জীৱন পাশা (১২) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(১২)

এনুৱেল মিটৰ ব্যস্ততাৰ মাজত ঋষিকাৰ পাতিম বুলি ভাবি থোৱা কথাবোৰ পতা নহয় অম্লানৰ সৈতে। এনুৱেল মিট শেষ হোৱাৰ পিছত আকৌ আৰম্ভ হয় ক্লাছৰ ব্যস্ততা। ভাল লাগে গতানুগতিক দিনবোৰৰ ৰুটিনখন ঘূৰি অহাত । ক্লাছৰ শেষত সিহঁতৰ গোটেই গ্রুপটোৰ খাবলৈ গৈ কেণ্টিনত বহি দিয়া আড্ডাবোৰ পুনৰ জীপাল হৈ উঠে।

কথাই কথাই হাঁহি হাঁহি আগৰ দৰেই কাষৰ জনৰ বাহুত ধৰি এতিয়াও ঋষিকাই বাগৰি বাগৰি হাঁহিছে। হ’লেও কিবা এটা যেন বেলেগ হয় কথাবোৰ,অনুভৱ কৰে অম্লানে। চাইকেল ঠেলি ঠেলি সিহঁতজাক আগবাঢ়ি যাওঁতে তাই আজিকালি প্ৰায়ে প্ৰণামী ,ধৃতিমাহঁতৰ মাজতহে থাকে। কেণ্টিনত বহিলেও তাই তাৰ পৰা আঁতৰত বহে।অকলশৰীয়াকৈ তাইক লগ নোপোৱা এসপ্তাহেই হ’ল……

ঋষিকাই ইচ্ছা কৰিয়েই কৰে ,আঁতৰি থাকে তাৰ পৰা। নিজৰ মনটোৰ কথা অনুভৱ কৰিবলৈ এৰি থয় অম্লানক । অহেতুক অশান্তি এটা কঢ়িয়াই ফুৰাতকৈ সি নিজৰ ইচ্ছা মতেই নাম দিয়ক সম্পৰ্কটোৰ। তাইৰ আপত্তি নাথাকিব, যি হিচাপেই নিবিচাৰক কিয় সি, তাই সেই হিচাপেই সুখী হ’ব। সম্পৰ্কৰ আওতাত সম্বন্ধ বেয়া হব নালাগে। তাই তেনেকৈয়ে ভাবে।

“ঋষিকা আজি আবেলি এবাৰ লগ পামচোন দেই।এসেনচিয়েলত কিবা লবলৈ যাব আছে মোৰ। ওলাই আহিবাচোন তুমি 5.30 মানত”,
মেছেজ এটা পঠিয়াই অম্লানে।তাৰ মন যায় তাইৰ সৈতে অলপ অকলশৰীয়া হৈ কথা হ’বলৈ। কিন্তু কিয়? ওহোঁ কোনো উত্তৰ নাহে মনৰ পৰা।কিয় হয় এনেকুৱা? সি নিজেই বিচাৰে সাধাৰণ বন্ধুত্ব এটাতে সীমাবদ্ধ হৈ থাকক ঋষিকা আৰু তাৰ মাজৰ সম্পৰ্ক, তাইয়ো হয়তো বুজিছে ,সেয়ে তাই তেনেদৰেই কোনো জটিলতা নাহোতেই ধুনীয়াকৈ মিলাই লবলৈ ধৰিছে সকলো।

কিন্তু মনটো ভাল নালাগে তাৰ, ঋষিকাৰ সৈতে নিৰিবিলিত এখন্তেক বহাৰ হেঁপাহ এটা থাকে তাৰ, সেই সময়টোৰ আলোচনাৰ বিষয় কোনো এটা জটিল অংকই হওক লাগিলে ,কিন্তু একেলগে এপলক বহিবলৈ মন যায় তাৰ। সি বিচাৰে হাঁহি হাঁহি বাগৰি পৰিবলৈ তাই তাৰ বাহুত খামুচি লওঁক , চাইকেলখন ঠেলি ঠেলি তাই তাৰ কাষেৰে খোজ কাঢ়ি আহক।
উম, সি বিচাৰে একাকীত্বৰ মাজত ডুবি থকা তাক জীৱন জিয়াবলৈ শিকোৱা ছোৱালীজনী তাৰ কাষত তাৰ সাহ হৈ থাকক। কিন্তু তাই? তাইৰোটো এটা মন আছে। তাই বা কি ভাবিছে, কথাবোৰ পাক ঘুৰণি খায়। আজি ভালকৈ বহি কথা পাতিব লাগিব। এনেকৈ হলে নচলিব। সি নিজেই নিজক কয়। প্ৰেমৰ সম্পৰ্ক এটাৰ বাবে সি সাজু নহয় মুঠেই। কিন্তু সি তাইক হেৰুৱাব নিবিচাৰে, সি বাৰু স্বাৰ্থপৰ হৈ পৰিছে নেকি? আকৌ প্ৰশ্ন উদয় হয় মনত।

সি ঠিৰাং কৰি লয়, নিজৰ মনৰ কথাবোৰ খুলি জনাব ঋষিকাক। তাই যি ভাল বুলি মতামত দিয়ে, সেইটোৱেই সিদ্ধান্ত হ’ব।

অম্লানৰ মেছেজটো দেখে তাই। ভাল লাগে তাইৰ ,সি তাইক লগ পাব খোজে, ভাল লাগিবৰে কথা। ‘মেৰুণ ৰঙৰ কূর্টাটো পিন্ধি যাম ক’লা চিগাৰেট পেন্টটোৰ লগত, আৰু চুলি খিনি হাফ ক্লাৎস কৰিম। অলপ কাজলো লগাম আজি ।
তাই ভাবি থয় ।আৰু কথা কি পাতিব তাই তাৰ সৈতে? তাই ইতিমধ্যে জুকীয়াই ৰখা কথাখিনি খোলাকৈ পাতিব। দুয়োটাৰ বাবে সেইটো খুব দৰকাৰী মনবোৰ ভালে থাকিবলৈ।

‘5.30ত মোৰ হোষ্টেলৰ আগত ৰ’বা। মই ওলাই যাম। ‘
তেনেই চমুৱাই ৰিপ্লাই কৰে তাই।

পূৰ্ব নিৰ্ধাৰিত সময়ত তাই ওলাই যায়। তাই কোৱা মতেই সি ঋষিকাৰ হোষ্টেলৰ আগত আহি ৰৈ থাকে। ধুনীয়া দেখে তাইক সি।

“ঐ কি কিনিব আছে অ’ তোমাৰ”

অম্লানক দেখিয়েই তাই প্ৰশ্ন কৰে

“নাই এনেই অলপ কিবা কিবি…….. খবৰ কোৱা তোমাৰ”

সিও সহজ ভাবে কথা আগবঢ়াই নিবলৈ বিচাৰে……..

“উম‌ আটছা,মোৰ ভালেই, ভাল হ’ল নে তোমাৰ হাতখন দুখ পাইছিলা যে”

তেনেকৈ একো হোৱা নাছিল তাৰ হাতত, খো- খো খেলোতে ছাল গৈছিল, হ’লেও তাই সুধিলে তাক।অকাৰণতে দুয়োৰে মাজত মহঙা হৈ উঠা আবেলিটোত কথা পাতিবলৈ কথা বিচাৰি তাকেই সোধে তাই।

‘ভাল পালো হাতখন’

মৌন সময় ……..
বুজি পায় দুয়ো, কৰবাত বেয়াকৈয়ে জঁট লাগিছে য’ৰ পৰা শব্দহীন হৈ ৰৈ গৈছে কথাবোৰ । ঠিক ফাল্গু নৈখনৰ দৰে দুয়োৰে অৱস্থা বাহিৰে শুকান, যেন কথাই নাই সিহঁতৰ ক’বলৈ, কিন্তু মনত জুকীয়াই অনা কথাবোৰ বুকুত অগাদেৱা কৰি আছে ।কথাবোৰ ওঁঠেৰে বাক্যৰ ৰূপলৈ সৰি পৰিবলৈ যেন ভয়,কিজানি নঘটিব লগীয়া কিবা এটা হৈ যায়।

“তুমি কিবা বেয়া পায় আছা নেকি…”

অম্লানে নিজেই আৰম্ভ কৰে

“না….ই, না……ই “

আচৰিত হৈ নঁঞাৰ্থ ত মূৰটো জোকাৰি উঠে তাই।

“কথা এটা কওঁ”

কি কব খোজে সি,বুকুখন কঁপে তাইৰ, হ’লেও প্ৰকৃতিষ্ঠ হৈ কয় তাই

“কোৱা আকৌ,পাৰ্মিচন লব লাগে নেকি কিবা?”

সহজ দেখুৱাই হাঁহি এটা মাৰি কয় তাই।

“মই তোমাক হেৰুৱাই দিব নোখোজোঁ জানা, তোমাৰ সাহসৰ হাতখন প্ৰতি মুহূৰ্ততে মই বিচাৰোঁ,কিন্তু মানুহে কোৱাৰ দৰে মই তোমাক প্ৰেমিকা বুলি ভবা নাই, কিন্তু এইটোও সঁচা যে তোমালৈ বুলি মোৰ বুকুত ভাল লগা ভৰি আছে।”

আগ গুৰি নাভাবি চিধাকৈ কৈ দিয়ে অম্লানে।

“ঠিকেই কৈছা অম্লান মইয়ো তোমাক বিচাৰো,কিন্তু প্ৰেমিক হিচাপেই লাগিব বুলি কোনো কথা নাই।মই নিবিচাৰোঁ, সম্পৰ্কৰ মাজত বান্ধ খাই সময়বোৰ অলাগতিয়াল ভাবে জটিল হওঁক। “

অকণো খোকোজা নলগাকৈ কৈ যায় তাইয়ো।

“তুমি কষ্ট পাবা নেকি ঋষিকা?”

“কষ্ট, কিহৰ কষ্ট, বন্ধু বুলি মই তোমাক আজীৱন সামৰি থাকিম, প্ৰতিটো বিপদত প্ৰতিটো সাফল্যত কাষত থাকিম। মোৰ প্ৰয়োজনীয় সময়ত মোৰ সাহস হ’বা তুমি, তাৰ পিছত আৰু কিহৰ কষ্ট?”

“কি জানা, ভালপোৱাৰ নামত মানুহে বিয়া কৰি সংসাৰ পাতিও অসুখী হোৱা মই দেখিছোঁ, সেয়ে এই ভালপোৱালৈ ভয় মোৰ, বুজন হোৱা দিনৰে পৰা!”
“কি জানা অম্লান, ভাললগাৰ পৰা ভালপোৱালৈ বহু যোজন বাট। মানুহে ভুলটো তাতেই কৰে কেৱল ভাললগাবোৰ ওপজি উঠোতেই সম্পৰ্কৰ এনাজৰীত আৱদ্ধ কৰি আগবাঢ়িব খোজে কিন্তু অলপ দিনতে নিজে জোটপুত খাই পৰি ঘূণীয়া হয়।

“ঋষিকা…….”

“উম কোৱা”

“আমাৰ ভাললগাবোৰক ভাল লগা হৈয়ে ৰ’ব দিওঁ, ভালপোৱাৰ নাম দি বদনাম নকৰোঁ….”

“ঠিক, অম্লান তুমি মোৰ মনৰ কথাটোকে কলা। এহাল লৰা ছোৱালী এজন আনজনৰ সহায় অথবা সাহস হোৱা মানেই প্ৰেমিক প্ৰেমিকা নহ’বও পাৰে,ভাল বন্ধুও হ’ব পাৰে। বৰ্তমান আমি বন্ধু হৈ থকাই ভাল মই ভাবো, সময়ৰ সৈতে আগুৱাই গৈ থাকোঁ আগলৈ চাওঁ , নে কি কোৱা?”

তাই শেষৰ কথা কেইটা কৈ তাৰ চকুলৈ চাই পঠিয়ালে, তাৰ চকুযোৰ তিৰবিৰাই উঠিছে,তাই প্ৰত্যক্ষ কৰে। অনাবিল শান্তি তাৰ মুখত বিয়পি পৰিছে। সুখৰ হাঁহি এটা ওঁঠত নাচিছে। তাই নিজেই অনুভৱ কৰে তাইৰ মুখতো এক শান্তিৰ আভা বিয়পি পৰিছে। হয় হয় আউল নলগাকৈ, সিহঁতে এটা জটিল সূত্ৰৰ সমাধান উলিয়াইছে। সুখী হোৱাৰে কথা।

সন্ধিয়াৰ বতাহজাকত উৰি অহা বনৰীয়া ফুল এটাৰ সুবাসে পৰিবেশটো ধুনীয়া কৰি তুলিছে। মেঘৰ নাচোন তেতিয়া ফৰকাল আকাশত, পূৰ্ণ চন্দ্ৰ ওলোৱাৰ আয়োজন কৰি …..

……..(আগলৈ)……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *