……© ৰুণজুন বৰুৱা……
(১৩)
প্ৰতিটো সুখৰ দুখৰ বতৰা ভগাই লব পৰাৰ জোখাৰে দুখন হৃদয় বন্ধুত্বৰ এনাজৰীৰে নিকপকপিয়া কৈ সময়ে বান্ধে। সময় বাগৰি থাকে,তাৰ লগে লগে সম্পৰ্কৰ বাটবোৰ মসৃণ হৈ গৈ থাকে, অকৃত্ৰিম ভালপোৱা, বিশ্বাস ,প্ৰেৰণাৰ আঁচলত ।
প্লেছমেণ্ট হৈ যায় দুয়োটাৰে ,গুৱাহাটীলৈ চাকৰি কৰিবলৈ গৈ অম্লান ক’ত থাকিব সেয়াও ঋষিকাই নিজেই ঠিক কৰি দিম বুলি গাত পাতি লয়। তাইৰ অসুবিধা নহয়, ঘৰৰ পৰাই ধুনীয়াকৈ অহা যোৱা কৰিব পাৰিব তাই।
ইঞ্জিনিয়াৰিঙৰ সময়বোৰ শেষ হৈ যোৱাৰ পিছতো প্ৰয়োজনত সহায়ৰ বাবে হাতখন দিবলৈ কোনো এটাই পিছুৱাই নাহে। অম্লানৰ দেউতাকৰ মানসিক অস্থিৰতাৰ কথা ঋষিকাই গম পায়েই পাপাকৰ সৈতে কথা পাতে,ডাক্তৰৰ ওচৰলৈ আহিবলৈ কোনো পধ্যেই তেওঁ মান্তি নহয়, সেয়াও জনাই তাই। সকলো শুনি অসমৰ বিখ্যাত মনোৰোগ বিশেষজ্ঞ ডঃ ঋষিকেষ ফুকনে কোৱা মতেই প্লেন বনাই এইয়া প্ৰীতমক লৈ অম্লান আৰু অনিমেশৰ গুৱাহাটী অভিমুখী যাত্ৰা।
সোণাপুৰ পাৰ হয় সিহঁতৰ গাড়ীখন,অম্লানে ঋষিকালৈ মেছেজ পঠিয়াই
“আমি পাম গৈ আৰু দেই, খুব বেছি চল্লিছ মিনিট।”
তাৰ মেছেজৰ অপেক্ষাত তাই ফোনটো হাততে লৈয়ে আছিল চাগৈ।
“উম আঁঁহা আঁঁহা, মাৰ মটৰ পনীৰ ঠাণ্ডাই হ’বগৈ নহ’লে”।
“মায়ে হে ব্ৰেকফাষ্ট বনাইছে নেকি?তুমি কিয় বনোৱা নাই….”
সি জোকাই তাইক
“বেছি নকৰিবা, মই কাম কৰিব জানো,মায়ে মোক কাম কৰিবলৈ নিদিয়ে বুলিহে”
“কাম কৰিব নাজানা কাৰণেই নিদিয়ে, সৰু ছোৱালী আৰু”
“আৰু কিবা”
“তোমাক বিয়া পতা বেচেৰাটোৱে মেগী খায়েই জীৱন কটাব লাগিব, বেয়াই লাগে”
খঙটো উঠি যায় তাইৰ
“হুহ, কথা নাপাতো যোৱা, লোকেশ্যন পঠাই থ’ম,নিজে আহি ওলাবাহি,বাই”
হাঁহি উঠে তাৰ ,টিকলু জনী, তাৰ ভালপোৱাৰ প্ৰাৰ্থনা তাই, কোনো দিন খুলি কোৱা নাই তাইক সি, বন্ধুত্বৰ পৰা এখোজ আগবাঢ়িব মন বুলি, সাঁচি থৈছে কথাবোৰ বুকুতে, সময়ৰ হাতত চাবিটো দি।
প্ৰীতমৰ ঘৰৰ পদূলিত বিলাসী গাড়ীখন আহি ৰয়। ড্ৰাইভিং ছিটৰ বিপৰীত দুৱাৰখন খুলি মনালিছা নামি আহে, দিকিৰ পৰা ট্ৰলি বেগটো উলিয়াই তাই বিদায় সম্ভাষণ জনাই ড্ৰাইভিং ছিটত বহি থকাজনক।
গেটখন খুলিবলৈ লৈ মনালিছা আচৰিত হয়। গেটত তলা ওলমি আছে। ৰুমটোৰ পৰা বাহিৰ নোহোৱা প্ৰীতম ক’লৈ যাব পাৰে, তাৰ বেছিকৈ গা অসুখ হ’ল নেকি বাৰু। নে ল’ৰা দুটাৰ কোনোবাটোৰ কিবা বিপদ। অনামী ভয় এটাই মনত ক্ৰিয়া কৰে তাইৰ, প্ৰথম বাৰলৈ পৰিয়ালটোৰ বাকী সদস্য কেইজনৰ কথা ভাবি উদ্বিগ্ন হৈ উঠে মনালিছা।
কালৈ ফোন কৰিব তাই, নতুন মোবাইলটোত প্ৰীতমৰ নম্বৰটো চেভ কৰা হোৱা নাছিল, অম্লানৰ নম্বৰটো নাই তাইৰ লগত। দাদাকলৈ ফোন কৰা যাওঁক । ককায়েকৰ নম্বৰটো উলিয়াই লৈ তাই তৎক্ষণাত ডায়েল কৰে, কিন্তু অনিমেশক সংযোগ কৰিবলৈ সক্ষম নহয় তাই,কম্পিউটাৰৰ কৰ্কশ মাতটোৱে সেই নম্বৰটো বৈধ নহয় বুলি তাইক উপলুঙা হে কৰে যেন।
অগ্যতা তাই কাষৰ পিংকিৰ পৰা খবৰ লবলৈ বুলি ট্ৰলি বেগটো গেটৰ মুখতে থৈ পিংকিৰ ঘৰৰ নঙলা খুলি সোমাই যায়। মনালিছা তাইৰ ঘৰলৈ অহা দেখি পিংকি আচৰিত হৈ উঠে। বাৰাণ্ডাত থকা চকী খনকে আগ বঢ়াই দিয়ে তাই মনালিছাক।
“নাই মই বহিবলৈ অহা নাই, শুনচোন আমাৰ ঘৰত তলা মৰা যে, ইহঁত কেনি গৈছে অ’……”
চোতালত থিয় হৈ থাকিয়েই মনালিছাই পিংকিক সোধে।
“ডাঙৰ মইনাৰ কিবা মিটিং আছে হেনো তাৰ কাৰণে গুৱাহাটীলৈ গৈছে। মোক ডাঙৰ মইনাই তেনেকৈয়ে কৈছিল, দুদিনমান দেৰিও হ’ব পাৰে হেনো।”
তাইক একো নজনোৱালৈ সিহঁত গুৱাহাটীলৈ গৈছে,কোব খোৱা সাপটোৰ দৰে ফুচফুচাই উঠে তাই।
“তোক চাবি দি গৈছে নেকি?”
“নাই নহয় বৌ”
“হ’ব দে,যাওঁ”
ফো ফোঁৱাই উলটি আহে মনালিছা।
মোবাইলটো উলিয়াই লৈ তাই এই মাত্ৰ তাইক থৈ যোৱাজনলৈ ফোন লগায়।
“ঘৰত ইহঁত নাই, তুমি ঘূৰি আঁহা আৰু মোক লৈ যোৱা……”
ইথাৰৰ সিপাৰৰ জনে অপাৰগতা প্ৰদৰ্শন কৰে। আজি তেওঁ পত্নীক ঘৰলৈ গৈ আছোঁ বুলি কথা দি থৈছে। কোনোপধ্যেই তেওঁ আজি মনালিছাক সময় দিব নোৱাৰে।
মনালিছা নাচোৰবান্দা, তাই এতিয়া অকলে ক’লৈ যাব। ক’ত থাকিব তাই।
“কিবা এটা মেনেজ কৰা প্লিজ, মোৰ প্ৰব্লেম হৈছে বুজা না’……..”
লেনিয়াই কয় তাই
সমস্যাৰ সমাধান উলিয়ায় । ৰাতিৰ বাছেৰে তাই ডিব্ৰুগড়ৰলৈকে যাব আজি । আৰু আজি ৰাতিটো তেওঁ নিজৰ পত্নীৰ সৈতে কটাব তিনিচুকীয়াৰ ঘৰত। পিছদিনা সিহঁতে অৰুণাচল ফুৰিবলৈ যাব। বহুত দিনৰ পৰা অৰুণাচল যোৱাৰ কথা হৈ আছিল যদিও প্লেনিং মিলা নাছিল। এতিয়া ততমুহূৰ্ততে মনালিছাই প্লেনিং কৰি পেলালে।
বুক মাই ট্ৰিপ এপটো উলিয়াই ,লগালগ এটা ছিট বুক কৰিলে। আৰু নগাঁও টাউনতে ভাড়াঘৰ কৰি থকা বান্ধৱী সুপ্ৰিয়াক মেছেজ কৰি জনালে তাই বিশেষ এটা কামত তাই আপাৰ আসাম যাব ,ৰাতি 9.30ত বাছ গতিকে তাই লান্সতো তাইৰ ঘৰত কৰাকৈ গৈ আছে।
All set.অলপ আগলৈ খং আৰু উত্তেজনাত কাণ মূৰ ৰঙা পৰি থকা মনালিছাৰ মুখত হাঁহি এটা বিৰিঙি উঠিল।
অম্লানহঁতৰ গাড়ীখন খানাপাৰা অভাৰ ব্ৰীজখন পাৰ হওঁতেই, আগতে কৰি ৰখা পৰিকল্পনা অনুসৰি অম্লানে মাত দিয়ে।
” মামা বুজিছা নে , গাড়ীখন হাতীগাঁও লৈকে লোৱাচোন,তাৰ পৰা আমি হোটেললৈ যাম গৈ, মানে হাতীগাওঁত থকা মোৰ লগৰজনীয়ে সিহঁতৰ ঘৰলৈকে মাতিছে মোক। ছেমিনাৰ খনৰ প্ৰেজেণ্টেচনৰ অলপ কাম ৰেডী কৰিবলৈ আছে যে।”
“বাৰু হব দে’..”
যিমান পাৰি চমুৱাই উত্তৰ দিয়ে অনিমেশে
“মোক নহ’লে হোটেলতে থৈ আহ। ইমানবোৰ মানুহ গৈ মানুহঘৰত হেঁচা নিদিওঁ গৈ …..”
প্ৰীতমে এনেকুৱা কিবা এটা ক’ব বুলি সিহঁত আগৰে পৰা সাজু হৈ আছিলে।
“ইহ তোক বাৰু অকলে কিয় হোটেলত থৈ আহিম। গোটেই কেইটা একেলগে আহিছোঁ, একেলগ ফুৰিম।”
ভেকাহি মাৰি উঠে অনিমেশে। তাৰ কথা শুনি চূপ হৈ ৰয় প্ৰীতম।
যদিও ঋষিকাই লোকেশ্যন পঠাই থৈছে তথাপি সি ফোন এটা কৰে তাইলৈ।দুটা ৰিঙতে ফোনটো ধৰে তাই।
“ঐ কোনখিনি পালা আহি?”
উৎসাহিত মাতটোত অম্লানে অলপো খং অথবা অভিমানৰ ছাঁ নাপায় ।
ছোৱালীজনীৰ এই পৰিপক্ক স্বভাৱটোৱে তাক বাৰে বাৰে তাইৰ প্ৰেমত পেলাবলৈ সক্ষম হয়।ভাল লাগি যায় তাৰ। কথাটো ভাবি থাঁঁকোতে সি উত্তৰ দিবলৈ পাহৰে।
“ঐ নক’লা যে একো?”
তাইৰ মাতটো শুনি সি ভাৱনাৰ সাগৰৰ পৰা ওলাই আহে।
” উম, বৈষিষ্ঠ পাৰ হৈছোঁ”
কেনেকৈ গৈ সিহঁতৰ ঘৰ পাব কৈ ফোনটো ৰাখে তাই।
তাই কোৱা অনুসৰি গৈ গৈ সিহঁত ঋষিকাৰ ঘৰ ওলায়। গেটৰ মুখতে মাক দেউতাকৰ সৈতে তাই ৰৈ থাকে সিহঁতৰ বাবে।
গাড়ীখনৰ পৰা দেউতাক ,মোমায়েকৰ সৈতে অম্লান নামি আহে। আগৰে পৰা তাক চিনি পোৱা ডাঃ ঋষিকেষ ফুকন আৰু কাব্যশ্ৰী ফুকনে মুখত এমোকোৰা হাঁহি লৈ আগুৱাই আহে।
“য়ং মেন কি খবৰ?”
অম্লানৰ পিঠিত থপৰিয়াই সোধে ঋষিকাৰ দেউতাকে
“ভাল ভাল আংক’ল, আপোনালোকৰ কেনেকুৱা আন্টি?”
পিছৰ কথাষাৰ ঋষিকাৰ মাকলৈ চাই সোধে সি
দেউতাক আৰু মোমায়েকক সৈতে সকলোকে চিনাকি কৰাই দিয়ে সি ।
বিভিন্ন কথা বতৰাৰ মাজতে কম সময়ৰ ভিতৰতে প্ৰীতম আৰু মোমায়েকৰ সৈতে সহজ হৈ উঠে ঋষিকাৰ মাক দেউতাক।অম্লানে মন কৰে, দেউতাকে হাঁহি মাতি কথা হৈছে, অনবৰতে কঢ়িয়াই ফুৰা ভয়টো তেওঁৰ চকুত লাগি থকা নাই, ভাল লাগে তাৰ।
চাহ খাবলৈ সিহঁতক ডাইনিং টেবুললৈ মাতি নিয়ে ঋষিকাই।
চাহ আৰু ব্ৰেকফাষ্ট যুগুতাই থকা ঋষিকাৰ মুখলৈ চাই সি। ব্যস্ত তাই। তালৈ চাবলৈ আহৰি নাই তাইৰ। মৰম লাগি যায় তাৰ, ইমান মেচিয়ৰ্ড ঋষিকা জনী।
ডাইনিং টেবুলত তেওঁলোকৰ সৈতে ঋষিকা আৰু তাইৰ মাক দেউতাকো বহে। সিহঁতলৈ ৰৈ আছিল তেওঁলোক।একে লগে খাম বুলিয়েই।
কথাৰ মাজতে সিয়ে উলিয়াই,
“অংক’ল, আমি ছেমিনাৰৰ কাম আগবঢ়োৱা সময়খিনিত আপুনি দেউতাহঁতক এবাৰ আপোনাৰ চেণ্টাৰৰ পৰা এপাক ফুৰাই আনিব পাৰে।”
ঋষিকাৰ দেউতাকে লগে লগে হয়ভৰ দি উঠে। “উম। মই ক’ম বুলি ভাবি থকা কথাষাৰকে ক’লা তুমি”
“ব’লক বুইছে , ভাল লাগিব আপোনালোকৰ গৈ, অসমৰ বিভিন্ন ঠাইৰ আঠাইশজন লোক আছে সৰ্বমুঠ তাত।”
কথাষাৰ তেনেই সাধাৰণ হিচাপে কয় ডাঃ ঋষিকেষ ফুকনে।
“ক’লৈ নিয়াৰ কথা কৈছে ই অম্লানে আমাক”
বিপদৰ আগজাননী পাই সতৰ্ক হৈ উঠা চৰাই এটাৰ দৰে প্রশ্ন কৰে প্ৰীতমে অনিমেশক।
“আংক’ল, গান্ধী মণ্ডপত আমাৰ পাপাৰ এখন চেণ্টাৰ আছে, বিভিন্ন ঠাইৰ অকলশৰীয়া মানুহ সকলক তাতে ৰখাৰ ব্যৱস্থা কৰিছে দেউতা আৰু দেউতাৰ তিনিজন ফ্রেণ্ড মিলি, যাৰ নিজৰ বুলিবলৈ কোনোৱে নাই, তেনে লোক সকল আছে তাত।”
প্ৰথম চিনাকি দিনাই সাংঘাতিক মিছা কথা কয় তাই অম্লানৰ দেউতাকক।দুখবোধ এটা লাগি আহে মনত তাইৰ কিন্তু তাই তেনেকৈ কোৱাত মানুহজন আশ্বস্ত হৈছে সেয়া তেওঁৰ মুখখন দেখিয়েই ধৰিব পাৰি।
“হয় নেকি, ঠিক আছে তেন্তে এবাৰ যাম দিয়ক, বুজিছে, ভাল লাগিব মানুহবোৰৰ মনটো নতুন মানুহ লগ পালে। “
সেই মানুহখিনিৰ বাবে অনুকম্পাত বুকুখন কঁপি উঠে প্ৰীতমৰ। সি একান্ত মনে পনীৰৰ টুকুৰা এটা কাটিবলৈ ব্যস্ত হৈ পৰে।
প্ৰীতমহঁতৰ গাড়ীতে প্ৰীতম,অনিমেশে আৰু ঋষিকাৰ দেউতাক ওলাই যায়। কাব্যশ্ৰী ফুকন আলহীৰ বাবে দুপৰীয়াৰ সাজৰ দিহাৰ বাবে সহায়কাৰী গৰাকীৰ লগত ব্যস্ত হৈ পৰে। তেওঁ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়
“ভাল কৰি দিয়া প্ৰভু মানুহজনক,কিমান আৰু বেয়া দিন দেখিব তেওঁ”
……….
……….(আগলৈ)………