঞাত।

এটা পুৰুষক কামনাত উন্মাদ কৰিবৰ জোখাৰে মই কিমান দূৰ সক্ষম তাৰ পৰীক্ষা পাতিব বিচাৰিছিলোঁ মই আৰু প্ৰীতমৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবেই স্ব-ইচ্ছাই সন্মতি দিছিলোঁ সেই প্ৰস্তাৱত ।

বিবেকক বন্ধকত দিছিলোঁ মই, কাৰণ মোৰ অপমানিত হোৱাৰ ক্ষোভ মাৰ যোৱা নাছিল।

এটাই প্ৰশ্নই ঘূৰি থাকিছিল মগজুত,

কেনেকৈ পাৰিছিল প্ৰীতমে অন্য এটা ঘাটৰে জীৱনৰ নৈখনত নামি জলকেলী কৰিবলৈ?

তাৰ জীৱন নদীৰ নিৰ্দিষ্ট ঘাটটো মনালিছা বৰুৱা নামৰ মানুহজনীহে আছিল ?কিন্তু সি সেই ঘাটৰ খবৰেই নাৰাখিলে, ৰাখিবলৈ চেষ্টাই নকৰিলে।

সেই ঘাটটো জানো মৰাসুঁতিৰ অন্তৰ্গত আছিল?

নাছিল,

সেই ঘাটেৰে সৃষ্টিৰ গৌৰৱ হৈ অম্লান নামৰ এটা জীৱন্ত পুতলাৰ আগমন ঘটিছিল,সেই পুতলাটোৰ সিৰে সিৰে বৈ থকা তেজবোৰো প্ৰীতমৰে অংশ।

তথাপি সি এটা দুটা নহয়,নতুন বহু ঘাটৰ সোৱাদ লৈছিল। ঘাটে ঘাটে পানী খাই ফুৰা তাৰ হৃদয়ত অৱশিষ্ট ৰূপত চাগৈ এই মনালিছা নৰৈছিল।নহ’লেনো এজাক মানুহৰ আগত নিজৰ ভুলবোৰ লুকুৱাই ৰাখিবলৈ মোৰ বুকুৰ পৰা লৰাটোক ৰাখি থয় নে সি?

কথাবোৰে যিমানেই মূৰৰ ভিতৰত পাক ঘুৰণী লৈছিল ,সিমানেই বন্য উল্লাসত মাতাল হোৱাৰ নিচা হৈছিল মোৰ……দুটা বছৰতকৈ অধিক সময় বাগৰিছিল মনালিছা নামৰ ঘাটটো নীৰৱে শুই ৰোৱা, এজাক বৰষুণৰ আগমন সেইদিনা
অৱশ্যম্ভাৱী আছিল সেই ঘাটত ।মই মিছা নকওঁ সেই বৰষুণ জাকত তিতি বুৰি জুৰুলি জুপুৰি হোৱাকৈ মই মানসিক ভাৱে প্ৰস্তুত আছিলোঁ।

মানুহজনৰ কামাতুৰ ৰূপটো দেখি মোৰ মনত এটা কথাই খেলাইছিল, নাৰী দেহৰ খলা বমাবোৰত পুৰুষৰ মন কিয় পিছলে,ইমান অনায়েসে?

নিৰাভৰণ হোৱাৰ আগতেই যেন চকুৰ দৃষ্টিৰে খহাই পেলাই প্ৰতিটো কাপোৰ। তেওঁ মোৰ অনুমতি অপেক্ষা নকৰি শাৰীখনত হাত দিয়ে, তাৰ পিছত য’ত সব অশ্লীল কাৰ্য্য।

হয় ,আপুনি ঠিকেই শুনিলে ,

মই অশ্লীল বুলিয়েই ক’লো!

প্ৰেম নথকাকৈ দুটা মানুহ বিবস্ত্ৰ কেনেকৈ হ’ব পাৰে পৰস্পৰৰ ওচৰত?

