…..ছন্দামিতা ঠাকুৰীয়া…..চিৰাজুলি, শোণিতপুৰ….
টাইমলাইনখন স্ক্ৰ’ল কৰি কৰি ঘপককৈ এঠাইত আঙুলিটো ৰৈ গ’ল জুস্মিতাৰ৷ কিবা এটা পেজৰ পৰা দিয়া হৈছে ফ’টো খন৷ প্ৰায় উলংগ ,বোকাত লুতুৰিপুতুৰি, বীভৎস হৈ পৰা ছোৱালী এজনীৰ ফ’টো৷ ব্লাৰ কৰি দিয়া হৈছে, ভালদৰে মনিব নোৱাৰি৷ তলত লিখা আছে “জাষ্টিছ ফ’ৰ ভাৰতী”৷ মানে আকৌ এটা ৰেপ কেছ৷ কিছু তললৈ স্ক্ৰ’ল কৰাত তাই দেখিলে ইউনিভাৰ্চিটিত একেলগে পঢ়া বান্ধৱী এজনীয়ে ধৰ্ষণ সন্দৰ্ভত লিখা এবকলা৷ ওহোঁ পঢ়িবলৈ মন নগ’ল৷ ধৰ্ষণনো কি, আজিকালি ভাতৰ লগত পানী খোৱাৰ দৰে কথা হ’ল৷ জুস্মিতাৰ আজিকালি কাৰো বাবে ফেচবুকত একো লিখিবলৈ মন নাযায়৷ এই বিষয়ে কাৰো লগত একো পাতিবলৈও মন নাযায়৷ এনেকুৱা নহয় যে তাই বিচলিত নহয়, কিন্তু বুকুৰ ধৰফৰনি খিনিক ফেচবুকত তুলি ধৰিবলৈ ল’লে হাত খন কঁপে, তেজ উতলি আহে৷ এইবোৰ লিখি লাভ কি?
সেয়া কিমান দিনৰ কথা? দুবছৰ? সমীপৱৰ্তী ৰাজ্যখনত যে দুটাকৈ অসমীয়া ল’ৰাক সোপাধৰাৰ সন্দেহতে হানিখুচি হত্যা কৰা হৈছিল..৷ ৰাজ্যত কিমান প্ৰতিবাদ কিমান হাহাকাৰ! ফেচবুকত লিখি, হোৱাটছএপৰ ডি.পি এন্ধাৰ কৰি কিমান দিনলৈ ডিজিটেল প্ৰতিবাদো চলি থাকিল৷ ঘৰে ঘৰে পদূলিত চাকি জ্বলিল৷ কিন্তু মনৰ জুইকুৰা নুমালনে? ধৰা পৰাৰ পাছতো দোষীয়ে উপযুক্ত শাস্তি পালেনে? তাৰ পাছতো কিমান গনপ্ৰহাৰ, কিমান ধৰ্ষণ হৈ গ’ল তাৰ কোনে হিচাপ ৰাখে? মানুহটো তেনেকৈয়ে চলি আছে ৷ চলি থাকিব৷ #ৰাজ #সীমান্তৰ জাষ্টিছ বিচাৰি ফেচবুকত লিখা ২৩বছৰীয়া ল’ৰাটো চোন একেধৰণেই চাহ বাগানৰ অঞ্চল এটাত ফুৰিবলৈ গৈ গনপ্ৰহাৰৰ বলি হ’ল৷ উভতি আহিল ডেডবডি হৈ৷ খবৰ পাই ল’ৰি যোৱা বাপেক বায়েকে সমুখৰ পৰা চাই থাকিল, চায়েই থাকিল! দুই তিনিদিনৰ মূৰে মূৰে একোটা ধৰ্ষণ কাণ্ডৰ খবৰ৷ ধৰ্ষণ, তাৰ পাছত মাৰ্ডাৰ৷ একেবাৰেই যেন সহজ কথা ৷ গহপুৰ,বাক্সা, শিলচৰ, ডিব্ৰুগড়…..কোন ঠাইত ৰেপ নহয়?কি ছোৱালী কি বোৱাৰী কি মাতৃ কোনো বাদ নাযায়৷ অহ্, কেইদিনমান আগতে যে এগৰাকী মাতৃক পুত্ৰ পিতৃ মিলি মানুহ লগাই জ্বলাই দিছিল! নিউজৰ উপৰি নিউজ৷ সদায় নতুন নতুন তথ্য৷ ইমানৰ পিছতো কিদৰে লিখা যায় জাষ্টিছ ফ’ৰ…???
জুস্মিতাই আজিকালি বেগত এখন চুৰি লৈ ফুৰে৷ চিনাকি অচিনাকি সকলোকে একো একোজন ক্ৰিমিনেল যেন লাগে তাইৰ৷ বাছ, ট্ৰেকাৰত উঠিবলৈ লৈ প্ৰথমে চকু ফুৰায়, আছেনে আন কোনো মহিলা? আছেনে? নে সুযোগ বুজি দেহৰ অংগত হাত ফুৰোৱা, চকুৰে ধৰ্ষণ কৰা এচাম মানুহৰূপী দানৱ পিয়াপি দি আছে? ওহো কাকো বিশ্বাস নকৰে তাই৷ কাকো ভৰষা নকৰে৷ মুখত দৃঢ় হৈ থাকিলেও দিন দুপৰতে নিজম নিতাল বাট বোৰলৈ তাইৰ ভয় লাগে৷ কোনে জানে কোন কেতিয়া কাৰ কামনাৰ বলি হয় !
