……© ৰুণজুন বৰুৱা……
(১৫)
প্ৰীতমে হয়তো কথাবোৰ ক’বলৈ পাই ভালেই পাইছিল। কৈ গৈছিল সি সলসলীয়াকৈ,
ভেন্সাৰ স্কুল সমূহৰ চৰকাৰীকৰণৰ বাবে তেতিয়া আমিবোৰে দেহে কেহে খাটি আছিলোঁ। এদিন গুৱাহাটী ,এদিন টাউন মুঠতে উশাহটো সলাবলৈ সময় নোহোৱাকৈ ব্যস্ততা মূৰত।দুই তিনিদিন কেতিয়াবা ঘৰত নাথাকিছিলোঁ।সেয়ে লগ পালেই মৰম আকলুৱা মনটোৱে অভিমান কৰিছিল মোৰ ওচৰত।আৰু মই ভাগৰুৱা মন আৰু শৰীৰটোৰ ওচৰত নতশিৰ হৈ ,তাইৰ অভিমানবোৰ ভাঙিবলৈ চেষ্টাও নকৰি আৰাম বিচাৰি টোপনি যাব খুজিছিলোঁ।
তাইৰ আধৰুৱা ডিগ্ৰীটো সম্পূৰ্ণ কৰাৰ হেঁপাহ আছিল, মোৰো ইচ্ছা আছিল তাই বি.এ টো পাছ কৰক, কিন্তু মোৰ বাবে সম্ভৱপৰ নাছিল তেতিয়া নগাঁও কলেজত তাইক পুনৰ এডমিছন কৰাই দিবলৈ। সেইখিনি সময়ত মই মোৰ অক্ষমতাত কান্দিছিলোঁ, লুকাই চুৰকৈ। কিন্তু তাই দেখিছিল ,আৰু প্ৰথম বাৰলৈ অগ্নি বৰ্ষণ হৈছিল মনালিছাৰ জিভাৰে,বিয়াৰ ছয়মাহ মানৰ পিছতেই।
“ভেন্সাৰ স্কুলখনৰ পিছত দৌৰি থাকিবি, তাৰ পিছত ডিঙিত ৰাইজৰ মাথাউৰী বন্ধা, বিনামূলীয়া চিত্ৰাংকণ কৰ্মশালা খোলা, নাটৰ আখৰা এইবোৰো আঁৰি লবি। পইচা পাতিটো নায়েই, মানুহটো ঘৰত থাক অইন নহ’লেও নাই সময়ো নাই তাৰ।”
তাই আকৌ কৈ গৈছিল, ইমান দিনে বুকুত সুমুৱাই থোৱা খংবোৰ লাভাৰ দৰে ওলাই আহিছিল তাইৰ মুখেৰে,
“তোক, মানুহটোৰ প্ৰেমত পৰিয়েই,তোৰ চাকৰি নাই নিবনুৱা বুলি আনে অপমান কৰা সহ্য কৰিব নোৱাৰিয়েই ঘৰখন, পঢ়াশুনা সকলো এৰি নিজেই পলাই আহিলোঁ,তই কি দিছ’ মোক,কি পাইছোঁ তোলৈ আহি? বিয়াৰ পিছত কেইসাঁজ একেলগে বহি ভাত খাইছ’ মোৰ সৈতে? “
জানে ডাঃ ফুকন, তাই মোলৈ অহা দিনা যেনেকৈ কৈছিল “তই যি খাই জীয়াই আছ’ মইয়ো তাকেই খাই থাকিম দে’…..” সঁচাই তাইৰ দাইল ভাত আলু পিটিকা অথবা কাপোৰ কানিকলৈ প্ৰথমে কেতিয়াও কোনো অভিযোগ নাছিল।কিন্তু কি জানে ফুকন, লাহে লাহে “মোক কিয় সময় নিদিয়া”বুলি আৰম্ভ হোৱা কাজিয়াখন “বিয়াৰ পিছত কিটো দিছা মোক?”নাইবা “মোৰ হাতখৰচ দিবলৈটো তোৰ যোগ্যতা নাই,মোৰ কাৰণে চাকৰি এটা যোগাৰ কৰ”লৈ বাঢ়ি গৈছিল।
ছোৱালী এজনীৰ হেঁপাহ থকা মায়ে, মাকৰ মৰম পাই নোপোৱা তাই আমাৰ ঘৰ সোমোৱা দিন ধৰি ছোৱালী হিচাপেই আৱৰি লৈছিল,বিশ্বাস নকৰিব আপুনি, মায়ে তাইৰ কাপোৰ কেইটাও ধুই দিছিল আনকি। বিয়াখন হঠাতে পাতিছিলোঁ, যি অলপ সাঁচতীয়া আছিল বিয়াত শেষ হৈছিল। প্ৰাদেশীকৰণ নোহোৱা মোৰ চাকৰিটোৰ যি এমুঠি দৰমহা, সেয়াও বিয়াৰ পিছত বহুত দিনলৈ হোৱা নাছিল।
মায়ে তাইৰ মনটো বেয়া নহওঁক বুলিয়েই গাখীৰকণ ,বাৰীৰ নেমু কেইটা বা পাচলি কেইটা বেচি পোৱা টকাৰে তাইলৈ চাদৰ এখন, ব্লাউজ এটা, পেটিকুট এটা আনি দিয়ে। প্ৰথমে সেইবোৰৰ মাজতে সুখ বিচাৰি পোৱা ছোৱালীজনীয়ে মই নথকা দিনবোৰত মাৰ লগত মাৰ বুকুত সোমাই শুইছিল , কিন্তু পিছলৈ তায়েই মাক কি কৈছিল জানে,
“পুতেকটোক মানুহ কৰিব নোৱাৰিলেই,চাকৰি বাকৰি নাই, অথচ পিন পিনাই ফুৰে,তেতিয়া একো ক’ব নোৱাৰে, কিন্তু এতিয়া মই চাকৰি কৰা মানুহজনীক ঘৰৰ চুকত চাদৰ মেখেলা যোৰ পিন্ধি সোমাই থাকিবলৈ কয়, পাহৰি নাযাব মই মোৰ পইচাত চলি আছোঁ, পুতেকে বা আপুনি মোক চলাই থকা নাই”
আচৰিত কথাটো কি জানে ফুকন, সেই চাকৰিটো মানে গাঁওৰ অংগনৱাদী কেন্দ্ৰটোৰ কৰ্মীৰ চাকৰিটো তাইৰ কাৰণে মায়ে ঘৰৰ গাইজনী বিক্ৰী কৰি আৰু মাটি দুবিঘা বন্ধকত থৈ কিনি দিছিল।
বাগৰি যোৱা সময়ৰ পৃষ্ঠাৰ পৰা টুকুৰা টুকুৰ কিছুমান কথা প্ৰীতমে ডাঃ ঋষিকেষ ফুকনক কৈ গৈ আছিল। যিবোৰ কথাই তাৰ হৃদয় খন ভাঙি চুৰমাৰ কৰিছিল সেইবোৰ কথা সি ফুকনৰ আগত কৈ গৈছিল বিনা সংকোচৰে তেওঁৰ আগত কথাবোৰ কৈ সি বুকুত কঢ়িয়াই ফুৰা বিষটো পাতল হোৱা যেন পাইছিল হয়তো।
ডাঃ ফুকনে পুনৰ সুধিছিল,
“অম্লান কেতিয়া আহিছিল আপোনালোকৰ মাজলৈ?তাৰ আগমনে কিবা নতুনত্ব আনিছিল নেকি সম্পৰ্কৰ মাজত সৃষ্টি হোৱা এই পৰিবৰ্তনত?”
প্ৰশ্নটো শুনি এখন্তেক তেওঁ মূৰটো সামান্য মোহাৰি মোহাৰি বহি ৰৈছিল। কোন খিনিৰ পৰা কথাবোৰ আৰম্ভ কৰিব। জীৱনৰ গৰাখহনীয়াত বিধস্ত হোৱা অন্য এটা অধ্যায় এইয়া। প্ৰীতমে আৰম্ভ কৰে,
“তাইৰ চাকৰিটো হোৱাৰ অলপদিন পিছতে মোৰ স্কুলখন চৰকাৰীকৰণ হৈছিল।তেনে সময়তে তাইৰ শৰীৰত আসন্ন মাতৃত্বৰ লক্ষণে দেখা দিছিল। টাউনৰ নামকৰা প্ৰসূতি ডাক্তৰজনৰ ওচৰলৈ লৈ গৈছিলোঁ মনালিছাক, মা আৰু মই। আমাৰ ধাৰণাকে সঁচা বুলি ঘোষণা কৰি ডাক্তৰে আমাক ভাল খবৰটো দিছিল। অকণমানি প্ৰাণ এটাই মনালিছাৰ শৰীৰত থিতাপি লোৱা দুমাহ পাৰহৈ গৈছিল হেনো।
উজ্জল মন এটা লৈ ওলাই আহিছিলোঁ ডাঃ চেম্বাৰৰ পৰা।মায়ে আনন্দতে নামঘৰলৈ শৰাই এখন দিবলৈ যাব লাগিব বুলিও কৈছিল কিন্তু মই লক্ষ্য কৰিছিলোঁ মনালিছাৰ মুখখন গোমা হৈ পৰিছিল। ঘৰলৈ অহা বাটছোৱাত এটাও বাক্য উচ্চাৰণ নকৰাকৈ আহিছিল তাই সেইদিনা, আহিয়েই ৰুমৰ বিচনাখনত উবুৰি হৈ পৰি দিছিল তাই। মা আৰু মই তাইৰ গা বেয়া লাগিছে বুলি মনালিছাৰ পিছে পিছে গৈ বিচনাখনতে বহি তাইক সুধিছিলোঁ ,কি হৈছে তাইৰ…..
“প্লিজ মোক অলপ অকলে থাকিব দিয়া”
প্ৰচণ্ড বিৰক্তিৰে কৈছিল তাই।
মায়ে চকুৰ ইঙ্গিতেৰে মোক ওলাই আহিবলৈ দি আঁতৰি আহিছিল নিজেও। মাৰ পিছে পিছে ওলাই আহি টিভি থকা ৰুমটোত মাৰ ওচৰতে বহিছিলো মই।
মায়ে, শিকাই গৈছিল বহু কথা,
“এই সময়খিনি বৰ জটিল কিন্তু সমানে ধুনীয়াও হয় এগৰাকী নাৰীৰ বাবে।তুমি তাইৰ শৰীৰটোৰ
লগতে মনটোৰো যতন ল’ব লাগিব।মনটো মুহূৰ্ততে সলনি হ’ব, কিন্তু আমি তাইৰ সম্পূৰ্ণ আব্দাৰ কৰিব লাগিব, যাতে তাই মনত বা দেহত কোনো ধৰণৰ কষ্ট নাপায়। অকাৰণতেই খং কৰিবও পাৰে,তেতিয়াও আমি তাইক বুজিব লাগিব, এই যে তাই আমাক আঁতৰি আহিব ক’লে,তাইৰ মনটো নিশ্চয় উগুল থুগুল অৱস্থাত ।
নতুন এটা প্ৰাণে মনাৰ শৰীৰত থিতাপি লোৱা কথাটোত মা আশাবাদী হৈ পৰিছিল, আমাৰ মাজত থকা দূৰত্ববোৰে নোহোৱা হ’ব বুলি বিৰাট সুখী হৈছিল তেওঁ। কিন্তু কথাবোৰ তেনেকুৱা নাছিল। ধুমুহাৰ আগৰ নির্জনতা আছিল সেইয়া, সংসাৰ বুলি যি অলপ অৱশিষ্ট বাছি ৰৈছিল সেইখিনিকো, নিঃচিহ্ন কৰাৰ প্ৰস্তুতি আছিল সেই নির্জনতাৰ বুকুত|
……(আগলৈ)…..