……বনিমা তালুকদাৰ……
তুমি আঁতৰি যোৱাৰে পৰা বাৰিষাৰ বৰষুন নামিছিল
সপোনবোৰ ভাঙি থানবান হৈছিল
আশাবোৰ হৈ পৰিছিল স্তিমিত
বিশ্বাসৰ হাতখন হেৰাই গৈছিল
তুমি বিহীন আজি আলিদোমোজাত মই |
ক্ৰমান্বয়ে বৰ্ষামুখৰ গভীৰ নিশা মোৰ প্ৰিয় হৈ পৰিছে
তুমি বিহীন উচুপনিবোৰ লুকুৱাই ৰাখো এই নিশাৰ আঁচলত
গোটেই নিশা উজাগৰে থাকি তোমাৰ সতে কথা পাতো একান্ত নীৰৱে…..
এনেদৰে এই নিশাবোৰতে উতুৱাই দিব বিচাৰো মোৰ দুখবোৰ….
মাথো তুমি বিহীন দুখবোৰ ….