……© ৰুণজুন বৰুৱা……
(৫)
অন্তহীন ভাললগা এটাত স্ব -ইচ্ছাই আকণ্ঠ ডুবিব খোজা ছোৱালী জনীৰ মুখখনত ফুটি উঠা দৃঢ়তাত মানুহজনী নিশ্চিত হৈছিল। পুতেকৰ হাতখনত বিপদত মুঠি মাৰি ধৰিবলৈ এখন সবল হাতৰ সন্ধান পায়। কিবা এটা নাম নজনা মোহত মানুহজনীয়ে তাইক সাৱটি লয়,কেৱল মমতাই নাথাকে সেই স্নেহস্পৰ্শত।
অনুষ্টুপীয়াকৈ কিন্তু যথা ৰীতি অনুসৰি মনালিছা আৰু প্ৰীতমৰ বিয়াখন পাতি পেলোৱাৰ সিদ্ধান্ত লোৱাৰ পৰা চুবুৰীটোত বিয়াৰ যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ হয়। প্ৰীতমৰ মাকে নিজৰ বিয়াৰ গহনাখিনিকে নতুনকৈ গঢ়াবলৈ দি আহে, সাঁচতীয়া পইচা কেইটাৰে সি তাইলৈ তাৰ পছন্দৰ ৰঙৰ পাটৰ কাপোৰ এযোৰ আনে। বন্ধু বৰ্গ আৰু চুবুৰীয়া মানুহখিনিৰ তৎপৰতাত সঁচাকৈয়ে তিনি দিনৰ ভিতৰতে আয়োজন সম্পূৰ্ণ হৈ উঠে। প্ৰীতমৰ ঘৰৰ পদূলিত কলপুলি ৰোৱাৰ পৰা ৰভা-পৰলা দি প্ৰতিটো কামত সহায় কৰি অহা নিৰঞ্জনৰ পৰাই অনিমেশে এটা এটা সবিশেষ খবৰ লৈ থাকে। বুকুৰ বিষটো বাঢ়ি আহে তাৰ,একালৰ প্রিয় বন্ধুলৈ অদ্ভুত হিংসা হয় তাৰ।
আঃ, কি অদ্ভুত শক্তি এই প্ৰেমৰ। তিনি বছৰীয়া এটা সম্পর্কৰ হাত ধৰিবলৈ একৈশ বছৰৰ এনাজৰী ডাল তুচ্ছ হয় মৰমৰ ভনীয়েকৰ বাবে। মৰম দিয়াত সিটো অলপো কৃপনালী কৰা নাছিল ভনীয়েকক? প্ৰয়োজন সাপেক্ষে তাইৰ কোচত মাক ,বাপেক দুয়োৰ ৰূপ ধাৰণ কৰি সি মৰম বাকী দিছিল।অথচ প্ৰীতমৰ মৰমত তাই দেউতাক আৰু দাদাকৰ কথা এবাৰো নভবাকৈ ঘৰ এৰিয়েই গুচি গ’ল…..
ভনীয়েকৰ সৈতে সৰু কালতেই তোলা ফটোএখনত মন্ত্ৰমুগ্ধ হৈ চাই ৰয় সি। ইমান ডাঙৰ হৈ গ’ল তাই।নিজৰ সিদ্ধান্তও নিজেই লব পৰা হৈ গ’ল…. দেউতাকে কোৱাৰ দৰে সঁচাই জানো মৰি গ’ল?কথাষাৰ মনলৈ অহাত অনিমেশৰ দুগাল তিয়াই লুণীয়া চকুপানী অলপ বৈ আহিল। দেউতাকৰ গোমোঠা মুখখনত অশেষ চেষ্টা কৰিও কোনো উৱাদিহ বিচাৰি উলিয়াব নোৱাৰে সি,কি ভাবি আছে বাপেকে, গতিকে সি কইনাৰ সাজত ভনীয়েকক এবাৰ চোৱাৰ হেঁপাহটো বুকুতেই সামৰি থয়।তেওঁ কি ভাবি আছে।উঠি গৈ মাকৰ দিনৰে আলমাৰীটো খুলি বস্তু কেইপদ সি এবাৰ এনেই পৰীক্ষা কৰি চালে। নিৰঞ্জনক এক বজাত লগ কৰাৰ কথা, ঘড়ীটোলৈ চাই পঠিয়ালে সি আধাঘণ্টা আছে তেতিয়ালৈ ,হ’লেও সি কাপোৰ সাজ সলাই সাজু হোৱাটো উচিত বুলি ভাবে।
বিয়াৰ দিনালৈকে মনালিছাক প্ৰীতমহতঁৰ কাষৰ মৌচুমীহতঁৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই কেইদিন তাইৰ মনৰ পখিলাজনী উন্মনা হৈ উৰিছে। বিয়া হ’ব তাইৰ, কইনা সজাৰ হেঁপাহটো সঁচা হ’ব তাইৰ, ৰঙৰ লিপষ্টিকটো আঁকি লব ওঁঠত কইনা সাজযোৰ আৰু শিৰৰ ৰঙা সেন্দুৰৰ সৈতে মিলায় আৰু চকুত ডাঠকৈ কাজল লব, প্ৰীতমে তাইৰ কাজল সনা চকুযুৰি খুব পচন্দ কৰে সেই কাৰণেই।নিজৰে কইনা ৰূপটো কল্পনা কৰি লাজ লাগি যায় তাইৰ, প্ৰীতমক কেনে লাগিব বাৰু দৰা সাজত কল্পনা কৰি চাই তাই।ককায়েকটো অহা হ’লে অন্য নহলেও, দেউতাক নাহিব তাই সেইটো কথাত নিশ্চিত ।
প্ৰীতমহঁতৰ ঘৰত চোতাল ঘৰ ভৰা এজাক মানুহৰ উদুলি মুদলি। উজ্জল নীলা পাটৰ কাপোৰজোৰে মনালিছাক তুলি ধৰিছে ।ওৰণীৰ তলৰ কপালৰ ৰঙা বেলিটো আৰু শিৰৰ সেন্দুৰীয়া আলিটোৰে সৈতে তাইক সাইলাখ এজনী দেৱীৰ দৰেই দেখা গৈছে। নিৰঞ্জনে দৰা কইনাক উপহাৰ দিবলৈ গৈ বিশেষ এটা টোপোলা মনালিছাৰ হাতত তুলি দিছে। “ল’ এইয়া অনিমেশে তোক দিবলৈ কৈছিল”
টোপোলা টু খুলি তাইৰ দুচকু ভৰি আহে
“দাদা মোৰ বিয়াত তই মোক উপৰিঞ্চি উপহাৰ কি দিবি?’
“উপৰিঞ্চি উপহাৰ সেইটো আকৌ কি?”
“মানে সেইটো তই মোক দিয়া মৰমৰ বিশেষ উপহাৰ!”
“হব দে’ তই কেঁচা সোণৰ গহনা খুব ভালপাওঁ নহয়, তেনেকুৱা গহনা এটাকে দিম, হব!”
কথাখিনি মনলৈ অহাত তাইৰ চকুপানীবোৰ অবাধ্য হৈ ভেটা ভাঙি বৈ আহে।………
প্ৰীতমে তাইৰ হাতখন নিজৰ হাতৰমুঠিত তুলি লয়।
“নাকান্দিবা মনা, তুমি কন্দা মানেই অনিমেশ আৰু দেউতাৰ মনত দুখ দিয়া হ’ব, মোৰ সৈতে সুখী হোৱাৰ সাহস কৰি ওলাই অহা তুমিজনীক অপমান কৰা হ’ব। তুমি আৰু সাহসী হ’ব লাগিব জান”
সি উপহাৰ টোপোলাটোৰ পৰা ধুনীয়া ডুগডুগী ডাল উলিয়াই আনি তাইৰ ডিঙিত পিন্ধাই দিয়ে। চোৱা এতিয়াহে তোমাক ধুনীয়া লাগিছে বুলি সি তাইৰ নাকটো চেপি দিয়ে। কান্দোনৰ সুৰটো হাঁহি এটালৈ গতি লয়, দুগদুগী ডাল হাতেৰে চুই চাই তাই।মিচিকিয়া হাঁহি এটা ওঁঠেৰে সৰি পৰে।
লগ্নৰ সময় নিশা দহ বাজি চল্লিছ মিনিটত।চোতালৰ মাজত হোমাগ্নিক আগত লৈ প্ৰীতম বহি থাকে ,পাতৰ চেলেং চাদৰ,গামোচা ,চুৰিয়া,আৰু মূৰত তুলসীৰ মালাডালৰ সৈতে তাক দেখি মনালিছাক লাজে আগুৰি ধৰে। কইনা সাজেৰে দীঘলকৈ ওৰণী টানি তাৰ নিচেই কাষত বহি থকা বুকুৰ মইনা চৰাইজনীৰ জোন যেন মুখখন চাবলৈ প্ৰবল ইচ্ছা জাগে তাৰ। কিন্তু মানুহবোৰৰ জোৰা নামবোৰৰ প্ৰকোপত সি সেই ইচ্ছা প্ৰকাশ নকৰে,আৰু বেছিকৈ জোকাব তেওঁলোকে তাকে ভাবিয়েই।
এখন ভৰা সমাজ, হোমৰ জুই আৰু এবুকু ভালপোৱাক সাক্ষী কৰি দুয়ো সামাজিক বান্ধোনেৰে পতি-পত্নীৰ স্বীকৃতি পায়।
বাহি বিয়াৰ দিনা পৰিয়ালৰ মানুহবোৰক ন-কইনাই চাহ কৰি দিয়া পৰ্বত তাই উচ্ছাসেৰে ভাগ লয়। মানুহবোৰৰ খুহুতীয়া কথাবোৰত তাইৰ গাল দুখন পকা সুমথিৰাৰ বৰণ লয়।
পাকঘৰৰ পৰা তাই এপাক নিজৰ ৰুমলৈ যায়।প্ৰীতমক এবাৰ বুকু ভৰি চাবলৈ মনত তীব্র হেঁপাহ এটা জাগে তাইৰ। চাহকাপ দিবলৈকো তাক বিচাৰি পোৱা নাছিল তাই। বাৰীৰ চুকত গৰু এৰাল দিবলৈ গৈছিল হেনো সি।খেলিমেলি হৈ থকা ৰূমটো ঠিক কৰিবলৈ বুলি তাই দৰা সাজৰ চুৰিয়াখন তুলি লয়।
হঠাৎ তাইৰ কঁকালটো পিছফালৰ পৰা বলিষ্ঠ দুখন হাতে সাৱটি ধৰে। আকাংক্ষিত স্নেহ স্পৰ্শত তাই নিজকে সেই দুবাহুত এৰি দিয়ে। আৰু জোৰেৰে সাৱটি লয় প্ৰীতমে তাইক। তিতা চুলি কোচাত মেৰিয়াই থোৱা গামোচাখন লাহেকৈ খহি পৰে, তাইৰ। তপত নিশ্বাসৰ স্পৰ্শ এটা তাই ডিঙিৰ কাষতে অনুভৱ কৰে, সদায় ভুকু এটা,ঢকা এটা সহজেই পিঠিত বহুৱাই আঁতৰি যাব পৰা মানুহজনলৈ তাইৰ লাজ লাগি যায়।ঘপকৈ ঘূৰি তাৰ বুকুত মূৰটো সুমুৱাই দিয়ে তাই। পৃথিৱীৰ সবাতোকৈ নিৰাপদ স্থানত নিজকে আবদ্ধ কৰি লয় নিজকে তাই।সময় ৰৈ যা তেনে এটা প্ৰাৰ্থনা তাইৰ অগোচৰেই দুটি ওঁঠত বিৰবিৰাই উঠে। মিহিকৈ কঁপি থকা ওঁঠযোৰত নিজৰ উষ্ম ওঁঠযোৰ গুজি দিয়ে সি। পৰম হেঁপাহেৰে চুহি লয় তাই তাৰ ওঁঠৰ সুধা……….
………(আগলৈ)…….
Bor bhal lagise pohi