….চাৰ্জিনা য়াছমিন….
বহুত অপেক্ষাৰ অন্তত
আহি পাই শনিবাৰটো
ভালেই লাগেচোন ভাবি
ঘৰলৈ যাব পাম।
আনদিনাতকৈ সোনকালে শোৱাপাটী এৰি
বস্তু-বাহানি সামৰি
পেটপূজা কৰি ওলাই যাও স্কুললৈ বুলি ।
স্কুল ছুটী দি খৰখেদাকৈ আহো বাছখন ধৰোঁ বুলি
এফালে পেটত ভোক খাবলৈকো আহৰি নাই
যদিহে বাছখন যায় গুচি ।
গাড়ীখন পোৱাত পাওঁ
পিছে সৌভাগ্যৰ বলত কেতিয়াবাহে পাও বহিব
নহলে আহিব লাগে
কৰি ঠেলা হেঁচা ।
কিছু দূৰ আহি
মা লৈ ফোন কৰো
গৈ আছোঁ বুলি
মাৰ মনটো চাগে ভাল লাগি থাকে জীয়েক জনীক কাষত পাব।
আহি পালে ৰবিবাৰ
ৰাতিৰ পৰা মনটো চোন
বেয়া লাগিব ধৰে
মনত এটাই ভাব যাবৰে হলচোন।
বিষাদ মনেৰে শুই পৰো নিদ্ৰা দেৱীৰ কোলাত।
কিৰিং কিৰিং
থতমতকৈ সাৰ পাও
উঠিব এলাহ নিজক সান্ত্বনা দিও উঠা
ভগৱানে তোমাক দিছে এটি গুৰু দায়িত্ব মানুহ গঢ়াৰ ।
গুৰুদায়িত্ব সাৰোগত কৰি শোৱাপাটী এৰি
আহিব ওলাওঁ বৰপেটালৈ
দায়িত্ব পালন কৰোঁ বুলি ।
বহু কষ্টৰে আহি দেখোঁ কণমানীহতে আছে
অপেক্ষা কৰি ।
দুগুণে শক্তি পাওঁ সিহঁতৰ চকুযুৰি দেখি
কিবা এটা শিকাৰ হেপাহ সিহঁতৰ চকুযুৰিত ।
হে ভগৱান শক্তি দিয়া
সিঁহতক মানুহ কৰিব
যিয়ে জ্ঞানী হৈ আঁতৰাব সমাজৰ এলান্ধু
সিচিব নৈতিকতাৰ বীজ ।…