ভালপোৱা বিহীন যৌন কাৰ্য্য এটা সাংঘাতিক অশ্লীল কাৰবাৰ। পশুবোৰেও প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিহে দেহৰ মাজত সুখ বিচাৰে। অথচ মই সুস্থ মগজুৰে এজন অন্য পুৰুষৰ বিছনাত দেহজ সুখত মগন হব খুজিছিলোঁ, সেইয়া গ্ৰহনীয় নহয় কোনো কালেই, প্ৰেম যদি থাকিলে হয়,তেতিয়াও হয়তো অন্য কথা।

বিশ্বাস কৰক সেই পুৰুষজনে মোৰ বহুদিনৰ অব্যৱহৃত উৰ্বৰা প্ৰদেশত মানিকৰ সন্ধান পোৱাৰ দৰে খন্দন চলাই গৈছিল, পৰিচিত অথচ প্ৰেমহীন সেই কাৰ্যই বিষত কোঙা কৰি তুলিছিল মোক,অথচ মই সহযোগিতা কৰিছিলোঁ ,কাৰণ পৰীক্ষা যে মই মোৰ নিজৰে সক্ষমতাৰ ওপৰত পাতিছিলোঁ।

পাইছিল তেওঁ, সফলতা পাইছিল, যি মাণিক ,আকৰৰ সন্ধানত তেওঁ মোৰ দেহৰ অসূৰ্যস্পৰ্শা পথত খনন কৰিছিল তাত তেওঁ ভবাতকৈও বেছি সম্পদ আছিল। আৰু মই উত্তীৰ্ণ হৈছিলোঁ, প্ৰীতমক তক্কৰ দিব পৰাকৈ।

তৃপ্ত শৰীৰটো মোৰ দেহৰ পৰা নামি দিয়াত মই বাথৰুমলৈ গুচি গৈছিলোঁ ।ঘঁহি ঘঁহি গাটো ধুইছিলো মই,চৰিয়াই চৰিয়াই গাল ৰঙা কৰি পেলাইছিলোঁ নিজৰ। বহু দেৰি পানীৰ স্বাৱাৰটোৰ তলত ৰৈ আছিলোঁ।ঘপহকৈ সম্বিৎ ঘূৰাই পায় খৰধৰকৈ ওলাই আহিছিলোঁ।

কোচমুছ খাই থকা বিছনাচাদৰ খনে মোৰ সফলতাৰ সাক্ষ্য বহন কৰি অৱশ ৰূপত পৰি আছিল। তেতিয়ালৈ তেওঁ নিজৰ ৰুমলৈ গুচি গৈছিল, জিৰণি প্ৰয়োজন আছিল তেওঁৰ, কষ্ট হৈছিল মোক বশ কৰাত।

ভাগৰে মোকো হেঁচি ধৰিছিল, গাটো ধুই আহি বিচনাখনত নিজকে এৰি দিয়াৰ পিছতে কেনেকৈ কেতিয়া টোপনি গৈছিলোঁ নাজানো ।সপোনত কিন্তু শাহু মা আহিছিল, তেওঁৰ কোলাত মূৰ থৈ মই শুইছিলোঁ,তেওঁ হাত বুলাই দিছিল মোৰ মূৰত। খুব ভাল টোপনি হৈছিল মোৰ সেইদিনা,বহুত দিনৰ পিছত।

এই আদিম খেলখন খুব উত্তেজনা পূৰ্ণ। নতুন সংগী নতুন কায়দা,নতুন সোৱাদ।
অৱসাদ গুচাবলৈ,সময় কটাবলৈ, উদযাপন কৰিবলৈ আৰু পুৰণি ঘাঁ টুকুৰাৰ কথা পাগুলি থাকি সময় অপব্যয় হোৱাৰ পৰা ধুনীয়াকৈ মই আঁতৰি থাকিব পৰিছিলোঁ।

আৰু মই মোৰ উত্তৰ পাইছিলো।

যেতিয়া নিজৰ সংগীৰ প্ৰতি সন্মান আৰু আকৰ্ষণ শূণ্য হৈ যায় আৰু বুকুত একুৰা ঘৃণা থাকে তেওঁৰ প্ৰতি , এই পাপ কর্ম ৰাগী থকা মদৰ নিচা হৈ লিপিত খাই ধৰে দেহত।

যৌনতা নাৰী পুৰুষৰ আদিম নিচা।

প্ৰেমৰ নৈখন যেতিয়া শুকান হৈ পৰে তাৰ পিছত প্ৰেমহীন যৌনতা উদযাপন তেনেই সহজ, মাথোঁ সেই বাসনাৰ জুইকুৰা দগমগীয়াকৈ জ্বলাই ৰাখিবৰ বাবে আপোনাৰ মাজত আপোনাৰ প্ৰেমাস্পদৰ প্ৰতি এবুকু ক্ষোভ থাকিব লাগিব,ইন্ধন হিচাপে।

স্বগতোক্তি কৰাৰ দৰে বিৰবৰাই থাকে মনালিছাই।

অ’ তাৰ পিছত শুনক,
পুনৰ নতুন উদ্যমৰে কথাবোৰ কৈ যায় তাই।

ব্যৱসায় বাঢ়ি গৈ আছিল তাৰ লগে লগে মোৰ ব্যস্ততা। পিছলৈ মই বিছনাৰ খেলৰ অন্তত বাথৰুমত সোমাই নিজক চৰ নিদিয়া হৈছিলোঁ।মানে বুজি পাইছেনে, মই অভ্যস্ত হৈ পৰিলোঁ পৰপুৰুষৰ মাজত বিলীন হোৱাত,মাতাল হবলৈ শিকি পেলাইছিলোঁ মই।

ঘৰত শাহুমাৰ কোঠাটো মই আলহীৰ বাবে তৈয়াৰ কৰি লৈছিলোঁ।আপ্যায়ন কৰিবলৈ ।বহু ডাঙৰ ডাঙৰ বিজনেছ ডিলবোৰৰ সাক্ষী সেই কোঠা। বহু বেছি উন্নতি কৰিছিলোঁ মই, সেই উন্নতিৰ কাৰণ শৰীৰৰ বিনিময়ত অহা নাছিল কিন্তু।মোৰ কষ্টৰ ফচল আছিল মোৰ উন্নতি,শৰীৰৰ বিনিময় হৈছিল উদযাপনৰ নিমিত্তে।”

“আপোনাৰ স্বামী অথবা দাদাই এই কথাবোৰৰ বিষয়ে অৱগত আছিল নে?”

“আছিল আছিল, দাদালৈ মই চিঠি লিখি সকলো জনাইছিলো, মোক কিন্তু সি চিঠিৰ উত্তৰ দিয়া নাছিল, মাথোঁ দেউতাৰ মৃত্যুৰ খবৰ জনাবলৈ মোক ফোন কৰিছিল। মই তেতিয়া কিবা বিশেষ কামত অসমৰ বাহিৰত আছিলোঁ।মই আহিব নোৱাৰিম বুলি স্পষ্টকৈ জনাই দিছিলোঁ তাক।

আচলতে মোৰ কোনো ইচ্ছা নাছিল,দেউতাৰ মুখ চাবলৈ, তেওঁ যদি মোক বিশ্বাস কৰিলে হেঁতেন, মই নিজকে নষ্ট নকৰিলোঁ হয় কেতিয়াও।। দাদাই বুজিছিল মোৰ মনটো,জোৰ কৰা নাছিল আহিবলৈ বুলি।দাদাৰ লগতো কথা বতৰা কমি আহিছিল দিনক দিনে,মাথোঁ দাদাক বিয়া পাতিবলৈ মনত পেলাই দিবলৈ ফোন কৰিছিলোঁ মাজে সময়ে।কিন্তু প্ৰেমিকাৰ অকাল বিয়োগত ইমানেই ব্যাকুল আছিল সি যে তাৰ অন্য কাৰো সৈতে বিয়াৰ বান্ধোনত সোমাবলৈ ইচ্ছা নাছিল। মইয়ো জোৰ কৰা নাছিলোঁ ।থাকক যেনেকৈ সি নিজকে সুখী ভাবিছে।
দাদাই কেতিয়াও মোক এইবোৰ কথা সোধা নাছিল,এনে এটা ভাব দেখুৱাইছিল যেন সি একো নাজানেই।

আৰু প্ৰীতম, তাৰ উপস্থিতিত মই কেতিয়াবা আলহীৰ ৰুমত নিজৰ বাসনাৰ মেলা পাতিছিলোঁ ,সি একো কোৱা নাছিল,কব পৰা নাছিল একো। নিজৰ ৰুমত দুৱাৰ মাৰি সোমাই থাকিছিল সি। কিন্তু মই বিভিন্ন সূত্ৰৰ পৰা খবৰ কৰি জানিছিলোঁ তাৰ সেই অধ্যায় সি বন্ধ কৰি দিছিল,মাৰ মৃত্যুৰ পাছতেই। মোলৈ চাই কেৱল ছাটিফুটি কৰি উঠিছিল সি,কিন্তু সম্পূৰ্ণ ৰূপে উপেক্ষা কৰিছিলোঁ মই তাক,ক্ষমা অসম্ভৱ আছিল । সঁচাই যেন মই তাৰ অস্তিত্ব পাহৰি গৈছিলোঁ।প্ৰীতমে পুনৰ ৰাজহুৱা কামত নিজকে ব্যস্ত ৰখা কৰিছিল। বুজিছিলোঁ মই তাৰ চকুত অহৰহ লাগি ৰোৱা অনুতাপ।কিন্তু মই বুজিও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ।সময় নাছিল মোৰ হাতত তাৰ বাবে, সময়বোৰ তেতিয়া মোৰ আছিল,কেৱল মোৰ আৰু মোৰ। “

‘এই ব্যৱসায়ত আপুনি কেতিয়া কেনেকৈ জড়িত হৈ পৰিছিল, আৰু আপুনি কোৱা এই মানুহবোৰৰ লগত আপোনাৰ দ্বিতীয়বাৰৰ বাবে ঘনিষ্ঠতা হৈছিল নে?”

উকিলজনে পুনৰ প্ৰশ্ন উত্থাপন কৰে।

“নাই এজনৰ লগত দ্বিতীয় বাৰৰ বাবে ঘনিষ্ঠ হোৱা নগৈছিল, মানে মই অকপটে স্বীকাৰ কৰোঁ যে মই যিমানেই ওপৰলৈ গৈ আছিলোঁ, সিমানেই তলৰ খাপৰ মানুহবোৰক এৰাই গৈ আছিলোঁ,যাতে মোৰ সন্মান অটুট থাকে,মোক বিছনাত পোৱা কথাটোৰ বাবে যাতে মোৰ পৰা তেওঁলোকে সুবিধা আদায় কৰিব নোৱাৰে তাৰ প্ৰতি মই সদায় লক্ষ্য ৰাখিছিলোঁ ।

স্থানীয় বিধায়কজন তেওঁ তেতিয়ালৈ সাংসদ হৈছিল গৈ।তেওঁৰ লগত চিনাকি হৈ আৰু ওপৰলৈ যাব খুজিছিলোঁ মই। টকাৰ মোহ বৰ বেয়া নিচা, যিমানেই হয় সিমানেই নাটে।

তেওঁৰ লগত চিনাকি হবলৈ মই সুবিধা বিচাৰিয়ে ফুৰিছিলোঁ। আৰু মোৰ ইচ্ছাটো ভগৱানে পূৰণৰ সুযোগ দিছিল ।মোৰ ডাঙৰ পুত্ৰৰ মেট্ৰিকৰ ৰিজাল্টৰ সম্বৰ্ধনা সভাত চিনাকি হৈছিলোঁ তেওঁৰ লগত।

তেতিয়ালৈ মই এচাম পুৰুষক চকুৰ পচাৰতে বশ কৰিব পৰাকৈ পাকৈত হৈ উঠিছিলোঁ, মই যিহেতু তেওঁৰ কৰ্ম কাণ্ডৰ বিষয়ে জ্ঞাত গতিকে প্ৰথম দিনাৰ চিনাকীতে তেওঁৰ লগত অতিথিশালাত সময় অতিবাহিত কৰিবলৈ সক্ষম হৈছিলো, তেওঁক আৰম্ভণিতে মই এৰি দিয়া নাছিলোঁ সৰ্বস্ব।টোপ দি ধৰি ৰাখিছিলোঁ তেওঁক কাৰণ, তেওঁক প্ৰয়োজন আছিল মোৰ,যিহেতু ওপৰলৈ যোৱাৰ জখলা আছিল তেওঁ।লাহে লাহে তেওঁৰ এই ব্যৱসায়ত মই সোমাই পৰিলোঁ কাৰণ বহুত টকা আছিল এই ব্যৱসায়ত।আৰু মই তেতিয়ালৈ আবেগৰ লগত বৰ এটা সংযোগ স্থাপন কৰিবলৈ এৰি দিছিলোঁ ,গতিকে সেই নাৰীবোৰৰ কি হ’ব বুলি মোৰ অলপো চিন্তা হোৱা নাছিল অথবা দুখ লগা নাছিল….মোৰ বাবে এটা বস্তুৰ দৰেই আছিল সকলো, আবেগিক সম্পৰ্ক কাৰোৰে সৈতে নাছিল মোৰ।

বৃদ্ধাশ্ৰম আৰু বিধৱা আশ্ৰম দুখন মোৰ মানসিক শান্তিৰ বাবে মই চলাও, হাত উজাৰি টকা খৰচ কৰো, শান্তি পাওঁ, সুখ পাওঁ। লৰাৰ একাউণ্টত লাখ লাখ টকা দিওঁ ,কিন্তু সি কোনো অপকৰ্মৰ লগত জড়িত নহল কেতিয়াও, মাক বাপেকৰ দৰে নহল সি, আইতাকৰ মমতাৰ আচল খনে তাক সদায় ভাল পথত ৰাখিলে, সি আইতাকৰ দৰেই এখন বহল হৃদয় আৰু নিকা মন এটাৰ অধিকাৰী হ’ল….. খুব ভাল লাগে, মোৰ পেটৰ পোৱালীটো ইমান ভাল হোৱা দেখি। কিন্তু সি মোক মা বুলি নামাতে। বৰ কষ্ট পাওঁ সেইটো কথাত।”

অঃ মই কথাৰ সুঁতি হেৰুৱালোঁ, ক্ষমা কৰিব।

“নাই হব একো নাই, আপুনি ব্যৱসায়টোৰ সৈতে সাঙুৰ খাই পৰাৰ কথা কবলৈ আৰম্ভ কৰিছিল”

বুজি পাই এডভোকেট শইকীয়াই কেতিয়াও কোনেও ঘুনাখৰেও নজনা আৰু মনত জাপি জাপি থৈ দিয়া কথাবোৰ কবলৈ ওলাই মানুহগৰাকীৰ কথাবোৰ সংমিশ্ৰণ হৈ পৰিছে।কিন্তু তেওঁ নিজৰ অভিজ্ঞতাৰে কথাবোৰ জোকোৰিয়াই ল’ব জানিছে।

“উম, হয় হয়। মই সাংসদজনৰ জৰিয়তেই এইখন জগতত প্ৰৱেশ কৰো। তেওঁৰ লগত বিভিন্ন মানুহক লগ কৰিবলৈ বিভিন্ন মিটিংত তেওঁৰ লগত ঘূৰি ফুৰা হলো।তেনেকুৱা এখন মিটিংতে মই লগ পাওঁ এই ব্যবসায়টোৰ মূল কাণ্ডাৰী সকলক।মোক আচৰিত কৰি তেখেতে ঘোষণা কৰে যে মোক অসমৰ আৰু নৰ্থ ইষ্টৰ ৰাজ্য কেইখনৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

নিজৰ ব্যৱসায়ৰ লগত এই নতুন কামটোও মই আগ্ৰহেৰে কৰি যাব ললোঁ,মই আপোনাক কৈছোৱেই ইতিমধ্যে মোৰ তেতিয়া ভুল শুদ্ধ বিবেচনা কৰিবলৈ সময় নাই। ব্যৱসায় এটা মোৰ বাবে কেৱল ব্যৱসায়।তাত নৈতিক অনৈতিক,উচিত অনুচিতৰ বিবেচনা কৰি থাকিবলৈ মোৰ আহৰি নাছিল।

আৰু তেওঁৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গৈ আছিল ক্ৰমশঃ। ফৰেইন ট্ৰিপ কিছুমান আমি প্লেন কৰিছিলোঁ, ব্যস্ততাৰ পৰা সকাহ পাবলৈ মোক প্ৰয়োজন হৈছিল বিনোদনৰ।তেওঁৰ লগত মোৰ এটা স্থায়ী অবৈধ সম্পৰ্ক স্থাপন হৈছিল।কিন্তু প্ৰেম নাছিল কোনো কালেই।

প্ৰথম কাৰোবাৰ সৈতে এবাৰতকৈ বেছি সম্ভোগত মিলিত হৈছিলোঁ, ইফালে ব্যৱসায় তুংগত চলি আছিল অন্য দিশে অবৈধ ভাৱে শৰীৰৰ জুতি।মুঠতে ধ্বংসৰ চূড়ান্ত শিখৰত উপনীত হৈছিলোঁ মই আৰু মোৰ পাপৰ ফলস্বৰূপে তেওঁৰ অংশ এটা ৰৈ গৈছিল মোৰ শৰীৰত। দুৰ্ভাগ্য বশতঃ মই ঘৰত থাকোঁতে ধৰা পৰিছিল মই গৰ্ভ ধাৰণ কৰাৰ খবৰটো।

দাদা আৰু প্ৰীতমৰ বন্ধুত্ব সম্পৰ্ক একেবাৰে নষ্ট হোৱা নাছিল কিয়নো অম্লানক দাদাই তেনেই সৰুতেই নিজৰ লগত লৈ গৈছিল। গতিকে মোটামুটি হিচাপে ভাল হৈছিলগৈ সিহঁতৰ বন্ধুত্ব।

সেইদিনা মইয়ো ঘৰত থকাত দাদা আহিছিল দুপৰীয়া সাজ খুৱাকৈ,আৰু মই হঠাৎ অচেতন হৈ পৰি যোৱাৰ পিছত ডাঃ আহি মোক পৰীক্ষা কৰি সাংঘাতিক খবৰটো দিছিল,

মোৰ শৰীৰত এটা বীজ বাঢ়ি অহাৰ খবৰ। মই জোৰ কৰিছিলোঁ এবৰচন কৰি নিষ্কণ্টক হবলৈ,কিন্তু প্ৰীতম আৰু দাদাই মোক বাধা দিছিল।
কাৰণ তেতিয়ালৈ মোৰ অবৈধ সম্পৰ্কৰ কথা বুবু বাবা হবলৈ আৰম্ভ হৈছিল আৰু এই এবৰচন হোৱাৰ খবৰটোৱে মোৰ সন্মান বিঘ্নিত কৰাৰ সম্ভাৱনা আছিল। প্ৰীতমে নিজৰ পৰিচয় দি সন্তানটো ডাঙৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

সি তাৰ পায়শ্চিত বিচাৰিছিল নে কি বিচাৰিছিল নাজানোঁ কিন্তু মোক একপ্ৰকাৰ উদ্ধাৰ কৰিছিল কাৰণ তেতিয়ালৈ এবৰ্চন কৰাটো বিপদজনক হব বুলি মোক ডাঃ জনাইছিল।আৰু অনাকাংক্ষিত ভাবে শান্তনু আহিছিল মোৰ জীৱনলৈ,প্ৰীতমৰ অন্য এটা দায়িত্ব বঢ়ায়।”

“আৰু আপোনাৰ সেই সাংসদজনৰ সৈতে সম্বন্ধ?”
এডভোকেট জনে সুধিলে,

“নাই তেওঁৰ অংশ মোৰ মাজত বাঢ়ি অহা দেখি তেওঁৰ সৈতে সম্পৰ্ক শেষ কৰি দিছিলোঁ বিপদ বাঢ়িব বুলিয়েই আৰু তেওঁ আঁতৰি গৈছিল, কিন্তু আমাৰ ব্যৱসায়িক সম্পৰ্ক ঠিকেই আছিল নিজৰ ঠাইত।”

“তেন্তে মিছেছ বৰুৱা…….”

কিবা এটা সুধিবলৈ লোৱা শইকীয়াক হাতৰ ইংগিতত ৰখাই দিছিল মনালিছাই। তাইৰ আৰু কথা কোৱাৰ শক্তি নাছিল তেতিয়া, কলিজাটোৰ জীয়া ধপঢপনীবোৰে তাইক ক্লান্ত কৰি আনিছিল। পিছদিনা দেখা হোৱাৰ কথাৰে তেওঁ ওলাই আহিল লকআপৰ ভিতৰৰ পৰা।

ঘামি জেপজেপিয়া হৈছিল তাই, কথাবোৰ মনৰ পৰা উলিয়াই দিবলৈকো এটা প্ৰসৱ বেদনাৰ দৰেই পৰিস্থিতি হৈছিল তাইৰ। কিন্তু মুকলি হৈছিল মনটো ,পাপৰ বোজাটো পাতল হোৱা যেন লাগিছিল মনালিছাৰ।

নিৰ্ঘাত সঁচাবোৰ কিমান লাজলগা তাইৰ জীৱনৰ ।অথচ তাই খুলি কৈছিল কথাবোৰ, তাই মুক্তিকামী আত্মাটোৰ সন্তুষ্টিৰ বাবে।তাইক নিজৰেই সৃষ্ট পাপৰ দুনীয়া খনৰ পৰা বাহিৰলৈ অহাৰ বাট লাগে এতিয়া। শাস্তিৰ বাবে উদগ্ৰীৱ মনালিছা, কাৰণ পাপৰ পায়শ্চিত হোৱা উচিত ,হ’ব লাগে।। মনালিছাই তেনেকৈয়ে ভাৱে।

চাৎকৈ বুকুখন বিষাই তাইৰ।

অনিমেশে প্ৰীতমৰ খবৰ একো ভালকৈ নক’লে যে তাইক?

কিবা অঘটন হ’ল নেকি তাৰ?

নাম নজনা ভয় এটাত তাই ধৰফৰাই উঠে,
কি নাম এই বুকুৰ বিষটোৰ ?

য’ত প্ৰীতমৰ অহিতৰ ভয়ে তাইক আচ্ছন্ন কৰিছে…….
ভালপোৱাৰ অৱশিষ্ট বুলি ৰৈ যোৱা কিবা অনুভৱ এটা বুকুত আছে নেকি এতিয়াও তালৈ বুলি…….

কোনো কালে তাৰ খবৰ জানিবলৈ মনটো এনেকৈ ব্যাকুল হোৱা নাই,পিছে এতিয়া কিয়?

আঁতৰি থাকিলেও প্ৰেম পুৰুষজন কুশলে থকাৰ প্ৰাৰ্থনা এটা বুকুত আছিল নেকি অলক্ষিতে তেনেই গোপনে?
সেই প্ৰাৰ্থনাৰ সুৰটো হেৰাই যোৱাৰ আশংকাত বুকুত হাতুৰীৰ প্ৰহাৰ কিয়?

প্ৰেমৰ খুঁটিতো ঘূণে খোৱাৰ পিছতো ভগ্নাৱশেষবোৰ নিঃছিন্ন নোহোৱাৰ প্ৰাৰ্থনা নেকি এইয়া? বহেমীয়ান নোহোৱাকৈ ৰৈ যোৱা ভালপোৱাৰ পুৰাতন ঠিকনাৰ কাতৰতা এইয়া……..

উফ তাই আৰু ভাবিব নোৱাৰে।।।।
মূৰটো দুহাতে চেপা মাৰি ধৰি কোচমোচ খাই বহি পৰে তাই পকা মজিয়া খনত…….

…….(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *