অস্তিত্ব : অণু গল্প

……ড.বনিমা তালুকদাৰ…..

‘বাইদেউ ,এইবাৰ ‘আন্তৰ্জাতিক নাৰী দিৱস’ আপোনাৰ ঘৰৰ ওচৰৰ ফিল্ডখনত দিনজোৰা কাৰ্য্যসূচীৰে পাতিম বুলি মনস্থ কৰিছো |খোলাদিন হলেও সকলো খিনি মহিলাৰ উপস্থিতি আমি আশা কৰিছো |আৰু এটা কথা ‘নাৰী দিৱস’ ৰ মূল বক্তৃতাটো আপুনি দিব লাগিব |শুনিবলৈ পাইছো বিশ্ববিদ্যালয়ৰ দিনত আপুনি এগৰাকী সু বক্তা আছিল,শ্ৰেষ্ঠ তাৰ্কিক আছিল |আপোনাৰ বলিষ্ঠ লিখনি কাগজে পত্রই প্ৰকাশ পাইছিল হেনো |আপুনি বোলে ঘৰখন ধৰি ৰাখিবৰ বাবে কলেজৰ অধ্যাপিকাৰ পদ ইস্তাফা দিছিল |এইবাৰ আমি আপোনাক নেৰিছো |আপুনি ‘নাৰী স্বাধীনতা আৰু সমাজ’ইয়াৰ ওপৰত মূল বক্তৃত্বাটো অহা ৮মাৰ্চত আমাৰ সভাত প্ৰদান কৰিবই লাগিব |’একেৰাহে কথা কৈ যোৱা কন্নকী চৌধূৰীৰ কথাৰ মাজত ‘ভাৱি চাওঁ” বুলি কথাষাৰ কোৱাৰ সূযোগকণো উৰ্মিলাই নাপালে |উৰ্মিলাই যঁচা চৰৱতকণ খাই তাইক মাত লগাই লগৰ কেইগৰাকীৰ সৈতে কন্নকী উৰ্মিলাৰ ঘৰৰ পৰা ওলাই গল |উৰ্মিলাই সিহঁত যোৱাৰ পিচত এটা হুমুনিয়াহ কাঢ়ি চোফাখনত বহি পৰিল |তাই আচৰিত হল কন্নকী চৌধূৰীয়ে তাইৰ ইমান খবৰ সংগ্ৰহ কৰিছে |কোনে কলে বাৰু তেওঁক এইবোৰ কথা ?
       এৰা ! উৰ্মিলা মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় পৰ্য্যায়ত সকলোতে আগবঢ়া আছিল |বিদ্যায়তনিক দিশটো যথেষ্ট ভাল ফলাফল দেখুৱাইছিল তাই |ভাল ফলাফল লাভ কৰা বাবে ঘৰৰ ওচৰৰ মহাবিদ্যালয়ত চৰকাৰী চাকৰি পাইছিল তাই |মহাবিদ্যালয়ত থাকোতে ইঞ্জিনীয়াৰিং কলেজলৈ তৰ্ক প্ৰতিযোগিতাত অংশ লবলৈ যাওঁতে চিভিল ইঞ্জিনীয়াৰিঙৰ ছাত্র প্ৰণৱ ভূঞাক লগ পাইছিল |দুয়োৰে মাজত হোৱা কথা বতৰাৰ আদান প্ৰদানে এটা সময়ত প্ৰেমৰ ৰূপ লৈছিল |ইঞ্জিনীয়াৰিঙ পাঠ্যক্ৰম  শেষ কৰি বহুজাতিক কোম্পানীত  প্ৰণৱে চাকৰি পাইছিল আৰু তাৰ ঠিক পিছতে দুয়ো ঘৰৰ সন্মতি মৰ্মে সিহঁত বিবাহ পাশত আৱদ্ধ হৈছিল |চাকৰি সূত্রে বিভিন্ন ঠাইত বদলি হোৱাৰ অজুহাতত প্ৰণৱে উৰ্মিলাক চাকৰিটো এৰি দিবলৈ বাধ্য কৰাইছিল |ইতিমধ্যে উৰ্মিলাৰ কোলা শুৱনি কৰিছিল অংশু আৰু ৰশ্মিয়ে |দুবছৰ অাগ পিচকৈ অংশু আৰু ৰশ্মিৰ জন্ম হৈছিল |স্বামী আৰু সন্তানক সময় দিওঁতে দিওঁতে উৰ্মিলাৰ নিজৰ বাবে সময় নোহোৱা হৈ পৰিছিল |যন্ত্রৰ দৰে তাই সংসাৰৰ সকলো দায়িত্ব পালন কৰি গৈছিল |কৰ্মৰত স্বামীৰ ব্যস্ততাৰ বাবে উৰ্মিয়ে মূৰ পাতি লব লগা হৈছিল -বজাৰ সমাৰ কৰাৰ পৰা আলহী অতিথিক আলপৈচান ধৰালৈকে ঘৰৰ সকলোখিনি |লগতে অংশু আৰু ৰশ্মিৰ পঢ়াশুনা চাই দিয়াৰ উপৰিও ,সিহঁতক টিউশ্যন,চুইমিং,নাচ,গীটাৰ,আৰ্টৰ ক্লাচ আদি লৈ নিয়ালৈকে সকলোখিনি তাই অকলে চম্ভালিছিল |এনে ব্যস্ত জীৱনৰ মাজত তাই ভাবিবলৈ আঁহৰিয়ে পোৱা নাছিল তাইৰ নিজৰ বাবে সময় কোনখিনি ?
       কিন্তু!আজি কন্নকীৰ কথাখিনিয়ে তাইক টানি লৈ গল পুৰণিদিনবোৰলৈ |নাই ,নাই তাই আৰু এনেদৰে দিনবোৰ অতিবাহিত নকৰে |তাই অনুভৱ কৰিলে প্ৰণৱ,অংশু আৰু ৰশ্মিয়ে এটা গতিত নিজৰ নিজৰ কাম কৰি গৈছে |সিহঁতেটো কেতিয়াও তাইৰ মনৰ খবৰ লবলৈ যত্ন কৰা নাই | কেৱল সিহঁতৰ মাজত অস্তিত্বহীন  হৈ পৰিছে তাই |তাইৰ এনে লাগিল যেন তাইৰ মনৰ মাজত চেপি ৰখা স্বাধীনতা মুক্ত হব বিচাৰিছে  |তাই এইবাৰ দৃঢ় হল ‘নাৰী দিৱসত’ বক্তৃ্তা তাই প্ৰদান কৰিব আৰু তাৰ বাবে প্ৰস্তুতি আজিৰ পৰাই আৰম্ভ কৰিব |এটা মুকলি মন লৈ তাই বহাৰ পৰা উঠি লাহে লাহে আগবাঢ়িল ঘৰটোৰ এটা কোণত ইমান দিনে বন্ধ হৈ থকা তাইৰ লিখনি আৰু কিতাপ পত্রৰে ভৰি থকা কোঠাটোলৈ ……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *