জীৱন পাশা (২৮) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৮)

“হাও দেয়াৰ ইউ এডভোকেট শইকীয়া ?

মোৰ চৰিত্ৰৰ স্খলনৰ ওপৰত প্ৰশ্ন তুলিছে আপুনি…….

উন্নতিৰ জখলা হিচাপে মই মোৰ শৰীৰটোক ব্যৱহাৰ কৰা বুলি কবলৈ আপুনি কোন,
কি জানে আপুনি মোৰ বিষয়ে……?”

উষ্মাৰে কথা কেইষাৰ কৈ মনালিছা ফোঁপাই উঠে।

“চাওঁক মিছেছ বৰুৱা আপোনাৰ চৰিত্ৰৰ আলোকপাত কৰিবলৈ মোৰ কোনো চখ নাই। এজন উকিল হিচাপে আপোনাৰ ন্যায়িক যুঁজখনত সহায় কৰিবলৈ মই আহিছো। মই মূল্যৰ বিনিময়ত পেচাগত হিচাপেই আপোনাক সহায় কৰিম। যিহেতু আপুনি দোষ স্বীকাৰ কৰিব,গতিকে কেনেকৈ আপোনাৰ শাস্তি কম কৰিব পাৰো সেইটো চিন্তা কৰাটো মোৰ নৈতিক দায়িত্ব। আৰু সেই দায়িত্বৰ খাতিৰত মই আপোনাক সুধিছো যে ব্যৱসায়িক উন্নতিৰ বাবে আপুনি সেই মানুহবোৰৰ সৈতে জড়িত হৈছিল নে অন্য কিবা ৰহস্য? কিয়নো আপুনি সেই মানুহবোৰৰ লগত দৈহিক সম্বন্ধ কৰিছিল বুলি কৈছে ইতিমধ্যে”

উকিলজনৰ সৈতে কথা আৰম্ভ কৰিয়েই তেওঁক টানকৈ কৈ উঠি মনালিছাৰো বেয়া লাগে।
কিন্তু তাই একো নোকোৱাকৈ উকা বেৰখনত দৃষ্টি আবদ্ধ কৰি বহি ৰয়।

এইবাৰ তাইৰ আচৰণত বিতুষ্ট হয় এডভোকেট শইকীয়া।

তেওঁ কিছু টান মাতেৰে কয়,” আপুনি যদি একো কব বিচৰা নাই, মই আপোনাক জোৰ কৰিব নোৱাৰোঁ। আপোনাৰ যদি কবলগীয়া নাই মই ইয়াত বহি থকা অৰ্থহীন। মই আহোঁ।”

“আই এম এক্সট্ৰিমলী ছৰী!!”

উকিলজন যাবলৈ ওলোৱাত শান্ত স্বৰত কয় মনালিছাই।

মনালিছাৰ কথাষাৰত থকা বিনয় ভাৱটোৰ উপেক্ষা কৰা নাযায়। এডভোকেট শইকীয়া পুনৰ বহি পৰে।

” চাওক মিছেছ বৰুৱা,আপুনি কিছু ব্যক্তিগত কথাও কব লগাত পৰিব পাৰে, আপুনি সেই কথাবোৰো মোক কব পাৰিব লাগিব, যাতে আপোনাৰ ব্যৱসায়ৰ বাকী অংশীদাৰ সকলে আপুনি স্বীকাৰোক্তি দিয়াৰ পিছত আপোনাৰ ওপৰত সম্পূৰ্ণ দায়বদ্ধতা জাপি দিবলৈ চেষ্টা কৰিলে মই আপোনাৰ হৈ দুষাৰ কব মাতিব পাৰোঁ।”

উকিলজনৰ নম্ৰ সুৰৰ কথা কেইটাই মনালিছাৰ
বাবে পৰিস্থিতিটো সহজ কৰি তোলে।কিবা অনামী শক্তি এটাহে যেন হঠাৎ প্ৰৱেশ কৰে তাইৰ মনত। লকআপ চেলটোৰ পৰা গৰম আৰু ঠৰঙা পৰিবেশটো কমি যোৱা যেন অনুভৱ কৰে তাই। মনালিছাই আৰম্ভ কৰে পুনৰ,

“জানে শইকীয়া, মই কবলৈ নাযাওঁ যে প্ৰতিজন পুৰুষেই অশ্লীল ইংগিত দিয়ে তেওঁলোকৰ লগত অথবা তলত কাম কৰা মহিলাক। কিন্তু কম বেছি পৰিমাণে দিয়েই,সেইটো সঁচা। নিজৰ ব্যৱসায় অকলে চলাই থকা সময়তো মই তেনে বহু ইংগিত পাইছিলোঁ, আৰু সেইবোৰ উপেক্ষা কৰি নিজৰ কাম কৰি গৈ আছিলোঁ। কিন্তু জীৱনলৈ এনে এটা পৰিস্থিতি আহিছিল যে তাৰ পিছত মোৰ সকলো ভাল চিন্তা কৰাৰ শক্তি লোপ পাইছিল, দেহৰ খেলা কৰিবলৈ কুণ্ঠাবোধ নহৈছিল মোৰ । মোৰ মাজৰ সৎ মানুহজনীক মই হত্যা কৰিছিলোঁ, প্ৰবঞ্চনাই মোক ধ্বংসৰ ৰাস্তালৈ লৈ গৈছিল মই পৰা নাছিলোঁ সেই বিশ্বাসঘাটকতা সহ্য কৰিবলৈ, প্ৰতিশোধ মোৰ প্ৰথম কাম্য হৈছিল ।

সেই অভিশাপ লগা দিনটো। তাৰ পৰাই আৰম্ভ হৈছিল সকলো, বৰ্ষ শ্রেষ্ঠ সফল ব্যৱসায়ী হোৱাৰ বঁটা গ্ৰহণ কৰি মই মা আৰু অম্লান ঘৰলৈ উভতি আহিছিলোঁ ;গা অসুখৰ বাবে আমাৰ লগত যাব নোৱাৰা প্ৰীতমক জনোৱা নাছিলোঁ আমি যে উভতি আহিছোঁ, চাৰপ্ৰাইজ দিম বুলি ভাবিয়েই জনোৱা নাছিলোঁ তাক। চোতালত তাৰ স্কুটাৰখন আৰু এখন লেডীজ চাইকেল থিয় হৈ আছিল আমি ঘৰ আহি পাওঁতে।কিন্তু আমি আচৰিত হৈছিলোঁ ঘৰৰ মূল দুৱাৰ আৰু বাৰাণ্ডাত থকা গ্ৰীলখনত তলা ওলমি আছিল বাহিৰৰ পৰা। মই তাক মাত দিলে চাৰপ্ৰাইজ নষ্ট হৈ যাব ভাবি মন বেয়া কৰিছিলোঁয়েই,কিন্তু মায়ে নিজৰ লগত থকা ঘৰৰ দুব্লিকেট চাবি দি দুৱাৰবোৰ খুলিছিল আৰু সন্তপৰ্ণে ঘৰৰ ভিতৰলৈ সোমাইছিলোঁ আমি যাতে আমি তাৰ বাবে ভাবি ৰখা চাৰপ্ৰাইজ নষ্ট নহয়।

কিন্তু আমাৰ বাবেহে সাংঘাতিক চাৰপ্ৰাইজ এটাই অপেক্ষা কৰি আছিল, চ’ৰাঘৰৰ মজিয়াত দুটা নাঙঠ শৰীৰ কামমত্ত হৈ কাম ক্ৰিয়াত মগন আছিল, মই স্পষ্টকৈ দেখিছিলোঁ সেই পুৰুষ শৰীৰটো মোৰ স্বামীৰ আছিল,যাক মই ভালপাওঁ, সেই মানুহজনৰ সৈতেই ইমান দিনে থকা মনুমালিন্য অৱসান ঘটাই নতুনকৈ সংসাৰখন গঢ় দিয়াৰ কথা ওৰেটো বাট মাহঁতক কৈ আহিছিলোঁ,মাক মই খাটনি ধৰিছিলোঁ তেওঁক ক্ষমা কৰি দিবলৈ অথচ ঘৰ আহি সেইজন মানুহক অন্য নাৰীৰ বাহুৰ মাজত ডুবি থকা দেখি পৃথিবীখন ওলোটাকৈ ঘূৰা যেন অনুভৱ হৈছিল মোৰ, দুৱাৰখনত ধৰি কথমপি নপৰাকৈ ৰৈছিলোঁ।

কল্পনাতীত ঘটনাৰ সাক্ষী হৈ মাৰ মুখেৰে চেপা চিঞৰ এটা বাহিৰ হৈছিল,

“হে প্ৰভু গোঁসাই…..”

ঠাইতে বাগৰি পৰিবৰ উপক্ৰম হোৱা মাক কোনোমতে ধৰি নি চোফাখনত বহুৱাই দিছিলোঁ।

মাৰ চিঞৰত চেতনা ঘূৰাই পায় সেই পুৰুষ শৰীৰটোৱে যৌনকর্ম সামৰি উঠি আহিছিল সেই নাৰী শৰীৰটোৰ ওপৰৰ পৰা আৰু কাষতে থাওকতে পোৱা কিবা কাপোৰ এটা কঁকালত মেৰিয়াই লৈছিল।

বুকুখন হেঁচা মাৰি ধৰিছে বুলি কৈ চোফাখনত বাগৰি পৰিব খোজা মাক লৰালৰিকৈ এগিলাচ পানী আনি দিছিলোঁ।নাই নাই মা পানী গিলাচ খাব পৰাকৈ ভালে নাছিল।

কোনো ৰকমত মাক আনি গাড়ীত ভৰাই গাড়ী দৌৰাইছিলোঁ, স্থানীয় হস্পিতেলখনৰ দিশে।কম সময়তে মই গৈ পাইছিলোঁগৈ, কিন্তু মোক নিৰাশ কৰি ডাঃজনে মা আৰু নাই বুলি ঘোষণা কৰিছিল। হৃদক্ৰিয়া বন্ধ হৈছিল মাৰ।

তাৰ পিছত আৰু মোৰ মনত নাই, মই ডাঃ কথা শুনি ঠাইতে বাগৰি পৰিছিলোঁ হেনো। মাক অন্তিম বিদায় দিবৰ বাবেও মই ঘৰত নাছিলোঁ, মই চকু মেলালৈ নাৰ্চিং এখনত ভৰ্তি কৰি দেউতাই মোক ৰখীয়া কৰি আছিল। মায়ে মোক এৰি যোৱা সম্পূৰ্ণ চাৰিটা দিন পাৰ হৈছিল তেতিয়া।

ঘৰলৈ মোক অনাৰ পিছত পৰিয়ালৰ মানুহবোৰ আৰু দেউতা দাদাহঁতৰ আগত মই গোটেই কথাবোৰ খুলি কৈছিলোঁ।

দেউতাই মোক ধমকি দি গৰজি উঠিছিল, “তোৰ তালৈ বুলি ভাল ভাৱ নাই আমি জানো নহয় ,কিন্তু তই তাক ইমান ডাঙৰ এটা অপবাদ জাপি দিবলৈ সাহ ক’ত পালি?”

তাৰ পৰিয়ালৰ মানুহবোৰেও একে মুখেই সেইটো কথাই কৈছিল,সি সৰুৰে পৰাই বিৰাট ভাল লৰা,ইমান ডাঙৰ ভুল আৰু পাপ কর্মত সি মিলিত হব নোৱাৰে।
বৰঞ্চ বহুতে মত প্ৰকাশ কৰিছিল, যিহেতু মোৰ ধন টকা পইচা হ’ল,মোৰ হে অন্য পুৰুষলৈ মন।শাহু মৰিল যেতিয়া মই মুক্তি পালোঁ ,তাক অপবাদ জাপি দি মই এতিয়া নিষ্কণ্টক হ’ব বিচাৰিছোঁ।

ঘৃণাৰে তালৈ চাই পঠিয়াইছিলোঁ,মোৰ দৃষ্টিক আগ্ৰাহ্য কৰি সি মানুহবোৰক উদ্দেশ্য কৰি বিনাই উঠিছিল সি, “তাই মোক অপবাদ দিয়ক একো নাই, আপোনালোকে মোক জানে,বিশ্বাস কৰে মোক আৰু কি লাগিছে ,মাত্ৰ প্লিজ মোৰ বুকুৰ পৰা মোৰ লৰাটোক লৈ যাব নিদিব মনাক।”

মই খং আৰু ঘৃণাত ফাটি পৰিছিলোঁ, ইমান ডাঙৰ পাপ কৰ্ম কৰি নিজকে নিৰ্দোষী বুলি কবলৈ তাৰ এবাৰলৈ জিভা কঁপা নাই।জন্ম দিয়া মাকজনীয়ে তাৰ অপকৰ্ম সহিব নোৱাৰি মৃত্যুক সাৱটি ল’লে হলেও সি লাজ পোৱা নাই। ইমান নিৰ্লজ্জ আৰু স্বাৰ্থপৰ কেনেকৈ হব পাৰে সি????

তাৰ কথাত সমৰ্থন জনাই মোৰ দেউতাই ঘোষণা কৰিছিল,”তুমি নিশ্চিত থকা প্ৰীতম লৰাটোক তুমিয়েই চাব লাগিব। এতিয়া যিহেতু তাৰ আইতাকজনী নাই, তুমিয়ে তাৰ সকলো। যিটো সন্তান পৃথিৱীলৈ অহাটোৱে বিচৰা নাছিল মাকজনীয়ে,সেই মাকজনীৰ ভৰসাত আমি লৰাটো এৰিব নোৱাৰোঁ।”

এটা কুটিল হাঁহি বিয়পি পৰিছিল তাৰ মুখমণ্ডলত। লৰাটো সি নিজৰ দায়িত্বত ৰাখি লৈ মানুহবোৰৰ অনুকম্পা পাবলৈ সক্ষম হৈছিল আৰু মই তাৰ চৰিত্ৰৰ বিষয়ে দিয়া মন্তব্য মুহূৰ্ততে অস্তিত্ব বিহীন কৰি পেলাইছিল।

আপুনি ভাবক মোৰ কেনে লাগিব পাৰে?

দাদালৈ খুব আশাৰে চাই আছিলোঁ, সি মোক ইংগিতৰে ধৈৰ্য ধৰিবলৈ কৈছিল।বুজাইছিল দাদাই, মই মোৰ ব্যৱসায়ত মন দিবলৈ। এইবোৰত সোমাই থাকি নিজকে কষ্ট নিদিবলৈ। কিন্তু মই আঁতৰি যাব বিচৰা নাছিলোঁ, নাছিলোঁ মানে কেনেকৈ যামগৈ কওকচোন, মা জনীৰ স্মৃতিবোৰ এৰি ,লৰাটোক এৰি….. ৰৈ গৈছিলোঁ মই,সেইখন ঘৰতে কিন্তু সম্পূৰ্ণ ৰূপে পাহৰি গৈছিলোঁ মোৰ এজন স্বামী আছে বুলি, এই যে সেন্দুৰৰ আলিটো দেখিছে, ই মোৰ বাবে তাৰ পিছৰে পৰা কেৱল মাত্ৰ এটা অলংকাৰ।

সেই ছোৱালীজনীৰ সৈতে এবাৰ কথা পতাৰ লোভ আছিল,জানিব খুজিছিলোঁ কি আছিল প্ৰীতমৰ সৈতে তাইৰ। লগ ধৰিছিলোঁ তাইক কলেজৰ সন্মুখত, তাইৰ বিষয়ে খবৰ উলিয়াবলৈ বৰ এটা কষ্ট হোৱা নাছিল মোৰ।মোক সন্মুখত দেখি ভয়ত কঁপনি এটা কঢ়িয়াইছিল তাই।আশ্বস্ত কৰিছিলোঁ তাইৰ কোনো ক্ষতি হবলৈ নিদিওঁ বুলি মাথোঁ সঁচাবোৰ কবলৈ তাইক অনুৰোধ কৰিছিলোঁ,

সৰু আছিল ছোৱালীজনী , দ্বাদশ শ্ৰেণীৰ আছিল তাই,কৈ গৈছিল প্ৰীতমৰ বাসনাৰ অধ্যায়,সি ধৰা পৰা দিনটোৰ বহুত আগতেই আৰম্ভণি সেই অধ্যায়ৰ। ছবি ক্লাছৰ পৰা কিদৰে ঘৰলৈ মাতি আনিছিল সিহঁতক, ছোৱালীবোৰৰ কেনেকৈ পাল পাতি দিছিল, আমাৰ অনুপস্থিতিত কি কি হৈছিল।

“বাইদেউ, আপোনালোক নথকা কেইদিন, বেলেগ বেলেগ দিনত আমি বেলেগ বেলেগ ছোৱালী আপোনালোকৰ ঘৰলৈ গৈছিলোঁ, সেইদিনা মোৰ পাল আছিল।ক্ষমা কৰি দিয়ক বাইদেউ ভুল হৈ গ’ল…ছাৰে বিৰাট মৰম কৰিছিল সেই কাৰণে না কব নৱাৰিছিলোঁ মই।”

আঁতৰি আহিছিলোঁ মই তাইৰ কাষৰ পৰা।আৰু শুনি থকাৰ ইচ্ছা নাছিল তাৰ অপকৰ্মৰ কথা। মৃত শাহুমা জনীলৈ বিৰাট মনত পৰিছিল। কাৰণ মোৰ বাবে সেই মুহূৰ্তত কান্দিবলৈ তেওঁৰ কোলাতকৈ নিৰাপদ আন একোৱেই যে নাছিল।কিন্তু তেওঁ মোক মই ঢুকি নোপোৱা দূৰলৈ গুচি গৈছিল।

গুৱাহাটীৰ অনুষ্ঠান এটালৈ নিমন্ত্ৰণ পাইছিলোঁ সেই দিনবোৰতে, খাদী উদ্যোগত নতুন প্ৰজেক্টৰ আলোচনা সংক্ৰান্তীয়।

খঙ,অভিমান, ঘৃণা সকলো বুকুত সোমোৱাই গৈছিলোঁ অনুষ্ঠানটোলৈ। সকলোৱে সমীহৰ দৃষ্টিৰে চাইছিল মোলৈ, অনুষ্ঠানৰ শেষত প্ৰজেক্টটোৰ হেডজনে নিশাৰ আহাৰ তেওঁৰ সৈতে কৰিবলৈ নিমন্ত্ৰণ দিছিল। তেওঁৰ চকুত লাজ লগাকৈ এটা অন্য ইংগিত ওলমি আছিলে আৰু মই স্পষ্টকৈ ধৰিব পৰিছিলোঁ, মোৰ ভিতৰৰ প্ৰতিশোধ আৰু জিদৰ পোকবোৰে মোক তৎক্ষণাত সেই প্ৰস্তাৱ মানি লবলৈ উচতনি দিছিল।

অ’কে,মিট ইউ এট 9 বুলি আঁতৰি আহিছিলোঁ মই।

মানুহজনে এটা অৰ্থপূৰ্ণ হাঁহি এৰিছিল ।মই অনুভৱ কৰিছিলোঁ মানুহজনৰ হাঁহিটোত থকা অশ্লীলতা এখিনি মোৰ হাঁহিটোলৈ সোঁচৰিছিল…….

(কালি বিৰাট ব্যস্ত থকা বাবে লিখিবলৈ সময় নহ’লে, তাৰ প্ৰতিজন আগ্ৰহী পঢ়ুৱৈৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ।?
কাহিনী ভাগ কেনে পাইছে অনুগ্ৰহ কৰি জনাবচোন??
সকলো শুভাকাংক্ষী, এই কাহিনী ভাগৰ প্ৰেমীলৈ মোৰ হিয়াভৰা মৰম আৰু কৃতজ্ঞতা❤️❤️)

……..(আগলৈ)………

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *