……© ৰুণজুন বৰুৱা……
(৮)
অস্তাচলৰ হেঙুলীয়া সূৰ্যটোত মায়া বিচাৰি পাই অম্লানে, জীয়াই থকাৰ মায়া।সেই মায়াতেই আবদ্ধ হৈ আগন্তুক সময়ৰ সৈতে মুকাবিলা কৰাৰ জোখাৰে নিজৰ মাজত নিজকে শক্তিশালী কৰি লয় সি।
তাৰ কুমলীয়া মনটোত সাঁচ বহি যোৱাকৈ এই নৈৰ পাৰতেই বহি দেউতাকে তাক জীৱনবোধৰ পাঠ দিছিল সেইদিনা,কেতিয়াৰ কথা আছিল সেইয়া?
হায়াৰ চেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষা দি ঘৰলৈ আহিছিল সি তেতিয়া,দুদিনমান ঘৰত থাকিবলৈ। আইতাকৰ গাত লাগি থকা নহৰু ফুটাই তেল মৰা দাইলখনৰ সুবাস বিচাৰি সি আহিছিল ঘৰখনলৈ, আইতাকৰ গাৰ গোন্ধটোত তাৰ শৈশৱৰ সমস্ত ভালপোৱাৰ পৰিধি বন্ধা আছিল । মাকে মৃত আইতাকৰ কোঠাটো কেতিয়াবাই গেষ্ট ৰুমলৈ পৰিৱৰ্তিত কৰি বিশেষ বন্ধুৰ সৈতে মদৰ আড্ডা কৰি তোলা কথা সি গমেই পোৱা নাছিল। নাপাবই সি,মোমায়েকে সেই প্ৰথম শ্ৰেণীত থাকোতেই তাক লৈ যোৱাৰ পিছত এইখন ঘৰত থকাকৈ অহাই হোৱা নাছিল তাৰ।
দেউতাকৰ কোঠালিটোত সৰুতে আইতাকৰ লগত মাটিত পেট পেলাই বহি ছবি আঁকিবলৈ শিকা দিনৰে ছবি অঁকা বহিবোৰ বিচাৰি আহি দুৱাৰ মুখতে স্থানু হৈ ৰৈ গৈছিল অম্লান।কোনোদিনে মাকৰ ব্যৱহাৰত ক্ষুণ্ণ নোহোৱা লৰাটোৰ মাকজনীলৈ অদ্ভুত খং উঠিছিল তাৰ; দেউতাকৰ কোঠাটোত মোমায়েক আৰু দেউতাকৰ কথোপকথন শুনি, নতুনকৈ ডেকা হোৱা অম্লানৰ বিতৃষ্ণাত মুখ কোচ খাই আহিছিল।
উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাৰ, ছিঃ ইমানবোৰ পাপ কথা জানিও দেউতাকে মোমায়েকক উদ্দেশ্য কৰি কোৱা কথা কেইষাৰ শুনি।
: “অনিমেশ মই জানো মনাৰ শৰীৰত সেইয়া মোৰ সন্তান নহয়, সেই সন্তান মোৰ হোৱাৰ কোনো অৱকাশেই নাই।গিৰীয়েকৰ অধিকাৰে তাইক অম্লান তাইৰ গাত থিতাপি লোৱাৰ পিছত চুৱেই পোৱা নাই মই। কিন্তু সেই বুলিয়েই মই মোৰ স্বামী হোৱাৰ দায়িত্ব পালন নকৰাটো উচিত হ’ব জানো? এতিয়া মানুহে কথাটো সন্দেহ কৰিছে, মই যদি তাইক এতিয়া এৰি দিওঁ,কথাটো সত্য বুলি প্ৰমাণিত হব আৰু মনাৰ অপমান হব সমাজত। মই জীয়াই থাকোতেই তাইৰ গাত ব্যভিচাৰী হোৱাৰ দাগ লাগিব সেইয়া হ’ব নিদিওঁ। তাইৰ নিৰাপত্তা মোৰ দায়িত্ব, তাইৰ ভুল হ’ল মই মানিছোঁ, কিন্তু তাইৰ ভুলৰ শাস্তি হিচাপে মই তাইক অকলশৰীয়া কৰিব নোৱাৰো,তাইক এই মুহূৰ্তত মোৰ আটাইতকৈ বেছি প্ৰয়োজন আছে। মই তাইক এতিয়া আঁতৰাই পঠিয়াব কোনো পধ্যেই নোৱাৰো। সেই সন্তান যাৰেই অংশ নহওক দহে প্ৰীতম মনালিছাৰ সন্তান বুলিয়েই জানিব লাগিব সেই সন্তানক।”
দেউতাক মোমায়েকৰ কথাবোৰ মনে মনে শুনি থকা অম্লানে এটা সময়ত নিজৰ অলক্ষিতে এটা বিকট চিঞৰ মাৰিছিল, তাৰ চিঞৰ শুনি তেওঁলোক দৌৰি ওলাই আহিছিল।
তাৰ সৈতে কথা পতাৰ অত্যন্ত প্ৰয়োজনীয় বাবেই প্ৰীতমে তাক লৈ নৈ পাৰ পাইছিলহি। সি বেয়া পোৱা নাছিল, এজাক মুকলি বতাহৰ আৱশ্যকতা সি বাৰুকৈয়ে অনুভৱ কৰি আছিল তেতিয়া।
ভাদমহীয়া গৰমৰ পৰা মানুহক সকাহ দিবলৈকে বতাহজাকে প্ৰশান্তি বোৱাই লৈ ফুৰিছিল। নৈখনত খৰাং নমাৰ প্ৰস্তুতি তেতিয়া, কিন্তু তাৰ বুকুত শাওনীয়া বৰষুণৰ ঢল নামিছিল দেউতাকে তাৰ মূৰত আঙুলি ফুৰাই ফুৰাই কৈ যোৱা কথাবোৰ শুনি………
দেউতাকে তাক কৈ গৈছিল
জীয়াই থাকিবৰ বাবেও প্ৰতি নিয়ত এখন অঘোষিত যুঁজত অৱতাড়িত হয় প্ৰতিজন মানুহ। বেছি ভাগ সময়ত এই যুঁজত নিজৰ মাজতে থকা ভয়াতুৰ মইজনক হৰুৱাব পৰাটো এটা গভীৰ প্ৰত্যাহ্বান হয় নিজৰ বাবেই।
পুঞ্জীভূত দুখ,ক্ষোভৱোৰে সুযোগ পালেই তুমি সিহঁতক বান্ধি থোৱা লোহাৰ শিকলি ডাল চিঙি দুৰ্বল মনটোক ভয় খুৱাব, খং তুলিবলৈ চাব; তোমাৰ মাজত থকা ভয়াতুৰ তুমিজনক উন্মাদ কৰি তুলিবলৈ। সেই সময়খিনিত তুমি অসীম সাহসেৰে প্ৰথমে সেই দুখ আৰু ক্ষোভবোৰক পৰাভূত কৰিবলৈ নিজকে শক্তিশালী কৰি ৰাখিব জানিব লাগিব।দুখ ,ক্ষোভবোৰ নিয়ন্ত্ৰণধীন হৈ পৰিলেই নিজৰ মাজত থকা ভয়াতুৰ মইজন শুই পৰিব।তুমি জীৱনৰ যুঁজত জিকিব পাৰিবা।
কিশোৰ অৱস্থা পোৱা লৰাটোৱে পলক নেপেলোৱাকৈ নৈৰ বুকুত জিৰাবলৈ লোৱা সূৰ্য্যটোলৈ চাই আছিল তেতিয়া। হয় হয় সি সূৰ্য্য হ’ব লাগিব। দেউতাকৰ জীৱনটোৰ অন্ধকাৰবোৰ নাশিবলৈ সি প্ৰভাতি পুৱাৰ অৰুণ হ’ব।
কথাবোৰ মনৰ মাজতে পাগুলি পাগুলি সি পিছ পৰি ৰৈ যায়, দেউতাক আৰু মোমায়েক তেতিয়া নৈৰ গৰাটোত বহি কিবা এটা আমোদজনক কথাত মচগুল হৈ থকা তাৰ চকুত পৰে। ভাল লাগে তাৰ জীৱনৰ পাশাত বাজী হাৰি হাৰিও অক্লান্ত ভাবে যুঁজি থাকিব জনা দেউতাককলৈ তাৰ গৰ্বত বুকু ফুলি উঠে………..
দেউতাক আৰু মোমায়েকৰ এখন ফটো তুলি ৰাখে সি নিজৰ মোবাইলৰ কেমৰাত। ফোনটো পকেটত ভৰাই থবলৈ লওঁতেই মোবাইলৰ স্ক্ৰীণত এটা মেছেজ জিলিকি উঠে,
“দেউতাৰ গা বেছি বেয়া হৈছে নেকি, ৰাতিপুৱাৰে পৰা তোমাৰ খবৰ নাই, বেছি অসুবিধা হৈছে নেকি?”
ঋষিকাৰ মেছেজটোৱে তাৰ মুখত জান নাজান হাঁহিৰ ৰেখা এডাল আঁকি দিয়ে………
…..
……..(আগলৈ)……..