ছোৱালীজনী দলিত৷ ধৰ্ষণকাৰী উচ্চবৰ্ণৰ৷ নাচাও বুলিও নিউজটোলৈ চকু যায় জুস্মিতাৰ৷ ফেচবুকৰ প’ষ্ট বোৰলৈ চকু যায়৷ ধৰ্ষণকাৰীৰ কি জাতি ধৰ্ম উচ্চ নীচ? ধৰ্ষণকাৰী পিশাচ৷ মানুহৰ মুখা পিন্ধা পাষাণ৷ হঠাতে এগৰাকী সাংবাদিকৰ ভিডিঅ’ ভাইৰেল হয়৷ দুৰ্দান্ত সাহসী মহিলা সাংবাদিক৷ চৰকাৰৰ পোকষতা কৰা এচাম অন্ধ খাকী পোচাকধাৰীক এফালৰ পৰা মহতিয়াই গৈছে কথাৰে৷ ধৰ্ষিতাৰ ঘৰ, ধৰ্ষিতাৰ গাঁও ছীল কৰা হৈছে । সংবাদ বুটলিবলৈ তালৈ যাবলৈ দিয়া নহয়৷ কিয়? ওপৰৰ অৰ্ডাৰ৷ ওপৰ? ওপৰ মানে কি? কিয় জানিবলৈ দিয়া নহয় ধৰ্ষিতাৰ পৰিয়ালৰ মৰ্মবেদনা? কিমান দিনলৈ জানিবলৈ দিয়া নহয়? সাংবাদিক গৰাকী উত্তেজিত হৈ উঠে৷ ছটফটায়৷ জুস্মিতাও সমানে উত্তেজিত হয়৷ ভিডিঅ’টো মাকক দেখুৱায়- “চোৱা মা, চিনেমা চিনেমা লগা !’
চিনেমাত হে কথাবোৰ সম্ভৱ৷ সৰ্বশক্তিৰে আৰক্ষীৰ লগত যুঁজি মানুহে গঢ়া দেৱাল পাৰ হৈ যাব নোৱাৰিলেনে সাংবাদিকগৰাকীয়ে? নোৱাৰিলেনে বাহিৰলৈ উলিয়াই আনিব লুকাই ৰখা দলিত ৰাইজৰ নিষ্পেষণৰ বতৰা…..
ঘটনাটোৰ দুদিন পাৰ হয়৷ ৰাইজেও গা টঙায়৷ ট্ৰেণ্ডত চলি থাকে ফেচবুক৷ ভাৱলেশহীন জুস্মিতাই সদাই চোৱাৰ দৰে টাইমলাইনখন চাই থাকে৷ ছোৱালী এজনীৰ চৰিত্ৰক লৈ কিছুমান অশ্লীল আপডেট, ট্ৰ’ল আদি তাইৰ চকুত পৰে৷ মাৰ্কেটত কি নতুন কথা আহিল?! জুস্মিতাই এতিয়ালৈ একো গম নাপায়৷ হোৱাটছএপ গ্ৰুপ কিছুমানত কিছুমান লিংক ঘূৰি থাকে৷ কিহৰ লিংক? ২০,২১ বছৰীয়া কলেজীয়া ছোৱালী এজনীয়ে বয়ফ্ৰেণ্ডৰ লগত কৰা এটা প্ৰাইভেট ভিডিঅ’ ছাট৷ কেমেৰাত খুব কৌশলেৰে উন্মুক্ত কৰা নাৰী দেহৰ কমনীয় অংগ… লিংক ঘূৰি ফুৰে৷ ঘূৰি ফুৰে ট্ৰ’ল,মিম,ছেয়াৰৰ খেল৷ হাঃ হাঃ….. দুদিন আগতে ভাৰতীৰ বাবে জাষ্টিছ বিচাৰি থকা নাছিল নে এওঁলোক ! জাষ্টিছ… জাষ্টিছ…. ট্ৰেণ্ডত চলি থাকে ফেচবুক৷ ট্ৰেণ্ডত চলি থাকে মানুহৰ জীৱন৷ ঘৃণা উপজে তাইৰ৷ মানুহবোৰলৈ….. পৃথিৱীখনলৈ..৷
বেক অপচনটো চাৰি পাঁচবাৰ মান টিপি জুস্মিতাই ফেচবুকটো অ’ফ কৰে৷ ডাটা অ’ফ কৰে৷ ম’বাইলটোও চাইলেণ্ট কৰি কাষতে পেলাই থয়৷ উশাহ ল’ব নোৱাৰাকৈ পৃথিৱীখন কলুষিত হৈ যোৱা যেন লাগে জুস্মিতাৰ৷ ৰূমটোৰ অন্ধকাৰখিনি নে মানুহৰ কোলাহল কোনখিনি অধিক নিৰাপদ ভাবি পাৰ নাপায় তাই৷ চকুহাল মুদি দিয়ে৷ ঘৰৰ মানুহ এতিয়া গভীৰ টোপনিত৷ ভাৰতীৰ কাটি যোৱা জিভাখন বাৰে বাৰে মনলৈ আহি থাকে জুস্মিতাৰ৷ তেজৰ ডোঙাৰ উপঙা শৰীৰটো, ভাঙি যোৱা হাড়কেইডাল সমগ্ৰ ভাৰতবৰ্ষৰ পিঠিত পৰা যেন একো একোটা কোব৷ কাটি যোৱা জিভাখন নিৰ্বাক নিস্পন্দ একোটা নাৰীৰ শৰীৰ ! নিশা গভীৰ হয়৷ পোহৰ হ’বলৈ এতিয়াও বহু বাট !