…..প্ৰাণজিৎ কলিতা……
…..গুৱাহাটী বিশ্ববিদ্যালয়…….
অস্বিত্বৰ সাগৰত সাঁতুৰি হ’লেও জীয়াই ৰাখিম তোমাক
অস্বিত্বৰ সাগৰত সাঁতুৰি হ’লেও জীয়াই ৰাখিম তোমাক
অসম, অসম, বৰ অসম গঢ়িম
বৰ অসম গঢ়িম ।
ধুমহা মহাপ্ৰলয় আহিলেও
হেৰাই যাব নিদিও
বিষ্ণু ৰাভা , জ্যোতিপ্ৰসাদৰ
চিফুং বাঁহীৰ সুৰ ।
হেৰাই যাব নিদিও
লক্ষ্মীনাথ বেজবৰুবাৰ সাধুকথাৰ কুকি
উজনিৰ পৰা নামনি হৈ
বৰাক ব্ৰহ্মপুত্ৰৰ পাৰতে বহি
বিচাৰি ফুৰিম
দৰদী কন্ঠৰ যাযাবৰী শিল্পী
সুধাকন্ঠৰ সেই চিৰস্মৰণীয় গীতবোৰ ।
হৃদয় স্পন্দন হ’ব , কঁপি উঠিব বুকু
নামি আহিব অন্ধকাৰ , ঘোৰ অন্ধকাৰ
আশ্ৰয় লম কামাখ্যা দেৱালয়ত ,
চৰণ স্পৰ্শ কৰি আকৌ যাত্রা কৰিম
ব্ৰহ্মপুত্ৰৰে উজাই যাম
তেজপুৰত ঊষা অনিৰুদ্ধক বিচাৰি ।
মাজে মাজে আকৌ মনত পেলাম
গুৰুজনাৰ ” মিনতি বচন বোলো সৰ্ববজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম
আপুন কুশল চাৱা যেৱে তেৱে
নেৰিবাহা যুগ ধৰ্ম্ম”॥॥
উজাই উজনিত ৰম গৈ
ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ
জেৰেঙা পথাৰ সতী জয়মতীক বিচাৰি চলাথ কৰিম শিৱসাগৰ ॥
জয়দোল , শিৱদোল , কাৰেং ৰংঘৰৰ বাকৰিত অতীতক সুঁৱৰি
আকৌ এবাৰ ম’হ শিঙৰ পেঁপাৰ সুৰত ঢোলৰ গুম গুমণি উঠিব
” এইজনী ক’ৰেনো নাচনী
হুৰ এইজনী যোৰহাটৰ নাচনী
হাতত আছে খাৰু দেখিবলৈ বাৰু
ডিঙিত আছে মণি দেখিবলৈ লনি
দেখিনো মৰম লাগি দেখিনো মৰম লাগি যায় ”
অস্বিত্বৰ সাগৰত সাতুৰি হ’লেও জীয়াই ৰাখিম তোমাক
জীয়াই ৰাখিম তোমাক
ফাগুণ আহিব , মদাৰ ফুলিব
প্ৰকৃতিৰ বৰষুণ নামিব ধৰাত
ব্ৰহ্মপুত্ৰৰ বুকুত উপচি পৰিব পানী ।
যন্ত্ৰণাৰ সীমা নেওচিব
তথাপি আমি একতাৰ গান গাম
একেডাল সুতাৰে মেৰিয়াই আগুৱাম আমি
আমি অস্বিত্বৰ গান গাম।
আমি অস্বিত্বৰ গান গাম।
পথাৰত কেঁচা মাটিৰ গোন্ধলৈ
একাঠুঁ বোকাৰে ৰোৱনীয়ে ৰুব ভুইঁ,
দূৰৰ পৰা ভাঁহি আহিব অস্বিত্বৰ
গান গোৱা গৰখীয়া বাঁহীৰ সুৰ এটি
কঁপি উঠিব প্ৰকৃতিৰ সৌন্দৰ্য্য
নিৰিবিলি বতাহজাক
কঁপি উঠিব চাহ পাতৰ কেঁচা কোমল পাত ।
সপোন , দেখিব সপোন ,
জোনাক আহিব , এন্ধাৰ আতঁৰিব
মাদল বাজিব ,
বাগৰুম বাগৰুম বাগৰুম্বা
বাগৰুম বাগৰুম বাগৰুম্বা
বড়ো,মিচিং , হাজং, তিৱা , মৰাণ
মটক , ৰাভা , কছাৰী , কাৰ্বি , দেউৰী , টাংছা
আমি , আমি হম অস্বিত্ব
আমি অস্বিত্ব ।
এইফালে জ্বলাব চাকি,
আনফালে চপাব খেতি ,
উজ্বলি উঠিব আকাশৰ বন্তি ।
আলি আই লিগাং , বায়খো , দাচাই
খেৰাই পূজা , চগ্ৰ মিছায়া , চৰগামা , পক চক , লেথুন , গিৰ্কায়া , জহংত
গুমৰাগ আৰু লৰই নৃত্য কৰিম ।
ভাদ মাচে কদম পূজাই যাবো
হামি
ভাদ মাচে কদম পূজাই যাবো হামি
অস্বিত্ব , জীয়াই ৰাখিম
অস্বিত্বৰ সাগৰত সাঁতুৰি হ’লেও জীয়াই ৰাখিম তোমাক
বৰ অসম গঢ়িম , বৰ অসম ॥
ভাল হৈছে প্ৰাণজিৎ???