……© ৰুণজুন বৰুৱা……
(১১)
ঋষিকাৰ বন্ধুত্বৰ আচ্ছাদনত সৰুৰে পৰা অন্তৰ্মুখী স্বভাৱৰ অম্লানে হাঁহিব শিকে। পঢ়াতেই মনটো গুজিব জনা লৰাটোৱে এজাক ল’ৰা ছোৱালীৰ মাজত বহি একেলগে কফিৰ আড্ডাত বহিব পৰা হয়। ফিল্ডত জুবিনৰ গানৰ তালে তালে বন্ধুৰ কান্ধত হাত থৈ নাচিবলৈ শিকাই তাক এই ছোৱালীজনীয়েই।
“অম্লান আজি মোৰ ৰুমমেটৰ ক্লাছিকেল ডান্স আছে, চাব যাম হা?”
এনোৱল মিটৰ ফুটবল খেলৰ লীগ মেচ খেলি আহি অৱশ শৰীৰটো বিছনাত এৰি দিওঁতেই ঋষিকাই ফোন কৰি তাক লগ ধৰে। কি কব ভাবি থাকোতেই ইথাৰৰ সিপাৰে তাইৰ মাত ভাঁহি আহে,
” তোমাৰ ভাগৰ লাগিছে ন’ অম্লান, হব দিয়া মই ইহঁতবোৰৰ লগতে যামগৈ। তুমি ৰেষ্ট লোৱা, তোমালোকৰ খেল আকৌ কেতিয়া কাৰ লগত পৰিব?”
“পাটকাই মেনচৰ লগতে হব ,কাইলৈ নহব চাগে!
তোমাৰ ড্রইংৰ ৰিজাল্ট আহিল নে?”
দিনটোৰ কথাবোৰ ভগাই লৈ দুয়োৰে সহজ ভাবেই কথা আগবাঢ়ে, কিন্তু তাৰ মনটোৱে তাইক অসুখী কৰিব নোখোজে। সি হঠাৎ কৈ উঠে,
” ঐ সাতটা মানত গলে তোমাৰ ৰুমেটৰ ডান্স চাবগৈ পাম নে?”
“উম পাম পাম তাইৰ নামটো পিছলৈ আছে তাইৰ ষ্টেজত উঠালে চাৰে সাতটা মানেই হব গৈ চাগে। “
তাইৰ মাতত এটা উৎসাহ যোগ হয় , সি অনুভৱ কৰিব পাৰে।
“তেন্তে মই অলপ ৰেষ্ট কৰি লওঁ, 6.30 মানত ৰেডি হ’ম,হ’ব নে?”
“উম হ’ব হ’ব ,তুমি ৰেষ্ট লোৱা, মই তোমাক ক’ল কৰি উঠাই দিম, তুমি জাষ্ট ফোনটো চাইলেণ্ট নকৰিলে হ’ল……”
“অ’কে মহাৰাণী আপুনি যি কয়”
” হি হি ……..বাই”
“বাই”
ভাল লগা এটাই মেৰিয়াই লয় তাক ,তাইৰ মনটো ভাল লগা বাবেই!
“ৱাহ ভাই,আজিৰ প্ৰগ্ৰেম গাৰ্ল ফ্ৰেণ্ডৰ লগত চাবলৈ যাবি আৰু”
প্ৰাচুৰ্য আৰু অৰ্ণৱ দুয়োটাই তাক জোকায়।
অম্লানে অন্য দিনাৰ দৰেই তেতিয়াও নাকচ কৰে কথাষাৰ
“তাই মোৰ ভাল ফ্রেণ্ড ৰে ভাই, একো গাৰ্ল ফ্রেণ্ড চাল ফ্রেণ্ড নহয়। এনেই কিয় কামোৰ দিয় বে”
তাইটো মোৰহে ক্লাছমেট তেন্তে মোক ফোন কৰিহে লগ ধৰিব লাগিছিল, তোক যে লগ ধৰিলে কিয়, তইটো আমাৰ চিভিলৰো নহয়?”
অৰ্ণৱৰ প্রশ্নটো শুনি মনে মনে থাকে সি, কি ক’ব এতিয়া
“এহ এইবোৰ মই নাজানো যাহ, মোক শান্তিত ৰেষ্ট লব দে’ কামুৰি নাথাক ভাই তহঁতে।”
” দে’ দে’ শুই ল’ অলপ পিছত দেটিং ত ফ্ৰেছ লুকচ লৈ যাব লাগিব না”
দুয়োটা হাঁহি হাঁহি ওলাই যায়। সি বিচনাখনত ওলোটা হৈ পেট পেলাই বাগৰি লয়। লগৰ চবেই সিহঁতক জোকায়। কিন্তু সি কোনো দিন সুধি চোৱা নাই ঋষিকাক , তাইয়ো কোনো দিন একো কোৱা নাই তেনেকৈ। কিন্তু তাইৰ ক্লাছ শেষ হলেও তাই চাইকেলখন লৈ ৰৈ থাকে চাইকেল ষ্টেণ্ডটোত তালৈ। তাই কিবা কাৰণত লাইব্ৰেৰী নাহিলে লাইব্ৰেৰীটো উৰুঙা উৰুঙা লাগে তাৰ। এচেন্সিয়েলৰ আগত বহি কফি কাপ খাবলৈ ললে এনে লাগে যেন শেষ নহওঁক কফি কাপ। চাইকেল ঠেলি ঠেলি হোষ্টেললৈ ক্লাছৰ শেষত উভতি আহোঁতে হোষ্টেলৰ মুখ পাই কৈ উঠে তাই
“ইয়ে আহি পায়েই গলো!” তাইৰ চকুৱে মুখে ফুটি উঠা বিৰক্তি খিনিয়ে স্পষ্টকৈ কৈ দিয়ে বাটটো আৰু অলপ দীঘলীয়া হোৱা হ’লে”
তেন্তে সিহঁত বাৰু এটাই আনটোৰ প্ৰেমত পৰিছে নেকি? প্ৰশ্নটো সি নিজকে কৰি চাই। নাই নাই প্ৰেম চেম এইবোৰ একো নাই। এইবোৰ কৰিবলৈ সি উনিভাৰ্চিটিলৈ অহা নাই। প্ৰেমৰ পৰিণতি সি দেখিছে, তাৰ এইবোৰৰ বাবে সময় নাই ,ভাল বন্ধু সিহঁত বেলেগ একো নাই,নিজকে বুজাই সি।
তাৰ চিন্তাৰ গতিটোত যতি পেলাই ফোনটো বাজি উঠে, ঋষিকা কলিং………
তাইৰ লগত প্ৰগ্ৰেম চাবলৈ যাবলৈ মুঠেই মন নাথাকে তেতিয়া তাৰ, কিন্তু ফোনটো নললে বেয়া হ’ব……
সি ফোনটো ৰিচিভ কৰে,
“ঐ মহাপুৰুষ উঠা ৰেডী হোৱা, যাব লাগে, প্ৰগ্ৰেম ষ্টাৰ্ট হ’ল হেনো”
“অঃ হয় নেকি, ওলাও ৰবা”
লগাতকৈ বেছি গহীন হৈ কোৱা কথাষাৰত মেৰ খাই থকা জঠৰতা খিনিৰ উমান কৰিব পাৰিয়েই তাই কয়
” তোমাৰ খুব ভাগৰ লাগিছে ন’, গাটো বেয়া বেয়া লাগিছে ন’ বুজিছোঁ মই । মই অলপো বেয়া নাপাওঁ। তুমি আহিব নালাগে। ভালকৈ ৰেষ্ট লোৱা , বুজিছা।”
“তুমি কেনেকৈ জানিলা”
” বুধু, তোমাৰ মাতটো শুনিলেই ধৰিব পাৰি, এতিয়া বাই হা, মই ৰেডি হওঁ পিছত কথা পাতিম, তা তা….”
তাই নেদেখুৱাই তাৰ আগত, কিন্তু তাই তাৰ হঠাৎ সলনি হোৱা মনটোৰ আচৰণত কষ্ট পায়। সিহঁতক প্ৰেমিক প্ৰেমিকা বুলি কোনোবাই জোকালেই হঠাৎ আৱতৰীয়া ক’লা মেঘ এচাতিয়ে তাৰ মুখত আহি ভিৰ কৰেহি। তাই প্ৰায়েই মন কৰে।
তাই নিজক সুধি চাই,
‘ ভালপাওঁ নেকি মই অম্লানক?’
এটা প্ৰশান্তিৰ বতাহে, চুই দিয়েহি তাইৰ বুকুখনত। শান্ত বুকুৰ উশাহত এটা অময়া সুৰে ৰৈ ৰৈ এটা নামেই লৈছে ‘অম্লান’!
তাইৰ সৈতে কটোৱা সময়বোৰত জীপাল হৈ উঠে অম্লান তথাপিও তাৰ চকুযোৰত শেষ বিন্দু এটা শ্লেষ ৰৈ যায়।
“যাওঁ বলা ঋষিকা, দেৰি হ’ল!”
নতুবা
“কাম আছে মোৰ কাইলৈ লগ পাম দিয়া,এতিয়া যাওঁ”
কিবা এটা কৈ আঁতৰি যাব খুজিছে সি……..
বুজি পায় তাই।
“বলা যাওঁ মোৰো ভাগৰ লাগিছে”,
অথবা “মোৰো কাম আছে ৰুমত যাওঁ বলা”
একদম সাধাৰণ ভাবে কয় তাই।
আচলতে তাক নিজৰ দুনীয়খনত নিজৰ সৈতে কথা পতাৰ সুবিধা কৰি দিয়ে তাই।
প্ৰয়োজন নিজৰ বাবে একান্ত সময় এটা, প্ৰতিজন মানুহক। কথাবোৰ ভগাই লব পৰাকৈ সন্মুখৰ মানুহজন সুবিধাজনক বুলি অনুভৱ কৰিলে স্বতঃস্ফূৰ্ত ভাবেই বুকুত জমা হৈ ৰোৱা শিলবোৰ বৰফ হৈ গলে। তাৰ বাবে সময়ক সময় দিয়াই মহৌষধ।
সেই বাবেই ঋষিকাই অপেক্ষা কৰে, অম্লানে নিজেই অনুধাৱন কৰালৈ। যি দিনা বুকুৰ অব্যক্ত বেদনাৰ পাহাৰখন ভাঙি তাইৰ আগত কথাবোৰ কবলৈ সি নিজকে সহজ অনুভৱ কৰিব ,সেইদিনা তাৰ দুখবোৰ ভগাই লব। তাক সুধি অযথা আমনি নকৰে তাই।
কিন্তু তাইৰ সংগ অম্লানৰ প্রিয় ,তাই ভালকৈ বুজিব পাৰে। সেয়ে মুখ খুলি নকলেও সি বিচৰা সময়কণত তাৰ সৈতে সময় কটাই তাই। হঠাৎ তাইৰ উপস্থিতি উপেক্ষা কৰিলেও তাই অভিমানী হৈ নুঠে। তাৰ বুকুৰ মাজৰ ধুমুহা জাকৰ উমান পায় তাই। সেয়ে অপেক্ষাৰ বাটটোতে তাই ৰৈ থাকে,এদিন সেই বাটে সুৰুজ নমাৰ আশাৰে।
ভালপাবলৈ অজুহাত নালাগে। কিন্তু অনুৰাগবোৰ বিশৃংখল হৈ সম্বন্ধৰ বাটত বেমেজালি কৰক সেইয়া মুঠেই কাম্য নহয়। যি ধৰণৰ সম্বন্ধ নহওক কিয়, সেই সম্বন্ধত দুয়ো পক্ষৰ সমান মতামত থকা দৰকাৰ , হয় এই নামেৰে বিভূষিত হব আমাৰ সম্পৰ্ক।
“ভালপাবলৈ ভালগাবোৰেই জানো যথেষ্ট, অথবা জোৰ কৰি জানো ভালপোৱা যায়?”
নিজকে সোধে তাই,
“ওহোঁ ,ভালপোৱা দাবী কৰা নাযায়, একেই অনুৰাগ দুখন হৃদয়ত সমানুপাতিক ভাবে নিৰবধি হৈ বৈ থকাটোহে ভালপোৱা।’
মনৰ মাজত উত্তৰটো তেনেকৈয়ে অনুড়িত হয় ঋষিকাৰ।
প্ৰেৰণা হব তাৰ, তাতো শান্তি আছে।বন্ধুত্বৰ হাতত ধৰি সময়বোৰ ভগাই লোৱাটোও অন্য এক প্ৰাপ্তি ।প্ৰেমৰ নামত দুখন হিয়া বান্ধি দিয়াই জানো ভালপোৱা? সম্বন্ধ এটাত প্ৰেমৰ সম্পৰ্কক স্বীকৃতি দি কি লাভ যদি তাত পৰস্পৰৰ বাবে সন্মান নাথাকে, আপোচহীন হৈ মাথোঁ নিজৰ স্বাৰ্থত বিলীন হয় প্ৰেমিক হৃদয়, তেন্তে সেই সম্পৰ্কত প্ৰেমৰ অপমান কৰি নিজৰ ভালপোৱাৰ শ্ৰাদ্ধ পাতে সেই প্ৰেমিক যুগলেই, কিন্তু পৃথকে।
বন্ধুত্বৰ চাদৰখন উপযুক্ত আজিৰ তাৰিখত সিহঁত দুটাক বান্ধি থবলৈ। জটিল সমীকৰণ কৰি আউল লগোৱাতকৈ কথাবোৰ সৰলীকৰণ কৰাই ভাল। তাই নিজেই নিজকে কয়।
কিন্তু তাইৰ দুখ লাগে , অম্লানে বাৰু মই তাৰ গাৰ্ল ফ্রেণ্ড হব বিচাৰো বুলি ভাবে নেকি?
নাই নাই সি এনেকৈ কষ্ট পোৱাটো উচিত নহয়।কাইলৈ লগ কৰি স্পষ্টকৈ সুধিব লাগিব তাক। ঋষিকাই মনৰ মাজত সিদ্ধান্ত লয়।
…….(আগলৈ)……..