জীৱন পাশা (২) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২)

এজন দুজনকৈ মানুহবোৰৰ মাজত জনাজাত হয় সিহঁতৰ প্ৰেমৰ কথা।অনিমেশ আৰু প্ৰীতমৰ সম্পৰ্ক তিক্ততা পূৰ্ণ হৈ আহে ক্ৰমান্বয়ে। চাকৰি হয় অনিমেশৰ, ঘৰত তাই দেউতাকৰ সৈতে থকাতকৈ কলেজৰ হোষ্টেলত থকাৰ ব্যৱস্থা কৰে ,সি চাকৰিৰ ঠাইলৈ যোৱাৰ আগতেই তাইক হোষ্টেলত সি থৈ আহিবগৈ।উদ্দেশ্য প্ৰীতমৰ পৰা তাইক আঁতৰাই অনা।চাকৰি পোৱাৰ বাবে ক্লাৱৰ সকলোকে ঘৰত এটা খানা খুৱাবলৈ নিমন্ত্ৰণ দিয়ে অনিমেশে ,কিন্তু একালৰ প্ৰিয়বন্ধুলৈ এই নিমন্ত্ৰণ নাযায়।মনালিছাই অতি সাধাৰণ ভাবে হাঁহি মাতি সকলোৰে বাবে লগৰ কেইজনৰ সৈতে লাগি ভাগি কামবোৰ কৰি যায়। একো প্ৰতিবাদ নকৰাকৈ সহজ ভাবে থকা তাইক দেখি ককায়েক আৰু দেউতাকে স্বস্তিৰ নিশ্বাস এৰে।

নিশাৰ সাজ বাপেক পুতেক জীয়েক তিনিও একেলগে খাবলৈ বহে। পুৱালৈ তাইক অনিমেশে হোষ্টেলত থবলৈ যাব। সৰু সুৰা কথাবোৰৰ জ্ঞান দি যায় ককায়েক আৰু দেউতাকে। তাই মাথোঁ হা আৰু না কবৰ বাবেহে মূৰ জোকাৰি থাকে। তাইৰ শান্ত ৰূপটো দেখি বাপেক পুতেক দুয়ো আশ্বস্ত হয় এইবুলি যে, ‘নাই তাই ভুল নকৰে, প্ৰীতমক তাই মনৰ পৰা মোহাৰি পেলাব তেওঁলোকৰ ইচ্ছামতেই।’

পুৱতি নিশা তিনি বাজি পাৰ হয়, সন্তপৰ্ণে ঘৰৰ মূল দুৱাৰখন খুলি তাই ওলাই আহে, হাতত যাবতীয় কাপোৰ কেইযোৰ মান আৰু তাইৰ ফাইলটো ভৰাই লোৱা সৰু বেগ এটা।বাৰাণ্ডাতে থকা তাইৰ লেডী বাৰ্ড চাইকেলখন উলিয়াই আনে।হাতত সাৰে ভৰিত সাৰে তাই পদূলিলৈকে খুপি খুপি যায়। জপনাখন পাৰ হৈয়ে তাই সমস্ত শক্তিৰে চাইকেলৰ পেডেল মাৰে। ৰাতি পিন্ধি শোৱা কাপোৰ সাজেৰেই তাই গুচি আহে। প্ৰীতমহতঁৰ ঘৰৰ পদূলি পোৱালৈ ফেঁহুজালি দিয়ে । চাইকেলখন বাটৰ কাষৰ জেওৰাখনতে আওজাই থৈ খৰ খোজেৰে তাই বাৰাণ্ডাখনত উঠে গৈ। মূল দুৱাৰখন জোৰেৰে এনে ভাবত ঢকিয়াই যেন প্ৰীতমক লগ পাবলৈ একমিনিট দেৰি হলেই , পৃথিৱীখন ওলোটাকৈ ঘূৰিব।

ইমান ৰাতিপুৱাই কাৰ কি হ’ল ভাব এটালৈ মূল দুৱাৰখনৰ খিলিটো খুলি ওলাই আহে প্ৰীতমৰ মাক, তাইৰ কোচ-মোচ খোৱা চুৰিদাৰ, অপৰিপাটি চুলি আৰু উত্তেজিত চকু মুখ দেখিয়েই মানুহগৰাকীৰ বাবে অনুমেয় হয় ঘটনাৰ বিষয়ে। চকুত অপৰিসীম উৎকণ্ঠা আহি জমা হয় তেওঁৰ । খৰকৈ চাইকেল মাৰি অহাৰ বাবেই নে পৰিস্থিতিৰ ধামখুমীয়াত মনালিছাৰ উশাহবোৰ ফোঁপনীৰ ৰূপ লয়। মৃদু মৃদুকৈ কঁপি থকা ছোৱালীজনীৰ ৰঙা পৰা গাল দুখন তিয়াই লুণীয়া ধাৰা এটা দুচকু ফালি বৈ আহে। মানুহজনীৰ সহ্য নহয়, তাইৰ গাল দুখন মোহাৰি দিয়ে চাঁদৰৰ আঁচলৰে আৰু বাৰাণ্ডাত থকা বেতৰ চকী এখনতে বহাই দিয়ে।

মাক নোহোৱা ছোৱালীজনীলৈ এবুকু মৰম উথলি উঠে তেওঁৰ। তেওঁ তৎক্ষণাত সিদ্ধান্ত লয়, সমাজে চুবুৰীয়াই যি কলেও বোৱাৰী পুৱাই মৰসাহ কৰি ঘৰ সোমোৱা মনালিছাক তেওঁ সন্মানেৰে পুত্ৰবধু স্বীকাৰ কৰিব, জাত-কুল লৈ যিমান প্ৰশ্নৰ সন্মুখীন হব লগা হয় হব তেওঁ, কিন্তু এই ছোৱালীকনক মাকৰ মৰম দি আৱৰি ৰাখিব তেওঁ।

গিৰিসাই উঠে তেওঁ ,অহা ভিতৰলৈ যাওঁ, তুমি মুখ হাত ধুই লোৱা, মই বাবাক মাতি দিওঁ। হাতখনত ধৰি তাইক ভিতৰলৈ লৈ আনে তেওঁ। চৰাঘৰতে তাইক বহাই থৈ মানুহগৰাকীয়ে পানী আনিবলৈ যায় । বহি থকাৰ ধৈৰ্য নহয় তাইৰ, নিজে সোমাই যায় প্ৰীতমৰ ৰুমলৈ। পেটলৈকে কাপোৰ এখন লৈ শুই থকা তাক দেখি মনালিছাৰ খঙ এটা উঠি আহে। একে টানে কাপোৰখন আঁতৰাই তাৰ বুকুৰ মাজত মূৰটো গুজি সুমাই পৰে তাই। ঘটনাৰ একো উৱাদিহ নাপায় আশ্চৰ্য বিভোৰ হৈ পৰে প্ৰীতম।

“মনা, তুমি ইয়াত কেনেকৈ?অনিমেশে গম পায় নে তুমি মোৰ ঘৰলৈ অহাৰ কথা?”

তাৰ প্ৰশ্নই তাইৰ অঁকৰা খংৰ জুইত যেন ঘি হে ঢালিলে। উধাই-মুধাই , চৰ, ভুকু ,ঢকাৰে তাৰ অৱস্থা কাহিল কৰি তোলে প্ৰীতমৰ। তাইক শান্ত কৰাৰ মানসৰে চুলি কোচাত ধৰি বুকুলৈ টানি আনে সি, সমস্ত আকুলতাৰে সাৱটি লয় তাইক, দীঘল চুলিকোচাত মূৰটো গুজি পিঠিখন মোহাৰি দিয়ে তাইৰ, সেও মনা মদমত্ত হাতীৰ দৰেই ক্ষান্ত হয় পৰে খঙাল ছোৱালীজনী, কুৰুকি কুৰুকি সুমাই যায় প্ৰীতমৰ বুকুলৈ । এইবাৰ কান্দোনত ভাঙি পৰে মনা,নিৰাপদ হোৱাৰ সুখত,প্ৰেমিকৰ দুবাহুত নিজকে হেৰুৱাই দিয়াৰ সুখত…….

সি লাহেকৈ তাইৰ কাণত ওঁঠ লগাই সোধে –

:”মনা, তুমি মোলৈ বুলি পলাই আহিলা, তোমাৰ ভয় হোৱা নাই?”

:”কিহৰ ভয়, তোক ভালপাওঁ বুলি দাদা দেউতাই জানেই, আৰু তোলৈ মোক নিদিয়ে বুলি মই জানো, গতিকে গুচি আহিলোঁ, তাতে কিহৰ ভয়ডাল আছে?”
:”নহয় মই সেইটো সোধা নাই, তুমিতো জনা মই ভেন্সাৰ স্কুলত খাটি আছোঁ, তুমি অসুবিধা পোৱা যদি মোৰ সৈতে?”
:”চা ,তোক মই আগতেই কৈছিলোঁ ,তই নিবলৈ নাহিলেও মই নিজে তোৰ ঘৰ সোমাম গৈ।আৰু আজি আহি তোৰ ঘৰ সোমালোহি।
তোক মই সুধি ভালপোৱা নাছিলোঁ, গতিকে তোক সুধি তোলৈ পলাই অহা নাই মই। বুজলি! তই যদি নিমখ ভাত খাই জীয়াই আছ মইয়ো পাৰিম দে “

“আৰু এতিয়া উঠ, বৰমায়ে চাগৈ ওচৰৰ মানুহক মই তোলৈ বুলি অহাৰ কথা কবলৈ গলেই!”

তাইৰ কথাৰ দৃঢ়তাত সি আচলতেই থতমত খাই। ভয় হয় প্ৰীতমৰ তাইক যদি সুখী ৰাখিবলৈ অপাৰগ হয় সি, তাই ভবাৰ দৰেই ইমান সহজ হয় জানো কথাবোৰ?তাইলৈ চাই পঠিয়াই সি, সদায় যেন ৰুমটো পৰিপাটি তাইহে কৰি আহিছে তেনে এটা ভাবত বিচনাখন পৰাত ব্যস্ত । তাইৰ সৰল মুখখনত চিন্তাৰ তিল মাত্ৰও চিন দেখা নাপায় সি। অজানা শিহৰণ এটা বুকুৰে বৈ যায় তাৰ…….

(আগলৈ)……………..

 

প্ৰথম খণ্ডৰ প্ৰতি সঁহাৰি দেখি মই সকলোৰে ওচৰত ধন্য❤️?……… ৰুণজুন

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *